গুৱাহাটীৰ চৰকাৰী ভূমিত দখল বণিয়াৰঃ প্ৰদীপ আগৰৱালাৰ ভূমি ক্ৰয় কেলেংকাৰীৰ তদন্ত কেতিয়া?

গুৱাহাটীৰ চৰকাৰী ভূমিত দখল বণিয়াৰঃ প্ৰদীপ আগৰৱালাৰ ভূমি ক্ৰয় কেলেংকাৰীৰ তদন্ত কেতিয়া?

একাংশ ক্ষমতাশালী আৰু ব্যৱসায়ীয়ে গুৱাহাটীত দখল কৰি আহিছে মাটি। চৰকাৰী নীতি-নিয়মবোৰ ভৰিৰে মোহাৰি দিছপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেতকুছি ৰাজহ গাঁৱৰ অধীনস্থ বহুখিনি মাটি এজন অনা অসমীয়া ব্যৱসায়ীয়ে ক্ৰয় কৰা তথ্য আহিছে পোহৰলৈ। কিন্তু এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজহ বিভাগে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ প্ৰতিবেদন।

গুৱাহাটী মহানগৰীত এচাম ব্যৱসায়ী আৰু ক্ষমতাশালী লোকে কিদৰে চৰকাৰী নীতি ভৰিৰে মোহাৰি নামে-বেনামে মহানগৰীৰ মাটি দখল কৰি আহিছে সেই সন্দৰ্ভত ইতিমধ্যে এক খবৰ প্ৰকাশ কৰা হৈছে। দিছপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেতকুছি ৰাজহ গাঁৱৰ অধীনস্থ প্ৰায় ৭বিঘা মাটি চৰকাৰী বিষয়া-আমোলাৰ জৰিয়তে এজন অনা-অসমীয়া ব্যৱসায়ীয়ে ক্ৰয় কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতো ৰাজহ বিভাগে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। সেই ভূমি ক্ৰয়ৰ সন্দৰ্ভত আহি পৰা আন কেতবোৰ বিস্ফোৰক তথ্য অনুসৰি ৰেলৱে আৰু এয়াৰ পৰ্ট লেণ্ডৰ উপৰিও গ্ৰীঁণ বেল্টৰ অধীনস্থ এই ভূমিত এই চক্ৰটোৱে নামজাৰি কৰিছিল।

প্ৰদীপ আগৰৱালা আৰু তেওঁ কোম্পানীয়ে গুৱাহাটীৰ মাষ্টাৰ প্লেন অনুসৰি এই ভূমি ক্ৰয় তথা নামজাৰি কৰিব নোৱাৰে যদিও ইতিমধ্যে সেই প্ৰক্ৰিয়া সম্পন্ন হৈছে। লেণ্ড এভাইজাৰী কমিটিয়ে সেউজ সংকেত দিয়া মাটিখিনিত নামজাৰি কৰাৰ বাবে চেটেলমেন্টৰ নিৰ্দেশৰ নম্বৰ নথকাৰ কথাও খোদ ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে সেই সময়ত পোহৰলৈ আনিছিল। চক্ৰবিষয়া কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰথমে নৰ্থ ইষ্ট এগ্ৰিকালচাৰেল চিডফাণ্ড এণ্ড ৰিছাৰ্জ চেন্টাৰৰ নামত থকা এই মাটিখিনি মেছাৰ্ছ কেআৰচি ৱেৰ হাউচৰ নামত নামজাৰি কৰা হৈছিল ২০১৮ৰ ১২মাৰ্চত।অসম চৰকাৰৰ ২৫.৪.০৬ আৰ এছ এছ ৫১৪/২০০৪/৩৯নং চিঠি যোগে আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ ২১.৩.২০০৫তাৰিখৰ কে আৰ এছ২৬৬/০৪/১৬নং চিঠিৰ হুকুমযোগে এই মাটিৰ নামজাৰি পৰ্ব আৰম্ভ হৈছিল। দিছপুৰ চক্ৰবিষয়াই এই সন্দৰ্ভত ২৯৭/১০-১১ নং বিধি অনুসৰি সেই সন্দৰ্ভত ২২/১২/২০১০ত হুকুম প্ৰদান কৰিছিল।

