গুৱাহাটীৰ মটৰ নহয়, নাও চলাওঁ আহক…

গুৱাহাটীৰ মটৰ নহয়, নাও চলাওঁ আহক…

হঠাৎ গুৱাহাটী মহানগৰীত যান-জঁট। সান্ধ্য আইনৰ মাজতো কিহৰ বাবে লাগিল এই যান-বাহনৰ ভিৰ? কোভিডৰ মাজতে মহানগৰ বাসীৰ এতিয়া টোপনি হৰিছে আন এক সমস্যাই। কি এই সমস্যা? পঢ়ক এই প্ৰতিবেদনত।

গুৱাহাটী মহানগৰীত সমস্যাৰ শেষ নাই। মিনি ল'কডাউনৰ বাবে গুৱাহাটী আজিও স্তব্ধ হৈ পৰা নাই। বজাৰ-সমাৰত গুৱাহাটীত এতিয়াও মানুহৰ বহু ভিৰ। বাৰিষা বতৰত গুৱাহাটীত মটৰ নহয় নাও চলাব পাৰি। সোমবাৰে আৱেলি ২ মান বজাত মোষলধাৰ বৰষুণ হৈছিল মহানগৰীৰ বিভিন্ন স্থানত। এই বৰষুণৰ পাছত কৃত্ৰিম বানত মহানগৰীৰ বহু অঞ্চল ডুব গ'ল।

এইবাৰ কোভিডৰ বাবে সুচাৰুৰূপে নলা-নৰ্দমা নিষ্কাষণ কৰাৰ সুযোগ আছিল গুৱাহাটী পৌৰ নিগমৰ। কিন্তু সেই দায়িত্ব পালন কৰাত বিফল হ'ল পৌৰ নিগম। শেষ মুহূৰ্তত নলা নিষ্কাষণৰ ঠিকা দিয়া বহু ঠিকাদাৰক ঠিকাৰ কামৰ চুক্তি বাতিল কৰা হ'ল। দুই এক ঠাইত কেইজনমান জিএমচিৰ কৰ্মচাৰীয়ে নিষ্কাষণৰ কাম কৰিছিল যদিও বহু স্থানত জাৱৰ-জোথৰ তেনেদৰেই পৰি থকা দেখিবলৈ পোৱা গ'ল।

সোমবাৰে বৰষুণৰ পাছত আমি গুৱাহাটীৰ কেইবা স্থানলৈ গৈছিলো। দেখা পাইছিলো কৃত্ৰিম বানৰ ফলত মহানগৰীৰ মুল বাট-পথ ঘন্টাৰ পাছত ঘন্টা ধৰি পানীৰ তলত বুৰ গৈ আছিল। হাতীগাঁওৰ মুল পথটোত এককাঁল ওপৰলৈ পানী হোৱাৰ বাবে সেই পথত বন্ধ হৈ পৰিছিল যান-বাহন চলাচল। সান্ধ্য আইন থকাৰ পাছতো সেই পথত ঘন্টাৰ পাছত ঘন্টা ধৰি যান-জঁটৰ সৃষ্টি হৈছিল।

বেলতলা-লাষ্ট গেট সংযোগী ভৱেন্দ্ৰ নাথ শইকীয়া পথতো একেই অৱস্থা। এই পথো মহানগৰীৰ কৃত্ৰিম বানে বুৰাই পেলোৱা ফলত হাহাকাৰ হৈছিল সেই পথৰে অহা যোৱা কৰা যান-বাহনৰ গৰাকীসকলৰ। প্ৰায়ে দেখা যায় এজাক বৰষুণতেই বুৰ যায় মহানগৰীৰ বহু বাট-পথ। চানমাৰী অঞ্চলত বৰষুণ আহিলেই পানী হোৱাতো সাধাৰণ কথা হৈ পৰিছে।

জু-ৰোড অঞ্চলত কৃত্ৰিম বানে মানুহক তৌবা তৌবা দেখুৱাইছে। তাৰ পাছতো কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাত নাই কোনো গুৱাহাটী পৌৰ নিগমৰ তৎপৰতা। মহানগৰীৰ কৃত্ৰিম বানৰ বাবেই চৰ্চিত হৈ পৰিছিল নবীননগৰ আৰু অনিলনগৰ। কিন্তু এতিয়া কৃত্ৰিম বান নহয় ক'ত? ইয়াৰোপৰি ভূমিস্খলন গুৱাহাটীৰ বাবে আন এক সমস্যা হৈ পৰিছে।

বৰষুণ দিলে গুৱাহাটীত মটৰ নহয় নাও চলোৱাহে উপযুক্ত হৈ পৰে। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ দায়িত্ব লৈ দেৱাশীষ শৰ্মাই তৎপৰতাৰে এই সমস্যা সমূহ সমাধানৰ বাবে চেষ্টা কৰিলেও বগা হাতীত পৰিণত হোৱা এই বিভাগটোৱে কোনো ধৰণৰ কাৰ্যক্ষম আঁচনি গ্ৰহণ কৰিব পৰা নাই। জাৱৰ-জোথৰ নিষ্কাষণৰ ক্ষেত্ৰতো গুৱাহাটী পৌৰ নিগমে ইমান দিনে বিজ্ঞানসন্মতভাৱে কোনো পদক্ষেপ লোৱা দেখা পোৱা নগ'ল।

জাৱৰ ক'ত পেলাব তাৰ এক স্থায়ী স্থান এই পৌৰ নিগমৰ । চন্দ্ৰপুৰ অঞ্চলত জাৱৰ পেলাবৰ বাবে এক স্থান নিৰ্বাচন কৰা হৈছিল যদিও সেই স্থান স্থানীয় লোকৰ প্ৰতিবাদৰ বাবে বাতিল কৰিব লগা হয়। ইয়াৰ পৰিৱৰ্তে দীপৰবিলৰ সমীপত দীৰ্ঘদিন ধৰি জাৱৰ নিষ্কাষণ আৰু জাৱৰ পেলোৱাৰ ডাম্পিং গ্ৰাউণ্ড তৈয়াৰ কৰাক লৈও প্ৰকৃতিপ্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে।

বাৰিষাৰ বতৰত ইয়াতকৈ অধিক সমস্যাৰ সন্মুখীন হ'বলৈ সাজু থকা ভাল গুৱাহাটীবাসী। কোভিডৰ বাবে মহানগৰীত যান-বাহনৰ চলাচলৰ সংখ্যা পূৰ্বৰ তুলনাত কম। পূৰ্ণ পৰ্যায়ত যান-বাহন চলি থাকিলে মহানগৰীৰ অৱস্থা কি হ'ব সেয়া কল্পনাৰো অগোচৰ। যি সময়ত গুৱাহাটীত সৌন্দৰ্য বৰ্ধনৰ নামত শ শ কোটি টকা ব্যয় কৰা হৈছে, সেই সময়ত গুৱাহাটীৰ প্ৰধান সমস্যা কৃত্ৰিম বান নিৰ্মোলৰ বাবে কিয় ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰা নাই সেয়াও এক অবুজ সাঁথৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in