নিৰনিৰ্মল নে মৰণ মিছনঃ পেন্টালুনছৰ কাষত প্ৰধানমন্ত্ৰীৰ সপোনৰ সমাধী…

নিৰনিৰ্মল নে মৰণ মিছনঃ পেন্টালুনছৰ কাষত প্ৰধানমন্ত্ৰীৰ সপোনৰ সমাধী…

বিশুদ্ধ খোৱাপানীৰ নামত অসমত হাজাৰ হাজাৰ কোটি টকাৰ আঁচনি গ্ৰহণ কৰি আমোলা-বিষয়াই ৪৩ বছৰে অব্যাহত ৰাখিছে লুন্ঠন। ৰাজনৈতিক নেতা-মন্ত্ৰীৰ পৃষ্ঠপোষকতাত চলা এই ব্যাপক লুন্ঠনৰ বাবেই ২০ হাজাৰ পানী যোগান আঁচনি স্থাপন কৰিও ৰাজ্যৰ ১.৭৬ শতাংশ লোককহে খোৱাপানী যোগান ধৰিব পাৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে। এইবাৰ আকৌ প্রধানমন্ত্ৰীৰ শ্ল'গানৰ আলম লৈ ৫ বছৰতে ২৬ হাজাৰ কোটি টকাৰ আঁচনি যোগতাই ৯০ শতাংশ লোকক খোৱাপানীৰ যোগানৰ এক অলিক সপোন দেখুওৱা হৈছে। অথচ বিগত ১৪ বছৰে নিৰ্মাণ কাৰ্য চলি থকা এখন আঁচনিৰ কামেই সম্পূৰ্ণ হৈ উঠা নাই এতিয়াও । জনস্বাস্থ্যত এনে লোট-পাতৰ অলেখ কাহিনী। তাৰ ওপৰতে যোগতোৱা এলানী বিশেষ প্ৰতিবেদনৰ প্রথম খণ্ড।

প্ৰথমে খোৱাপানী যোগান বিভাগ আৰু ১৯৭৬চনত পূৰ্ণাংগ ৰূপত প্ৰতিষ্ঠা হৈছিল অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ। এই জনস্বাস্থ্য কাৰিকৰী বিভাগে যদিও অসমত ২০১৯চন পৰ্যন্ত ৫০ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ১২ হাজাৰ সৰু-বৰ পানী যোগান আঁচনি নিৰ্মাণ কৰিলে ইয়াৰ জৰিয়তে ৰাজ্যখনত মাত্ৰ ১.৭৬ শতাংশ লোককহে বৰ্তমান খোৱাপানী যোগান ধৰিবলৈ সক্ষম হৈছে।যাৰ বাবে প্ৰতি লিটাৰ পানীৰ বাবদ চৰকাৰী ব্যয়য়ে হাজাৰ টকাৰ ঘৰ অতিক্ৰম কৰিছে। ইফালে, ১২হাজাৰ পানী যোগান আঁচনিৰ ভিতৰত ৮ হাজাৰ আঁচনিয়েই সম্পূৰ্ণ ৰূপে অচল আৰু ডেৰ হাজাৰ আঁচনি অনিয়মীয়াভাৱে চলি থকাৰ বিপৰীতে মাত্ৰ আঢ়ৈ হাজাৰখন আঁচনিহে বৰ্তমান ৰাজ্যখনৰ এই লোকসকলক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰি থাকিব পাৰিছে।

ৰাজধানী মহানগৰীৰ পৰা গ্ৰামাঞ্চললৈকে এনে এক পয়ালগা অৱস্থাত বহু হাজাৰ অভিযন্তা-কৰ্মচাৰীৰে চলি থকা বিভাগটো সাম্প্ৰতিক সময়ত এক ভালুকৰ সাঙিত পৰিণত হৈছে। অতি আচৰ্যজনকভাৱে আকৌ যি কাম সুদীৰ্ঘ ৪৩ বছৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে, সেয়া প্রধানমন্ত্ৰীৰ নিৰনিৰ্মল পৰিযোজনা আৰু জলজীৱন মিছন নামৰ আঁচনি দুখনৰ জৰিয়তে যাদুকৰী দণ্ডৰ জৰিয়তেহে যেন অহা ৬ বছৰৰ ভিতৰত ৰাজ্যখনৰ ৯০ শতাংশ লোকক ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ অবাঞ্চৰ এক ঘোষণা তথা বহুল প্ৰচাৰ চলাই থকা হৈছে। ইয়াৰ বাবদ ধাৰ্যও কৰা হৈছে ২৬ হাজাৰ কোটি টকাৰ আঁচনি। বিগত ৪ বছৰৰ আগৰ পৰাই প্ৰক্ৰিয়াগতভাৱে আৰম্ভ কৰা এই অভিযানৰ সৰ্বময় কৰ্তাৰূপে দায়িত্ব আকৌ দিয়া হৈছিল এনে এগৰাকী সৰ্বভাৰতীয় প্ৰশাসনীয় বিষয়াক, যাৰ কোনো কাৰিকৰী দক্ষতা নাই।

অৱশ্যে কেনে কৌশলেৰে দুৰ্নীতি সংঘঠিত কৰিব পাৰিব সেই ক্ষেত্ৰত তেওঁ সবাতোকৈ পৰিপক্ক বুলিয়েই ৰাজধানীৰ ভিতৰে-বাহিৰে সদায় চৰ্চা চলি আছে। এইগৰাকী ব্যক্তিৰ পৰিকল্পনা মতেই হেঙেৰাবাৰীত বহু কোটি টকীয়া বৃহৎ অট্টালিকা থকাৰ পাছতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰেই এক অংশ স্বৰূপ নিৰৰ্নিমল পৰিযোঁজনাৰ কাম-কাজ তদাৰকৰ বাবে জিএছ ৰোডৰ ডাউন টাউনৰ সমীপত এটা অট্টালিকাৰ ট'প ফ্ল'ৰত স্বতন্ত্ৰ এক আয়ুক্তৰ কাৰ্যালয় স্থাপন কৰা হৈছিল। চাৰি বছৰৰ বাবে লীজত লোৱা অট্টালিকাটোৰ চতুৰ্থ মহলাত প্ৰায় ৩ হাজাৰ বৰ্গফুটৰ এলেকাটোত কাৰ্যালয় স্থাপনৰ ভাড়াৰ বাবদ মাহে বিদ্যুৎ বিলসহ ৪ লাখ টকাকৈ ভাড়াৰ চুক্তি কৰা হৈছিল। সাধাৰণ ব্যক্তি এজনেও জানে যে তিনি হাজাৰ বৰ্গফুটৰ এটা ঘৰৰ ভাড়া ৫০ হাজাৰ টকাতকৈ বেছি হ'ব নোৱাৰে। তাতে এই ঘৰটোত নাছিল কোনো আভ্যন্তৰীণ ব্যৱস্থাপনা। সেইবাবে ভাড়া ঘৰটোত আভ্যন্তৰীণ ব্যৱস্থাপনাৰ নামত চকী-টেবুল, অস্থায়ী চেম্বাৰ, পাৰ্টিশ্বন ৱাল আদি নিৰ্মানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগে আয়ুক্ত গৰাকীৰ নিৰ্দেশত ব্যয় কৰে ২ কোটি টকা।

তাৰোপৰি অতিৰিক্ত ব্যয়ৰে এই কাৰ্যালয়টোত স্থাপন কৰা হয় ১৮টাকৈ ডেৰ টন ক্ষমতাসম্পন্ন শীতাতপ নিয়ন্ত্ৰণ যন্ত্ৰ। আৰু দুটাকৈ বৃহৎ ক্ষমতাসম্পন্ন ইলেক্ট্ৰীক জেনেৰেট'ৰ। কিন্তু আচৰ্যজনক কথাটো হ'ল বিগত চাৰি বছৰত এই কাৰ্যালয়টোৱে ৰাজ্যবাসীক নিৰনিৰ্মল পৰিযোজনাৰ ১ লিটাৰ খোৱাপানীও যোগান ধৰিব নোৱাৰিলে যদিও বহু কোটি টকা ভাড়া আৰু আচবাবৰ নামত অপচয় কৰাৰ পাছত কিছুদিন পূৰ্বে আয়ুক্ত গৰাকীয়ে আন বিভাগলৈ বদলি হোৱাৰ লগে লগে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ক ডাউন টাউনৰ কাষৰ এই ব্যয়বহুল ঘৰটো তাৎক্ষণিকভাৱে মালিকক এৰি দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু ঘৰৰ মালিকে যাতে জনস্বাস্থ্যৰ নামতে বৃহৎ পৰিমানৰ মাহেকীয়া ভাড়া পাই থাকে তাৰ বাবে আন এক কৌশল অৱলম্বন কৰা হৈছে।সেয়া হ'ল হেঙেৰাবাৰীত থকা আৰু কেইদিন মান আগতে প্ৰায় ২৬ লাখ টকা ব্যয় কৰি মেৰামতি কৰা স্বচ্ছ ভাৰত মিছনৰ কাৰ্যালয়টো তালৈ স্থানান্তৰ কৰাৰ অজুহাত দেখুওৱা হৈছে। যিটো কেৱল বিশেষ ঘৰটোৰ মালিকে মাহে ৬ লাখ টকাকৈ ভাড়া আৰু অন্যান্য আচবাবখিনিৰ সুবিধা পাই থকাৰ স্বাৰ্থতে কৰা হৈছে। কেৱল সেয়ে নহয়, অসমত এতিয়া কেৱল জনস্বাস্থ্য কাৰিকৰী বিভাগতে পুঁজি আছে।

