আন এজনী হিমা দাস! দৌৰিবলৈ এৰি এতিয়া পাহাৰ বগাই বিক্ৰী কৰি ফুৰে গাখীৰ…

আন এজনী হিমা দাস! দৌৰিবলৈ এৰি এতিয়া পাহাৰ বগাই বিক্ৰী কৰি ফুৰে গাখীৰ…

মৃদুল কুমাৰ সন্দিকৈ

দৌৰিব লাগিছিল তাই ট্ৰেকত। সুবিধা পোৱা হ'লে তাইও গ'ল হেঁতেন হিমা দাসৰ দৰেই। কিন্তু এতিয়াও তাই দৌৰিছে। ট্ৰেকত নহয়, পাহাৰীয়া পথত। কান্ধত ভাৰ লৈ তাই দৌৰে পুৱা-আৱেলি। ছোৱালীজনীৰ নাম লক্ষ্মী। সম্পূৰ্ণ নাম লক্ষ্মী শৰ্মা।

৮ মাইলৰ পৰা এটা সৰু উপপথ সোমাই গৈছে বড়ো বস্তি ফালে। পাহাৰীয়া পথ। পথ বুলিবলৈ নামতহে আছে। বোকাময় এটা পথ। বৰষুণ দিলে খোজকাঢ়িয়ে অহা-যোৱা কৰিবলৈ কঠিন। সেই পাহাৰীয়া পথেৰে তাই দৈনিক কঢ়িয়াই এখন ভাৰ।

এই পথেৰেই অহা-যোৱা কৰে লক্ষ্মী…

এদিন লক্ষ্মীয়ে সপোন দেখিছিল। স্কুলত থাকোতে লক্ষ্মীয়ে কোনো দিনেই দ্বিতীয় হৈ পোৱা নাছিল। পঢ়াত নহয়, দৌৰাত। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত জীৱনৰ কঠিন যুঁজত লক্ষ্মীৰ সপোনবোৰ 'সপোন' হৈয়ে ৰৈ গ'ল।

প্ৰথম লকডাউন দিয়া সময়তে লক্ষ্মীয়ে সলনি কৰিলে সিদ্ধান্ত। দেউতাকক কিছু সকাহ দিবৰ বাবে লক্ষ্মীয়ে কান্ধত তুলি ল'লে এখন ভাৰ। তাৰপাছত লক্ষ্মী এতিয়া সাংঘাতিকধৰণে ব্যস্ত।

লক্ষী নহয় মোৰ নাম লক্ষ্মী…

দুটা গাখীৰ নিয়া পাত্ৰত ২৫ লিটাৰ গাখীৰ ভাৰ বৈ লক্ষ্মী ওলাই যায় গ্ৰাহকক দিবলৈ। সময় নাই লক্ষ্মীৰ। গ্ৰাহকক সেইবোৰ বিক্ৰী কৰি পুনৰ ঘৰলৈ আহি ব্যস্ত হৈ পৰে দেউতাকৰ সৈতে। বাটত হঠাৎ লগ পোৱা লক্ষ্মীয়ে ২ লিটাৰ গাখীৰ দি ক'লে- 'কথা পাতিবলৈ মোৰ সময় নাই। ১০০ টকা দিয়ক মই যাওঁ।'

১ লিটাৰ গাখীৰত ৫০ টকাকৈ বিক্ৰী কৰে লক্ষ্মীয়ে। লক্ষ্মীৰ সৈতে কিছু দূৰ আগবাঢ়ি গ'লো। লক্ষ্মীয়ে কৈ গ'ল নিজৰ কিছু কথা। পুৱা-গধূলি তাই এইদৰে গাখীৰৰ ভাৰ লৈ পাহাৰীয়া এই পথটোৰে গৈ পাঞ্জাৱাৰী পাইগৈ।

গাখীৰ বিক্ৰী কৰি ঘূৰি আহোতে কেতিয়াবা সন্ধিয়াও হয়। লক্ষ্মীৰ বাবে এই কষ্ট একোৱেই নহয়। লক্ষ্মীয়ে সেয়া জীৱিকা বুলিয়েই ধৰি লৈছে। লক্ষ্মীৰ ঘৰ ক'ত সোধাত তাই ক'লে- 'কিছু আগলৈ গ'লে কৃষ্ণনগৰ নামৰ এখন ঠাই আছে। তাতেই সিহঁতৰ ঘৰ।

