শেহতীয়া খবৰ
লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী...  •  লকডাউনৰ মাজতে দৈগ্ৰোঙত অগ্নিকাণ্ড...  •  দৰঙত ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি থকা ৯ জামাতৰ সদস্যক আটক...  •  সন্ধিয়া ৭ বজালৈ কোৰোনা ভাইৰাছত ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  সন্ধিয়া ৭ বজালৈ কোৰোনা ভাইৰাছত ক’ত কিমান লোক আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পোৱাৰ সন্দৰ্ভত কি ক’লে স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিবে...  •  নিশা ৯ বজাত লাইটৰ চুইচ অফ কৰাৰ আগতে শুনি লওঁক এই ঘোষণা, VIDEO  •  ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ মন্ত্ৰী-সাংসদৰ পৰা কি সহায় বিচাৰিলে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে...  •  নিশা মম বা চাকি জ্বলোৱাৰ পূৰ্বে সাৱধান! কৰি লওঁক এই কাম...

‘অ’ ঘৰচিৰিকা, মোৰ চোতালত ওমলহি’ বুলি ক’বলৈ সুস্থ হৈ নাই তেওঁ…

634

কুশলে আছেনে তেওঁ? খবৰ ল’বলৈ গৈছিলো ‘কল্প লোক’লৈ। কেনে আছে লোক সংগীতৰ সাধক, অসম সাহিত্য সভাৰ সভাপতি, অধ্যাপক বীৰেন্দ্ৰ নাথ দত্ত। এই সন্দৰ্ভত এক প্ৰতিবেদন।

মৃদুল কুমাৰ সন্দিকৈ

কুশলে আছেনে তেওঁ? বহুদিন ৰাজহুৱা স্থানত তেওঁক কোনেও দেখা নাই। অথচ ফটফটীয়া বগা কুৰ্তা আৰু চুৰিদাৰ, কান্ধত এটা কাপোৰৰ মোনা ওলমাই ঘূৰি ফুৰা এই প্ৰভাতপ্ৰতীম ব্যক্তিগৰাকী আছিল সকলোৰে চিনাকি।

অসমীয়া লোকসংগীতৰ সাধক আৰু গৱেষক, অধ্যাপক, সুসাহিত্যিকতেই তেওঁৰ পৰিচয় সীমাৱদ্ধ হোৱা নাই। তেওঁৰ কন্ঠৰে নিগৰে সেই চিৰসেউজ গীতবোৰ আজিও শুনিলে উজাই আহে অতীতৰ সোণালী স্মৃতি।

ঘৰচিৰিকা, বকুল, সৰু কণমানি ছোৱালীজনীক লৈ গোৱা সেই কালজয়ী গীতবোৰ কোনে পাহৰিব পাৰে? বহুদিন বকুলৰ মালা গঁথা নাই, অ’ ঘৰচিৰিকা, চম্পাৱতী তোমাৰ ঘাটত চপালো মোৰ নাও, ৰহিমলা বেৰৰ জুলুঙাৰে, সৌ শীৰিষ ডালত বহি এজনী চৰাই, আহিনক কোনে আনে, অ ধুন ধুনীয়া আদি ক’ত বহু চিৰপৰিচিত গীত তেওঁৰ কন্ঠত বাণীবদ্ধ হৈছিল।

তেওঁ এজন নীৰৱ সাধক…

১৯৩৫চনৰ ১ মাৰ্চত জন্ম হৈছিল তেওঁৰ। ৮৫ বছৰ অতিক্ৰম কৰিছে ইতিমধ্যে। নগাঁৱত জন্মগ্ৰহণ কৰা এই সাহিত্য-সংগীত আৰু লোকশিল্পৰ গৱেষক তথা সাধকগৰাকীৰ পিতৃৰ নাম আছিল কল্পনাথ দত্ত আৰু মাতৃৰ নাম মন্দাকিনী দত্ত।

