কলাক্ষেত্ৰৰ গণ শিল্পী খগেন মহন্তৰ সমাধিক্ষেত্ৰৰ কাষত কোভিড কেয়াৰ চেন্টাৰ…

কলাক্ষেত্ৰৰ গণ শিল্পী খগেন মহন্তৰ সমাধিক্ষেত্ৰৰ কাষত কোভিড কেয়াৰ চেন্টাৰ…

অসম আন্দোলনৰ ফলশ্ৰুতিত অসমৰ ৰাইজে লাভ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। সংস্কৃতি আৰু গুৰুজনাৰ জীৱন-দৰ্শণ, আদৰ্শ, সাম্যবাদ, জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতিক তুলি ধৰাৰ এই কলাক্ষেত্ৰখন অসমীয়া সমাজ জীৱনৰ এক প্ৰতিফলন। কোৰোনাৰ সৃষ্টৰ পৰিৱেশৰ মাজত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কলাক্ষেত্ৰত এতিয়া পুনৰ তৎপৰতা। কাৰণ তাত এখন হ'ব কোভিড কেয়াৰ চেন্টাৰ। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন।

কোৰোনাৰ প্ৰতিৰোধৰ বাবে চৰকাৰে ইটোৰ পাছত সিটো সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্মাণ কৰা হৈছে নতুন নতুন কোভিড কেয়াৰ চেন্টাৰ। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এনে সিদ্ধান্ত লৈছে বুলি সকলো আশ্বস্ত হৈছে।

ৰাজ্যৰ পৰিস্থিতি আজি ইমানেই বেয়া নেকি যে কলা-সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ তথা গুৰুজনাৰ নামত অসম আন্দোলনৰ ফলশ্ৰুতিত লাভ কৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কোভিড কেয়াৰ চেন্টাৰ স্থাপন কৰিব লগা হ'ল। ইয়াৰ বিকল্প নাছিল নেকি চৰকাৰৰ হাতত।

কলাক্ষেত্ৰত কোভিড কেয়াৰ চেন্টাৰ

গুৱাহাটী মহানগৰীত কোভিড কেয়াৰ চেন্টাৰ স্থাপন কৰিব পৰা বহু স্থায়ী আন্তঃগাঠনি আছিল। কইনাধৰা পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ থকা অতিথি শালাটো, বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয় বা প্ৰতিষ্ঠানৰ হোষ্টেল, স্কুল-বিদ্যালয় বা চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৰকাৰী গৃহ থকাৰ পাছতো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কোভিড কেয়াৰ চেন্টাৰ নিৰ্মাণৰ খবৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

এইদৰে কলাক্ষেত্ৰত চলি আছে অস্থায়ী কোভিড কেয়াৰ চেন্টাৰ নিৰ্মাণৰ কাম

দুশ ফুট দৈৰ্ঘ্য আৰু এশ ফুট প্ৰস্থৰ এই অস্থায়ী কোভিড কেয়াৰ চেন্টাৰ নিৰ্মাণৰ কাম যোৱা চাৰিদিনৰ পৰা চলি আছে। দুই এদিনতে সম্পূৰ্ণ হৈ উঠিব শতাধিক লোক ৰখাব পৰা এই কোভিড কেয়াৰ চেন্টাৰটো।

গণশিল্পী খগেন মহন্তৰ সমাধি ক্ষেত্ৰৰ পৰা চাৰি-পাঁচ ফুট আঁতৰত নিৰ্মাণ কৰা এই কোভিড কেয়াৰ চেন্টাৰ দেখিলে আপোনাৰো চকু কপালত উঠিব। হাবি-বনেৰে আৱৰা এক স্থানত সম্পূৰ্ণ অস্বাস্থ্যকৰভাৱে সাজু কৰা হৈছে খৰ-খেদাকৈ এই চেন্টাৰটো।

দুদিনৰ পাছত হ'ব মুকলি

চৌপাশে হাবি-জংঘল আৰু সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিৱেশত এই কোভিড কেয়াৰ চেন্টাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত খগেন মহন্ত সমাধিক্ষেত্ৰৰ কাষত নিৰ্মাণত ব্যস্ত আছে ৪০-৫০ জন বনুৱা। এই বনুৱা সকলে জানিবলৈ দিয়া মতে দুদিনৰ ভিতৰত তেওঁলোকক কোভিড কেয়াৰ চেন্টাৰটো নিৰ্মাণ কৰা নিৰ্দেশ দিয়া হৈছে।