লক্ষ্ণীৰ ঘৰটো…

লক্ষ্মীৰ পৰা বিদায় লৈ আমি বিচাৰি আহিছিলো লক্ষ্মীৰ ঘৰ। লক্ষ্মীক সেই অঞ্চলত সকলোৱে চিনি পায়। জানে লক্ষ্মী কিমান প্ৰতিভাধাৰী আছিল। সেই পথেৰে অহা এজন ব্যক্তিয়ে দেখুৱাই দিছিল লক্ষ্মীৰ ঘৰটো। ঘৰটোৰ চৌদিশে এখন গোহাল। ৪০-৫০জনীৰো অধিক গাই ।

সেই সময়ত লক্ষ্মীৰ ঘৰত প্ৰতিজন লোক ব্যস্ত হৈ আছিল খিৰতী গাইৰ আলপৈচান ধৰাত। লক্ষ্মীৰ দেউতাকৰ নাম তয়া নাথ। তেওঁ এজন সেই অঞ্চলৰ গোপালক। লক্ষ্মীয়ে অৱশ্যে লক্ষ্মী শৰ্মা লিখে। পৰিয়ালটোত আছে মুঠ ৭জন সদস্য।

লক্ষ্মীৰ দুজন ভাতৃও আছে। দিনটোত প্ৰায় ১০০ লিটাৰ মান গাখীৰ উৎপাদন হয়। সেই গাখীৰবোৰ লক্ষ্মীৰ উপৰিও ভাতৃয়ে বজাৰলৈ নিয়ে। লক্ষ্মীৰ পিতৃয়ে জনালে লকডাউনৰ সময়ৰ পৰাই লক্ষ্মীয়ে এইদৰে গাখীৰ ভাৰ কৰি নি বিক্ৰী কৰি আহিছে।

লক্ষ্মীৰ ঘৰৰ গাইবোৰ…

লক্ষ্মীৰ পিতৃয়ে জানিবলৈ দিয়া মতে, গাই বোৰৰ যতন লোৱাতেই যথেষ্ট সময় ব্যয় হয়। পুৱতি নিশা ২ বজাতে উঠে তেওঁ। গৰুক দানা খুৱাই গাখীৰ খিৰাওতে নিশা ৮ বাজে। দুই তিনিটা মানুহ অনবৰতে লাগি থাকিব লাগে এই গাই কেইজনীৰ সৈতে। সেয়াই তেওঁলোকৰ উপাৰ্জনৰ পথ।

লক্ষ্মীৰ সন্দৰ্ভত সোধাত পিতৃ তয়া নাথে সন্তুষ্টি ব্যক্ত কৰি ক'লে- 'তাই এতিয়া কামত লাগি গৈছে। দুই বেলা গাখীৰ নিজে ভাৰ বৈ লৈ যায় বিক্ৰীৰ বাবে। লকডাউনৰ পাছৰ পৰাই নিজেই গাখীৰ বিক্ৰী কৰিবলৈ ধৰিছে লক্ষ্মীয়ে।'

লক্ষ্মীৰ সেই সফলতাৰ চিনবোৰ…

লক্ষ্মীৰ ভগ্নীয়ে জনালে- 'খুব ভাল দৌৰিছিল বাইয়ে। কেতিয়াও ছেকেণ্ড হৈ পোৱা নাছিল। ৰিভয় ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা এখন প্ৰতিযোগিতাতো তাই ফাষ্টে হৈছিল। কেৱল ছোৱালীৰ ভিতৰতে নহয়, লৰা-ছোৱালী দুইৰে ভিতৰতে ফাৰ্ষ্ট হৈছিল লক্ষ্মী। সেয়া আছিল মাৰাথন দৌৰ।'

মেঘালয়ৰ ছেভিঅ' চি ছেকণ্ড্ৰেৰী স্কুলত পঢ়িছিল লক্ষ্মী। খেলা ধূলাত সৰুৰে পৰা ৰাপ আছিল লক্ষ্মীৰ। কিন্তু উপযুক্ত মঞ্চ নাপায় লক্ষ্মী নামৰ এই প্ৰতিভা হেৰাই গ'ল বুলি ক'লেও অত্যুত্তি কৰা নহ'ব। লক্ষ্মীৰ পিতৃয়ে লক্ষ্মীয়ে খেলা ধূলা কৰি পোৱা মেডেলবোৰ ভিতৰৰ পৰা ওলাই আনিছিল। থোপাই সেইবোৰ ঘৰৰ একোণত থৈ দিয়া আছিল। পিতৃয়ে ক'লে- 'এনেকুৱা বহু মেডেল তাই পাইছিল। ক'ত ক'ত বা পৰি আছে।'

