দিল্লী-মুম্বাইতে নহয়, অসমতো আছে ‘গেটৱে’ অৱ আছাম’…

দিল্লী-মুম্বাইতে নহয়, অসমতো আছে ‘গেটৱে’ অৱ আছাম’…

বিভিন্ন দৃষ্টিকোণেৰে, ইতিহাস, পৰ্যটনৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ এখন গেট। কিন্তু আমি নাজানো এই গেটৱে' অৱ আছামৰ বিষয়ে। গুৱাহাটীৰ ক'ত আছে এই গেটৱে' অৱ আছাম? অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।

গুৱাহাটীৰ বহু ঠাই আপুনি চিনি পায়। পৰ্যটনৰ দিশৰ পৰা এই স্থানসমূহলৈ পৰ্যটকক আকৰ্ষণ কৰিবলৈ চৰকাৰেও প্ৰচাৰ চলায়। দিল্লীত আছে গেটৱে' অৱ ইণ্ডিয়া, মুম্বাইতো আছে গেটৱে' অৱ মুম্বাই। কিন্তু অসমতো এনেকুৱা এখন গেট আছে, যিখনক জনা যায় গেটৱে' অৱ আছাম।

গুৱাহাটীৰ মহানগৰীৰ মাজমজিয়াত ব্ৰহ্মপুত্ৰৰ পাৰত এক প্ৰকাৰৰ অনাদৰ হৈ এই গেটৱে' অৱ আছাম পৰি আছে। নাযায় তালৈ কোনো পৰ্যটক, নাই এই গেটৱে' অৱ আছামক লৈ পৰ্যটন বিভাগৰ বিশেষ প্ৰচাৰ।

১৮৭৪চনৰ কথা। ভাৰতৰ প্ৰথমগৰাকী ব্ৰিটিছ ভাইচ ৰয় আছিল ল'ৰ্ড নৰ্থব্ৰুক। ১৮৭৪চনৰ ২৭ আগষ্টত তেওঁ আহিছিল অসম ভ্ৰমণলৈ। তেতিয়া ভাৰতৰ ৰাজধানী আছিল কলকাতা। তাৰ পৰা তেওঁ জাহাজেৰে আহি বৰ্তমানৰ শুক্ৰেশ্বৰ মন্দিৰৰ কাষত জাহাজৰ পৰা নামিছিল।

যি ঠাইত তেওঁ নামিছিল সেই ঠাইতে ব্ৰিটিছ ভাইচ ৰয় গৰাকীক আদৰিবলৈ নিৰ্মাণ কৰা হৈছিল এখন বিশেষ গেট। যিখন ব্ৰিটিছ ভাইচ ৰয় গৰাকীৰ অসম ভ্ৰমণৰ স্মাৰক হিচাপে আজিও থিয় হৈ আছে। সেই গেটখনকে পৰৱৰ্তী সময়ত জনা গৈছিল গেটৱে' অৱ আছাম।

১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি অনুসৰি, মানক খেদাই ব্ৰিটিছে অসমৰ দায়িত্ব লৈছিল। ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰত সামৰি লৈছিল অসমকো। অসমখন তেওঁলোকে বংগ প্ৰছিডেন্সীৰ অংশ কৰিছিল। আৰু গুৱাহাটীত অসম মণ্ডলৰ বাবে নিযুক্তি দিছিল এজন আয়ুক্তক।

পৰৱৰ্তী সময়ত অসমক সুকীয়া প্ৰদেশ ৰূপে ঘোষণা কৰিবলৈ দাবী উঠিছিল। ব্ৰিটিছ চৰকাৰে সেই দাবী অনুসৰি অসমক পৃথক প্ৰদেশ ৰূপে ঘোষণা কৰে। নৰ্থব্ৰুক আছিল ভাৰতৰ প্ৰথমগৰাকী ভাইচৰয়। তেওঁ অসম ভ্ৰমণলৈ প্ৰথমবাৰ আহিছিল ১৮৭৪চনত।

সেই স্মৃতি আৰু ঐতিহাসিক সত্যক এতিয়াও সোঁৱৰাই এই গেটখনে। অসম ভ্ৰমণ কৰিয়েই তেওঁ শ্বিলঙক ৰাজধানী হিচাপে ঠিক কৰি অসমখনক মুখ্য আয়ুক্তৰ প্ৰদেশ ৰূপে তেওঁ ঘোষণা কৰিছিল। ১৯০৫চনত বঙ্গক দ্বিখণ্ডিত কৰা হৈছিল। যাক জনা যায় বঙ্গ-ভংগ ৰূপে।

লৰ্ড কাৰ্জানে বঙ্গক দ্বিখণ্ডিত কৰাৰ পাছত অসম পুনৰ পূব বংগ অংশ বিশেষ হৈ পৰিছিল। ১৯২১ চনত ব্ৰিটিছে অসমক গমনৰ অধীনত এখন প্ৰদেশ ৰূপে ঘোষণা কৰে। অসমৰ সেই বুৰঞ্জী আৰু ব্ৰিটিছ শাসনকালৰ স্মৃতি বিজৰিত এই তোৰণখন কিন্তু এতিয়া একেবাৰে অৱহেলিত।

গেটৱে' অৱ আছাম ব্ৰহ্মপু্ত্ৰৰ পাৰত থিয় হৈ আছে স্মৃতি সুঁৱৰি। যি এলেকাত এই গেটৱে' অৱ আছাম আছে, তাৰ সমীপতে আছে এখন ৰেষ্টুৰেন্ট। সেই ৰেষ্টুৰেন্টলৈ যায় বহু লোক। সেই ৰেষ্টুৰেন্টখনৰ 'অনামিকা' নামটোহে গেটৱে'খন থকাৰ চৌহদৰ আগত বৰ বৰ আখৰেৰে লিখা আছে।

পৰ্যটন বিভাগে ইচ্ছা কৰিলে এই গেটৱে' অৱ আছামক বিশেষভাৱে তুলি ধৰিব পাৰিলে হেঁতেন। কিন্তু বিদেশত অসমৰ পৰ্যটনক লৈ প্ৰচাৰ চলোৱা এই বিভাগটোৱে এইবোৰ দিশত যেন উদাসহীন।সেয়েহে গুৱাহাটীৰ মাজমজিয়াত থকা এই গেটৱে' অৱ আছামৰ বিষয়ে খোদ গুৱাহাটীৰ অধিকাংশ লোকেই অৱগত নহয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in