তেওঁলোকৰ মুল ঘৰ আছিল বাইহাটা চাৰিআলিত। গুৱাহাটীৰ চেনীকুঠি এল পি স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি গুৱাহাটী আৰু গোৱালপাৰাত তেওঁ অধ্যয়ন কৰিছিল। সেই সময়ত মেট্ৰিক পৰীক্ষাত প্ৰথম ১০টা স্থানৰ ভিতৰত স্থান লাভ কৰাৰ লগতে তেতিয়াৰ ইন্টাৰমেডিয়েট পৰীক্ষাৰ বিজ্ঞান শাখাতো অসমৰ ভিতৰতে স্থান লাভ কৰিছিল। তেওঁ। তাৰপিছত বিশ্বভাৰতীত স্নাতক ডিগ্ৰী লৈছিল কলা শাখাত।

পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিস্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। ১৯৫৭চনত তেওঁ বি বৰুৱা কলেজত শিক্ষকতা জীৱন আৰম্ভ কৰে। ১৯৬৪চনত তেওঁ গৌৰীপুৰৰ কমথেছ বৰুৱা কলেজত প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে দায়িত্ব লৈছিল। ইয়াৰোপৰি তেওঁ গোৱালপাৰা আৰু পাণ্ডু কলেজতো অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৭৪চনত লোক সংগীতক বিষয় ৰূপে লৈ প্ৰফুল্ল দত্ত গোস্বামীৰ অধীনত ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে। ১৯৭৯চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰিডাৰ হিচাপে যোগদান কৰি ডিপাৰ্টমেন্ট অৱ লোকসংগীত বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰি ১৯৯৫চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।

কুশলে আছেনে তেওঁ…

অৱসৰৰ পাছতো অনুৰোধ মৰ্মে কিছুদিন তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ত ট্ৰেডিশ্যনেল কালছাৰ এণ্ড আৰ্টছ ফৰ্মৰ অধ্যাপক হিচাপে যোগ দিছিল। সংগীত জগতখনলৈ তেওঁ সুৰীয়া কণ্ঠৰে অৱদান আগবঢ়োৱাৰ লগতে লোক সংগীতৰগৱেষণাৰ দিশত অন্যতম উল্লেখযোগ্য আছিল তেওঁ।

তেওঁ কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰিছে। গীতিকাৰ আৰু কন্ঠশিল্পী হিচাপে তেওঁৰ প্ৰতিষ্ঠা মন কৰিব লগা। কম সংখ্যক নিৰ্বাচিত গীতেৰে তেওঁ শ্ৰোতাৰ মন মোহিছিল। ১৯৬১চনত তেওঁ দুটা গ্ৰামফোন ৰেকৰ্ড মুকলি হৈছিল।

অনাতাৰ কেন্দ্ৰৰ বাবেও তেওঁ যথেষ্ট সংখ্যক গীত গাইছিল। তেওঁৰ পাহৰিব নোৱাৰা গীতসমূহৰ ভিতৰত আছে মনৰ খবৰ, তোমাৰ কাৰণে যাওঁ, মৌ দাপোনৰ, শ্বিতা বনবাস, বগলী বগা ফুট দি যা, জিলিৰ মাতে, বৰষা তোমাৰ , আকাশে বতাহে, আকাশ আমাক অকণি আকাশ দে ইত্যাদি।

ব্ৰজেন বৰুৱাই পৰিচালনা কৰা অসমীয়া ছবি স্মৃতি পৰশৰ বাবেও তেওঁ গাইছিল গীত। ২০০৯চনত তেওঁক আগবঢ়োৱা হৈছিল পদ্মশ্ৰী সন্মান। ২০১০চনত হৰমোহন দাস সাহিত্য সন্মান লাভ কৰিছিল তেওঁ। ২০১৭চনত তেওঁক বৰ্তমানৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আগবঢ়োৱা ২০১৭ বৰ্ষৰ এচিভাৰ্ছ এৱাৰ্ড প্ৰদান কৰা হৈছিল।

২০১৭ চনৰ ৪ ডিচেম্বৰত উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে বীৰেন্দ্ৰ নাথ দত্তক সাদিন-প্ৰতিদিন গোষ্ঠীৰ ২০১৭ বৰ্ষৰ এচিভাৰ্ছ এৱাৰ্ড প্ৰদান কৰা মুহূৰ্তত…

