বেচ জমালে দেই গুৱাহাটীৰ ভাৰত-শ্ৰীলংকাৰ টি-২০য়ে…

বেচ জমালে দেই গুৱাহাটীৰ ভাৰত-শ্ৰীলংকাৰ টি-২০য়ে…

বহু প্ৰত্যাশীত ৫ জানুৱাৰীত মহানগৰীৰ বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকাৰ মাজৰ তিনিদিনীয়া টি-২০ শৃংখলাৰ প্রথম মেচ অনুষ্ঠিত নহ'ল। অসমৰ দৰ্শকে মালিংগা, কোহলীবাহিনীৰ মাজত বেট-বলৰ ২২ গজৰ যুদ্ধ চাবলৈ নাপালে যদিও, বৰষুণে বিধি-পথালি দিয়া এই খেলখনৰ পৰিৱেশ-পৰিস্থিতিয়ে বিশ্ববাসীকেই হাঁহিৰ খোৰাগ যোগালে।তেনে কেইটামান দৃশ্যপটেৰে এই বিশেষ প্ৰতিবেদন- 'বেচ জমালে দেই গুৱাহাটীৰ ভাৰত-শ্ৰীলংকাৰ টি-২০য়ে।'

দৃশ্যপট ১/ তেওঁ যদি আঁকি দিয়ে…

এজনী সুন্দৰী যুৱতীৰ সৈতে এজন যুৱক ঘূৰি ফুৰিছে হাতত ৰং-তুলিকা লৈ। সময় তেতিয়া আবেলি ৪.৩০ মান বাজিছিল। মূল গেট ইতিমধ্যে খুলিছিল। ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দৰ্শকৰ দীঘল শাৰী। সেই শাৰীৰ কাষলৈ গৈ যুৱকে এফালৰ পৰা সুধি গৈছে- দাদা, ফ্লেগ আকিব নেকি মুখত ফ্লেগ?

যুৱকজনৰ সৈতে যোৱা যুৱতীগৰাকীয়েও মুখেৰে একো নক'লেও হাতত দুটামান ৰঙৰ টেমা লৈ যুৱকজনৰ কাষে কাষে ঘূৰি ফুৰিছে। যুৱকজন পাৰ হৈ যোৱাৰ পাছত এজন দৰ্শকে লাহেকৈ ক'লে- তুমি আঁকিলে নালাগে, তেওঁ (যুৱতী) যদি আঁকি দিয়ে তেতিয়াহ'লে ভাবিব পাৰো…।

দৃশ্যপট ২/ অনুষ্কা ক'ত, অনুষ্কা ক'তঃ

খেল আৰম্ভ হোৱা নাই। বৰষুণো অহা নাই তেতিয়া। হাতত বেট আৰু হাফ পেন্ট পিন্ধি প্ৰেকটিছৰ বাবে আহিল ফিল্ডলৈ শিখৰ ধৱন। লগে লগে গেলাৰীৰ পৰা চিঞৰ- ঐ শিখৰ দা, ঐ শিখৰ দা…। তাৰ কিছু সময় পাছতেই ফিল্ডলৈ সোমাই আহিল বিৰাট কোহলী। লগে লগে ষ্টেডিয়ামত হাই-উৰুমি। এচাম দৰ্শকে চিঞৰিলে- অনুষ্কা ক'ত, অনুষ্কা ক'ত…

বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলনৰ সময়ত দৰ্শকৰ চিঞৰ- অনুষ্কা ক'ত, অনুষ্কা ক'ত…

দৃশ্যপট ৩/ ধোনীক নিকিনে, লাগে শিখৰকঃ

বৰ্ষাপাৰা ষ্টেডিয়ামৰ চৌপাশে তেতিয়া ব্যস্ততা বাঢ়িছে। পদপথত এজনে দৰ-দাম কৰি আছে। দোকানীয়ে কৈছে- ধোনীকে লৈ যাওঁক, ২০০ দিয়ক। ইজনে উত্তৰ দিছে- কিয় কিনিম ধোনীক? নিকিনো মই ধোনীক। আছে যদি শিখৰক দিয়া। দোকানীজনে বিচাৰিলে, কিন্তু শিখৰক নাপালে।

উপায়ন্ত হৈ ৰোহিতকে ২০০ টকা দি কিনি লৈ গ'ল। আচলতে এইদৰে দৰ-দাম চলিছিল জাৰ্ছীৰ। পদফথত বহি থকা দোকানীবোৰে ভাবিছিল- ধোনীয়ে পিন্ধা জাৰ্ছীৰ আদৰ বাঢ়িব। পিছে ক্ৰেতাগৰাকীৰো উদ্ভূত যুক্তি- এতিয়াটো নেখেলে ধোনীয়ে। কিয় কিনিম মই ধোনীৰ নামৰ জাৰ্ছী?

দৃশ্যপট ৪/ ঐ ঢাকি দে, ঢাকি দেঃ

টছ হৈ গৈছে। খেল আৰম্ভ হওঁ হওঁ। কেই মুহূৰ্তমানৰ পাছতেই আৰম্ভ হ'ব খেল। হঠাৎ আহি গ'ল বৰষুণ। কিউৰেটেৰে টিৰ্পাল নিবলৈ ইছাৰা দিয়াই নাই, গেলাৰীত বহি থকা এটাই চিঞৰি চিঞৰি ক'লে- ঐ টিৰ্পাল নে, ঢাকি দে, ঢাকি দে। কি চাই আছ'? যিজনে এনেদৰে চিঞৰিছিল তেওঁ কিন্তু ধেমালি কৰি চিঞৰা নাছিল।

দৃশ্যপট ৫/ হেয়াৰ ডাইয়াৰ, ইস্ত্ৰিৰ কথাতো সকলো জানেইঃ

গুৱাহাটীৰ এই মেচখনত আটাইতকৈ ভাইৰেল হৈছিল পিটচ শুকুবালৈ বৰষুণৰ পাছত হেয়াৰ ডাইয়াৰ আৰু গৰম ইস্ত্ৰি মৰাৰ দৃশ্য। ই এছ পি এনৰ অফিচিয়েল টুইটাৰত সেই দৃশ্য দেখি প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছিল- 'We've seen hairdryers, steam irons and vacuum cleaners used on the pitch at Guwahati. What is the strangest item you have used on seen used to dry a cricket field?'

ই এছ পি এনত দিয়া টুইটটো…

প্রথমে মানুহে ভাবিছিল কোনোবাই চাগে ধেমালিতে ওলাইছিল এইটো। পিছতহে জানিছিল সেয়া মিছা নাছিল। সঁচাই অসম ক্ৰিকেট সন্ধাই এই নতুন আৱিষ্কাৰ কৰিছিল।

দৃশ্যপট ৬/ কোনে নিছিল হেয়াৰ ডাইয়াৰ,পি এমৰ ফোনঃ

এই দৃশ্যক লৈ কি যে চৰ্চা হোৱা নাই। পুৱাই ওলাই গ'ল এক খবৰ। প্ৰধানমন্ত্ৰীয়ে হেনো ফোন কৰিছে এজন দায়িত্বশীল মন্ত্ৰীলৈ। দুখ প্ৰকাশ কৰি কৈছিল- হেয়াৰ ডাইয়াৰ আৰু ইস্ত্ৰিৰে ক্ৰিকেট পিটচ শুকুৱাবলৈ চেষ্টা কোনে কৰিছিলা? কাৰ আইডিয়া আছিল এয়া? মোক বিশ্ববাসীৰ আগত শিৰনত কৰিলা।

সেই মন্ত্ৰীজনে হেনো উত্তৰ দিছিল- ছাৰ, আপুনিটো জানেই মোৰ চুলিয়েই নাই। গতিকে মোৰ হেয়াৰ ডাইয়াৰ থাকিবই নোৱাৰে। এইটো ছাৰ আমাৰ বৰ জনৰ। ছ'চিয়েল মিডিয়াত বেচ চৰ্চা হ'ল এই গুজৱ। মানুহেও যে ভাবে কথাবোৰ!

