চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি…

চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি…

চন্দ্ৰপুৰৰ তাতীমৰা পাহাৰত থকা পানী যোগান আঁচনি আজিও কাৰ্যক্ষম হৈ নুঠিল।ব্যয় হ'ল ৩৬৬ কোটি টকা। কিন্তু ৰাইজেহে নাপালে পানী। কি অৱস্থাত আছে এই পানী যোগান আঁচনি? অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ প্ৰতিবেদন।

সকলোৰে বাবে নিৰ্মল আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে কোটি কোটি ব্যয়ৰে বিভিন্ন আঁচনি ঘোষণা কৰা হ'ল যদিও এই আঁচনিসমূহৰ সফল ৰূূপায়ন নহয়। তাৰ আন এক উদাহৰণ মহানগৰীৰ উপকন্ঠ চন্দ্ৰপুৰৰ তাতীমাৰাত থকা সংযুক্ত পানী যোগান আঁচনি। চন্দ্ৰপুৰ আৰু ডিমৰীয়া উন্নয়ন খণ্ডৰ অধীনত প্ৰায় ৪২ হাজাৰ পৰিয়ালক খোৱাপানী যোগানৰ বাবে এই আঁচনি ঘোষণা কৰা হৈছিল।

২০১৪চনত ২৫৬ কোটি টকাৰ মূল্যৰ এই আঁচনি ঘোষণা কৰা হ'ল যদিও আঁচনি ৰূপায়নৰ বাবে এতিয়ালৈকে ৩৬৬ কোটিৰো অধিক ধন ব্যয় কৰাৰ পাছতো এই পানী যোগান আঁচনিৰ কাম মাত্ৰ ৫০ শতাংশহে সম্পূৰ্ণ হৈছে। উল্লেখযোগ্য যে, বোন্দা, বীৰকুছি, নিজপানপাৰী, খেতুগাঁও, চাকলিপাৰ, নামগাঁও, জ্যোতিনগৰ, অমৰাপথাৰকে ধৰি প্ৰথমে ৩৪০৭২টা পৰিয়াললৈ পানী যোগান ধৰাৰ বাবে এই আঁচনি ৰূপায়নৰ লক্ষ্য লোৱা হৈছিল।

পৰৱৰ্তী সময়ত এই আঁচনিয়ে ৪২ হাজাৰ পৰিয়ালক সামৰি ল'ব বুলি ঘোষণা কৰা হৈছিল যদিও, এতিয়ালৈকে আঁচনিৰ কাম সম্পূৰ্ণ নোহোৱাত সেই অঞ্চলত থকা পূৰ্বৰ পানী যোগান আঁচনি বন্ধ কৰি দিয়াত এতিয়া অঞ্চলটোত পৰিয়ালসমূহে পানীৰ বাবে হাঁহাকাৰ কৰিবলগীয়া হৈছে। উল্লেখ্য যে, চন্দ্ৰপুৰ আৰু ডিমৰীয়া খণ্ড উন্নয়ন এলেকাৰ অন্তৰ্গত এই পৰিয়ালসমূহেও পানী যোগানৰ বাবে কেতিয়াবাই ধন আঁচনিৰ নামত দিছিল।

প্ৰকল্পৰ বাবে প্ৰস্তুত কৰা কেমিকেল এনালাইছিছ ৰিপৰ্ট…

মন কৰিবলগীয়া যে, বিশ্ব বেংকৰ ৫০ শতাংশ এমআৰডিডব্লিউপিৰ ৪৫ শতাংশ, ৰাজ্য চৰকাৰৰ ৪ শতাংশ আৰু কমিউনিটী কন্ট্ৰীবিউশ্বন ১ শতাংশৰ জৰিয়তে এই কোটি টকীয়া আঁচনিখন ৰূপায়ন কৰাৰ লক্ষ্য লৈছিল। সেই অনুসৰি পানী যোগান লাভ কৰিবলগা সাধাৰণ শ্ৰেণীৰ অন্তৰ্ভুক্ত পৰিয়ালে ৪৫০ টকা আৰু জনজাতীয় তথা অনসূচীত জাতি অন্তৰ্গত পৰিয়ালে কমিউনিটী কন্ট্ৰিবিউশ্বনৰ আধাৰত ২২৫টকাকৈ আঁচনি ৰূপায়নৰ বাবে অৰিহনা আগবঢ়াইছিল।

২০১৬চনলৈকে ৬০ শতাংশ পৰিয়ালে ক্ৰমে ৪৫০ আৰু ২২৫ টকাকৈ আদায় দিলে যদিও পানী যোগানহে লাভ নকৰিলে। আঁচনিত উল্লেখ থকা অনুসৰি, ডিমৰীয়া ব্লকত আৰু মঠঘৰীয়াত ৰিজাৰ্ভাৰ বনোৱাৰ কথা আছিল যদিও এতিয়ালৈকে ৰিজাৰ্ভাৰ নিৰ্মানৰ কোনো কামেই আৰম্ভ নহ'ল। ডিমৰীয়াত ৰিজাৰ্ভাৰ নিৰ্মানৰ বাবে গমাৰীয়া পাহাৰত কিছু কাম আৰম্ভ হৈছিল যদিও সেই সম্পূৰ্ণ হৈ নুঠিল।