২০০৩চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছিল। সেইবাৰ সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত হৈছিল লখিমপুৰত। ২০০৪চনতো হোজাই অধিবেশনত তেওঁৱে আছিল এই জাতীয় অনুষ্ঠানটোৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা সভাপতি।

শল্পভাষী এই গুণী আৰু সকলোৰে শ্ৰদ্ধাৰ মহীৰূহৰ খবৰ ল’বলৈকে ওলাইছিলোগৈ তেখেতৰ ঘৰ। শিলপুখুৰীৰ সৰু গলিটোৰে গৈ উপস্থিত হৈছিলোগৈ পৰিচিত সেই ঘৰখনত। বগা গেটখন আগৰ দৰেই আছে। গছ-লতা চৌপাশে এক বিনন্দীয়া পৰিৱেশ। মহানগৰীৰ মাজমজিয়াত এনে এক পৰিৱেশ কল্পনাই কৰিব নোৱাৰি।

বীৰেন্দ্ৰ নাথ দত্তৰ বাসগৃহ ‘কল্প লোক’…

ঘৰ নহয় যেন সেয়া এখন আশ্ৰমহে। আৰু সেই আশ্ৰমত থাকে এইগৰাকী মহীৰূহ। প্ৰথম গেটখন খুলি দ্বিতীয় গেটখনেৰে সোমাই গৈ কলিং বেলটো টিপিলো। এগৰাকী মহিলায়ে আহি দুৱাৰ খুলি দিলে। আগতে থকাৰ দৰেই ঘৰৰ বাৰান্দাত বেটৰ চকী আৰু এক পৰিচ্ছন্ন চৌপাশ। সকলোবোৰ একেই আছে। কেৱল ঠিকে নাই তেওঁ। তেওঁৰ সহধৰ্মীনি ইভা বৰুৱা ওলাই আহিল। ক’লে- তেওঁ কিছু বিশ্ৰাম লৈ আছে। কিন্তু আমাক নিৰাশ নকৰিলে। লৈ গ’ল তেওঁৰ কাষলৈ।

সহধৰ্মীনিৰ সৈতে বীৰেন্দ্ৰ নাথ দত্ত…

ঘৰৰ নম্বৰ ১০৪। জিএনবি ৰোডৰ চন্দ্ৰকলা বৰুৱা উপ-পথৰ ‘কল্প লোক’ নামৰ এই ঘৰটোৰ ভিতৰৰ কোঠাৰ এখন বিচনাত তেওঁ শয্যাশয়ী। তেওঁৰ বিচনাৰ কাষত গৈ থিয় হ’লো। শয্যাশয়ী হৈ থাকিলেও কাষৰ টেবুলখনত ঔষধৰ বটলবোৰৰ সৈতে কেইখনমান কিতাপ।

অত্যন্ত পৰিপাতি আৰু নিয়মানুৱৰ্তী আছিল তেওঁ। সময়ক তেওঁ বুজিছিল। অযথা কথাত তেওঁ সময়ৰ অপব্যয় নকৰিছিল। সেয়া তেওঁৰ স্বভাৱ। কোনোবাই বেয়া পালেও তেওঁ নিজৰ ভেটিৰ পৰা বিচলিত হোৱা নাছিল। বিতৰ্কৰ পৰা তেওঁ সদায় আতৰত আছিল।

তেওঁৰ মনত কোনো দিনেই অহংকাৰ নাছিল। কিন্তু তেওঁ সদায় নীৰৱে সাধনা কৰিব বিচাৰিছিল। আমাক দেখি তেওঁ সুধিলে কুশল বাৰ্তা। ক’লে- ‘মোৰ ৮৫ বছৰ হৈছে নহয়, এয়া এনেকৈয়ে আছো। উঠিব নোৱাৰো। ’

