ৰাজ্যৰ হিতাধিকাৰীৰ নামত আৱন্টিত এফ চি আইৰ চাউলৰ ৰমৰমীয়া চোৰাং বেহা বাংলাদেশ, ম্যানমাৰত…

ৰাজ্যৰ হিতাধিকাৰীৰ নামত আৱন্টিত এফ চি আইৰ চাউলৰ ৰমৰমীয়া চোৰাং বেহা বাংলাদেশ, ম্যানমাৰত…

এফ চি আইৰ পৰা বিভিন্ন আচনি ৰূপায়নৰ নামত আৱন্টিত হয় প্ৰতিমাহে ১.২৫লাখ মেট্ৰিকটন চাউল। সেই চাউলেৰে এতিয়া এচামে চলাইছে ৰমৰমীয়া চোৰাং বেহা। ৰাজ্যৰ হিতাধিকাৰীৰ নামত অহা এই চাউল কিনে ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চলত থকা বিদ্ৰোহী সংগঠনেও। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন…

ৰাজ্যত এতিয়া বিভিন্ন চোৰাং কাৰবাৰৰ চিণ্ডিকেট গঢ় লৈ উঠাতো সাধাৰণ কথা হৈ পৰিছে। শেহতীয়াকৈ চাউলৰ চোৰাং চিণ্ডিকেটৰে জড়িত ব্যৱসায়ীয়ে ৰাজ্যখনৰ হিতাধিকাৰীৰ নামত আৱন্টন হোৱা ভাৰতীয় খাদ্য নিগমৰ চাউল চুবুৰীয়া বিদেশী ৰাষ্ট্ৰত বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে।

কোভিডৰ সময়চোৱাত এই চক্ৰটোৱে অতি কৌশলেৰে বাংলাদেশ আৰু ম্যানমাৰলৈ লাখ লাখ কুইন্টল চাউল সৰবৰাহ কৰাৰ পাছতো চক্ৰটোৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই ৰাজ্য প্ৰশাসনে। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ হাতত পৰা তথ্য অনুসৰি ভাৰতীয় খাদ্য নিগমৰ অসম সংমণ্ডলে প্ৰতিমাহত ৰাজ্যখনৰ বাবে ১.২৫লাখ মেট্ৰিকটন চাউল কেৱল প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনতে আৱন্টন দিছে।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত কোভিডৰ বাবে ২০২১বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈকে বিনামূলীয়া চাউল বিতৰণৰ বাবে এই বৃহত পৰিমাণৰ চাউল এফ চি আয়ে মুকলি দিছে যদিও কাৰ্যত সেই চাউল হিতাধিকাৰীৰ নামত আৱন্টন কৰাই এক শক্তিশালী চক্ৰই বাংলাদেশলৈ চাউল সৰবৰাহ কৰি গৈছে বিনা বাধাই।

আনকি ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলত বাহৰ পাতি থকা বিদ্ৰোহী সংগঠনৰ শিবিৰো পাইছেগৈ এই চোৰাং চাউল। বজাৰ দৰতকৈ কম দামত উপলদ্ধ হোৱা বাবে এই চক্ৰটোৱে অতি সহজে চাউল সৰবৰাহ কৰিছে। এফ চি আয়ে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত ২.৪৯কোটি হিতাধিকাৰীৰ বিপৰীতে উক্ত চাউল ৰাজ্যখনৰ বাবে আৱন্টন দিয়ে। এফ চি আইৰ এক সূত্ৰ অনুসৰি, এফ চি আই অসম সংমণ্ডলে কোভিডৰ এই সময়খিনিত অসম চৰকাৰক আৱন্টন দিয়া মুঠ চাউলৰ পৰিমাণ ১.৭৫লাখ মেট্ৰিক টন।

যোৱা ৭মেৰ লৈকে এফ চি আয়ে অসম চৰকাৰক ৬৮৩কোটি টকা মূল্যৰ চাউল এই আচনি ৰূপায়নৰ বাবে মুকলি কৰি দিছে। উল্লেখযোগ্য যে, ৰেচন কাৰ্ডৰ জৰিয়তে এই চাউলসমূহ বিতৰণৰ ব্যৱস্থা কৰে বিভিন্ন আচনিৰ জৰিয়তে। দেশৰ আন প্ৰান্তৰ লগতে অসমতো খাদ্য সুৰক্ষা আইনৰ অধীনত AAY, PHS, BPL, MMSY আৰু নতুনকৈ দিয়া কিছু ৰেচন কাৰ্ডৰ বিপৰীতে হিতাধিকাৰীক চাউলসমূহ যোগান দিয়া দেখুৱায়।