চন্দ্ৰপুৰৰ তাতীমাৰা পাহাৰত জনজল আঁচনিৰ অধীনত নিৰ্মান কৰা এই পানী যোগান আঁচনিৰ অধীনত অচিৰেই পানী যোগান ধৰিবলৈ স্থানীয় লোকসকলে দাবী জনাই আহিছে। কামৰূপ মহানগৰ উপায়ুক্তই আঁচনিৰ শেহতীয়া স্থিতি পৰিদৰ্শন কৰি কম দিনৰ ভিতৰতে পানী যোগান ধৰা হ'ব বুলি ক'লেও কাৰ্যত তেনে কোনো সম্ভাৱনাই দেখা পোৱা হোৱা নাই।

১KL লিটাৰত কিমান ব্যয়

স্থানীয় ৰাইজৰ প্ৰতিবাদৰ অন্তত অন্য এখন আঁচনিৰ পৰা ২০০০ পৰিয়াললৈ পানী যোগান ধৰিয়েই এতিয়া এই তাতীমাৰাত থকা বহুমুখী পানী যোগান আঁচনিয়ে দায়িত্ব সামৰিছে। আনহে নালাগে এই পানী যোগান আঁচনিৰ কাম-কাজ চোৱাচিতা কৰিবলৈও নাই কোনো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা। চন্দ্ৰপুৰৰ তাতীমাৰাত থকা এই পানীযোগান আঁচনিৰ মূল চৌহদত তিনিটাকৈ ৰিজাৰ্ভাৰ আছে। তাৰে এটাত সংগ্ৰহৃত পানীৰ বিশুদ্ধকৰণৰ বাবে সংগ্ৰহ আন এটা বিশুদ্ধিকৰণ আৰু আন এটাত বিশুদ্ধপানী সংগ্ৰহ কৰা হয়।

বৰ্তমান তাতীমাৰা পাহাৰৰ এই পানী যোগান আঁচনিত গৰু-ম'হৰ আশ্ৰয়স্থলীলৈ পৰিণত হৈছে। কোনো কাৰিকৰী অভিজ্ঞতা নথকাৰ বিপৰীতে দুজন মাত্ৰ কৰ্মচাৰীৰ জৰিয়তে নামত এই পানী যোগান আঁচনিৰ কাম-কাজ চলি থকা বুলি জানিব পৰা গৈছে। অসম আৰ্হি এটা ঘৰত দুজন কৰ্মচাৰী আৰু এজন লেব'ৰেটৰী এছিছটেন্টেৰে এই পানী যোগান আঁচনিৰ নামত ভেকোভাওনা চলাই গৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগে।

উল্লেখ্য যে, এই আঁচনি ৰূপায়নৰ বাবে ঠিকা লাভ কৰিছিল শিৱম (জিডিচিএল) নামৰ এটা প্ৰতিষ্ঠানে। ২০২১চনত এই পানী যোগান আঁচনি সম্পূৰ্ণ হোৱাৰ কথা আছিল। আঁচনি ৰূপায়নৰ বাবে বিশ্ব বেংকে সিংহভাগ ধন প্ৰদান কৰিছিল। উল্লেখযোগ্য যে, আইৰণ আৰু ফ্ল'ৰাইডযুক্ত পানী থকাৰ বাবে এই আঁচনি সঠিক সময়ত ৰূপায়ন কৰাতো অতি প্ৰয়োজনীয় আছিল।

আঁচনিয়ে সামৰি লোৱা গাঁওসমূহৰ একাংশ

২০১৫চনৰ পৰা ২০৪৫চনলৈকে কাৰ্যক্ষম কৰাৰ বাবে এই পানী যোগান আঁচনি ৰূপায়ন কৰাৰ কথা আছিল। আঁচনিত লক্ষ্য লোৱা হৈছিল যে ১০ বছৰৰ ভিতৰতে এই আঁচনিৰ অধীনত ৬৩৭৩৯ টা পৰিয়ালক সামৰি ল'ব। কিন্তু সেই লক্ষ্য বাদেই এই আঁচনি আৰম্ভই কৰিব নোৱাৰিলে। এই আঁচনিৰ অধীনত চন্দ্ৰপুৰ ব্ল'কৰ চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ অধীনত তাতীমাৰা, ২ নং চন্দ্ৰপুৰ, চন্দ্ৰপুৰ, ২ নং মিছামাৰী, মিছামাৰী, ঠাকুৰকুছি, ২ নং ঠাকুৰকুছি, বৰ চাপৰি, নিচ পানবাৰী, ২ নং নিচপানবাৰী, চন্দ্ৰপুৰ বাগিচা, পানীখাইতি গাঁও পঞ্চায়তৰ অধীনত, হাজোবৰী, ২ নং হাজোবৰী, পানী খাইতি, ২ নং পানীখাইতি, বোন্দা, ২ নং বোন্দা, খাৰঘূলি, ২ নং খাৰঘূলি, টিনটুকুৰা, বীৰকুছি, খানকাৰ, হাজোবৰী, আমচিং গাঁও পঞ্চায়তৰ অধীনত কলিতাকুছি, আমচিং, বজৰন, পশ্চিম মায়ং পঞ্চায়তৰ অধীনত হাজলিচকী, গৰুবান্ধা, গোভালী, কামপূৰ পাহাৰ, ধৰ্মকোন্দা, হাতীবাগাৰা, ঢিকুজিপথাৰ, ঢিকুজিপাম, কমদপুৰ, ধৰ্মকোন্দা ১ নং, গোৱৰধন পাহাৰ আদি অঞ্চল সামৰি লোৱা কথা আছিল।

