অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা…

অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা…

সমগ্ৰ দেশজুৰি উদযাপন 'পৰিক্ৰমা দিৱস'।তাৰ পূৰ্বে অসমত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী। আশা কৰা ধৰণে সভাত উপস্থিত হ'ল নোক। ২ লক্ষাধিকৰ পৰিৱৰ্তে মাত্ৰ ৫০ হাজাৰ লোকহে উপস্থিত হ'ল সভাত। ইফালে, কলকাতাত ভাষণ নিদিয়াকৈ আঁতৰি গ'ল মমতা বেনাৰ্জী। টিএমচিয়ে দিলে প্ৰতিক্ৰিয়া। অসম সন্তান 'পাপন'য়ে কৰিলে গীত পৰিৱেশ। সকলোবোৰ সামৰি অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰাজৰ্ষি চহৰীয়াৰ এক বিশেষ প্ৰতিবেদন।

শনিবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মজয়ন্তী। কিন্তু এইবাৰ অৱশ্যে নেতাজী বসুৰ জন্মজয়ন্তীক উদযাপন কৰা হ'ল পৰিক্ৰমা দিৱস হিচাপে। কিয়নো শেহতীয়াকৈ কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰণালয়ে এক জাননী জাৰি কৰিছিল য'ত লিখা হৈছে যে ২৩ জানুৱাৰী, ২০২০ তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন 'পৰিক্ৰমা দিৱস' হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

নেতাজীৰ জন্মজয়ন্তী অৰ্থাৎ পৰিক্ৰমা দিৱস শনিবাৰে কলকাতাৰ ভিক্টোৰীয়া মে'মৰিয়েলত আয়োজন কৰে কেন্দ্ৰীয় চৰকাৰে। য'ত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু ভাষণ দিয়ে বহু বিশিষ্ট লোকে। কিন্তু এই কলকাতাত পৰিক্ৰমা দিৱসত অংশগ্ৰহণ কৰাৰ পূৰ্বে শনিবাৰে অসমত আহি উপস্থিত হয়হি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত প্রথমে উপস্থিত হৈ বায়ু সেনাৰ বিশেষ বিমানেৰে শিৱসাগৰৰ জেৰেঙা পথাৰলৈ ৰাওনা হয় প্রধানমন্ত্ৰী গৰাকী। এক বিশাল জনসভাত অংশগ্ৰহণৰ উদ্দেশ্যেই পৰিক্ৰমা দিৱসৰ দিনটোত কলকাতাৰ পূৰ্বে অসমত আহি উপস্থিত হয় তেওঁ।

২৩ জানুৱাৰী, ২০২০ত শিৱসাগৰৰ জেৰেঙা পথাৰৰ উক্ত সভাখনত প্রথমে প্রধানমন্ত্ৰী মোডীক ফুলাম গামোচা আৰু স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উক্ত সভাখনৰ পূৰ্বে দাবী কৰা হৈছিল যে প্ৰায় ২ লক্ষাধিক লোক এই সভাত উপস্থিত থাকিব আৰু এক লাখ লোকক ভূমি পট্টা প্ৰদান কৰা হ'ব। কিন্তু তাৰ এক বিপৰীত ছবিহে দেখা গ'ল শনিবাৰে।

২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত আহি উপস্থিত হোৱা প্রধানমন্ত্ৰীৰ ভূমি পট্টা প্ৰদানৰ অনুষ্ঠান অথবা সভাত প্ৰায় ৫০ সহস্ৰাধিক লোকহে উপস্থিত থকা পৰিলক্ষিত হ'ল। অৰ্থাৎ ১ লাখ ভূমি পট্টা প্ৰদান কৰিব লগা হিতাধিকাৰীও উপস্থিত নাথাকিল উক্ত সভাত। ইয়াৰ পৰা কি ইংগিত বহন কৰা হৈছে হয়তো বিজেপিৰ মুৰব্বীগৰাকীয়ে বুজিছে তথা ৰাজ্যবাসীয়ে বুজাবলৈ সক্ষম হৈছে।