দৃশ্যপট ৭/ পিটচতে কোহলীয়ে ৰুলে গাঞ্জাৰ পুলিঃ

ছ'চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হ'ল। পিটচত হেনো ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৰুলে গছপুলি। কোনো কোনোৱে ক'লে- সেয়া গাঞ্জাৰ পুলি। এই ক্ৰিকেট মেচখনক লৈ ক'ত যে ট্ৰ'ল ছ'চিয়েল মিডিয়াত। বিশেষকৈ হেয়াৰ ডাইয়াৰ আৰু ইস্ত্ৰিৰ অধ্যায়ৰ পাছত ৰাইজে ভাল জাৰিছে অসম ক্ৰিকেট সন্থাৰ কৰ্মকৰ্তাসকলক।

এখন সম্পাদিত কৰা ফটো…

প্ৰকৃততে এই ফটোখনৰ উৎস আছিল আন এখন ফটো। যিখন ফটোত পিটচখন পৰীক্ষা কৰিছিল বিৰাট কোহলীয়ে। সেই ফটোখনকে সম্পাদনা কৰি একাংশই ফেচবুকত এৰিলে এইদৰে। মূল ফটোখন আছিল এইখন-

পিটচ পৰীক্ষা কৰা সময়ত বিৰাট কোহলী…

দৃশ্যপট ৮/ তৰুণ গগৈৰো উঠিল গা! খেলিবহে নোৱাৰে, ক'বতো পাৰে ক্ৰিকেটৰ কথাঃ

ইমান দিনে 'কা'ক লৈ শাসকীয় বিজেপিক সমালোচনা কৰা তৰুণ গগৈয়েও অসম ক্ৰিকেট সন্থাৰ কৰ্মকাণ্ড দেখি পিছ পৰি নাথাকিল। খেলৰ পিচদিনা অৰ্থাৎ ৬ জানুৱাৰীত সংবাদমেল আয়োজন কৰি গগৈয়ে ক'লে- পিটচ ঢাকিবলৈ টিৰ্পালেৰে ফুটা মাৰিব নোৱাৰা এই চৰকাৰে গুৱাহাটীক কেনেদৰে বনাব দেশৰ ক্ৰীড়া ৰাজধানী?

দৃশ্যপট ৯/ এখন টিৰ্পালো যোগাৰ কৰিব নোৱাৰা চৰকাৰে ৫ বাংলাদেশীৰ বোজা লয়!

স্থান- মহানগৰীৰ এখন পান দোকানত। আগদিনাৰ খেলখনক লৈ চৰ্চা চলিছে গ্ৰাহক আৰু দোকানীৰ মাজত। গ্ৰাহকে কৈছে- কালি বেচ জমালে দেই। দোকানীজনে আক্ষেপেৰে ক'লে- এখন টিৰ্পাল যোগাৰ কৰিব নোৱাৰা ইহঁতে আকৌ ৫ লাখ হিন্দু বাংলাদেশী আনি খোৱাম-বোৱাম বুলি দম্ভালি মাৰে।

দৃশ্যপট ১০/ দৰ্শকে ম'বাইলৰ পোহৰত শুকাব খুজিছিল ফিল্ডঃ

উষ্ণতা বিকিৰণৰ নতুন তত্ব শিকিলে এই খেলখনৰ পাছতেই ৰাইজে। যি সূত্ৰ উদ্ভাৱন কৰিছিল ষ্টেফান বল্টজমেনে। এইবাৰ অৱশ্যে এই সূত্ৰৰ উদ্ভাৱকৰ ৰূপত অসম ক্ৰিকেট সন্থাৰ সম্পাদকগৰাকী। সংবাদমাধ্যমৰ আগত তেওঁ নিজৰ ব্যৰ্থতা ঢাকিবলৈ ক'লে- 'কালি এটা আপুনি মন কৰিলে নে নাই? গোটেই দৰ্শকে ম'বাইল জ্বলাই দিছিলে। এটা সময়ত। কিহৰ কাৰণে? সবৰে এটা আশা হৈছিলে যে, ম'বাইলৰ পৰা পোহৰ হওঁক অলপ, হিট ৰেডিয়েট হওঁক, যাতে ফিল্ডখন শুকাই।' এই কথা শুনি আপুনি ক'ত মৰে মৰক!

ম'বাইলৰ ফ্লেছ জ্বলাই হেনো দৰ্শকেও চেষ্টা কৰিছিল ফিল্ড শুকাবলৈ…

দৃশ্যপট ১১/ ভিআইপিৰো অৱস্থা হ'ল পানীত হাঁহ নচৰা!

খেল চাম বুলি ৫ হাজাৰ টকা খৰচ কৰি টিকট কাটিছিল। গোপত গংগাটোপ হৈ ষ্টেডিয়ামলৈ গৈছিল। পিচে প্ৰকৃতিয়েতো নিচিনে কোন ভিআইপি? বৰষুণত এনে অৱস্থা পালে যে কেৱল পিটচৰ টিৰ্পালেই নহয়, ষ্টেডিয়ামৰ ওপৰৰো টিৰ্পাল ফুটিল। হৰহৰাই পানী পৰিল। বেচাৰা ভিআইপিৰ অৱস্থাই পানীত হাঁহ নচৰা হ'ল। কিন্তু ক'ব কাক? টিটি-বুৰি তেনেকৈয়ে বহা আসনৰ পৰা উঠি পানী নপৰা ঠাই বিচাৰি ভিআইপিৰো চলিল দৌৰা-দৌৰি।

দৃশ্যপট ১২/ কাৰ সমৰ্থনত আৰু বিৰুদ্ধে শ্ল'গানঃ

খেল নহ'লেও 'কা'ক লৈ প্ৰতিবাদ হ'ল ষ্টেডিয়ামত। হিমন্ত বিশ্ব গ' বেক, বিজেপি গ' বেক, জয়ন্ত মল্ল গ' বেক, সৰ্বানন্দ গ' বেক ধ্বনিত উত্তাল হ'ল ষ্টেডিয়াম। খেল বিৰাট-মালিংগাই নেখেলিলেও একাংশ অসমীয়াই খেলি দিলে। এই খেল কা বিৰোধী প্ৰতিবাদৰ খেল।

ৰজনজনাই গ'ল 'কা'ৰ বিৰুদ্ধে দিয়া উত্তাল ধ্বনি। ছ'চিয়েল মিডিয়াত সেই দৃশ্য ভাইৰেল হৈ পৰিল। তাৰ প্ৰত্যুত্তৰ ৰূপে কোনো কোনোৱে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিলে ফটো। 'কা'ৰ সমৰ্থনতো হেনো চলিছিল ষ্টেডিয়ামত প্ৰতিবাদ!

পিচে 'কা' নামানো বুলি হাজাৰ হাজাৰ লোকে চিঞৰিছিল। কাৰোবাৰ জিন্দাবাদ দিয়া লোকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা আছিল। সেই হিচাপো ৰাইজে ঠিকেই কৰিলে। চিঞৰ শুনিয়েই বুজি পালে 'কা'ৰ পক্ষত কিমান আৰু 'কা'ৰ বিপক্ষত কিমান লোক আছিল। তথাপিও এচামে এনেকৈয়ে আত্মসন্মান ৰক্ষাৰ চেষ্টা চলালে।

দৃশ্যপট ১৩/ প্ৰকৃতিয়েও সাথ নিদিয়া হৈছে ইহঁতকঃ

খেল পৰিতক্ত হ'ল বুলি ঘোষণা হ'ল। তাৰপাছত ষ্টেডিয়ামৰ পৰা ওলাই অহা দৰ্শকে উধাই-মুধাই গালি পাৰিলে কাৰোবাক। কাক গালি পাৰিছে সেয়া ৰাইজেহে জানিব। কিন্তু শুনা কথা কেইষাৰ আছিল- ৰাইজেতো সাথ এৰিলেই, প্ৰকৃতিয়েও সাথ নিদিয়া হৈছে ইহঁতক।

দৃশ্যপট ১৪/ বৰ্ষাপাৰাৰ নাম সলাই দিয়কঃ

এজন-দুজনকৈ মানুহ ষ্টেডিয়ামৰ পৰা ওলাইছে। তেতিয়ালৈকে অৱশ্যে খেল পৰিতক্ত হ'ব বুলি ঘোষণা কৰা হোৱা নাছিল। দুবাৰমান চাই খেল আৰম্ভ কৰা নকৰাকলৈ একো সিদ্ধান্ত লোৱা হোৱা নাছিল। বুজা জনে বুজি গৈছিল অপেক্ষাৰ ফল মিঠা নহয় তিতাহে হ'ব।

সন্মুখত দুই যুৱক-যুৱতী। যুৱতীয়ে যুৱকক উদ্দেশ্যি কৈছে- 'এই নামটোৱে কুফা। বৰ্ষাপাৰাত বৰষুণ নহয় কি হ'ব? যোগী আদিত্য নাথ হ'ব লাগিছিল। একে কোবেই নাম সলাই বৰ্ষাপাৰাৰ ঠাইত ৰ'দপাৰা কৰি দিলেহেঁতেন।

দৃশ্যপট ১৪/ ইংৰাজী বৰ্ণমালাৰ দুই শব্দ বিজেপিৰ বাবে অসমত দুৰ্ভাগ্যৰ চিন হৈছেঃ

মানুহবোৰে যে কথাবোৰ ভাবে! ৰাজ্যৰ শাসনাধীস্থ বিজেপি দলৰ বাবে হেনো ইংৰাজী বৰ্ণমালাৰ দুটা শব্দ দুৰ্ভাগ্যৰ প্ৰতীক হৈছে। য'তে এই দুই বৰ্ণমালা থাকে, তাতেই কিবা এটা অঘটন ঘটি যায়। এয়া আমাৰ ভাষ্য নহয়, ষ্টেডিয়ামত বৰষুণ দি থাকোতে ৰাইজে পতা কথা।

কথাটো হয়ও। C আৰু দুটা A A যোৱা এক-ডেৰ মাহ ধৰি অমংগলৰ চিন হৈ আহিছে অসমত। যেনে- নাগৰিকত্ব সংশোধনী আইন চমুকৈ CAA অৰ্থাৎ 'কা', অসম ক্ৰিকেট এছ'চিয়েশ্যন চমুকৈ ACA। অৰ্থাৎ য'ত দুটা A আৰু C তাতেই বিজেপিৰ বাবে দুৰ্ভাগ্যৰ প্ৰতীক হৈছে।

দৃশ্য ১৫/ এইবোৰেই নহয়, ৰাইজে ছ'চিয়েল মিডিয়াতো দিছে তুলাধূনাঃ

৬ জানুৱাৰীৰ দিনা ফেচবুক, হোৱাটছএপ খুলিবই নোৱাৰি। ৰাইজৰ যিহে দিহা-পৰামৰ্শ। কোনোবাই লিখিছে-

  • চৰকাৰে অতি শীঘ্ৰেই নমামী ক্ৰিকেট পাতিব লাগে।
  • আন কোনোবাই শ্বেয়াৰ কৰিছে- ফটো। দুখন ফটো সংযোগ কৰি তাতে লিখিছে এখন পিটচৰ কাভাৰ আনখন বুলে কলিতাৰ টেন্ট হাউছৰ বিয়াৰ টিৰ্পাল। এক তুলনা এইদৰে কৰিছে । এফালে ক্ষোভ ব্যক্ত, আনফালে ব্যংগাত্মকভাৱেই খেলখন অনুষ্ঠিত কৰিব নোৱাৰা সকলক সমালোচনা।

ৰাইজৰ প্ৰতিক্ৰিয়াঃ

কাৰোবাৰ মতে অসম ক্ৰিকেট সন্থালৈ দান বৰঙণি আগবঢ়াবলৈ হ'লে এইটোৱে উপযোগী যন্ত্ৰ। মুখ্য লক্ষ্য অসম ক্ৰিকেট সন্থা। সকলো ধৰণৰ কটাক্ষৰ সন্মুখীন হৈছে।

এজনে ধান-খেৰৰ উপৰত ইস্ত্ৰি থৈ ফটো তুলি লিখিছে- 'যোৱা কালি বৰষুণৰ ফলত আমাৰ খেৰ ভিজি যায়, এতিয়া শুকোৱাৰ চেষ্টা কৰিছোঁ অলপ।'

তাৰ মাজতে বৰ চিন্তাকৰ্ষক মন্তব্য দিছে দুই-এজনে। লিখিছে- ২০০৮চনত চীনত অলিম্পিক খেল অনুষ্ঠিত হওঁতে বৰষুণে যাতে খেল বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে আয়োজক দেশখনে বিশেষ ব্যৱস্থা লৈছিল। কেইবাটাও ৰকেট নিক্ষেপ কৰি ডাৱৰ আঁতৰাই পঠাই আকাশ মুকলি কৰি ৰাখিছিল। আৰু অসমে কি কৰিলে?

এনে মন্তব্যৰে এতিয়া ভৰি পৰিছে ছ'চিয়েল মিডিয়াও। কিন্তু তাৰমাজতেই আন একাংশই আক্ষেপ ব্যক্তিৰে লিখা মন্তব্যও বহুতৰে হৃদয় চুই গৈছে। য'ত লিখিছিল- বৰ্ষাপাৰাত এয়া বৰষুণ নহয়, এয়া ৫জন শ্বহীদৰ চকুপানী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in