লকডাউন-কাৰ্ফিউৰ মাজতে লুইতৰ বুুকুত মদ-মঙহে আৰক্ষী বিষয়াৰ নৈশ ভোজ, মুখ্য সচিবৰ পত্ৰ পাই তদন্তৰ নিৰ্দেশ আয়ুক্তৰ…

লকডাউন-কাৰ্ফিউৰ মাজতে লুইতৰ বুুকুত মদ-মঙহে আৰক্ষী বিষয়াৰ নৈশ ভোজ, মুখ্য সচিবৰ পত্ৰ পাই তদন্তৰ নিৰ্দেশ আয়ুক্তৰ…

মহানগৰীত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই যোৱা ২৯ জুনৰ পৰা গুৱাহাটীত বলবৎ কৰা হ'ল কঠোৰ লকডাউনৰ লগতে নৈশ সান্ধ্য আইন। বেংক, প্ৰশাসনীয় কাৰ্যালয়, শাক-পাচলি, গেলা-মালৰ দোকানক ৰেহাই নিদিয়াকৈ বলবৎ কৰা হৈছিল এই লকডাউন। যাৰ মুল লক্ষ্য আছিল লকডাউন অমান্য কৰি চলা লোকসকলক নিয়ন্ত্ৰণেৰে কোৰোনাক প্ৰতিৰোধ কৰা। পিছে প্রশাসনে নিজেই এই লকডাউন অমান্য কৰি কোৰোনাৰ সংক্ৰমণ বৃদ্ধিতহে হাত উজান দিছে নেকি? যোৱা দেওবাৰে লুইতৰ বুকুত এখন বিলাসী জলতৰীত মদে-মঙহে ভোজ ভাত খাই একাংশ পদস্থ আৰক্ষী বিষয়া, বন্ধু-বান্ধৱে উৎসৱ উদযাপন কৰা ঘটনা সন্দৰ্ভত খোদ মহানগৰ আৰক্ষী আয়ুক্তই তদন্ত ঘোষণা কৰা এক ঘটনাক লৈ ৰাইজৰ মাজত সম্প্ৰতি তেনে চৰ্চাই চলিছে। কিয় এই তদন্ত? সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কে যুগুতোৱা এক প্ৰতিবেদন।

সাধাৰণ লোকৰ বাবে মহানগৰীত লকডাউন, সান্ধ্য আইন চলি আছে যদিও এই নিয়ম অমান্য কৰি ক্ষমতাৰ বলত মহানগৰ আৰক্ষীত কৰ্মৰত একাংশ বিষয়াই পাতিছিল লকডাউনৰ মাজতে এক নৈশ ভোজ। মাছে-মাংসই উদৰ পুৰাই খোৱাৰ লগতে এই ভোজত আছিল বিলাতী সুৰাও।

মহানগৰ আৰক্ষীৰ কেইজন মান জ্যেষ্ঠ বিষয়াৰ এই জটিল পৰিস্থিতিৰ সময়ত এনেদৰে লকডাউন , সান্ধ্য কাৰ্ফিউ অমান্য কৰি, বিলাসী জাহাজত বহি ব্ৰহ্মপুত্ৰৰ বুকুত পাৰ্টী কৰা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক এই সন্দৰ্ভত মহাগনৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিয়া মতে, এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

মহানগৰ আৰক্ষীৰ এজন যুটীয়া আয়ুক্তই এই কাণ্ডৰ তদন্ত কৰিব। জানিব পৰা মতে, দেওবাৰে নিশা এই নৈশ ভোজনৰ আৰম্ভ কৰিছিল মহানগৰ আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই। তেওঁৰ নিমন্ত্ৰনক্ৰমে- ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটত থকা অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ টি এফ দামোদৰ নামৰ বিলাসী জাহাজখনত মাজ নিশালৈকে পাৰ্টী কৰি আছিল প্ৰায় ২০গৰাকী জ্যেষ্ঠ কনিষ্ঠ আৰক্ষী বিষয়াই।

সেই পাৰ্টীত মাছ-মাংসৰ লগতে সুৰা আৰু মহিলা আৰক্ষী বিষয়াও উপস্থিত আছিল। যি সময়ত লকডাউনৰ বাবে মহানগৰীত সকলো দোকান-পোহাৰ বন্ধ হৈ আছে, তেনে সময়ত এই সকল আৰক্ষী বিষয়াই কাৰোবাৰ জন্মদিনত পাৰ্টী কৰিছো বুলি কোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইফালে, অসম চৰকাৰে আন এটা বিভাগৰ অধীনত থকা এই বিলাসী জাহাজখন মাজ নিশা পাৰ্টী কৰিবলৈ সেই বিভাগটোক কোনে অনুমতি দিলে সেয়াও এতিয়া তদন্তৰ আওতাত আহিব লাগে বুলি দাবী উঠিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰিস্থিতি অতি জটিল বুলি দাবী কৰা সময়তে মহানগৰ আৰক্ষীৰ এচাম দায়িত্বশীল বিষয়াৰ এনে কৰ্মকাণ্ডই খোদ আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষৰো চকু কপালত তুলিছে।