তাৰপাছত প্ৰধানমন্ত্ৰী গৰাকী ৰাওনা হয় কলকাতালৈ। কলকাতাৰ ভিক্টোৰীয়া মেম'ৰিয়েলত কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা পৰিক্ৰমা দিৱসত অংশগ্ৰহণ কৰে তেওঁ। কিন্তু তাতো পৰিলক্ষিত হয় এক আচৰ্যজনক দৃশ্য। উক্ত অনুষ্ঠানত আমন্ত্ৰিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাষণ নিদিওঁ বুলি কৈ আঁতৰি গ'ল মাইকৰ কাষৰ পৰা। যেতিয়া মমতা বেনাৰ্জীক ভাষণ দিবলৈ আমন্ত্ৰণ কৰা হৈছিল সেই সময়তে অনুষ্ঠানটিত উপস্থিত একাংশ লোকে 'জয় শ্ৰীৰাম' ধ্বনি দিয়ে আৰু তাৰপাছতেই ক্ষোভিত হৈ পৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকী।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা দিদিয়ে কয়- 'চৰকাৰী অনুষ্ঠানবোৰৰ সন্মান থাকিব লাগে। এয়া কোনো ৰাজনৈতিক দলৰ অনুষ্ঠান নহয়। কলকাতাত প্ৰধানমন্ত্ৰী মোডী আৰু সাংস্কৃতিক মন্ত্ৰালয়ে উক্ত অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে মই কৃতজ্ঞ। কিন্তু কাৰোবাক নিমন্ত্ৰণ কৰি অপমান কৰা আপোনালোকক শোভা নিদিয়ে। ইয়াৰ প্ৰতিবাদত মই একো নকওঁ। জয় হিন্দ, জয় বাংলা।'

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তীত এনেদৰে এগৰাকী মুখ্যমন্ত্ৰীক আমন্ত্ৰণ কৰি অপমান কৰাতো জানো কেন্দ্ৰীয় চৰকাৰৰ ভদ্ৰতাৰ লক্ষণ? এই প্ৰশ্নও কৰিছে বিভিন্নজনে? লগতে তৃণমূল কংগ্ৰেছে ইয়াক লৈ ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰা উক্ত পৰিক্ৰমা দিৱসৰ অনুষ্ঠানটি যদি কোনো ৰাজনৈতিক দলৰ সভা বা অনুষ্ঠান নহয়, তেন্তে কিয় এনেদৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী ভাষণ দিবলৈ ওলোৱাৰ পূৰ্বে দিলে জয় শ্ৰীৰাম ধ্বনি। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সৰু সুৰা কাজিয়া অথবা তেওঁলোকৰ অপৰিপক্ক জ্ঞানৰ বাবেহে হ'ল নেকি এই ঘটনা সংঘটিত বুলিও তৃণমূল কংগ্ৰেছৰ বহুতে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া।

কিন্তু তাৰ মাজতে অসমবাসীৰ বাবে এক গৌৰৱৰ কথা যে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ পাছত অংগৰাগ পাপন মহন্তই এনে এক উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি গীত পৰিবেশন কৰিবলৈ সক্ষম হ'ল। পাপনে পৰিক্ৰমা দিৱসত প্রধানমন্ত্ৰীকে ধৰি দেশবাসীৰ আগত 'সুভাষ জী সুভাষ জী উজ্বালে হিন্দ আয়ে গয়ে…' গীতটি পৰিৱেশন কৰিলে।

সঁচাকৈ ই এক অসমবাসীৰ বাবে গৌৰৱৰ কথা। কিয়নো কলকাতাৰ স্থানীয় শিল্পীসকল থকাৰ পাছতো অসমৰ  অংগৰাগ পাপন মহন্তই গীত পৰিৱেশন কৰিবলৈ লাভ কৰিলে সুযোগ। যি প্ৰত্যেকগৰাকী অসমবাসীৰ বাবে গৌৰৱ।  আমাৰ মাজৰ পৰা যোৱা এই অসম সন্তানে কিন্তু প্ৰকৃতাৰ্থত অসমৰ নাম উজ্বল কৰিলে। হিন্দী গীত পৰিৱেশন কৰিলেও যদিও মহন্তৰ উপাধিধাৰী এই গৰাকী গায়ক এগৰাকী অসমীয়া বুলিয়ে সমগ্ৰ ইন্ডাষ্ট্ৰীত চিনাক্ত। যাক লৈ আমি কৰো গৌৰৱ। এনেদৰেই বহু ঘটনা পৰিঘটনাৰ মাজত সম্পন্ন হৈ গ'ল সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্য জন্মজয়ন্তী যাক নতুনকৈ নাম দিয়া হৈছে পৰিক্ৰমা দিৱস হিচাপে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in