চেলিব্ৰেটীৰ দুখত দুখী চৰকাৰ! মৃৎ শিল্পী-লোক শিল্পীৰ চকুলোক অনাদৰ কিয়…

চেলিব্ৰেটীৰ দুখত দুখী চৰকাৰ! মৃৎ শিল্পী-লোক শিল্পীৰ চকুলোক অনাদৰ কিয়…

পূজা আহিল, কিন্তু ভাল খবৰ নাহিল এইসকল শিল্পীৰ বাবেহে। ৰাজ্যত কোভিড প্ৰট'ক'লৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে। কিন্তু এওঁলোকক এনে শিথিলতাই সঁকাহ দিব পৰা নাই। যোৱা ৮ মাহে নাই উপাৰ্জন। ভাত এমুঁঠিৰ বাবেও চিন্তাত পৰিছে একাংশ শিল্পী। লগতে ৰাজ্যৰ কলা-সংস্কৃতিৰ ওপৰতো পৰিছে ইয়াৰ প্ৰভাৱ। মৃৎ শিল্পী-ওজাপালি শিল্পী-ঢুলীয়া-ভাৱৰীয়া, দিহা নাম, নাগৰা নামৰ দলৰ সৰু সৰু মানুহবোৰেই বৰ বৰ উৎসৱ, ডাঙৰ ডাঙৰ শিল্পী তৈয়াৰ কৰে। কিন্তু আজিৰ দুঃদিনত তেওঁলোকৰ খবৰ লওঁতা কোনো নাই। সেয়ে সেই সকলৰ মনৰ ভাব বুজিবলৈ কাষ চাপিছিলো এনে বহু শিল্পী-কাৰিকৰৰ। চৰকাৰৰ প্ৰতিও আছে তেওঁলোকৰ ক্ষোভ। তাৰে আধাৰত শশাংক-চিন্ময়ৰ সহযোগত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ হৈ ডিম্পুল বৰগোঁহাইয়ে যুগুটোৱা এই বিশেষ প্ৰতিবেদন।

বৰ্তমান পূজাৰ বতৰ। কিন্তু কোৰোনা মহামাৰীয়ে এই পূজাৰ উৎসাহ-উদ্দীপনা সকলো ম্লান কৰি পেলাইছে। এই ভাইৰাছৰ প্ৰভাৱ সকলো ক্ষেত্ৰৰে জড়িত লোকৰ ওপৰত পৰিছে। মৃৎ শিল্পীসকলৰ বছৰটোৰ উপাৰ্জনৰ সময় এই পূজা, ৰাস, দিপাৱলীৰ সময়তে। কিন্তু এইবাৰ পূজাত তেওঁলোকে নোৱাৰিলে পূৰ্বৰ দৰে উপাৰ্জন কৰিবলৈ।

এনে পৰিস্থিতি সৃষ্টি হৈছে কোৰোনা মাহমাৰীৰ ফলত। কোৰোনাৰ বাবে এইবাৰ ৰাজ্যৰ প্ৰায়বোৰ পূজা মণ্ডপতে আপুনি দেখিবলৈ নাপাব মা দুৰ্গাৰ প্ৰতিমূৰ্তি। একো একোখন ফ্লেক্স আঁৰি এইবাৰ পূজা আয়োজক কমিটীয়ে আয়োজন কৰিব লগা হৈছে দুৰ্গা পূজা। পূৰ্বে যদি পূজাৰ বাবে একো একোজন মৃৎ শিল্পীসকলে ১৫-২০টা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল, এইবাৰ পিছে ২-৩টা সৰু আকাৰৰ দুৰ্গা মাৰ প্ৰতিমূৰ্তিহে নিৰ্মাণ কৰিছে।

