ভৰলুমুখত গোপনে চলিছে নিৰ্মাণ! জ্যেষ্ঠ নাগৰিক ৰাজপথত কিয় …

ভৰলুমুখত গোপনে চলিছে নিৰ্মাণ! জ্যেষ্ঠ নাগৰিক ৰাজপথত কিয় …

নিঃশেষ হব ভৰলুমুখৰ সমীপৰ লুইতৰ পাৰৰ মনোমোহা শ্ৰীমন্ত শংকৰদেৱ উদ্যান আৰু মহাবীৰ জৈন উদ্যানৰ পৰা দেখা পোৱা সেই নৈসৰ্গিক দৃশ্যৰ। ৰজাঘৰীয়াৰ এই কামক লৈ প্ৰতিবাদত নামিছে বয়োজ্যেষ্ঠ নাগৰিকসমাজ। সম্পূৰ্ণ ঘটনাক্ৰমৰ বিষয়ে পঢ়ক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কে যুগুটোৱা এই বিশেষ প্ৰতিবেদনত…

হঠাতে ভৰলুমুখৰ সমীপৰ লুইতৰ পাৰৰ মনোমোহা শ্ৰীমন্ত শংকৰদেৱ উদ্যান আৰু মহাবীৰ জৈন উদ্যানত টিনপাতৰ বেৰা দিছে কোনে। ভৰলুমুখত কাছাৰী অভিমুখে ঘুৰিলেই লুইত পাৰৰ মনোমোহা দৃশ্য আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি চকুত পৰা এই অঞ্চলটোত উদ্যান দুখন ভেটি টিনপাতৰ বেৰা দিয়াৰ পিছতে গৰ্জন কৰি উঠিছে শান্তিপুৰ, ভৰলুমুখ, সাঁতগাঁও, ফাচীঁবজাৰ আদি অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলে।

যোৱা দুটা দিনত নিতৌ পুৱা ওলাই খোজকঢ়া অথবা দৌৰি শৰীৰচৰ্চাৰ জৰিয়তে সুস্থ হৈ থাকিব খোজা বহু সংখ্যক ৬০ উৰ্ধৰ লোকে পৰিকল্পনাহীনভাৱে দুৰ্জনকৈ মহাপুৰুষৰ নামত প্ৰতিষ্ঠিত মনোমোহা উদ্যানখন এনেদৰে ৰাইজৰ পৰা কাঢ়ি লব খোজা কাৰ্যৰ বিৰুদ্ধে সংগবদ্ধ প্ৰতিবাদো কৰিছে। প্ৰতিবাদী জ্যেষ্ঠ নাগৰিকসকলৰ অভিযোগ হল- ঐতিহ্যপূৰ্ণ আৰু মহানগৰীত প্ৰৱেশৰ মূৰ্হুততে বৰলুইতখনৰ সৈতে সুন্দৰ এক নৈসৰ্গিক দৃশ্য বহনকাৰী এই অঞ্চলটোত যাত্ৰীবাহী বাছ ৰখাবৰ বাবে এনেদৰে দুয়োখন উদ্যানৰ দুটা বিশেষ অংশ অধিগ্ৰহণ কৰি পথৰ দাঁতিত বাছ ৰোৱা স্থান সম্প্ৰসাৰণৰ পৰিকল্পনাৰে এই কাৰ্য কৰিছে লোকনিৰ্মাণ বিভাগ, মহানগৰ প্ৰশাসন আৰু গুৱাহাটী মহানগৰ উন্নয়ন নিগমে।

কেৱল সেয়ে নহয়, শান্তিপুৰৰ পৰা উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ ওপৰত নিৰ্মীয়মান দলঙখনলৈ কাছমাৰীঘাটৰ সমীপৰ পৰাই আন এক সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যও দ্ৰুত গতিত চলিছে। অভিযোগমতে, মূল দলঙখনৰ নক্সা আৰু প্ৰকল্পৰ প্ৰতিবেদন চৰকাৰে যেতিয়া সদৰি কৰিছিল সেইসময়ত কাছমাৰীঘাট সংযোগী সেতুখনৰ নক্সা সদৰি কৰা নাছিল। এতিয়া হঠাতে উদ্যান দুখনত বাছ ৰখা স্থানৰ নামত আস্থান সদৃশ বৃহত এলেকা নিৰ্মাণ কৰিবলৈ লোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ মূল দলং সংযোগী উপসেতু নিৰ্মাণৰ দৃশ্যই এলেকাটোৰ নৈসৰ্গিক দৃশ্য, ঐতিহ্য সকলো নিশেষ কৰাটো নিশ্চিত হৈছে।

