টকাত একোটা হাতী! লিখিবলৈ আৰু নাই গগনচন্দ্ৰ অধিকাৰী…

টকাত একোটা হাতী! লিখিবলৈ আৰু নাই গগনচন্দ্ৰ অধিকাৰী…

বুধবাৰ অৰ্থাৎ ৩০ চেপ্টেম্বৰ, ২০২০ত শেষ নিশ্বাস ত্যাগ কৰিলে প্রখ্যাত শিশু সাহিত্যিক গগনচন্দ্ৰ অধিকাৰীয়ে। তেওঁৰ মৃত্যু সাহিত্য জগতৰ বাবে এক পুৰণীয় ক্ষতি। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক প্ৰতিবেদন।

বিশিষ্ট সাহিত্যিক গগন চন্দ্ৰ অধিকাৰী আৰু নাই। অসমীয়া ভাষাৰ সুপ্ৰতিষ্ঠিত এইগৰাকী বিশিষ্ট সাহিত্যিকৰ জন্ম হৈছিল ১৯৪১চনৰ ১ জুনত।কামৰূপ জিলাৰ ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত জন্মগ্ৰহণ কৰা গগন চন্দ্ৰ অধিকাৰীয়ে সাহিত্য একাডেমীৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছিল ২০১০চনত।

তেওঁৰ পিতৃৰ নাম আছিল কৰুণা চন্দ্ৰ অধিকাৰী আৰু মাতৃৰ নাম আছিল উদামিনী অধিকাৰী। সৰুৰে পৰাই মেধাৱী আছিল গগন চন্দ্ৰ অধিকাৰী। ছয়গাঁৱৰ চৰকাৰী মজলীয়া স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল গগন চন্দ্ৰ অধিকাৰীয়ে।

সেই সময়ত বিদ্যালয়খনৰ প্রধান শিক্ষকে তেওঁৰ মেধাগুণৰ প্ৰমাণ পায়ে ক শ্ৰেণীত নাম ভৰ্তি কৰাৰ সলনি খ শ্ৰেণীত নাম লগাই দিছিল। ১৯৫৭চনত ছয়গাঁও হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কটন কলেজত নাম ভৰ্তি কৰে।

১৯৬২চনত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল গগন চন্দ্ৰ অধিকাৰীয়ে। তাৰমাজতে চাকৰি আৰু প্ৰাইভেটকৈ ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল তেওঁ। প্রথমে জীৱন বীমা নিগমত কাম কৰা অধিকাৰীয়ে ১৯৬৭চনত বিষয়া ৰূপে যোগদান কৰে। অধিকাৰীয়ে নিয়োগ বিভাগৰ সঞ্চালক ৰূপে যোগ দিয়াৰ পাছত ১৯৯৯চনত অৱসৰ গ্ৰহণ কৰে।

অসম চৰকাৰৰ নিয়োগ বিভাগৰ যুটীয়া সঞ্চালক পদৰ পৰা ১৯৯৯চনৰ ৩১ মে'ত অৱসৰ লৈছিল গগন চন্দ্ৰ অধিকাৰীয়ে। শিশু কালৰ পৰাই সাহিত্য চৰ্চা কৰা গগন চন্দ্ৰ অধিকাৰীৰ প্রথমটো কবিতা মিনতী তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোতেই সাদিনীয়া অসমত প্ৰকাশ পাইছিল।

অসমীয়া সাহিত্যলৈ মূল্যবান বৰঙণি আগবঢ়োৱা গগন চন্দ্ৰ অধিকাৰী আছিল মুলত এগৰাকী শিশু সাহিত্যিক। তেওঁ শিশুৰ বাবে লিখা গ্ৰন্থ সম্ভাৰৰ ভিতৰত ১৯৮১চনত প্ৰকাশিত টকাত একোটা হাতী, ১৯৮৮চনত ৰ'দালি এ, ৰ'দ একন দে, ১৯৯০চনত প্ৰকাশিত কক্ ককৰে-কক্ কেকে-হুৱা, তিনিখন ঠেং হ'ল বুঢ়ী আইতাৰ, টৰ্চ মৰা মহ, আখৰৰ গীত, মাখন মামাৰ সাধু আদি।

এইগৰাকী শিশু সাহিত্যিকৰ মৃত্যুৱে অসমীয়া সাহিত্য জগতত অপুৰণীয় ক্ষতি কৰিলে। ৩০ ছেপ্টেম্বৰ, ২০২০ত মৃত্যুক সাৱটি লোৱা গগন চন্দ্ৰ অধিকাৰী আছিল অত্যন্ত সৰবৰহী আৰু শিশুৰ প্ৰতি আকৰ্ষণেৰে সাহিত্য চৰ্চাত নিৰৱে সাধনা কৰা এজন বিশিষ্ট সাহিত্যিক। তেওঁ ছয়গাওঁ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

গগন চন্দ্ৰ অধিকাৰীয়ে নৱকান্ত বৰুৱাৰ শিশু সাহিত্য সমগ্ৰৰ প্রথম খণ্ডও সম্পাদনা কৰিছিল। ৰাজহুৱা কাম-কাজৰ সৈতে জড়িত অধিকাৰী অসম সাহিত্য সভাৰ সভাপতি সাধাৰণ সম্পাদক আছিল। ১৯৮৪ৰ পৰা ১৯৮৬লৈকে তেওঁ এই দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও গুৱাহাটী নাইট জুনিয়ৰ কলেজৰ প্ৰতিষ্ঠাপক সভাপতি, শিশু আলোচনী মুকুতাৰ উপদেষ্টা, অভিমত নামৰ সাপ্তাহিক কাকতখনৰ শিশু পৃষ্ঠাৰ দায়িত্ব, গুৱাহাটী সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি আৰু ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তদুপৰি, 'সাদিন'ৰ শিশু সাহিত্য পৃষ্ঠাৰো নিয়মীয়া লিখক আছিল গগনচন্দ্ৰ অধিকাৰী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in