এই পুঁজি বিশ্ব বেংক, কেন্দ্ৰীয় আঁচনি আদিৰ জৰিয়তে লাভ কৰা কেইবা হাজাৰ কোটি টকাৰ পুঁজি। তাকে লৈ এতিয়া চলিছে ব্যাপক লুন্ঠনৰ পৰিকল্পনা। বহু এচিএছ, আইএএছ বিষয়াকো এই পৰিকল্পনা ৰূপায়নৰ বাবে কেইবা হাজাৰ অভিযন্তা থকাৰ পাছতো নিয়োগ কৰা হৈছে। অহা ৩১ আগষ্টৰ ভিতৰত নিৰনিৰ্মল কাৰ্যালয়টোৰ বাবদ হোৱা চুক্তিৰ ম্যায় উকলি যাব। হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়লৈ স্থানান্তৰিত কৰাৰ বাবে ইতিমধ্যে ফাইল-পত্ৰ, টেবুল আদি স্থানান্তৰ কৰা হৈছে যদিও প্ৰাক্তন আয়ুক্ত গৰাকীৰ পৰোক্ষ নিৰ্দেশনাতেই ইয়াত জনস্বাস্থ্যৰ কাৰিকৰী বিভাগৰ পুঁজিৰে ক্ৰয় কৰা ১৮টাকৈ এ.চি., দুটাকৈ জেনেৰেট'ৰকে ধৰি বহু মূল্যবান সম্পত্তি ইয়াৰ পৰা স্থানান্তৰ কৰিবলৈ দিয়া হোৱা নাই।

অৰ্থাৎ প্ৰয়োজনহীনভাৱে চাৰি বছৰত ১ কোটি ৬৮ লাখ টকাৰ ভাড়া আদায় দিয়াৰ উপৰিও কোটি টকাৰ সম্পত্তি বিভাগটোৱে এই কাৰ্যালয়টোৰ বাবদ এৰি থৈ আহিবলগা এক পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে। এই সন্দৰ্ভত জনস্বাস্থ্য বিভাগৰ একাংশ বিষয়া-অভিযন্তাই আপত্তি দৰ্শাইছে যদিও দিছপুৰত প্ৰবল পতিপত্তি থকা এইগৰাকী আয়ুক্তৰ বিৰুদ্ধে কোনেও আনুষ্ঠানিক অভিযোগ দিব পৰা নাই বা তেওঁৰ পৰোক্ষ নিৰ্দেশনা অমান্য কৰিব পৰা নাই। কিন্তু তেওঁলোকৰে এচামৰ মাজত সৰবভাৱে চৰ্চিত বিষয়টো হ'ল এই ভাড়াত লোৱা কাৰ্যালয়টোৰ মালিক দৰাচলতে আয়ুক্ত গৰাকীৰ আত্মীয় হোৱাৰ বাবেই জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰাজভঁড়াল খৰাধ কৰি বৃহৎ পুঁজি অবাবদ ব্যয় কৰা উপৰি এতিয়াও কোটি টকাৰ সম্পত্তি ইয়াত এৰি থৈ আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা ক'লেও জনস্বাস্থ্যৰ বহু কোটি টকা পানীত পেলোৱা সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ এইগৰাকী ঘনিষ্ঠ আমোলাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ সক্ষম হ'ব নে নাই তাকে লৈ সকলোৱে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in