কিয়নো দুজনকৈ মহাপুৰুষৰ নামত উতসৰ্গিত আৰু পুৱা গধুলি নিৰ্মল বায়ু সেৱনৰ লগতে খোজ কঢ়া, দৌৰা,শৰীৰ চৰ্চা কৰা সকলোৰে বাবে এই অঞলটোত লুইতৰ পাৰৰ পৰা সিপাৰে দৌল গোবিন্দ, কামাখ্যাস্থিত নীলাচল পাহাৰ, উমানন্দ আদিৰ মনোমোহা ৰূপ দৰ্শনৰ যি সুযোগ ৰাইজে পাইছিল সেয়া সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব। আনহাতে শংকৰদেৱ উদ্যানৰ এটা মূৰত মণিৰাম দেৱান, পিয়লি ফুকন, ভোগেশ্বৰী ফুকননীকে ধৰি দেশৰ স্বাধীনতা সংগ্ৰামৰ ৮অগ্ৰণী শ্বহীদ সেনানীৰ প্ৰতিমূৰ্তি থকাৰ বিপৰীতে আনটো কাছমাৰী ঘাটৰ সমীপতে আছে মোগলৰ বিৰুদ্ধে মৰণপণ যুজ দি অসমক ৰক্ষা কৰা বীৰ লাচিতৰ প্ৰতিমূৰ্তি।

কিন্তু শাসনত থকা যিখন চৰকাৰে কথাই প্ৰতি দেশৰ স্বাধীনতাৰ সেনানীৰ কথা কয়, মোগলৰ অগ্ৰাসন ৰোধৰ বাবে লাচিতৰ অৱদানৰ কথা উল্লেখ কৰে, শংকৰদেৱক দেশৰ নৱবৈষ্ণৱ আন্দোলনৰ সৰ্বশ্ৰেষ্ঠ গুৰু বুলি স্বীকাৰ কৰাৰ লগতে হিন্দু ধৰ্মৰ বিভিন্ন শাখাৰ গুৰুসকলৰ নাম সঘনাই উচ্ছাৰণ কৰে। তেনে এখন চৰকাৰৰ দিনত কাছাৰীৰ পৰা ভৰলুমুখলৈ লুইতৰ পাৰৰ সকলো সৌন্দৰ্য, ঐতিহ্য আৰু এইসকল মহামনীষৰ গৰিমা নিচ্ছিন্ন কৰি বাছ ষ্টেণ্ড অথবা লিংক ব্ৰীজ নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক লৈ অতি স্বাভাৱিকভাৱে অঞ্চলবাসী বাৰুকৈয়ে ক্ষুন্ন। ৰাইজৰ অভিযোগমতে কাছমাৰী ঘাটৰ দুয়োকাষে লুইতৰ পাৰত দুটাকৈ স্থান ইতিমধ্যে স্থায়ী কাৰ পাৰ্কিঙৰ বাবে এচামে দখল কৰি লৈছে।

ইয়াৰ বিপৰীতে ফাচী বজাৰ থানাৰ লগতে বিশাল এক এলেকা কেইবাবছৰ পূৰ্বে ইলেক্টিফাইট কাৰ পাৰ্কিঙৰ বাবে অধিগ্ৰহণ কৰি এটা বহিৰাগত প্ৰতিষ্ঠানত ৪০ কোটী টকীয়া ঠিকা প্ৰদান কৰা হৈছিল যদিও অৰ্ধনিৰ্মিত অৱস্থাতে এই পাৰ্কিং বছৰ বছৰ ধৰি পৰি আছে। ইয়াৰ কাষৰো এটা অংশত অনানুষ্ঠিকভাৱে চলি আছে আন এক বৃহত কাৰ পাৰ্কিং যত বৰ্ধিত দৰত লেচিয়ে পাৰ্কিং ফ্ৰীছ আদায় কৰে। এনেদৰে ফাঁচী বজাৰৰ আৰ জি বৰুৱা ৰোডৰ ইপাৰৰ বৃহত এলেকা আননুষ্ঠানিকভাৱে ব্যৱসায়িক চক্ৰৰ হাতত গতাই দি এতিয়া নতুনকৈ ঐতিহ্যপূৰ্ণ উদ্যান ধ্বংস কৰি বাছ ষ্টপেজ নামৰ আস্থান নিৰ্মাণ কৰিবলগীয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বৃহস্পতিবাৰেও পুৱা ৭বজাৰ পৰা প্ৰতিবাদী জ্যেষ্ঠ নাগৰিকসকলে মানৱ শৃংখলৰ জৰিয়তে এয়া শীঘ্ৰে বন্ধ কৰাৰ বাবে দাবী জনায়।

