সোমবাৰে খুলিব বিদ্যালয়ঃ উদ্বিগ্ন অভিভাৱক-শিক্ষক সমাজ, উৎফুল্লিত শিক্ষাৰ্থীয়ে পানী ঢালি পৰিষ্কাৰ কৰিছে আপোন স্কুলখন

সোমবাৰে খুলিব বিদ্যালয়ঃ উদ্বিগ্ন অভিভাৱক-শিক্ষক সমাজ, উৎফুল্লিত শিক্ষাৰ্থীয়ে পানী ঢালি পৰিষ্কাৰ কৰিছে আপোন স্কুলখন

সোমবাৰৰ পৰা ৰাজ্যত পুনৰ খুলিব বিদ্যালয়। ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষাগ্ৰহণ কৰিব। কিন্তু তাৰ বাবে বিদ্যালয়সমূহ কৰা হৈছে সম্পূৰ্ণভাৱে পৰিস্কাৰ। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে যাতে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ নপৰে তাৰ বাবেই বিদ্যালয় খোলাৰ সিদ্ধান্ত। কিন্তু লোৱা হৈছে নে পৰ্যাপ্ত ব্যৱ্স্থা? অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক প্ৰতিবেদন।

ৰাজ্যত যোৱা প্ৰায় ৫-৬ মাহ হ'ল বিদ্যালয়খনলৈ ঘূৰি যাব পৰা নাই ছাত্ৰ-ছাত্ৰীসকল। চীনৰ পৰা সমগ্ৰ বিশ্বৰ দেশসমূহলৈ আগবাঢ়ি অহা এবিধ ভাইৰাছে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ আপোন বিদ্যালয়খনৰ পৰা দূৰ কৰিলে। পিঠিত কিতাপ-বহীৰ বেগটো লৈ, নিজৰ শ্ৰেণীৰ লগৰ কেইজনৰ সৈতে ছাৰ-বাইদেউ সকলৰ পৰা শিক্ষা লাভ কৰি ঘৰলৈ ঘূৰি অহা দিনবোৰ যে এতিয়া নোপোৱা হ'ল শিক্ষাৰ্থীসকলে।

২০২০চনৰ ১৫ মাৰ্চৰে পৰা কোভিড-১৯ৰ সংক্ৰমণৰ বাবে ৰাজ্যত বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ। অনলাইনযোগে ম'বাইল বা লেপটপ থকা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিছে। পিছে সৰহ সংখ্যকে এই সুবিধাৰ পৰাও বঞ্চিত, কিয়নো তেওঁলোকৰ ঘৰত নাই এণ্ড্ৰইড ম'বাইল বা ইন্টেৰনেটৰ সুবিধা।

ৰাজ্যৰ চহৰ অঞ্চলত বাস কৰে সকলে যদিও শিক্ষাৰ দিশত আগবাঢ়িছে কিন্তু গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে আগবাঢ়ি যাব পৰা নাই ক্ষেত্ৰত। কিন্তু তাৰ মাজতে আহিল এক ভাল খবৰ। ৩১ আগষ্ট, ২০২০ত মাধ্যমিক শিক্ষা বিভাগে শিক্ষানুষ্ঠানসমূহ খোলাৰ সন্দৰ্ভত দিয়ে নতুন নিৰ্দেশনা।

কোৰোনা মহামাৰীৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলৰ যাতে সম্পূৰ্ণ এটা শিক্ষা বৰ্ষ নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ২১ ছেপ্টেম্বৰ, ২০২০ৰ পৰা শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ বাবে নিৰ্দেশ দিয়ে মাধ্যমিক শিক্ষা বিভাগে। ৰাজ্যত সোমবাৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।

ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সকলো শিক্ষানুষ্ঠান খোলাৰ পূৰ্বে বিদ্যালয়সমূহ ছেনিটাইজ, চফা কৰাৰ দায়িত্ব দিছে শিক্ষক তথা বিদ্যালয়ৰ আন কৰ্মচাৰীসকলক। পিছে নিৰ্দেশতেই সকলো দায়িত্ব শেষ নেকি চৰকাৰৰ? জানিব পৰা মতে, প্ৰতিখন বিদ্যালয়ৰ মুৰব্বীক বিদ্যালয়খন ছেনিটাইজ কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা ৫০০ টকাকৈ যোগান ধৰা হৈছে। কিন্তু মন কৰিব লগা যে, এখন বিদ্যালয় ছেনিটাইজ তথা চফা কৰাৰ বাবে জানো ৫০০ টকা যথেষ্ট।

https://youtu.be/GimTzVoqtPU

চৰকাৰে নিৰ্দেশ দিয়াৰ পাছত যিকোনো প্ৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য সুৰক্ষিত কৰা আৰু নিৰ্দেশ মনাৰ স্বাৰ্থত শিক্ষকসকলে নিজেই বৰঙণি দি অথবা বিদ্যালয়সমূহৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলেই বিদ্যালয় চফা কৰা কাৰ্যত আগভাগ লৈছে। নিজৰ আপোন এই বিদ্যালয়খনত যিকোনো প্ৰকাৰে পূৰ্ব পৰিৱেশত ঘূৰাই পোৱাৰ যি স্বাৰ্থতে শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে এনেদৰে উঠি পৰি লাগিছে।