কন্ঠত সেই গীতৰ দৰেই মধুৰ স্বৰ। আঠুৱাখনৰ এটা মূৰ তুলি দিলে। তেওঁ মূৰটো উলিয়াই কিছু সময় আমাৰ সৈতে কথা পাতিলে। তেওঁক দিবলৈ এখন কিতাপ লৈ গৈছিলো। আগ্ৰহেৰে সেইখন ল’লে। তাৰপাছত ক’লে- ‘আশীৰ্বাদ দিছো কুশলে থাকা। এয়া ৮৫ বছৰীয়া এজন বৃদ্ধৰ আশীৰ্বাদ।’

প্ৰতিটো শব্দ বাখৰৰ দৰে যেন খৰি পৰিছিল তেওঁৰ মুখৰ পৰা। কিছু সময় সেই ঠাইত থাকি দুই-এষাৰ ভাব-বিনিময় কৰি তেওঁৰ কোঠাৰ পৰা উভতি আহিলো। তাৰ পাছত বাইদেউ অৰ্থাৎ তেওঁৰ সহধৰ্মীনি ইভা বৰুৱাই ক’লে তেওঁৰ অসুস্থতাৰ কথা।

বিচনাই এতিয়া তেওঁৰ সংগী…

দুবছৰ ধৰি তেওঁ শয্যাশয়ী। বিচনাতেই থাকিব লাগে। তেওঁ পৰিছিল ঘৰৰ চৌহদত। কঁকালত দুপ পাইছিল। সেই যে বিচনাখন সংগীত হ’ল, তাৰপাছত তেওঁ বিচনাৰ পৰা উঠিবই নোৱাৰা হ’ল। গুৱাহাটীতে চিকিৎসকক দেখুৱাইছিল। চিকিৎসকে ক’লে- এমাহ বেড ৰেষ্ট ল’লে তেওঁ ঠিক হ’ব। কিন্তু সেই দিনটো নাহিল।

দিনটো ঘৰৰ মানুহবোৰেই তেওঁক ইফালে সিফালে নিয়ে। ৰাতি ইহাত-সিহাত কৰিবলৈ কষ্ট হয়। সেয়েহে নিশা থকাকৈ এজন ল’ৰা আহে। তেওঁৱেই তেওঁক আলপৈচান ধৰে। এদিন সুৰীয়া কন্ঠৰে, লোক সংগীতৰ সাধনাৰে সকলোকে আলপুত কৰা সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা এই মহীৰূহগৰাকী এতিয়া শয্যাশয়ী। বহুতে নাজানে তেওঁৰ এই অসুস্থতাৰ খবৰ। মনৰ উদ্যম তেওঁ হেৰুওৱা নাই। খালী কঁকালখনৰ বাবে তেওঁ উঠিব নোৱাৰে।

বীৰেন্দ্ৰ নাথ দত্তৰ পুৰণি দিনৰ এখন আলোকচিত্ৰ…

দুবছৰ ধৰি এইদৰে বিচনাতেই পৰি আছে তেওঁ। অথচ এই মানুহজনেই সুস্থ হৈ থাকোতে কান্ধত মোনাখন লৈ মুক্তমনে ঘূৰি ফুৰিছিল ইফালৰ পৰা সিফাললৈ। গাইছিল সেই জনপ্ৰীয় গীতসমূহ। এতিয়াও সেই গানবোৰ শুনিলে মনত ভাহি আহে তেওঁৰ প্ৰশস্থিৰে ভৰা মুখখন। এমুকুৰা হাঁহি লৈ অত্যন্ত বিনম্ৰতাৰে মাত এষাৰ দিয়া, লোক সংগীতৰ গৱেষণা, সাহিত্য-সংস্কৃতিত জীৱন উৎসৰ্গা কৰা বহুদিন বকুলৰ মালা গঁথা নাই বুলি সুৰৰ মাজত অতীতক সাঁচি থোৱা, ঘৰচিৰিকাক মুখত দুডাল দুৱৰি লৈ চোতালত ওমলিবলৈ মতা বীৰেন্দ্ৰ নাথ দত্ত অসুস্থ। তেওঁৰ অসুখৰ দুবছৰ হ’ল। ক’ত দিন-ৰাতি পাৰ হ’ল। হয়তো খবৰ ৰাখিবলৈহে আমাৰ কাৰোৰে আজৰি নহ’ল…

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি