ৰে’লপথৰ দাতিত ন’লা বন্ধ কৰি বনোৱা শ শ অবৈধ ঘৰৰ নিষিদ্ধ বেহা, ৰে’লগেটৰ চকীদাৰৰ আৱাসতো অবৈধ গুদাম…vIDEO

ৰে’লপথৰ দাতিত ন’লা বন্ধ কৰি বনোৱা শ শ অবৈধ ঘৰৰ নিষিদ্ধ বেহা, ৰে’লগেটৰ চকীদাৰৰ আৱাসতো অবৈধ গুদাম…vIDEO

ডিজিটেল ডেস্কৰ প্ৰতিবেদনঃ উত্তৰ পূব ৰেলৰ সদৰ কাৰ্যালয় গুৱাহাটীতে মহানগৰীৰ ইমূৰৰ পৰা সিমূৰলৈ ৰেল পথৰ দুয়োদাঁতিৰ বৃহত পৰিমাণৰ ভূমিত দীৰ্ঘদিন ধৰি চলি আছে অবাধ বেদখল। পৌৰ নিগম, ৰে'ল কৰ্তৃপক্ষ আৰু আৰক্ষীৰে সহযোগত এই এলেকাটোত কেইগৰাকীমান বিশেষ বিষয়া আৰু মাফিয়াৰূপী দালালৰ পৃষ্ঠপোষকতাতে বৃহত পৰিমাণৰ ৰেল বিভাগৰ অন্তৰ্গত আৰু বিভিন্ন অংশৰ চৰকাৰী ভূমিত সৰু-বৰ অসংখ্য লোকে অবৈধভাৱে পকীঘৰ আৰু জুপুৰী সাজি বসবাস কৰি আছে।

একাংশ লোকে আকৌ টিনপাতৰ বেৰা আৰু চালিৰে দীঘল গুদামসদৃশ ঘৰ নিৰ্মাণ কৰি মহানগৰীত ঠেলা-ৰিক্সা চলাই পেট প্ৰৱৰ্তোৱা লোকক এনিশাৰ বাবে এখন খাটত শুই নিশা কটোৱাৰ সুবিধা প্ৰদান কৰি আহিছে। এনে অবৈধ দখল থলীবোৰত ৰেলগেটৰ চকীদাৰৰ পৰিত্যক্ত কোৱাৰ্টাৰসমূহো পৌৰনিগমৰ জাঁবৰ সংগ্ৰহকাৰী ট্ৰাকেৰে কঢ়িয়াই নিয়া খালী বটলৰ বস্তাৰ গুদামত পৰিণত হৈছে।

মহানগৰ প্ৰশাসনৰ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু ৰেলৰ শীৰ্ষ মহলৰ জ্ঞাতসাৰেই এনে অবৈধ ঘৰবোৰত বসবাস কৰা লোকসকলৰ মাজত একাংশ চুৰি-ডকাইটি আৰু বিভিন্ন নিষিদ্ধ সামগ্ৰীৰ বেহাৰে জড়িত লোকেও বসবাসৰ কৰাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে। কিন্তু নিৰ্দিষ্ট কিছু দালালৰ জৰিয়তে সংশ্লিষ্ট বিভাগকেইটাৰ একাংশ লোভী বিষয়া-কৰ্মচাৰীয়ে নিয়মিতভাৱে নিৰ্ধাৰিত ধন লাভ কৰি অহাৰ বাবেই এইবোৰৰ উচ্ছেদৰ ক্ষেত্ৰত কোনোদিনেই ব্যৱস্থা লোৱা হোৱা নাই। সময়ে সময়ে এলেকাবোৰত আৰক্ষীয়ে তহল দিলেও অবৈধভাৱে নিৰ্মাণ কৰা ঘৰবোৰ উচ্ছেদ কৰাৰ বাবে প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

নাৰেংগীৰ ৰেল ষ্টেচনৰ পৰা কামাখ্যাগেট ষ্টেচনলৈ বিভিন্ন অংশত ৰেল পথৰ দাতিত এনেদৰে কেইবাশ অবৈধ ঘৰ নিৰ্মাণ কৰা হৈছে। যিবোৰৰ মাজত সাধাৰণ জুুপুৰীৰ লগতে পকীঘৰ, মন্দিৰ, মছজিদ আদিও আছে। কিছুদিনপূৰ্বে নুনমাটি অঞ্চলত ৰেল পথৰ দাতিৰ নলাৰ ওপৰতে পকীঘৰ নিৰ্মাণ কৰি লোৱা এনে একাংশৰ ঘৰ উচ্ছেদ কৰিবলৈ যাওতে আৰক্ষী-চি আৰ পিৰ সৈতে হতাহতি কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল। সেইসময়ত কেইটামান মাত্ৰ ঘৰৰ আধা অংশ চি আৰ পিৰ সহযোগত উচ্ছেদ কৰা হল যদিও বৃহত সংখ্যক অবৈধ ঘৰ আজিও একেদৰেই আছে।

ইফালে ৰেল পথৰ দাতিৰে বামুণীমৈদামৰ পৰা ভৰলুমুখ পৰ্যন্ত থকা নলাৰ ওপৰতে বৃহত সংখ্যক জুপুৰী তথা ঘৰ অবৈধভাৱে নিৰ্মাণ কৰি স্থায়ীভাৱে বসবাস কৰা এই লোকৰসকলৰ উচ্ছেদ কৰাৰ ক্ষেত্ৰত ৰেল কৰ্তৃপক্ষই অৱলম্বন কৰা নিৰ্বিকাৰ স্থিতিৰ বাবেই পৌৰনিগমৰ অধীনস্থ নলাতো চানমাৰি অঞ্চলৰ পৰা ভৰলুমুখলৈকে বিভিন্ন স্থানত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। যাৰবাবেই এজাক বৰষুণৰ ফলতে চানমাৰি, আমবাৰী, অনুৰাধা আদি অঞ্চলত ঘাইপথতো কেইবাঘন্টালৈ জলমগ্ন হৈ পৰে আৰু ৰাইজে হাৰাশাস্তি ভোগ কৰিব লগা হয়। তাতপৰ্যপূৰ্ণ কথা এয়ে যে, শিলপুখুৰী-গান্ধীবস্তি সংযুক্ত পথৰ মাজেৰে যোৱা ৰেলগেটৰ চকীদাৰৰ বাবে থকা পৰিত্যক্ত আৱাসগৃহ কেইটামানো এতিয়া পৌৰনিগমৰ দ্বাৰা নিয়োজিত সংস্থাৰ একাংশ কৰ্মীয়ে প্ৰতিদিনাই সংগ্ৰহ কৰা প্লাষ্টিক আৰু চিচাৰ খালী বটলৰ অস্থায়ী গুদামত পৰিণত হৈছে।

লক্ষ্যণীয়ভাৱে, এই আৱাসৰ কাষেৰে ৰেল পথটোৰ পাৰে পাৰে পৌৰনিগমৰে পৃষ্ঠপোষকতাত এটি পকীপথো কিছু দুৰলৈকে নিৰ্মাণ কৰা হৈছে। যাৰ পাৰে পাৰে আছে অসংখ্য অবৈধ আৱাসগৃহ আৰু পৌৰ নিগমৰ জাঁবৰ সংগ্ৰহ কৰা যান-বাহনে কঢ়িয়াই নিয়া খালী বটৰ বস্তাৰ গুদাম। ৰেল আলিৰ পাৰে পাৰেও প্ৰতিদিনাই এই বস্তাবোৰ জমা কৰি পৰৱৰ্তীসময়ত কিলো হিচাপত ৰিচাইক্লিং প্ৰতিষ্ঠানৰ এজেন্টক বিক্ৰী কৰা হয়।

অঞ্চলটোত খালী বটলৰ লগতে অন্যান্য নিষিদ্ধ সামগ্ৰীৰ বেহাত জড়িত লোকসকলক পৌৰনিগমৰে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে ৰক্ষণাবেক্ষণ দিয়ে বুলি অভিযোগ আছে। জনৈক হুচেইন উপাধিৰ এইগৰাকী লোকৰ সৈতে আকৌ ঘনিষ্ঠ সম্পৰ্ক আছে গুৱাহাটী পৌৰ নিগমৰ বুজৰবৰুৱা উপাধিৰ এগৰাকী অভিযন্তা আৰু ৰেল কৰ্তৃপক্ষৰ লগতে আৰক্ষীৰ একাংশ লোকৰ সৈতে। যাৰ সুবাদতে তেওঁ এই অঞ্চলত মাফিয়াৰ কায়দাৰে কিছু সংখ্যক বাহুৱাল আৰু উদণ্ড যুৱকক গাড়ীত তুলি লৈ অঞ্চলটোত বিচৰণ কৰি পৰোক্ষভাৱে ৰেল পথৰ দাতিত বসবাস কৰি নিষিদ্ধ বেহাৰে জড়িত লোকসকলৰ উতসাহ যোগোৱাৰ অভিযোগো আছে।

আন এক অভিযোগ মতে, হুচেইন উপাধিৰ লোকজনে এই অঞ্চলত তেওঁৰ সৈতে ঘনিষ্ঠতা থকা পৌৰ নিগমৰ বুজৰবৰুৱা উপাধিৰ অভিযন্তাগৰাকী অসমৰ দায়িত্বত থকা আৰ এছ এছ শীৰ্ষ নেতা বশিষ্ঠ বুজৰবৰুৱাৰ আত্মীয় বুলিও প্ৰচাৰ চলাই আৰক্ষীৰ লগতে একাংশ বিষয়া-কৰ্মচাৰীৰ উপৰি স্থানীয় লোক বশীভূত কৰাৰ চেষ্টা কৰি আহিছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন চিণ্ডিকেটৰ বিৰুদ্ধে অব্যাহত ৰখা কঠোৰ অভিযান গুৱাহাটীত মহানগৰীত ৰেল কৰ্তৃপক্ষৰ মাটি দখলেৰে নিষিদ্ধ বেহা চলোৱা চিণ্ডিকেটৰ বিৰুদ্ধেও সক্ৰিয় আৰু কঠোৰ হৈ উঠিব বুলি সকলোৱে আশা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in