শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ওপৰত চিকেন, তলত গো মাংস! নাৰেংগীৰ মাংসৰ দোকানত ৰাইজৰ তালাচী…VIDEO

195

গুৱাহাটী মহানগৰীত মাছ-মাংসৰ ভাল ব্যৱসায় চলে। বাটে পথে দেখা যায় মাছ-মাংসৰ দোকান। কিন্তু প্ৰশাসনৰ চকুত ধূলি দি একাংশ মাছ মাংসৰ ব্যৱসায়ীয়ে কি কৰে সেয়া দেখিলে বা শুনিলে চকু কঁপালত উঠিব। বুধবাৰে গুৱাহাটী মহানগৰীত কুকুৰা বিক্ৰী কৰা এখন দোকানত একাংশ ৰাইজে চলালে অভিযান। তেওঁলোকৰ অভিযোগ- ওচৰত চিকেন আৰু তলত গো মাংস বিক্ৰী কৰে দোকানীজনে। তাৰপাছত লাগিল হুলস্থূল। এই সন্দৰ্ভত এক প্ৰতিবেদন।

গুৱাহাটীৰ একাংশ মাংস বিক্ৰেতাৰ কৰ্মকাণ্ডই নিশ্চয় আপোনাক ক্ষোভিত কৰে। অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী কৰে মাংস। ল’ব লগা ন্যূনতম পৰিষ্কাৰ-পৰিচ্ছন্নতা, নীতি নিয়ম অমান্য কৰি প্ৰশাসনৰ চকুৰ সন্মুখতে বিক্ৰী কৰে মাংস।

এইবোৰ কথা পুৰণি। কিন্তু বুধবাৰে মহানগৰীৰ নাৰেংগীৰ এখন মাংসৰ দোকানত হঠাৎ লাগিল হুলস্থূল। মাংস দোকানখনত প্ৰৱেশ কৰি একাংশ লোকে চলালে তালাচী। এই মাংস বিক্ৰেতাগৰাকীৰ বিৰুদ্ধে সেইসকল লোকৰ অভিযোগ আছিল- ওপৰত দেখুৱাই ব্ৰইলাৰ বা কুকুৰা বিক্ৰী কৰিলেও, এই মাংস বিক্ৰেতাজনে গোপনে বিক্ৰী কৰি আহিছে গো মাংস।

এই বিষয়টোক লৈ নাৰেংগীৰ কলংপাৰ বজাৰত লাগিল গণ্ডগোল। তালাচী চলোৱা একাংশ ৰাইজে মাংস দোকানখনৰ তলৰভাগত লুকুৱাই থোৱা গো মাংসৰ টোপোলাও উদ্ধাৰ কৰা বুলি দাবী কৰে। উত্তেজিত ৰাইজে মাংস দোকানীগৰাকীক তেনে কাম কৰাৰ বাবে জবাবদিহী কৰাৰ উপৰিও আন একাংশই তেওঁক প্ৰহাৰ কৰিবলৈ উদ্যত হয়।

মাংস কিনোতে মন কৰিব । দোকান একেখনেই ! ওপৰত চিকেন তলত গো মাংস ।

মাংস কিনোতে মন কৰিব । নাৰেংগীত লাগিল গোলমাল । দোকান একেখনেই ! ওপৰত চিকেন তলত গো মাংস । গুৱাহাটীত এতিয়া এনে মাংসৰ দোকান ।

Asomiya Pratidin ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಬುಧವಾರ, ಅಕ್ಟೋಬರ್ 21, 2020

যি সময়ত গো মাংসৰ বিক্ৰীৰ বিৰুদ্ধে একাংশই প্ৰতি সাব্যস্ত কৰিছিল, সেই সময়ত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত মুকলিকৈ কুকুৰা মাংসৰ সৈতে গো মাংস বিক্ৰী কৰা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে বিশ্বনাথৰ বজাৰত তেনে এক ঘটনা সংঘটিত হৈছিল।

স্থানীয় বজাৰখনত এজন ব্যৱসায়ীক গো মাংস বিক্ৰী কৰাৰ বাবে প্ৰহাৰো কৰিছিল । গুৱাহাটী মহানগৰীত এনে ঘটনা সংঘটিত হোৱাৰ পাছত এতিয়া সন্দেহৰ আৱৰ্তত ৰৈছে এইসকল মাংস বেপাৰী। এই ঘটনা পোহৰলৈ অহাৰ পাছত পৰিস্থিতি যাতে অধিক অৱনতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু জিলা কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি