বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা…

বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা…

হাগ্ৰামা মহিলাৰীৰ শাসনকালত বড়োলেণ্ডত নিযুক্তিৰ নামত হৈছিল ব্যাপক কেলেংকাৰী। চৰকাৰী বিজ্ঞাপন নিদিয়াকৈয়ে অবৈধভাৱে নিযুক্তি দিয়া বহুতৰে চাকৰি বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।

বিটিচিত হাগ্ৰামা মহিলাৰীৰ শাসনৰ সময়ত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰীৰ তথ্য ইটোৰ পাছত সিটো পোহৰলৈ আহিছে। বড়ো স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়ে ৭ আগষ্ট, ২০২০ত জাৰি কৰিছে এক নিৰ্দেশনা।

বিটিচিৰ পৰিবহন বিভাগৰ যুটীয়া আয়ুক্তই নিৰ্দেশনা নম্বৰ জেচিটি/বিটিচি/৩৬/২০২০/১১৯২(এ) তাং- ৫-৩-২০২০ আৰু জেপিচি/বিটিচি/৩৬/২০২০/১১৯০(এ) তাং- ৫-৩-২০২০ত দিয়া জাননী যোগে ৮গৰাকীকৈ সহকাৰী ইনফৰ্চমেন্ট ইন্সপেক্টৰ আৰু ২১জন এনফৰ্চমেন্ট চেকাৰক নিযুক্তি দিছিল।

এই নিযুক্তি সন্দৰ্ভত বিভিন্ন পক্ষই অভিযোগ দাখিল কৰা আৰু চৰকাৰী নীতি-নিয়ম ভংগ কৰি বিটিচি প্ৰশাসনে এনে অবৈধ নিযুক্তি দিয়া বুলি অভিযোগ উঠিছিল। এই সন্দৰ্ভত বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰাৰ পাছতেই নিযুক্তি কেলেংকাৰীৰ এই বিষয়টো তদন্ত কৰা হৈছিল।

তদন্তত এই কথা প্ৰমাণ হৈছে যে, নিযুক্তিৰ বাবে চৰকাৰী নীতি-নিৰ্দেশনা অমান্য কৰি কোনো বিজ্ঞাপন প্ৰকাশ নকৰাকৈয়ে বিটিচিৰ শক্তিশালী চক্ৰই ক্ষমতাৰ সুযোগ লৈ এই নিযুক্তি প্ৰদান কৰিছিল। ইয়াৰ পাছতেই বিটিচি প্ৰশাসনে এই নিযুক্তিক সম্পূৰ্ণ অবৈধ আৰু ভাৰতীয় সংবিধানৰ ১৪ আৰু ১৬ অনুচ্ছেদ ভংগ কৰি তেওঁলোকক নিযুক্তিক কেৱল অবৈধ ঘোষণা কৰাই নহয়, ৮জন সহকাৰী ইনফৰ্চমেন্ট ইন্সপেক্টৰ আৰু ২১জন এনফৰ্চমেন্ট চেকাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে ৭ আগষ্টত।

বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিবে জাৰি কৰা নিৰ্দেশনা নম্বৰ বিটিচি/এমআইএছচি/এচিচিৱাই (বিজেএম)/এচিএছ ০২২০২০/৬৯ যোগে চাকৰিৰ পৰা বৰ্খাস্ত কৰাসহকাৰী ইনফৰ্চমেন্ট ইন্সপেক্টৰ কেইজন হ'ল কোকৰাঝাৰৰ ডিটিঅ' অফিচত কৰ্মৰত কিউটী নাৰ্জাৰী, চিৰাঙৰ ডিটিঅ' অফিচৰ ভাস্কৰ চাৰাংগ বসুমতাৰী, বাক্সাৰ ডিটিঅ অফিচত কৰ্মৰত নিকলছ বসুমতাৰী, ওদালগুৰিৰ ডিটিঅ অফিচৰ ৰনেল ৰবিনছন মুছাহাৰী, বাক্সাৰ ডিটিঅ' অফিচৰ হৈয়দ ৰাজবংশী, ওদালগুৰিৰ ডিটিঅ' অফিচৰ সুনালী মহিলাৰী, ওদালগুৰিৰ ডিটিঅ' অফিচৰ দীপজ্যোতি বৰা আৰু বাক্সা ডিটিঅ' অফিচৰ কাজিব বসুমতাৰী।

আনহাতে, এনফৰ্চমেন্ট চেকাৰ পদৰ পৰা বৰ্খাস্ত কৰা সকল মন্ত্ৰে' ব্ৰহ্ম, ভাস্কৰ মুছাহাৰী, কৰুণা বসুমতাৰী, ব'ব বড়ো, দ্ৰিহং ব্ৰহ্ম, জানবা বসুমতাৰী, উৎপল ভাদ্ৰা, কিষাণ দেৱ, পিংকু নাৰ্জাৰী, আৰ বসুমতাৰী, মেনকা বসুমতাৰী, সমীৰ সেন, সঞ্জয় কুমাৰ ৰয়, মানেন্দ্ৰ বসুমতাৰী, নৈছাং বিছলাৰী, জাংকুল বসুমতাৰী, অভিজিৎ দেৱ নাথ, বিশাল কুমাৰ ব্ৰহ্ম, ৰ'জী ফ্লাৱাৰ বসুমতাৰী, ধ্ৰুৱজ্যোতি ব্ৰহ্ম আৰু কপিন নাৰ্জাৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in