খগেন মহন্তৰ সমাধি ক্ষেত্ৰত কোভিড কেয়াৰ চেন্টাৰ

কোভিড কেয়াৰ চেন্টাৰ নিৰ্মাণ কৰা সমীপৱৰ্তী স্থানত পৰিৱেশ দেখিলেও চকু কঁপালত উঠিব। ভৱেন্দ্ৰ নাথ শইকীয়াৰ দৰে লোকৰ ছত্ৰছায়াত ৰত্ন ওজাৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ যত্নত বাহিৰৰ পৰা অহা পৰ্যটকসকলৰ দৃষ্টিত এক সৰ্বাংগ সুন্দৰ পৰ্যটক স্থান ৰূপে আৰু গুৰুজনাৰ নাম জড়িত হৈ থকা এই কলাক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ বিশেষ গুৰুত্ব দিয়া হয়।

কিন্তু এই অস্থায়ী কোভিড কেয়াৰ চেন্টাৰ নিৰ্মাণ স্থলীত এতিয়া হৈ পৰিছে এক কদৰ্যময় পৰিৱেশ। মাধৱ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ষ্টেপতে তামোল-শিখৰৰ পিক , পানীৰ বটল আদিৰে কদৰ্যময় হৈ পৰিছে।

কলাক্ষেত্ৰত এতিয়া এনে কদৰ্যময় পৰিৱেশ…

কেৱল সেয়াই নহয়, শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ চৌহদত খালী পানী বটল, খাদ্য খোৱা ডিছপ'জিপল থাল-বাতিৰে ভৰি আছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তৰ বিৰুদ্ধে মুখ খুলি কোনোৱে নকলেও কলাক্ষেত্ৰৰে সচেতন লোকসকলে সেইবোৰ দেখিও নেদেখা ভাও ধৰিব লগা হৈছে। কিয়নো স্বাস্থ্য মন্ত্ৰীৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব নোৱাৰে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৰুজনাৰ নামত থকা প্ৰেক্ষাগৃহৰ সন্মুখত জাৱৰৰ দ'ম…

কোভিড কেয়াৰ চেন্টাৰ নিৰ্মাণৰ নামতে এনে কদৰ্যময় পৰিৱেশ সৃষ্টি হোৱাৰ পাছত এই কোভিড চেন্টাৰটো কাৰ্যক্ষম হ'লে ইয়াত কি পৰিৱেশে বিৰাজ কৰিব তাৰ অনুমান পাইছে ওচৰ চুবুৰীয়া ৰাইজে। স্থানীয় লোকৰ প্ৰতিক্ৰিয়া- কোভিড কেয়াৰ চেন্টাৰ স্থাপন কৰিবলৈ আৰু বহু স্থান আছিল। স্বাস্থ্য মন্ত্ৰীয়ে কলাক্ষেত্ৰত কোভিড চেন্টাৰ স্থাপনৰ এনে অদূৰদৰ্শী সিদ্ধান্ত লৈ গুৰুজনাকে অপমান কৰিলে।

ইফালে, এই সন্দৰ্ভত ৰাজ্যৰ ভালে মান দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে এই সন্দৰ্ভত কয়- 'স্বাস্থ্য বিভাগৰ উন্নয়ণৰ ঢাক ঢোল বজোৱাৰ যি খন ছবি সেয়া উন্মোচিত হৈছে। কাৰণ শ্ৰীমন্ত কলাক্ষেত্ৰত কোভিড চেন্টাৰ বনাব লগা হোৱা কথাটো অতিকে দুৰ্ভাগ্যজনক কথা। তেওঁলোকে কোৰোনাৰ নামত হাস্পতাল বনোৱাৰ কথা কৈছিল আৰু তাৰ বাবে মানুহৰ পৰা টকাও সংগ্ৰহ কৰিছিল। এই কথাকেইটা কেৱল তেওঁলোকে মাথো জনতাক আভোৱা ভাৰিবলৈহে ঘোষণা কৰিছিল। সেয়া ইতিমধ্যে প্ৰমাণ হৈছে। কলাক্ষেত্ৰত দৰে অনুষ্ঠানত কোভিড চেন্টাৰ গঢ়ি তোলাৰ সলনি স্বাস্থ্য বিভাগে অন্য ঠাই বাছনি কৰি লওঁক। কোভিড চেন্টাৰৰ বাবে কলাক্ষেত্ৰ বাছনি কৰাটো দুৰ্ভাগ্যজনক।'

