ধৰিত্ৰীয়ে ধৰণী, ধৰণীয়েই মাতৃ…

ধৰিত্ৰীয়ে ধৰণী, ধৰণীয়েই মাতৃ…

ধৰিত্ৰীয়ে ধৰণী, ধৰণীয়েই মাতৃ । কিন্তু সভ্যতাই সম্প্ৰতিক সময়ত পদে পদে বিপন্ন কৰে মাতৃ ৰূপী ধৰিত্ৰীৰ ভৱিষ্যত । প্ৰাকৃতিক দুৰ্যোগতকৈ বহু গুণ বেছি পৰিমানে ধৰিত্ৰীৰ ৰূপা মাতৃৰ ক্ষতিসাধন হয়, অসৎ সন্তান ৰূপী মানুহৰ হাতত । যাৰ ক্ষতিকাৰক প্ৰভাবে ধৰা অথবা বায়ুমণ্ডলকে ক্ষতি কৰা নাই সভ্যতাৰ বিকাশকেই ধ্বংসৰ দিশে লৈ গৈছে । ইয়াৰ বিৰোধিতাৰে উদযাপিত হয় ধৰিত্ৰী দিৱস । এই সন্দৰ্ভত দিপজ্যোতি শৰ্মাৰ এক বিশেষ প্ৰতিবেদন ।

আজি বিশ্ব ধৰিত্ৰী দিৱস । ২২ এপ্ৰিলৰ দিনটোত প্ৰতি বছৰে এই এই ধৰিত্ৰী দিবস পালন কৰা হয় । এই দিনটোত পৰিবেশ সন্দৰ্ভত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । বৰ্তমান বিশ্বৰ ১৯২ খন দেশে এই দিৱস উদযাপন কৰে ।

ধৰিত্ৰী দিৱস ১৯৭০ চনৰ উত্তৰ গোলাৰ্ধৰ বসন্তৰ প্ৰথম দিন ২১ মাৰ্চ তাৰিখে এই দিনটো প্ৰথমবাৰৰ বাবে পালন কৰা হয় । ১৯৬৯ চনত চান ফ্ৰান্সিস্ক'ত হোৱা ইউনেস্ক'ৰ এক আলোচনাচক্ৰত শান্তি উদ্যোগী জন মেককনেলে শান্তিৰ ভাৱ আৰু পৃথিৱীৰ সন্মানাৰ্থে এই দিনটো সমগ্ৰ বিশ্বতেই উদযাপনৰ বাবে প্ৰস্তাৱ দিয়ে।

১৯৭০ চনৰ উত্তৰ গোলাৰ্ধৰ বসন্তৰ প্ৰথম দিন ২১ মাৰ্চ তাৰিখে এই দিনটো প্ৰথমবাৰৰ বাবে পালন কৰা হয়। প্ৰকৃতিৰ এই সন্তুুলনৰ দিনটো মেককনেলে লিখা আৰু চেক্ৰেটেৰী জেনেৰেল ইউ থাণ্টে চহী কৰা এখন চনদৰ যোগেদি এই দিৱসৰ অনুমোদন কৰা হয়।

ইফালে ১৯৭৭ চনৰ ২২ এপ্ৰিলত আমেৰিকান চিনেটৰ গে'লৰ্ড নেলচনৰ উদ্যোগত অন্য এক ধৰিত্ৰী দিৱস পালন কৰা হয়। গে'লৰ্ড নেলচনক তেওঁৰ কামৰ বাবে প্ৰেচিডেন্সিয়েল মেডেল অৱ ফ্ৰিডম বঁটা প্ৰদান কৰা হয়৷

ডেনিচ হেইচৰ উদ্যোগত ১৯৯০ চনত ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হয় আৰু ১৪১খন দেশত ইয়াক পালন কৰা হয়৷ বিশ্বৰ বিভিন্ন সংগঠনে এই সময়তে পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন কাৰ্যসূচীৰে ধৰিত্ৰী সপ্তাহ পালন কৰে।

ইফালে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰিত্ৰী দিৱস উদযাপন কৰা হয় । ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে গছ পুলি ৰোপন কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে ধৰিত্ৰী দিৱস সন্দৰ্ভত কয় যে এই দিনটোত আমি আমাৰ গ্ৰহটোৰ সুৰক্ষাৰ বাবে আমাৰ প্ৰতিটো কাম কৰাৰ প্ৰতিশ্ৰুতি দিওঁ। কিয়নো, একেলগে, আমাৰ 'আমাৰ পৃথিৱী পুনৰুদ্ধাৰ' কৰাৰ শক্তি আছে।

নাৰেংগীৰ বন্দাজানতো এই দিৱস পালন কৰা হয় । এই দিৱস পালনৰ কাৰ্যসূচীত চিচিএফৰ অধ্যক্ষ এ এম সিং, জিএমডিএৰ উপদেষ্টা জে এন খাটানিয়াৰ, ডিএফঅ' শ্ৰীযুত ভাস্কৰ ডেকা আৰু অন্যান্য প্ৰকৃতি প্ৰেমীসকল উপস্থিত থাকে । বৃহস্পতিবাৰে ৰাতিপুৱা ৯ বজাত বৃক্ষ ৰোপন কৰি এই দিৱস উদযাপন কৰে।

নাৰেংগীৰ বন্দাজানত বিশ্ব ধৰিত্ৰী দিৱস উদযাপন

পৰিবেশৰ প্ৰতি সচেতনা আমাৰ বাবে অতি প্ৰয়োজন । সমগ্ৰ বিশ্বৰ এক চিন্তাৰ কাৰন হৈছে গোলকীয় উষ্ণতা । এই গোলকীয় উষ্ণতাৰ বাবে বিশ্বৰ উন্নত দেশ সমূহেই প্ৰাধনকৈ দায়ী । প্ৰকৃতিক ধংশ কৰি গঢ়ি তোলা হৈছে উদ্যোগ । যাৰ ফলত বিশ্বত হ্ৰাস পাইছে গছ গছনিৰ সংখ্যা । উদ্যোগীকৰনৰ বাবে এক বিৰুপ প্ৰভাবে আমাৰ পৰিবেশতো বিভিন্ন ধৰনে প্ৰভাৱ পৰিছে ।

ইপিনে অৰণ্যই প্ৰাকৃতিক পৰিৱেশত এক বিশেষ ভাবে অৰিহণা যোগায়। অৰন্যই চৌপাশৰ বায়ু বিশুদ্ধ কৰি ৰখাৰ ওপৰিও শিতল কৰি ৰাখে । অৰন্যই বৃষ্টিপাততো এক বিশেষ ভাবে প্ৰভাৱ পেলায়। জধে-মধে গছ-গছনি কাটি তহিলং কৰা প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰৰ এটি জ্বলন্ত উদাহৰণ।

ইফালে অৰন্য ধ্বংস কৰি নগৰীকৰণৰ দিশত অগ্ৰসৰ হোৱাৰ প্ৰৱণতা হ্ৰাস কৰাৰ প্ৰয়োজন । কিয়নো ইয়াৰ যোগেও প্ৰাকৃতিক ভাৰসাম্যতাৰ ক্ষেত্ৰত অধিক প্ৰভাৱ পৰিব । সেয়ে এই ক্ষেত্ৰত সকলোৱে সজাগ হোৱাৰ প্ৰয়োজন ।

বিশ্বৰ সৰ্ববৃহৎ চাৰ্জ ইঞ্জিন গুগুলেও বিশ্ব ধৰিত্ৰী দিবস উপলক্ষে এক সজাগতা সৃষ্টি কৰিছে ।বৃহস্পতিবাৰে এই উপলক্ষে, গুগলে ইয়াৰ হোমপেজত এগৰাকী মহিলাই ডাঙৰ গছৰ তলত কিতাপ পঢ়ি থকাৰ এটা ডুডল প্ৰকাশ কৰে ।

আনহাতে তেওঁৰ ছোৱালীয়ে এটি গছপুলি ৰোপণ কৰিবলৈ কঢ়িয়াই আনিছে । ডুডলৰ এটা ভিডিঅ'ত দেখুওৱা হৈছে যে মানুহে তেওঁলোকৰ ডেকা সকলক গছ ৰোপণ কৰিবলৈ শিকাইছে, যিটো এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰা এটা শিক্ষা।

পৰিৱেশ সন্দৰ্ভত আমি সচেতন হোৱাৰ অত্যন্ত প্ৰয়োজন । পৰিৱশ সন্দৰ্ভত আমি যদি সচেতন নহও, তেতিয়া হ'লে এই পৰিৱেশে আমাৰ বাবে এক অনাকাংক্ষিত ভৱিষ্যত কঢ়িয়াই আনিব । সেয়ে বৃক্ষ ৰোপনৰ ক্ষেত্ৰত চৰকাৰৰ লগতে জনসাধাৰণেও গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in