আৰক্ষীৰ এছ আই চাকৰি বিক্ৰীৰ বজাৰত চৰ্দাৰ ৰূপত কোন এই ডিআইজি …

আৰক্ষীৰ এছ আই চাকৰি বিক্ৰীৰ বজাৰত চৰ্দাৰ ৰূপত কোন এই ডিআইজি …

এছ আই কেলেংকাৰীত নাম সাঙোৰ খাইছে ইজনৰ পাছত সিজনৰ। দীৰ্ঘদিন ধৰি এই চক্ৰটোৱে পিছ দুৱাৰেদি ধনৰ বিনিময়ত বিভিন্ন বিভাগত চাকৰি বিক্ৰী কৰি আহিছিল। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত সংঘটিত এইটো এটা বৃহৎ কেলেংকাৰী হ'বলৈ গৈ আছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক প্ৰতিবেদন।

বিজেপি চৰকাৰৰ দিনত সংঘটিত বৃহৎ কেলেংকাৰী ৰূপে স্বীকৃতি পাবলৈ গৈ আছে চাকৰি কেলেংকাৰী। কেৱল অসম আৰক্ষীতে নহয়, এই চৰকাৰৰ দিনত নিযুক্তি দিয়া বিভিন্ন বিভাগৰ চাকৰিৰ বিনিময়ত সংঘটিত হৈছে ব্যাপক অনিয়ম।

২০ ছেপ্টেম্বৰ, ২০২০ত অনুষ্ঠিত হোৱা আৰক্ষী উপ পৰিদৰ্শকৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত এই বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।ইয়াৰ পূৰ্বে জলসিঞ্চন, বন বিভাগতো চাকৰিৰ নামত ব্যাপক হাৰত ধনৰ লেনদেন কৰাৰ তথ্য এতিয়া প্ৰায় পোহৰলৈ আহিছে।

উপ পৰিদৰ্শকৰ চাকৰিৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত বিজেপিৰ এজন নেতাই ছপাৰ দায়িত্ব লোৱা বুলি প্ৰকাশ পাইছে। এই নেতাজনৰ নাম দিৱন ডেকা। পূৰ্বতে সাৰদা কেলেংকাৰীৰ সৈতেও তেওঁৰ নাম সাঙোৰ খাই পৰিছিল।

মন কৰিব লগা যে, দিৱন ডেকা পলাতক বুলি কোৱা হৈছিল যদিও, চিআইডিৰ জিম্মাত আছে বিজেপিৰ নেতাগৰাকী। কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য দিৱন ডেকাৰ এটা পোষ্টকলৈও সৃষ্টি হৈছে ৰহস্যৰ।

আৰক্ষীয়ে জেৰা কৰা দিৱন ডেকাই আৰক্ষীৰ সন্মুখত কৰিছে বিস্ফোৰক স্বীকাৰোক্তি। এই কেলেংকাৰীৰসৈতে নাম সাঙোৰ খাই পৰিছে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক পৰ্যায়ৰ এগৰাকী বিষয়াৰ নাম।

সন্দেহত দিৱন ডেকাৰ এটা ফেচবুক পোষ্ট…

প্ৰশান্ত কুমাৰ দত্ত নামৰ এই অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ নাম লৈছে দিৱন ডেকাই। তেওঁৰ নাম লোৱাৰ পাছতে এই আৰক্ষী বিষয়াজনৰ হেঙেৰাবাৰীস্থিত বাসগৃহ আৰু তেওঁ মালিকানাধীন তিনিখন হোটেলত আৰক্ষীয়ে চলাইছে অভিযান। পি কে দত্তৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত চিআইডিয়ে অভিযান চলাই কেইবাজনো কৰ্মচাৰীক সোধ-পোছ কৰিছে।

ইফালে, দিৱন ডেকাই আৰক্ষীক জানিবলৈ দিয়া মতে, তেওঁ এই প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য হোৱাটছএপ যোগে এজন বিষয়ালৈ প্ৰেৰণ কৰিছিল। কিন্তু সেই স্বীকাৰোক্তি কিমান সঁচা সেয়া তদন্ততহে পোহৰলৈ আহিব।

আনুষ্ঠানিক ভাৱে আৰক্ষীয়ে এতিয়ালৈকে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক ক্ৰমে- যোগানী ব্ৰহ্ম আৰু কুশল দাস। অৱশ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত হীৰকজ্যোতি বৰুৱা নামৰ এগৰাকী চাকৰি প্ৰত্যাশী প্ৰাৰ্থীকো আটক কৰিছে।

ইফালে, ২৩ ছেপ্টেম্বৰ, ২০২০, বুধবাৰে আৰক্ষীয়ে গণেশগুৰি থেংকইউ ল'জত অভিযান চলায়। ইয়াৰোপৰি, নুনমাটিৰ পৰা আৰক্ষীয়ে সঞ্জীৱ শৰ্মা নামৰ এজন লোকক আটক কৰে। আৰক্ষীয়ে এই অভিযানত থেংকইউ ল'জৰ পৰা লিখিত প্ৰশ্নকাকত পোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰে কুশল দাসক কামৰূপ মহানগৰৰ বামুণ্ডীৰ পৰা গ্ৰেপ্তাৰ কৰে। আনহাতে,নুনমাটিৰ পৰা গ্ৰেপ্তাৰ কৰা সঞ্জীৱ শৰ্মাৰ পৰাও যথেষ্ট সংখ্যক তথ্য পোৱা গৈছে। এই লোকজনৰ বাসগৃহত জলসিঞ্চন আৰু আন বিভাগৰ প্ৰশ্নকাকত পোৱা বুলিএক সূত্ৰই প্ৰকাশ কৰিছে।

