মাজুলীৰ সন্দীপক হত্যা কৰিছিল কোনে, আটক মেঘালয়ৰ প্ৰেয়সীক…

মাজুলীৰ সন্দীপক হত্যা কৰিছিল কোনে, আটক মেঘালয়ৰ প্ৰেয়সীক…

হঠাৎ সন্ধানহীন হৈছিল সন্দীপ। ক'ত গ'ল সন্দীপ? বিচাৰি ফুৰিছিল পৰিয়ালে। অৱশেষত সন্দীপৰ সন্ধান ওলাল। মেঘালয়ৰ নংপুৰ এটা নলাত পোৱা গ'ল সন্দীপৰ মৃতদেহ। কোনে হত্যা কৰিলে সন্দীপক? অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।

মেঘালয়ৰ নংপুত ২৩ নবেম্বৰত উদ্ধাৰ হৈছিল সন্দীপ ভূঞা নামৰ মাজুলীৰ যুৱকজনৰ মৃতদেহ । সন্দীপৰ মৃতদেহ স্বগৃহলৈ নিয়াৰ সময়ত মাজুলীত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।উল্লেখ্য যে, গুৱাহাটীত বাজাজ ফাইনেন্সত ডিপুটী মেনেজাৰ ৰূপে কৰ্মৰত সন্দীপ ২০ নবেম্বৰ , ২০২১ৰ পৰা সন্ধানহীন হৈ আছিল। সন্দীপৰ পিতৃ দিলীপ ভূঞাই অভিযোগ কৰে যে তেওঁৰ বৰপুত্ৰ সন্দীপক পৰিকল্পিতভাৱেই হত্যা কৰা হৈছে।

মেঘালয় আৰক্ষীয়ে এই হত্যাকাণ্ড সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, মেঘালয়ৰ এগৰাকী যুৱতীৰ সৈতে সন্দীপৰ আছিল প্ৰেমৰ সম্পৰ্ক। যিদিনা খন সন্দীপ নিখোজ হৈছিল, সেইদিনা মেঘালয়ৰ এই যুৱতীগৰাকীৰ সৈতে টেলিফোনত সন্দীপে দীৰ্ঘসময় ধৰি কেইবাবাৰো বাৰ্তালাপত মিলিত হৈছিল।

আৰক্ষীয়ে হত্যাকাণ্ড সন্দৰ্ভত ক্লু বিচাৰি সন্দীপৰ প্ৰেমিকাক গুৱাহাটীৰ পৰা আটক কৰিছে। বৃহস্পতিবাৰে পল্টন বজাৰ আৰক্ষীয়ে তেওঁক আটক কৰি নংপুৰ আৰক্ষীৰ হাতত গটাই দিয়ে। মৃত সন্দীপৰ দেহত পোৱা আঘাতৰ চিহ্নই প্ৰাথমিক অনুসন্ধানত এয়া হত্যাকাণ্ড বুলিয়েই আৰক্ষীয়ে অনুমান কৰিছে।

প্ৰেমৰ সংঘাত নে আন কাৰণত সন্দীপক হত্যা কৰা হ'ল সেয়া এতিয়া আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব। সন্দীপৰ হত্যাকাণ্ড সন্দৰ্ভত তেওঁৰ প্ৰেয়সীক আটক কৰা ঘটনাইয়ো এই হত্যাকাণ্ডক লৈ ৰহস্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে প্ৰথমে নিশ্চিত হ'ব বিচাৰিছে গুৱাহাটীত হত্যা কৰি সন্দীপক মেঘালয়ৰ নংপুত পেলাই দিয়া হৈছিল নেকি?

সন্দীপৰ মৃতদেহ নংপুৰ এটা নলাৰ কাষত সন্ধানহীন হোৱাৰ তিনি দিনৰ পাছত উদ্ধাৰ কৰা হৈছিল। তেওঁৰ ডিঙিত ৰছী বা কাপোৰেৰে চেপা চিনো লাভ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰিছে। এই প্ৰতিবেদনতে সন্দীপৰ হত্যা সন্দৰ্ভত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

ইফালে, সন্দীপ মোবাইল ফোন আৰু তেওঁৰ মানীবেগ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। জানিব পৰা মতে, সন্দীপৰ মানীবেগত বুজন সংখ্যক ধন আছিল। সন্দীপ সন্ধানহীন হোৱাৰ পাছত সন্দীপৰ প্ৰেয়সীয়েও ফেচবুকত তেওঁ সন্ধানহীন হোৱাৰ খবৰ আৰু কোনো লোকে সন্ধান পালে এটা নম্বৰত যোগাযোগ কৰিবলৈ দিয়া এটা পোষ্ট শ্বেয়াৰ কৰিছিল। সন্দীপৰ পিতৃ দিলীপ ভূঞাই এই হত্যাকাণ্ডৰ উপযুক্ত তদন্তৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপো বিচাৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in