লক্ষ্মীৰ পৰিয়ালৰ সদস্য সকল…

লক্ষ্মী নামৰ এই ছোৱালীজনী এতিয়া জীৱন যুঁজত ব্যস্ত। জীৱন সংগ্ৰামৰ তাইৰ এই কাহিনী বহুতৰ বাবে হ'ব পাৰে প্ৰেৰণাৰ প্ৰতীক। জীৱনত কি পালে লক্ষ্মীয়ে বিচাৰ কৰি বহি থকা নাই। জীৱনে যি ফালেই লৈ গৈছে, লক্ষ্মীয়ে সেই ফালেই সাহসেৰে আগবাঢ়ি গৈছে।

কোনোবাই লক্ষ্মীক গোৱাল বুলি কয়। লক্ষ্মীয়ে সেই কথাত বেয়া নাপায়। তাইৰ মতে কামৰ কিহৰ সৰু ডাঙৰ আছে।লকডাউনে হেনো লক্ষ্মীক বহু কথা শিকালে। পাহাৰীয়া এই অঞ্চলটোত লক্ষ্মীয়ে নিজাকৈয়ে স্বাৱলম্বিতাৰ এক নতুন দিগন্ত সূচনা কৰিব খোজে।

লক্ষ্মীৰ মতে, কেৱল ল'ৰাই কৰিব পাৰিব বুলি কথা নাই, এই কাম তাইয়ো কৰিব পাৰে। সুযোগ পোৱা হ'লে লক্ষ্মীও ক্ৰীড়া ক্ষেত্ৰখনত প্ৰতিষ্ঠিত হ'ল হেঁতেন। খেলা ধূলাৰ কথা সুধিলে লক্ষ্মীয়ে এতিয়া অস্বস্তিত বোধ কৰে। সেয়া হেনো অতীত আছিল। এতিয়া সময় নাই তাইৰ।

সুযোগ পালে লক্ষ্মীয়ে আকৌ খেল পথাৰলৈ ঘূৰি আহিবনে? খেলিবলৈ ইচ্ছুক নে তাই? এইকথা সোধাত লক্ষ্মীয়ে হাঁহিলে। হয়তো ভাবিলে ক'তনো আৰু সুযোগ আহিব তাইৰ। কিন্তু লক্ষ্মী নামৰ এই প্ৰতিভাধাৰী ছোৱালীজনীক সুযোগ দিলে হয়তো এতিয়াও তাই ক্ৰীড়া ক্ষেত্ৰখনত উজ্বলি উঠিব।

লক্ষ্মীৰ দৰে অনেক প্ৰতিভা গাঁৱতে হেৰাই যায়। জীৱন সংগ্ৰামৰ বাবে স্তব্ধ হৈ যায় তেওঁলোকৰ এই প্ৰতিভাবোৰ বিকাশ হোৱাৰ বাট। কোনোৱে সেই হতাশাত ভোগিলেও লক্ষ্মী কিন্তু ব্যতিক্ৰম। লক্ষ্মীয়ে এতিয়া কান্ধত তুলি লৈছে গাখীৰৰ ভাৰ।

কোৰোনা ভাইৰাছ, লকডাউন, জীৱন সংগ্ৰাম আদিয়ে লক্ষ্মীক শিকাই গ'ল এতিয়া জীৱন আৰু জীৱিকাৰ বাবে এইবোৰ কাম কৰাৰ বিকল্প নাই। এই কাম সাহসেৰে কৰি গৈছে লক্ষ্মীয়ে। লক্ষ্মীৰ মতে, সেই বল-বিক্ৰম আছে তাইৰ দেহত। ল'ৰাতকৈ যে ছোৱালী কোনো গুণেই কম নহয় লক্ষ্মীয়ে দেখুৱাই দিছে পিতৃক, দেখুৱাই দিছে সমাজক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in