চৰকাৰী ভূমিখিনি নামজাৰি কৰাৰ বাবে চালান নম্বৰ-২০০৯/০৫/১০১৭নং চালানযোগে ১৫লাখ ১১হাজাৰ ২৫০টকা প্ৰিমিয়াম আদায় কৰিছিল। পুৰণি দাগ নম্বৰ ৯১নং চৰকাৰী মাটিখিনি নৰ্থ ইষ্ট এগ্ৰিকালচাৰেল চিডফাণ্ড এণ্ড ৰিছাৰ্জ চেন্টাৰৰ নামত পট্টনৰ হুকুম দিয়া হৈছিল। সেই অনুসৰি দখল আৰু নথিৰ মতে, ৪৭দাগৰ অংশ ৩৬২ আৰ, ৪৪৮নং দাগৰ অংশ ১০৪৩ আৰ, ৪৪৯নং দাগৰ অংশ ৬৬৮আৰৰ মুঠ ২০৭৩আৰ মাটি নতুন দাগ নম্বৰ আৰু পট্টা নম্বৰ পুৰণি পট্টাৰ পৰা কাটি কৰা হৈছিল।উক্ত ভূমিৰ বাবে ১৯৩১নম্বৰৰ পৃথক পট্টা আৰু ৩২৩৮ নম্বৰৰ দাগ সৃষ্টি কৰি এই মাটিখিনি বন্দোবস্তি ভুক্ত কৰা সময়ত স্বাক্ষৰ কৰা লাট মণ্ডল আছিল ভোগেশ্বৰ দাস।

চক্ৰ বিষয়াৰ হুকুম নম্বৰ- ১২.৩.২০১৮ৰ নামজাৰি নম্বৰ MET/DIS/2017-18/91/OMUT যোগে মুঠ এবিঘা দুকঠা ১৪.৯৪লেচা মাটি নৰ্থ ইষ্ট এগ্ৰিকালচাৰেল চিডফাণ্ড এণ্ড ৰিছাৰ্জ চেন্টাৰৰ নামত নামজাৰি কৰা হৈছিল।বৰ্তমান মেচাৰ্ছ কে আৰ চি ৱেৰ হাউচৰ নামত আছে এই ভূমি। মহানগৰীৰ মাজমজিয়াৰ চৰকাৰী ভূমি ক্ৰয়ৰ নামত এনে কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতো ইমানদিনে নিমাতে আছে প্ৰায় সকলো চৰকাৰী বিভাগ। উল্লেখযোগ্য যে, বেদখল উচ্ছেদৰ হুংকাৰ দিয়া এই চৰকাৰে চৰকাৰী ভূমি এনেদৰে নিজৰ কজ্বাত লোৱা অনা-অসমীয়া বণিয়াৰ পৰা উদ্ধাৰ কৰিব কেতিয়া? এইখিনিতে মনকৰিবলগীয়া যে, এগ্ৰিকালচাৰ আৰু হৰ্টিকালচাৰৰ বিভিন্ন প্ৰকল্পৰ নামত প্ৰায় ৩৫হাজাৰ বিঘাৰ অধিক মাটি বণিক মাফিয়াই এনে অনিয়মেৰে সংঘটিত কৰাৰো অভিযোগ উঠি আহিছে।

কৃষি কৰ্মৰ বাবে আৱন্টিত ভূমি জালিয়াতিৰে দখল কৰি নামজাৰি ম্যাদী কৰাৰ গুৰুতৰ অভিযোগ পোহৰলৈ অহাৰ পাছতো এই পক্ষবোৰৰ বিৰুদ্ধে দুনীৰ্তি শূণ্যসহনশীলতা চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই সেয়াও লক্ষ্যণীয় বিষয়। অনিময়েৰে এই ভূমি ক্ৰয়ৰ ঘটনা সংঘটিত হোৱাৰ সময়ত দিছপুৰ ৰাজহ চক্ৰৰ বিষয়া আছিল কবিতা ডেকা। সেই সময়ত কামৰূপ মহানগৰ সদৰৰ মহকুমাধিপতি আছিল ৰাতুল বৰুৱা। ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা লাট মণ্ডল ভোগেশ্বৰ দাসক সোধ-পোছ কৰিলেও এই ভূমি কেলেংকাৰীৰ সন্দৰ্ভত যথেষ্ট তথ্য পোৱা যাব।উল্লেখযোগ্য যে, প্ৰদীপ আগৰৱালা আৰু কে আৰ চি ৱেৰ হাউচৰ নামত লেনদেন হোৱা এই ভূমি নামজাৰি প্ৰক্ৰিয়াটোৱে যথেষ্ট সন্দেহজনক।

গুৱাহাটীৰ মাজমজিয়াত চৰকাৰী পক্ষৰ সহযোগত সংঘটিত চৰকাৰী ভূমি এনে কেলেংকাৰীৰ তদন্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিবনে? চৰকাৰী আন বিভাগসমূহে প্ৰদান কৰিব লগা এন অ চি এই প্ৰক্ৰিয়াৰ সময়ত দিয়া হৈছিল নে? সাধাৰণ মানুহক আঁৰত ৰাখি কোটিপতি বণিক ব্যৱসায়ীক মাটি চমজাই দিয়া সমগ্ৰ কাণ্ডত বহু কোটি টকাৰ লেনদেন হোৱাৰো অভিযোগ আছে। ভুৱা নথিৰে, অনিয়মেৰে মাটি পট্টন দিয়া চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিবনে এই চৰকাৰে? সমগ্ৰ বিষয়টো তদন্ত কৰিলেএ এই ভূমি ক্ৰয় সন্দৰ্ভত অধিক ভয়াৱহ আৰু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in