সংবাদমাধ্যমৰ লোক প্ৰৱেশ কৰা সময়ত এই সকল বিষয়াই সেই স্থানৰ পৰা পলায়ন কৰা দৃশ্যই প্ৰমাণ কৰে যে আইন ৰক্ষক সকলেেই কিমান ডাঙৰ এক ভুল কৰিছে। সাধাৰণ লোকে শাক-পাচলি বা প্ৰয়োজনীয় সামগ্ৰী আনিবলৈ যাওঁতেও আৰক্ষীৰ বাধা আৰু তালাচীৰ সন্মুখীন হয়। ৰাইজে ধৰি লৈছিল এয়া তেওঁলোকৰ বাবে কৰিছে আৰক্ষীয়ে।

কিন্তু সেই নীতি নিয়ম অমান্য কৰি একাংশ উচ্চপদস্থ আৰক্ষী বিষয়াই নৈশ বিলাসত ব্যস্ত হোৱা ঘটনাই কোৰোনা ভাইৰাছে মহানগৰীত গণ সংক্ৰমণ ধাৰণ কৰা সময়ত এক কাণ্ডজ্ঞানহীন বুলি চৰ্চিত হৈছে। উল্লেখ্য যে, এই নৈশ পাৰ্টীত গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত, সহকাৰী আৰক্ষী আয়ুক্তকে ধৰি কেইবাজনো জ্যেষ্ঠ আৰু কনিষ্ঠ বিষয়া উপস্থিত আছিল।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষ কৰক সেই দৃশ্য। এই পাৰ্টীত উপস্থিত থকা কোনো কোনো আছিল খাকী পোছাকত। আনকি পাৰ্টীত উপস্থিত থকা সকলৰ মুখত নাছিল কোনো মাস্ক আৰু সামাজিক দূৰত্ব।

কোনে কি দৰে এই সকলক এনেদৰে পাৰ্টী কৰিবলৈ অনুমতি দিলে সেয়া এতিয়া উপযুক্ত তদন্তৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্ব কাৰ? আৰক্ষী বিষয়া হ'ল বুলি লকডাউনৰ মাজত সাধাৰণ জনতাৰ বাবে দিয়া কার্ফিউ অমান্য কৰি আৰক্ষী বিষয়াই এইদৰে নাচ-গান আৰু সুৰাৰ পাৰ্টীত মছগুল হৈ থকা ঘটনা কিদৰে ল'ব এতিয়া ৰাজ্য প্রশাসনে?

আনক নীতি শিক্ষা দিবলৈ যোৱা মহানগৰ আৰক্ষীৰ এচাম জ্যেষ্ঠ বিষয়াৰ এনে কৰ্মকাণ্ডই এতিয়া অসম আৰক্ষীকে লজ্জিত কৰিছে। সংবাদমাধ্যমৰ লোক উপস্থিত হোৱাৰ পাছত আৰক্ষীৰ বিষয়াসকল সেই স্থানৰ পৰা আঁতৰি যায় যদিও, সেই স্থানত থকা টেবুলত সুৰাৰ গ্লাছ, খাদ্যৰ প্লেট আৰু সুৰাৰ বটল পৰি ৰয়। উল্লেখ্য যে, গুৱাহাটী মহানগৰীতো বহু কেইজন আৰক্ষী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯। কিন্তু এই ভাইৰাছৰ ভয়াৱহতাৰ কথা জানিও তালৈ ভ্ৰূক্ষেপ নকৰি এনেদৰে পাৰ্টীত ব্যস্ত হৈ পৰিছে একাংশ অসম আৰক্ষীৰ বিষয়া।

ইফালে, তাত উপস্থিত থকা এজন মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই এজন বন্ধুৰ পাৰ্টীৰ বাবে এই আয়োজন চলিছিল বুলি স্পষ্টকৈ মন্তব্য কৰিলে। সাংবাদিকে সেই সময়ত প্রশ্ন কৰিছিল যে- যদি এনেকৈ সাধাৰণ লোকে পাৰ্টী আয়োজন কৰিলে হেঁতেন তেতিয়া আৰক্ষীৰ কি ভূমিকা হ'ল হেঁতেন? সেই প্ৰশ্নৰ পৰা অৱশ্যে সংশ্লিষ্ট আৰক্ষী বিষয়াজনে এৰাই চলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in