গুচি গ’ল অসমৰ মীনা কুমাৰী…

গুচি গ’ল অসমৰ মীনা কুমাৰী…

তেওঁ অসমৰ মীনা কুমাৰী! ভ্ৰাম্যমান থিয়েটাৰত নায়িকা হিচাপে অভিনয় কৰা প্ৰথম গৰাকী অভিনেত্ৰীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰিলে। বহু ঘাত-প্ৰতিঘাত, দুখৰ দেৱাল পাৰ কৰি সাহসেৰে জীৱন জীয়াই যোৱা অতি প্ৰবীন অভিনেত্ৰী মীনা কুমাৰীয়ে আজি শুই গ'ল শেষৰ বাৰৰ বাবে। তেওঁ কৰা অভিনয় এতিয়াও সকলোৰে মন-মগজুত সতেজ হৈ আছে। এই অভিনেত্ৰীগৰাকীৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন।

তেওঁৰ মুখত সদায় লাগি আছিল এটা মিঠা হাঁহি। আইদেউ সন্দিকৈ যদি অসমীয়া চলচ্চিত্ৰ প্রথম গৰাকী অভিনেত্ৰী, তেনে এক পৰিচয় আছিল অনুপমা ভট্টাচাৰ্যৰো। ১৯২৮চনত জন্মগ্ৰহণ কৰা অনুপমা ভট্টাচাৰ্য আছিল প্ৰথমগৰাকী ভ্ৰাম্যমানৰ অভিনেত্ৰী। শিৱসাগৰৰ আমোলাপট্টীত ১৯ আগষ্টত প্ৰখ্যাত বেজবৰুৱা পৰিয়ালত জন্ম হৈছিল অনুপমা ভট্টাচাৰ্যৰ।

তেওঁৰ পিতৃৰ নাম আছিল গোপাল বেজবৰুৱা আৰু মাতৃৰ নাম গুণদা বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালৰ অনুপমা ভট্টাচাৰ্যৰ মোমায়েক আছিল বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা। ব্ৰাহ্মিন পৰিয়ালত জন্ম হোৱাৰ সূত্ৰেই কঠোৰ নীতি নিয়মৰ মাজত শৈশৱ অতিবাহিত কৰিও ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰিবলৈ গৈ তেওঁ বহু ত্যাগ কৰিব লগা হৈছিল।

সেই সময়ত চিনেমা বা মঞ্চত ছোৱালীয়ে অভিনয় কৰাতো সমাজে ভাল দৃষ্টিৰে চোৱা নাছিল। কিন্তু চিনেমাৰ প্ৰতি আছিল তেওঁৰ তীব্ৰ হেঁপাহ। অভিনয় তেওঁৰ প্ৰাণত আছিল। সেয়েহে নাচ, গান, অভিনয়ক তেওঁ নিচা কৰি লৈছিল। ঘৰৰ পৰা মনে মনে গৈ চিনেমা চাবলৈ গৈ বহুবাৰ ককৰ্থনাৰো সন্মুখীন হৈছিল।

তেওঁৰ প্ৰিয় অভিনেত্ৰী আছিল মীনা কুমাৰী। আৰু তেওঁ অসমৰ অভিনয় জগতত যেন মীনা কুমাৰীৰ এক ভাবমূৰ্তিয়ে থৈ গ'ল। চিনেমা বা অভিনয় কৰিবলৈ গৈ ধৰা পৰাৰ বাবে দেউতাকে মাকক তেওঁৰ বাবে দুৱাৰ খুলি দিবলৈ মানা কৰিছিল। ফুলেশ্বৰী গাৰ্লছ হাইস্কুলত শিক্ষা গ্ৰহণ কৰা অনুপমা ভট্টাচাৰ্যই ৯ বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হৈছিল।

তেতিয়া তেওঁ সংসাৰ কি বুজাই নাছিল। কিন্তু কেইমাহমানৰ পাছতে তেওঁ বিবাহ পাশত আৱদ্ধ হোৱা উদয় ভট্টাচাৰ্যৰ মৃত্যু হয়। তাৰপাছতে তেওঁৰ জীৱনেই সলনি হৈ পৰে। সেই স্মৃতি তেওঁ প্ৰকাশ কৰিছিল এইদৰে- বিয়া হোৱাৰ কেইদিন মানৰ পাছতে এদিন মায়ে হুৰাহুৰে কান্দিবলৈ ধৰিলে। ওচৰৰ তিৰোতা বোৰ আহি মোৰ কাণৰ গহণা-গাঁথৰিবোৰ খুলি পেলালে, কঁপালৰ ফোট মচি দিলে। কোনোবাই ক'লে মই হেনো বিধবা হ'লো। মোৰ সৈতে বিয়া হোৱা মানুহজন জ্বৰ হৈ ঢুকাই থাকিল। মই সেইবোৰ কি জানো! এই কাপোৰবোৰ , গহণাবোৰ খুলি দিয়াতহে মোৰ গাতো পাতল লাগিছিল। খেলিবলৈ সুবিধা হৈছিল।

