লকডাউনৰ মাজতে চানমাৰিত আধা ঘন্টীয়া যান-জঁট…

লকডাউনৰ মাজতে চানমাৰিত আধা ঘন্টীয়া যান-জঁট…

গুৱাহাটী মহানগৰীত লকডাউনৰ সময়তে সন্ধিয়া ৭ বজাত চানমাৰী ট্ৰেফিক পইন্টৰ সমীপত সৃষ্টি হ'ল এক যান-জঁটৰ। হঠাৎ ক'ৰ পৰা আহিল ইমান যান-বাহন? অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন।

চানমাৰী ট্ৰেফিক পইন্টৰ সমীপত ৭ বজাৰ পৰাই ৰৈ গৈছিল ইখনৰ পাছত সিখন গাড়ী। শতাধিক গাড়ী গাড়ী এনেদৰে ৰৈ গৈছিল ট্ৰেফিক পইন্টৰ পৰা শিলপুখুৰী দিশে। কিন্তু কিয় যান-জঁটৰ সৃষ্টি হ'ল লকডাউনৰ সময়ত? কোনোৱে ভু নাপালে এই যান-জঁটৰ। দুই একে হৰ্ণ মাৰি লকডাউনৰ সময়ত কিয় এনেদৰে যান-জঁটৰ সৃষ্টি হৈছে তাৰ কাৰণ জানিব বিচাৰে সেই স্থানত থকা যান-বাহন আৰক্ষীলৈ চালে। বুধবাৰৰ সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা ৭.৩০ বজালৈকে আৱদ্ধ হৈ থাকিল এই যান-বাহন সমূহ।

তাৰ কিছু সময় পাছতে অৰ্থাৎ সন্ধিয়া ৭.৩০ বজাত জু-ৰোডৰ দিশৰ পৰা এখন গাড়ী পাৰ হৈ গ'ল । চাইৰেন বজাই পাৰ হৈ যোৱা আৰক্ষীৰ এই গাড়ীখন যোৱাৰ পাছতহে সেই স্থানত আৱদ্ধ হৈ থকা যান-বাহনৰ চালক তথা গৰাকীসকলে গম পালে মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হৈ যাব বিপৰীতে দিশে। তাৰ কিছু সময় পাছতে অৱশ্যে ছাইৰেন নবজোৱাকৈ পাৰ হ'ল মুখ্যমন্ত্ৰীৰ কনভয়।

উল্লেখ্য যে, চানমাৰীত সেই সময়ত আৱদ্ধ হৈ পৰা বাহনসমূহৰ ভিতৰত আছিল কোভিড-১৯ৰ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ কেইবাখনো বাহন। ইয়াৰ উপৰিও পানী, বিদ্যুৎ বিভাগ আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ বাবে চলাচল কৰিবলৈ দিয়া বাহনো আছিল।

লকডাউনৰ সময়ত এনেদৰে যান-বাহন আৱদ্ধ কৰি থৈ মুখ্যমন্ত্ৰীৰ কনভয় পাৰ কৰোৱা ঘটনাই সেই স্থানত আৱদ্ধ হৈ থকা লোকসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এজনে আনকি ক'লে- 'যিজন মুখ্যমন্ত্ৰীয়ে ব্যস্ত মহানগৰীত ট্ৰেফিক আইন মানি তেওঁৰ কনভয় চলিব বুলি নিশ্চয়তা দিছিল, সেইজন মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ'বলৈ এতিয়া লকডাউনৰ সময়ত এই অৱস্থা।'

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় বিপৰীত দিশৰ পৰা অহা সময়তো কোৰোনা ভাইৰাছৰ এই সংকটময় সময়ত অত্যৱশ্যকীয় আৰু জৰুৰী সেৱাত নিয়োজিত এই যান-বাহন সমূহ এনেদৰে বন্ধ কৰি দিয়া কাৰ্য কিমান যুক্তিগত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in