কিন্তু কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়সমূহ চফা কৰাৰ সময়ত মুখত নাই মাস্ক অথবা হাতত দেখা নগ'ল গ্ল'বছ। মুঠৰ ওপৰত নিজৰ বিদ্যালয়খনত যাবলৈ যি ইচ্ছা তেওঁলোকৰ মনত আছে তাৰ বাবেই এনেদৰে কামে কামে লাগিছে তেওঁলোক।

ইফালে, কেন্দ্ৰীয় চৰকাৰে সোমবাৰৰ পৰা বিদ্যালয়সমূহ পুনৰ খোলাৰ বাবে জাৰি কৰিছিল গাইডলাইন। এই গাইডলাইনৰ জৰিয়তে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণীত পাঠদান আৰম্ভ কৰাৰ ক্ষেত্রত এলানি বিশেষ নির্দেশাৱলী উল্লেখ কৰা হৈছে৷ তদুপৰি, বিদ্যালয়সমূহলৈ অহা শিক্ষার্থীয়ে লগত লৈ আহিব লাগিব অভিভাৱকৰ অনুমতি–পত্র৷

চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি, সপ্তাহটোৰ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰেহে পাঠদান কৰা হ'ব বিদ্যালয়ত। তদুপৰি প্ৰতিটো শ্ৰেণী দুটা ভাগত বিভক্ত কৰি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰা হ'ব। শিক্ষানুষ্ঠানসমূহত প্রথম বেট্ছৰ ছাত্র–ছাত্রীসকলক পুৱা ৯ বজাৰ পৰা বিয়লি ১২ বজালৈ পাঠদান কৰাৰ বিপৰীতে দ্বিতীয় বেটছৰ ছাত্র–ছাত্রীসকলক দিনৰ ১ বজাৰ পৰা বিয়লি ৪ বজালৈ পাঠদান কৰোৱা হ'ব৷

লক্ষণীয় যে, শিক্ষানুষ্ঠানসমূহ খোলাৰ যি সিদ্ধান্ত লৈছে চৰকাৰে। সেই সিদ্ধান্তৰ লগতে এই সিদ্ধান্তৰ পৰা হ'ব পৰা ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশত ৰাখিব লাগিব চৰকাৰে দৃষ্টি। ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকল যাতে শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহ খোলা প্ৰয়োজনীয়তা আছে। কিন্তু তাৰ লগতে শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতিও ৰাখিব লাগিব কঠোৰ নজৰ আৰু ল'ব লাগিব ব্যৱস্থা।

ৰাজ্যৰ প্ৰতিখন বিদ্যালয় চৰকাৰে দিয়া মাত্ৰ ৫০০ টকাত ছেনিটাইজ কৰাতো অসম্ভৱ। একাংশ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীয়ে নিজা বৰঙণি দি ছেনিটাইজ কৰিছে যদিও, বহু সংখ্যক শিক্ষানুষ্ঠান অৱশ্যে ছেনিটাইজ কৰা হোৱা নাই। আৰু ইয়াৰ বাবেই ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলো শংকিত-চিন্তিত হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিদ্যালয়খনৰ প্ৰতি থকা আপোনতা আৰু হেঁপাহৰ বাবে বিদ্যালয়লৈ যোৱাৰ বাবে সাজু হৈছে যদিও, নিজৰ সন্তানৰ স্বাস্থ্যৰ বাবে চিন্তিত হৈ পৰিছে অভিভাৱকসকল।লগতে চৰকাৰে বিদ্যালয় খোলাৰ সিদ্ধান্ত লৈছে যদিও, তাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰি নিদিয়াৰ বাবে ক্ষুব্ধ হৈ পৰিছে শিক্ষক সমাজ।

লক্ষণীয় যে, যোৱা কেইটামান সপ্তাহৰ পৰা ৰাজ্যত প্ৰতিদিনাই প্ৰায় ১-২ হাজাৰ কোভিড পজিটিভ ৰাজ্যত ধৰা পৰিছে। এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই পাইছে বৃদ্ধি। তাৰ মাজতে শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে চৰকাৰে দিছে সিদ্ধান্ত। কেৱল এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল যাতে এই ভাইৰাছত আক্ৰান্ত নহয় তাৰ বাবে অধিক সজাগ-সচেতন হোৱাটোহে প্ৰয়োজন। লগতে চৰকাৰেও ইয়াৰ বাবে বিশেষ ব্যৱস্থা লোৱাতো প্ৰয়োজন। নহ'লে এই ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে যি আশা-প্ৰাৰ্থনা কৰা হৈছে, তাৰ বিপৰীত তথা এক ভয়ংকৰ দৃশ্যহে দেখা পোৱা যাব ৰাজ্যত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in