প্ৰকল্পৰ সবিশেষ…

এই পানী যোগান আঁচনিৰ ক্ষমতা আছিল ৫.০০ MLD। এই আঁচনিৰ প্লান্ট ২০ ঘন্টা ধৰি কাৰ্যক্ষম হৈ থকাৰ কথা আছিল। প্ৰতি ঘন্টাত পানী বিশুদ্ধিকৰণৰ হাৰ আছিল ২৫০.০ Cu.M.। এই আঁচনিৰ অধীনত ১ KL পানী বিশুদ্ধিকৰণৰ নামত ৮.৮৭ টকা ব্যয় হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছিল। ব্ৰহ্মপুত্ৰৰ পৰা আহৰণ কৰা পানী বিশুদ্ধিকৰণৰ সময়ত সেই পানীত TH 6.2, NTU 16.2, TDS (miligram/Litter) 238.0, কেলচিয়াম ২৫.০ (মিলিগ্ৰাম প্ৰতি লিটাৰত), আইৰণ ০.১৫, ফ্লৰাইড ০.০৭ আছিল বুলি উল্লেখ কৰা হৈছে।

পানীৰ নমুনাৰ পৰীক্ষাৰ প্ৰতিবেদন…

ব্ৰহ্মপুত্ৰৰ পানীৰ নমুনা এই আঁচনি ৰূপায়নৰ বাবে ১৭-৩-২০১৩ত পৰীক্ষা কৰা হৈছিল। এই আঁচনিৰ অধীনত ট্ৰিটমেন্ট প্লেন্ট তাতীমাৰী পাহাৰ আৰু এলেভেটেড ছাৰ্ভিচ ৰিজাৰ্ভাৰ ক্ৰমে বীৰকুছি, বোন্দা, ঠাকুৰকুছি, মিছামাৰী, কাজলিচকী, কমধপুৰ আদিত নিৰ্মান কৰা কথা আছিল। সেয়া চন্দ্ৰপুৰ ব্লকৰ বাবে নিৰ্মান কৰাৰ উপৰিও ডিমৰীয়া ব্লকৰ বাবে পৃথককৈ এনে ৰিজাৰ্ভাৰ নিৰ্মানেই এতিয়ালৈকে সম্পূৰ্ণ হৈ নুঠিল।

কি কাৰণত কোটি কোটি টকা ব্যয় কৰাৰ পাছতো এই আঁচনিৰ সফল ৰূপায়ন সম্পূৰ্ণ নহ'ল সেয়াহে এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কেৱল চৰকাৰী ধন ব্যয়ৰে নহয়, এই পানী যোগান আঁচনিয়ে সামৰি ল'ব লগা পৰিয়ালৰ পৰাও ধন সংগ্ৰহ কৰা হৈছিল। সেই পৰিয়াল সমূহক জনস্বাস্থ্য কাৰিকৰী বিভাগে কেতিয়া পানী যোগান সম্ভৱ কৰি তুলিব তাৰো কোনো উত্তৰ নাই।

ক'ত ক'ত নিৰ্মান কৰাৰ কথা আছিল ৰিজাৰ্ভাৰ…

বিশুদ্ধ পানীৰ বাবে হাঁহাকাৰ কৰা এই অঞ্চলবাসীৰ বাবে পানী যোগান আঁচনি ৰূপায়ন কৰাৰ বিপৰীতে উক্ত অঞ্চলত ডাম্পিং গ্ৰাউণ্ড নিৰ্মান কৰাৰ প্ৰসংগয়ো এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চন্দ্ৰপুৰ তথা এই আঁচনিয়ে সামৰি ল'ব লগা ৰাইজৰ প্ৰশ্ন- যোৱা ৬-৭ বছৰে সম্পূৰ্ণ নোহোৱা এই আঁচনি কেতিয়া ৰূপায়ন হ'ব? নে আন চৰকাৰী আঁচনিৰ দৰেই এই আঁচনিও আঁচনিতেই ৰৈ যাব?

ইতিমধ্যে এই আঁচনিৰ নামত আৱন্টিত প্ৰায় ধন ব্যয় কৰা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-আমোলাক এতিয়া কোনে কৰিব জবাবদিহি। ৰাজ্য চৰকাৰ এই দিশত হ'বনে শুভ বুদ্ধি উদয়? জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীয়ে এই আঁচনি অগ্ৰগতি আৰু অৱস্থাৰ সন্দৰ্ভত লৈছেনে কোনোবা দিনা কিবা খবৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in