ৰাষ্ট্ৰীয় চিকিৎসক দিৱসঃ কোৰোনাৰ বিৰুদ্ধে সন্মুখত থিয় হৈ যুঁজ দিয়া প্ৰতিগৰাকী চিকিৎসকক চেল্যুট…

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসঃ কোৰোনাৰ বিৰুদ্ধে সন্মুখত থিয় হৈ যুঁজ দিয়া প্ৰতিগৰাকী চিকিৎসকক চেল্যুট…

ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে লাখ লাখ লোক। তেওঁলোকক আৰোগ্য কৰাৰ বাবে আছে চিকিৎসক। নিজৰ কথা এবাৰলৈও চিন্তা নকৰি চিকিৎসকসকলে পালন কৰি গৈছে নিজৰ দায়িত্ব। পৰিয়ালৰ পৰা আঁতৰি প্ৰতিজন ৰোগীৰ বাবে দিনে-নিশাই কৰিছে কাম। চিকিৎসক দিৱসৰ দিনটোত তেওঁলোকৰ প্ৰতি দেশবাসীয়ে জনাইছে কৃতজ্ঞতা। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।

দেশত কোৰোনা ভাইৰাছৰ মহাসংকটৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ সন্মুখত আহি সকলোৰে বাবে এক ঢাল ৰূপে থিয় দিছে চিকিৎসকসকলে। নিজৰ পৰিয়াল, সময় সকলো ত্যাগ কৰি ৰোগীক সুস্থ কৰি তোলাৰ বাবে পাৰ্যমানে সেৱা আগবঢ়াই গৈছে। এই সেৱা কেৱল দায়িত্ব বুলি লোৱা নাই চিকিৎসকসকল আৰু চিকিৎসা কৰ্মীসকল। দিনে-নিশাই অবিৰতভাৱে মানৱ জাতিক এই ভাইৰাছৰ কৱলৰ পৰা ঘূৰাই আনিবলৈ কাম কৰি গৈছে তেওঁলোকে।

লাখ লাখ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। হাজাৰ হাজাৰ লোকে হেৰুৱাইছে প্ৰাণ। কোনোৱে পিতৃ-মাতৃক হেৰুৱাইছে, আন কোনোবাই আকৌ হেৰুৱাইছে স্বামী-পত্নী তথা সন্তানক। বহু দুখ লগা তথা ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে সমগ্ৰ বিশ্বতে। এয়া বহু চিন্তনীয়।এই সকলোবোৰ কথা বুজি পাই এজন চিকিৎসকে। কিয়নো এজন ৰোগীৰ মৃত্যু হোৱাৰ পাছত লোকজনৰ পৰিয়ালক চিকিৎসকজনেই দিব লাগে এই খবৰ।

আজি ১ জুলাই, ২০২০। এই দিনটো ভাৰতত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। চিকিৎসকক সকলোৱে সন্মান কৰে সেইটো সত্য। কিন্তু কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পাছৰে পৰা যেন চিকিৎসকসকলক সন্মান কৰাই নহয়, ৰোগীসকলৰ আপোন মানুহো হৈ পৰিছে।

ৰোগ যান্ত্ৰনাত চটফটাই থকা ৰোগী এজনৰ বাবে চিকিৎসকেই ভগৱান সদৃশ। আৰু ঈশ্বৰ লেখীয়া চিকিৎসকসকলক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে এটা বিশেষ দিন উদযাপন কৰা হয় ১ জুলাই তাৰিখে। প্ৰতিবছৰে এই দিনটোত মানৱ জাতিলৈ আগবঢ়োৱা মানৱীয় সেৱাৰ বাবে চিকিৎসকসকলক কৃতজ্ঞতা।

ভাৰতত চিকিৎসক দিৱস ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম দিৱসত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পালন কৰা হয়। ১৮৮২চনৰ ১ জুলাইত জন্মগ্ৰহণ কৰা ডাঃ ৰায়ৰ জন্ম হৈছিল বিহাৰৰ পাটনাত। প্ৰকাশ চন্দ্ৰ ৰায় আৰু অঘোৰ কাহিনী দেৱীৰ সন্তান বিধান চন্দ্ৰ ৰায়ে ১৯০১চনত পাটনাৰ বাঁকীপুৰ কলেজৰ পৰা লাভ কৰিছিল স্নাতক ডিগ্ৰী। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত কলকাতা চিকিৎসা মহাবিদ্যালয়ত তেওঁ অধ্যয়ন কৰিছিল। মাত্ৰ ২৯ বছৰ বয়সতে চিকিৎসা বিদ্যাত অসাধাৰণ খ্যাতি আৰ্জিবলৈ সক্ষম হৈছিল তেওঁ।

পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞানৰৰ উচ্চ শিক্ষাগ্ৰহণ কৰিবলৈ তেওঁ লণ্ডনলৈ যায়। উল্লেখ্য যে, লণ্ডনৰ বাৰ্থোলোমিঅ' হাস্পতালতৰ মুখ্য ডাক্টৰ শ্বোৰে তেওঁ তাত ভৰ্তি কৰিবলৈ ইচ্ছা কৰা নাছিল যদিও, তেওঁ নিজৰ একাগ্ৰতাৰ কথা এনেকৈয়ে প্ৰকাশ কৰি দেখুৱালে যে, অৱশেষত ডাঃ শ্বোৰে আৰু চেন্ট বাৰ্থোলোমিঅ'ৰ শিক্ষাৰ্থী বাচনি কমিটীৰ সভাপতি ডাঃ এডিচনে তেওঁক ভৰ্তি কৰিবলৈ বাধ্য হয়।

ডাঃ বিধান চন্দ্ৰ ৰায়

তাৰপাছত ১৯১১চনত কলকাতালৈ ঘূৰি আহে ডাঃ ৰায়। তেওঁ কেম্পবেল মে়ডিকেল স্কুলত শৰীৰস্থানৰ শিক্ষক হিচাপে প্ৰথমে যোগদান কৰে। এই পদ এৰি ১৯১৯ত তেওঁ কাৰমাইকেল মেডিকেল কলেজত কায়চিকিৎসাৰ অধ্যাপক ৰূপে যোগদান কৰে। কেৱল চিকিৎসা ক্ষেত্ৰতে জড়িত নাথাকি তেওঁ ভৰি দিয়ে ৰাজনীতিত। ১৯৪৮ চনৰ পৰা ১৯৬২ চনত মৃত্যু পৰ্যন্ত তেওঁ আছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী।

১৯২৩চনত নিৰ্বাচন খেলি বংগ বিধানসভালৈ নিৰ্বাচিত হৈছিল ডাঃ ৰায়। বংগৰ উন্নতিৰ বাবেও কৰিছিল তেওঁ কঠোৰ পৰিশ্ৰম। কলকাতা কৰ্পোৰেচনৰ এণ্ডাৰ মেন আৰু মেয়ৰ, কলকাতা বিশ্ববিদ্যালয়ৰ বৰ্ড অৱ একাউন্ঠৰ সভাপতি, ফেলো, ছিণ্ডিকেটৰ সদস্য আৰু উপসভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ডাঃ বিধান চন্দ্ৰ ৰায়ে। আৰু অৱশেষত ১৯৬২চনৰ ১ জুলাইতে কলকাতা শেষ নিশ্বাস ত্যাগ কৰিছিল তেওঁ।

বৰ্তমান দেশবাসীয়ে অতি সংকটৰ মাজেৰে দিন অতিবাহিত কৰিছে। মহামাৰী ৰূপে এফালে কোভিড-১৯ আৰু আনফালে ইয়াৰ পৰা সুৰক্ষিত ৰাখিবলৈ থিয় দি আছে চিকিৎসকসকল। নিজৰ কথা চিন্তা নকৰি ৰোগীক আৰোগ্য কৰাৰ উদ্দেশ্যে কিমান যে পৰিশ্ৰম, ত্যাগৰ মাজেৰে দায়িত্ব পালন কৰি গৈছে চিকিৎসকসকলে।

তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিছে অতি সুচাৰুৰূপে। যাৰ বাবে তেওঁলোক প্ৰশংসাৰ পাত্ৰ। কিন্তু আনে প্ৰশংসা কৰকে বা নকৰকে তেওঁলোকে কৰি গৈছে নিজৰ কাম। কোৰোনা ৰোগীক চিকিৎসা কৰি নিজেও কোৱাৰেন্টাইন হ'ব লগা হৈছে। পৰিয়ালৰ পৰা আঁতৰি থাকিও প্ৰতিজন ৰোগীকে নিজৰ পৰিয়ালৰ একো একোজন সদস্য বুলি জ্ঞান কৰিছে তেওঁলোকে। নিজৰ বাবে তেওঁলোকৰ হাতত আজি নাই সময়। সেয়েহে এই বিশেষ দিনটোত দেশবাসীয়ে চিকিৎসকসকলক তেওঁলোকৰ আগবঢ়োৱা এই মানৱীয় সেৱাৰ বাবে জনাইছে কৃতজ্ঞতা, দিছে চেল্যুট।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in