ছিৰাজ ছবিত অভিনয় কৰিছিল অনুপমা ভট্টাচাৰ্যই। ছিৰাজৰ সংগীত পৰিচালক আছিল শিৱপ্ৰসাদ ভট্টচাৰ্য। পুনৰ ছিৰাজৰ সংগীত পৰিচালক ভট্টাচাৰ্যৰ সৈতে অনুপমা ভট্টাচাৰ্য বিবাহপাশত আৱদ্ধ হয়। জন্ম হয় এটি কন্যা সন্তানৰ। নাম থ'লে – ৰুণ্মী। তেতিয়া তেওঁৰ বয়স আছিল ২২ বছৰ। আৰু দ্বিতীয়বাৰৰ বাবে বিধবা হ'ল অনুপমা ভট্টাচাৰ্য।

জীৱন নচলা হৈ পৰিছিল তেওঁৰ। ক'ৰ পৰা কেনেদৰে আৰু কেনেকৈ চলিব সেই উপায় তেওঁ বিচাৰি ফুৰিছিল। কাৰো পৰা তেওঁ সহায় নাপাই অভিনয়কে সম্বল কৰিলে। জীয়াৰীক সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিলে। কিন্তু তেওঁৰ কন্যাই দুই সন্তান জন্ম দি মৃত্যুমুখত পৰে। এনেদৰেই জীৱন আগুৱাই নিছিল তেওঁ। তাৰপাছত জীৱনলৈ আহিল সংগী হিচাপে ত্ৰৈলক্য দত্ত। বিশিষ্ট কাৰ্টুনিষ্ট গৰাকীৰ সৈতে তেওঁ থাকি গ'ল। এয়া পিছে কোনোবা বিবাহ নাছিল। আছিল আন্তৰিকতা আৰু মৰ্যদাপূৰ্ণ এক সম্পৰ্ক। ঠিক ভাতৃ-ভগ্নীৰ দৰেই।

ফণী শৰ্মাই পৰিচালনা কৰা ছবি ছিৰাজত অভিনয় কৰাৰ বাবেই তেওঁলোকৰ পৰিয়ালটোক একাষৰীয়া কৰা হৈছিল। ছিৰাজৰ ফাটেমা নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল তেওঁ। অভিনয়ে তেওঁৰ সৰ্বোচ্চ হৈ পৰিল। নিমিলা অংক নতুন পৃথিৱী, মানৱ আৰু দানৱ, সৰা পাত, ৰাংধালি, মন আৰু মৰম, বিপ্লৱী আদিকে ধৰি ১৪খনৰো অধিক ছবিত অভিনয় কৰিছিল অনুপমা ভট্টাচাৰ্যই।

ভ্ৰাম্যমানত ১৯৬৩চনতে অভিনয়ৰ বাবে আগবাঢ়ি গৈছিল অনুপমা ভট্টাচাৰ্য। দুবছৰৰ বাবে চুক্তিবদ্ধ হৈছিল নটৰাজ থিয়েটাৰৰ সৈতে। ছিৰাজ উদুল্লা, কিয়, ভোগজৰা, কাশ্মিৰী কুমাৰী আদি নাটকত তেওঁৰ বলিষ্ঠ অভিনেয়েৰ অগণন নাট্যপ্ৰেমীৰ হৃদয় জিনিছিল।

অনাতাৰ কেন্দ্ৰতো অনুপমা ভট্টাচাৰ্যই নাট্য শিল্পী আৰু ঘোষিকা হিচাপে কাম কৰিছিল। কলাগুৰু বিষ্ণুৰাভা বঁটা, আইদেউ সন্দিকৈ বঁটা আদি সন্মানো তেওঁ লাভ কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৪ বছৰ। কেইদিনমানৰ পূৰ্বে হেৰুৱাইছিল একেলগে থকা ত্ৰৈলক্য দত্তক। তাৰপাছত তেওঁ নিঃসংগ হৈ পৰিছিল।

অসমৰ প্ৰথমটো ভ্ৰাম্যমান থিয়েটাৰৰ দল নটৰাজত ১৯৬৩চনত তেওঁ ২০০০ টকাত চুক্তিবদ্ধ হৈছিল। ১১ বছৰ বয়সতে শিৱসাগৰৰ মঞ্চত নাটক কৰিছিল অনুপমা ভট্টাচাৰ্যই। তেওঁ অভিনয় কৰা ছিৰাজ ছবিখনত ১৯৪৮চনতে মুক্তি লাভ কৰিছিল। সেইগৰাকী বিদূষী মহিলা তথা অভিনেত্ৰীৰ মৃত্যু হ'ল ৩০ জানুৱাৰী, ২০২২ত।

কোভিডত আক্ৰান্ত হৈছিল অনুপমা ভট্টাচাৰ্য। লৈ যোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। কিন্তু তেওঁ আৰু ঘৰলৈ ঘূৰি নাহিল। চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰিলে এইগৰাকী প্ৰবীন অভিনেত্ৰীয়ে। জীৱনটো তেওঁ ছবিৰ দৰেই যেন নিমিলা অংক হৈয়ে ৰৈ গ'ল।

তথাপি তেওঁ কোনো দিনেই হতাশ হোৱা নাছিল। সাহসেৰে সেই সময়ৰ সামাজিক প্ৰতিবন্ধকতাক নেওচি অভিনয়ক তেওঁ সম্বল কৰি লৈ অভিনেত্ৰী সকলৰ বাবে আইদেউ সন্দিকৈৰ পাছতে নতুন বাট কৰ্ষণ কৰিছিল। বিদায় অনুপমা ভট্টাচাৰ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in