এই ক'লা ডাৱৰৰ নামি আহিছে কোভিড-১৯ৰ বাবে। চৰকাৰে এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি যাতে নাপায়, তাৰ বাবে বহু নীতি নিয়ম জাৰি কৰিছে। লগতে প্ৰতিটো দুৰ্গা পূজাৰ পেণ্ডেলত কেৱল ১০-১৫ জন লোকহে এটা সময়ত উপস্থিত থাকিব পাৰিব বুলি নিৰ্দেশ প্ৰদান কৰিছে। আনহাতে, বৰষুণৰো প্ৰভাৱ পৰিছে এইবাৰৰ পূজাত।

বিগত বছৰত প্ৰতিখন পূজা মণ্ডপতো হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয়। কিন্তু এইবাৰ সেই পৰিৱেশ নাই। আঙুলিৰ আগত গণিব পৰাকৈ প্ৰায়বোৰ পূজা মণ্ডপতে মানুহৰ শাৰী দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰে ক'বলৈ গ'লে এইবাৰৰ পূজাৰ বাবে নাই ৰাজ্যবাসীৰ মনত উৎসাহ। যাৰ প্ৰত্যক্ষ প্ৰভাৱ এই মৃৎ শিল্পীসকলৰ ওপৰত পৰিছে। যাৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈছে তেওঁলোক।

এই সমস্যাসমূহৰ বিষয়ে তথা তেওঁলোকৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ নলবাৰীৰ সাংবাদিক সুশাংক শৰ্মাৰ সহযোগিতাত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক উপস্থিত হৈছিল নলবাৰীত। নলবাৰীত উপস্থিত হৈ এজন স্থানীয় মৃৎ শিল্পীক কৰা হৈছিল কিছু প্ৰশ্নৰ যাৰ উত্তৰত তেওঁ কয়- অৰ্থনৈতিকভাৱে বহু বেয়া পৰিস্থিতি হৈছে। কোভিডৰ বাবে পূৰ্বৰ দৰে উৎসাহ নাই ৰাইজৰ মাজত।

শিল্পীগৰাকীয়ে লগতে জনাই যে, প্ৰতিবছৰে তেওঁ নলবাৰীত ১০টা আৰু গুৱাহাটীৰ পূজা মণ্ডপৰ বাবে ৫টাকৈ দুৰ্গা মাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰে। কিন্তু কোৰোনাৰ বাবে এইবাৰ মাত্ৰ ৩ টাহে সৰু মূৰ্তি বনাইছে তেওঁ। ইয়াৰোপৰি তেওঁ জনাই যে, কামৰ অভাৱত দুই এজন মৃৎ শিল্পীয়ে সলনি কৰিব লগা হৈছে নিজৰ পেছা। টকাৰ অভাৱত দুই-এজন শিল্পীয়ে হাজিৰা, মিস্ত্ৰী আদি কামৰ সৈতে জড়িত হ'ব লগা হৈছে। তেওঁলোকক চৰকাৰে সহায আগবঢ়ালেহে এই শিল্প কলা জীয়াই থাকিব পাৰিব বুলি আহ্বান জনায়।

কেৱল মৃৎ শিল্পীসকলেই নহয়, ওজাপালিসকলৰো একেই অৱস্থা। উল্লেখ্য যে, নৃত্য-গীতৰ দ্বাৰা ওজাই দিহা, ৰাগ আদি লগাই দিয়া আৰু পালিসকলে সহযোগ কৰা এই অৰ্ধ নাটকীয় পৰিবেশ্য কলাৰ ওপৰতো কুপ্ৰভাৱ পৰিছে এই মহামাৰীৰ। ইফালে, ঢোলীয়া সংস্কৃতিৰে জড়িত আন এজন শিল্পীয়ে অতি দুখৰে জনাই যে, লকডাউন আৰম্ভ কৰাৰে পৰা বৰ্তমানলৈ তেওঁৰ নাই কোনো উপাৰ্জন। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ আগত তেওঁ কয় যে জনপ্ৰতিনিধি অথবা চৰকাৰৰ তৰফৰ পৰা তেওঁ লাভ কৰা নাই কোনো সাহায্য।