এই প্ৰতিবাদী কাৰ্যসূচীত উত্থাপিত দাবীসমূহ হল-

১,শঙ্কৰদেৱ উদ্যানৰএটা অংশ অধিগ্ৰহণ কৰা নচলিব।
২.শঙ্কৰদেৱ উদ্যান ধ্বংস কৰা কাৰ্য্য বন্ধ কৰক।
৩.শঙ্কৰদেৱ উদ্যানত গছ-গছনি কটা নচলিব।
৪. শঙ্কৰদেৱ আৰু আজান- পীৰ উদ্যানৰ উন্নয়নৰ ব্যৱস্থা কৰক।
৫. শঙ্কৰদেৱ পাৰ্কৰ ভিতৰত প্ৰস্তাবিত নিৰ্মাণ কাৰ্য্য বন্ধ কৰক।

আজিৰ কাৰ্যসূচীতেই উদ্যোগতা সকলে জানিব দিয়ে যে উদ্যানৰ মাটিত কৰা অধিগ্ৰহন তথা প্ৰস্তাবিত নিৰ্মাণ কাৰ্য্য অতি সোনকালে বাতিল কৰাৰ দাবী জনাই ইতিমধ্যে -গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী মহোদয়, স্হানীয় বিধায়ক, জিলা উপায়ুক্ত, GMDAৰ মূখ্য কাৰ্যবাহী বিষয়া, সংশ্লিষ্ট PWD(Road)ৰ অভিযন্তা, বন বিভাগৰ DFO, লৈ স্বাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে।

প্ৰণিধানযোগ্য যে, এসময়ত ভূপেন হাজৰিকাৰ নশ্বৰ দেহৰ সতকাৰৰ বাবে এই স্থান চৰকাৰে নিৰ্ধাৰণ কৰিছিল যদিও পৰৱৰ্তীসময়ত ৰাইজৰ বিপুল দাবীত এলেকাটোৰ ঐতিহ্য আৰু সৌন্দৰ্য ৰক্ষাৰ স্বাৰ্থতে আছুৰ ততপৰতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা আগবঢ়োৱা বৰ্তমানৰ স্থানলৈ সুধাকন্ঠৰ অন্ত্যোষ্টেক্ৰিয়াৰ স্থলী স্থানান্তৰিত কৰা হয়।

আজি এই প্ৰতিবেদকে ঘটনাস্থলীৰ ছবি সংগ্ৰহ কৰিবলৈ যাওতে অতি আশ্বৰ্যজনকভাৱে লুইতৰ বুকুত দলং নিৰ্মাণ সংস্থাৰ এগৰাকী নিৰাপত্তাৰক্ষীয়ে সহযোগীক লগত লৈ দাবী-ধমকিৰে আমাক ধৰি তেওঁলোকৰ কাৰ্যালয়লৈ লৈ যায়। কাৰ্যালয়ত কেমেৰাৰ পৰা সেই অঞ্চলৰ পৰা সংগ্ৰহ কৰা ছবিসমূহ ডিলিট কৰি দিয়াৰ বাবেও হেঁচা প্ৰয়োগ কৰে। নিজকে ৰাষ্ট্ৰীয় বাতৰিকাততৰ প্ৰখ্যাত সাংবাদিক জনৈক বৰুৱাৰ পুত্ৰ বুলি পৰিচয় দি বহু তৰ্জন-গৰ্জন কৰি ভৱিষ্যতে তালৈ নাযাবলৈও আমাক সকিয়াই দিয়াৰ চেষ্টা কৰে।

এইখিনিতে প্ৰশ্ন হয়, ৰাইজৰ ধনেৰে ৰাজহুৱা দলং নিৰ্মাণৰ কাৰ্য চোৱাও অধিকাৰ অসমত নোহোৱা কৰিব খোজা হৈছে নেকি? যাৰ পৰা সাংবাদিকসকলেও ৰেহাই নোপোৱা এনে এক অৱস্থাৰ সৃষ্টি হৈছে। পিছে কিহৰ স্বাৰ্থত এই গোপনীয়তা। চৰকাৰী ধনৰ লুন্ঠন, সম্পদৰ ধ্বংস নে সচাঁকৈয়ে বিষয়াজনৰ মুখেৰে ওলোৱাৰ দৰে ঠিকা ৰূপায়নৰ নিৰাপত্তাৰ স্বাৰ্থত!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in