এনে খবৰ প্ৰকাশ হৈছে যে, দিৱন ডেকাই প্ৰতিখন প্ৰশ্নকাকতৰ বিনিময়ত ১ লাখ টকাকৈ সংগ্ৰহ কৰিছে। আৰক্ষীয়ে থেংকইউ ল'জৰ অলকেশ বৈশ্য, প্ৰাঞ্জল শৰ্মা, বিমল থাপা আৰু প্ৰণৱ বৰাক এই সন্দৰ্ভত আটক কৰিছে। এই ল'জটোৰ পৰা এটা কম্পিউটাৰৰ হাৰ্ড ডিস্ক আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰি নিছে।

ৰহস্যজনক কোম্পানীক আৰক্ষীৰ লিখিত পৰীক্ষাৰ দায়িত্ব দিয়া হৈছিল নেকি?

ইফালে, যি কেইটা প্ৰতিষ্ঠানক আৰক্ষীয়ে এছ আই পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিছিলসেই প্ৰতিষ্ঠানৰ ভূমিকাক লৈও প্রশ্ন উত্থাপন হৈছে।কিয়নো ২০১৫চনত এই ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰা প্ৰতিষ্ঠান কেইটাক ব্লেক লিষ্টেড কৰা হৈছিল। তাৰপাছত তেওঁলোকে শপতনামা যোগে সেই প্ৰতিষ্ঠানটো ক্ৰয় কৰা বুলি দেখুৱাই পুনৰ এই পৰীক্ষা পতাৰ প্ৰক্ৰিয়াৰে জড়িত হৈ পৰিছিল।

ব্লুম ইলেক্ট্ৰনিকছ প্ৰাইভেট লিমিটেডৰ কৰ্মকাণ্ডক লৈ এতিয়া প্ৰশ্ন উঠিছে। আনহাতে, পি কে দত্তৰ ঘৰত চিআইডিৰ দলে অভিযান চলোৱা কাৰ্যই এই চক্ৰটো যে কিমান দ' লৈকে শিপাই আছে সেয়া প্ৰমাণ হ'ব। ইফালে, ধুৱা তুলসী পাত নহয় অসম ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ।

অধ্যক্ষগৰাকীৰ বিৰুদ্ধেও মইমতালিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। কিয়নো অভিযোগ উঠিছে যে, এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ দায়িত্বত আছিল তেওঁৰ পত্নী। আৰক্ষী নিযুক্তি বৰ্ডৰ অধীনত এই পৰীক্ষা অনুষ্ঠিত কৰাৰ পূৰ্বে বৈঠক অনুষ্ঠিত হ'ব লাগে যদিও এখনো বৈঠক অনুষ্ঠিত কৰা নাছিল অধ্যক্ষগৰাকীয়ে।

স্বতন্ত্ৰ ভাৱে অসম আৰক্ষীৰ নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰা প্ৰদীপ কুমাৰে প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতহে এখন বৈঠক অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে। ইফালে, আৰক্ষী বিভাগত কৰ্মৰত অৱস্থাত যথেষ্ট বিতৰ্কৰ মাজত থকা পি কে দত্তৰ নাম এই কেলেংকাৰীৰে সাঙোৰ খাই পৰাৰ পাছত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে আৰক্ষী কিমান কঠোৰ হয় সেয়া লক্ষণীয় হৈ পৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কেলেংকাৰীৰ তদন্ত অতি কঠোৰভাৱে কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। তেনে পৰিস্থিতিত আৰক্ষীয়েও এই কেলেংকাৰীৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে ক্ষীপ্ৰতাৰে অভিযান চলাইছে যদিও, কেলেংকাৰীৰে নাম সাঙোৰ খাই পৰা এনে ক্ষমতাশালী মানুহবোৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিছে।

আন এক সূত্ৰই সদৰী কৰা মতে, চিআইডিৰ জেৰাত দিৱন ডেকাই দাবী কৰিছে যে, প্ৰশ্নকাকতখন পোৱাৰ পাছত সেই প্ৰশ্নকাকত হয় নে নহয় সেয়া নিশ্চিত কৰিবলৈ তেওঁক প্ৰেৰণ কৰিছিল এজন বিশেষ ব্যক্তিলৈ হোৱাটছএপ যোগে।

সূত্ৰটোৱে লগতে আৰু জনাই যে, দিৱন ডেকাই দাবী কৰিছে এই সমগ্ৰ প্ৰক্ৰিয়াৰ মুল মানুহ প্ৰশান্ত কুমাৰ দত্ত। আনকি দিৱন ডেকাৰ প্ৰতি প্ৰাণ নাশৰ ভাবুকি আহিছে বুলিও তেওঁৰ ঘনিষ্ঠ মহলে সদৰী কৰিছে। কিন্তু আৰক্ষীয়ে সমগ্ৰ বিষয়টো অতি সাৱধানে পৰীক্ষা কৰি অভিযান আগবঢ়াই নিছে বুলি জানিব দিছে। আনহাতে, দিৱন ডেকাৰ ঘনিষ্ঠ কেইবাজনো ব্যক্তিৰ ওপৰত আৰক্ষীয়ে নজৰ ৰাখিছে। সেই ব্যক্তিসকলকো অচিৰেই দিৱন ডেকা সন্দৰ্ভত সোধ-পোছ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in