বিষয়টো সন্দৰ্ভত আমি আওআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীৰ সৈতেও যোগাযোগ কৰিছিলো। ইয়াৰ উপৰিও বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা, কেইবাজনো অভিনেতা অভিনেত্ৰী আৰু সাংস্কৃতিক ক্ষেত্ৰৰ পুৰুধাৰ ব্যক্তিৰ সৈতে যোগাযোগ কৰাত এই সন্দৰ্ভত তেওঁলোকে সবিশেষ গম পোৱা নাই বুলি উল্লেখ কৰি যদি তেনে হৈছে সেয়া দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

ৰাইজৰো প্ৰতিক্ৰিয়া- কলাক্ষেত্ৰত কোভিড কেয়াৰ চেন্টাৰ কিয়?

ইফালে, লিখক-সমালোচক ইছমাইল হোছেইনে কলাক্ষেত্ৰত কোভিড কেয়াৰ চেন্টাৰ স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্তৰে কয়- 'কলাক্ষেত্ৰত কোভিড চেন্টাৰ খুলিব খোজা কথাটো এটা অসাংস্কৃতিক চিন্তা বুলি ভাৱো। যি কলাক্ষেত্ৰত আমি অসমীয়া সংস্কৃতিৰ ভূ-স্বৰ্গ বুলি কওঁ, য'ত আমি অসমীয়া জাতিৰ প্ৰাণ বিচাৰি পাওঁ, তাত কোভিড চেন্টাৰ খুলি অন্য এটা আতংকৰ সৃষ্টি কৰাৰ প্ৰয়োজন নাই। কোভিড চেন্টাৰৰ কাৰণে অনেক ঠাই আছে। অনেক স্কুল, কলেজ খালী হৈ আছে। যিহেতু ৩১ আগষ্টলৈকে স্কুল-কলেজ বন্ধ, সেইবোৰত খুলিব পাৰে। ইমানবোৰ হোটেল আছে তাত খুলিব পাৰে। ইমানবোৰ ৰাজহুৱা ভৱন আছে তাত খুলিব পাৰে। কলাক্ষেত্ৰত কোভিড চেন্টাৰ খোলাটো মই কোনোপধ্যেই সমৰ্থন কৰিব নোৱাৰো।'

কোভিড কেয়াৰ চেন্টাৰ স্থাপন কৰাত আপত্তি নাই। কিন্তু কলাক্ষেত্ৰৰ সলনি আন বহু সুচল ঠাই থকাৰ পাছতো কলাক্ষেত্ৰক কিয় নিৰ্বাচন কৰা হ'ল তাক লৈহে এতিয়া প্রশ্ন উঠিছে। কিয়নো কোভিড চেন্টাৰ স্থাপনৰ নামতে কলাক্ষেত্ৰত এনে পৰিৱেশ সৃষ্টি কৰা হৈছে যে গুৰুজনাৰ প্ৰতি চৰম অপমান সদৃশ হৈ পৰিছে।

কি পৰিৱেশত স্থাপন কৰা হৈছে কোভিড কেয়াৰ চেন্টাৰ…

খগেন মহন্তৰ সমাধিক্ষেত্ৰৰ লগতে স্থাপন কৰা এই কোভিড কেয়াৰ চেন্টাৰক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াই হয়তো স্বাস্থ্য মন্ত্ৰীক চুব পৰা নাই। অযুক্তিকৰ যুক্তিৰে তেওঁ এই কোভিড কেয়াৰ চেন্টাৰৰ স্থাপনৰ সপক্ষে মত দিব। কিন্তু ৰাইজৰ প্রশ্ন- আজি কলাক্ষেত্ৰত, কাইলৈ বৰপেটা সত্ৰ বা বটদ্ৰৱা সত্ৰতো স্থাপন কৰিব নেকি স্বাস্থ্য মন্ত্ৰীয়ে কোভিড কেয়াৰ চেন্টাৰ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in