তেওঁ লগতে কয়- 'চৰকাৰে কোনো ব্যৱস্থা কৰি দিয়া নাই। মই খাবলৈ নোপোৱা হৈছো।' লকডাউনৰ সময়ত প্ৰায় ডেৰ-দুই লাভ টকা উপাৰ্জন কৰাৰ পৰা বঞ্চিত হ'ল বুলি জনাই শিল্পীগৰাকীয়ে। কেৱল এয়াই নহয়, নাম গোৱা নামতী সকলেও কৰিছে চৰকাৰক অনুৰোধ যে, তেওঁলোকৰ বাবে চৰকাৰে কিবা এটা কৰক।

উল্লেখ্য যে, লাহে লাহে দেশ তথা ৰাজ্যত চৰকাৰে বহু শিথিলতা প্ৰদান কৰিছে। বহু অনুষ্ঠান-প্ৰতিষ্ঠান খোলা হৈছে যদিও শিল্পীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰা যেন বোধ হয়। কিয়নো শিল্পীসকলৰ কেৱল ক্ষোভ আৰু দুখ-দুৰ্দশাহে দেখা পোৱা গৈছে বৰ্তমান সময়ত।

চৰকাৰে শিল্পীসকলৰ বাবেও বহু আঁচনি তথা সাহায্য আগবঢ়াইছে যদিও, বহুজনে এতিয়াও পোৱা নাই কোনো সুবিধা। যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে তেওঁলোকৰ। ইফালে, ওজাপালি এগৰাকীয়ে এই সন্দৰ্ভত কয় যে- ৮ মাহ হ'ল কাম নকৰাৰ। গতিকে আটাইবিলাক শিল্পীৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে। কিন্তু চৰকাৰে ঘোষণা কৰিলে যে ৩ মাহ ২ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। কিন্তু দুখীয়া পৰিয়ালসকলে তাৰ বাবেও অনলাইন ব্যৱস্থা তথা মণ্ডল অফিচলৈ গ'লেও ৪০০ টকা খৰচ কৰিব লগীয়া হৈছে। তাৰপাছতো চৰকাৰৰ সাহায্য আজিলৈ লাভ কৰা নাই। সেয়েহে অনুৰোধ যাতে শিল্পীসকলৰ বাবে কিবা সাহায্যৰ ব্যৱস্থা কৰে।

এয়া ৰাজ্যৰ কেইজনমান শিল্পীৰ দুৰাৱস্থাহে প্ৰকাশ পাইছে। ইয়াৰ উপৰিও আৰু বহু শিল্পী আছে যিয়ে ৰাজ্যৰ কলা-সংস্কৃতিক ৰক্ষা কৰাৰ বাবে প্ৰতিদিনাই সংঘৰ্ষ কৰিছে। কিন্তু ভাত এমুঠিৰ বাবে খাইছে তেওঁলোকে হাবাথুৰি। বহু এনে শিল্পী আছে যিসকলে কোনো চৰকাৰী সাহায্যও লাভ কৰা নাই।

কোৰোনা মহামাৰীৰ এই সময়চোৱাত পূজা উদযাপনৰ বাবে অনুমতি প্ৰদান কৰিলে চৰকাৰে। লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠান খোলাৰো দিলে অনুমতি। ৰাজ্যবাসীয়ে বুজি পাই যে, এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ বা সংক্ৰমণ যাতে বৃদ্ধি নাপায় তাৰ বাবে সকলোৱে কোভিডৰ বাবে বান্ধি দিয়া নীতি-নিয়ম মানি চলাতো অতিকৈ প্ৰয়োজন। কিন্তু চৰকাৰেও বুজিব লাগিব যে, এই সংকটৰ সময়তো যদি শিল্পীসকলৰ বাবে ব্যৱস্থা লোৱা নহয়, তেন্তে ধ্বংস হ'ব ৰাজ্যৰ কলা-সংস্কৃতি। যাতে তেওঁলোকৰ সৈতে অসমৰ কলা-সংস্কৃতিও জীয়াই থাকিব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in