AAYৰ অধীনত বাক্সা জিলাত থকা মুঠ ৰেচন কাৰ্ডৰ সংখ্যা ২২,৮৯৯খন। এই ৰেচন কাৰ্ডে ৮৭, ৩৫৩হিতাধিকাৰীক সামৰি লয়। PHS ৰ অধীনত APLৰ ৮৫, ৭৩৯খন ৰেচন কাৰ্ড, BPLৰ অধীনত ২৮,১২৩খন ৰেচন কাৰ্ড আছে। বাক্সা জিলাত APL ৰেচন কাৰ্ডে ৩লাখ ২৬হাজাৰ ১৪জন হিতাধিকাৰী , BPLয়ে ১১,৩৮৫৯জন হিতাধিকাৰী, MMASYৱে ৯১, ৪৪৮জন হিতাধিকাৰী আৰু নতুনকৈ দিয়া ৰেচন কাৰ্জে ১,১০, ৪৩৪জন হিতাধিকাৰীক সামৰি লৈছে।

এইদৰে বাক্সা জিলাত মুঠ ৰেচন কাৰ্ডৰ সংখ্যা ১৯,৪৫,৮৭খন ৰেচন কাৰ্ড আৰু ইয়াৰ অধীনত ৭২৯১০৮জন হিতাধিকাৰী আছে। ৰাজ্যখনৰ আন জিলাসমূহত ৰেচন কাৰ্ড আৰু হিতাধিকাৰীৰ সংখ্যা ক্ৰমে বৰপেটাত মুঠ ৰেচন কাৰ্ডৰ সংখ্যা ৩০৯৯৩৪৪, হিতাধিকাৰীৰ সংখ্যা ১৩৬৬২১১, বঙাইগাঁৱত মুঠ ৰেচন কাৰ্ডৰ সংখ্যা ১৩৬২৩৫, হিতাধিকাৰীৰ সংখ্যা- ৫১৯৭১২, কাছাৰত মুঠ ৰেচন কাৰ্ডৰ সংখ্যা- ৩২৩৮৮৮, হিতাধিকাৰীৰ সংখ্যা- ১৩৯৪১৮৩গৰাকী।

ৰাজ্যৰ ভিতৰত সৰ্বাধিক হিতাধিকাৰী আছে নগাওঁ জিলাত। জিলাখনত মুঠ ৰেচন কাৰ্ডৰ সংখ্যা- ৪৪৬২০১ আৰু এই ৰেচন কাৰ্ডে সামৰি লোৱা হিতাধিকাৰীৰ সংখ্যা- ২২৮৩২২২গৰাকী। ধুবুৰীত মুঠ ৰেচন কাৰ্ডৰ সংখ্যা- ৩৪৯৬৭০ আৰু হিতাধিকাৰীৰ সংখ্যা ১৫৫৬২৬১।

ধেমাজি জিলাত AAY, APL, BPL ,MMASY আৰু নতুনকে ধৰি মুঠ ৰেচন কাৰ্ডৰ সংখ্যা- ১৩৭৩০৫। সেই ৰেচন কাৰ্ডৰ বিপৰীতে হিতাধিকাৰীৰ সংখ্যা- ৫৬৭১৬২গৰাকী। কামৰূপ মেট্ৰত মুঠ ৰেচন কাৰ্ডৰ সংখ্যা- ১৮২২৩১১ আৰু হিতাধিকাৰীৰ সংখ্যা- ৭৩৪২৮৫গৰাকী।

আনকেইখনমান উল্লেখযোগ্য জিলাৰ ৰেচন কাৰ্ড আৰু হিতাধিকাৰীৰ সংখ্যা এনেধৰণৰ-

  • কৰিমগঞ্জত ৰেচন কাৰ্ডৰ সংখ্যা- ২৩৫৬২৩ আৰু হিতাধিকাৰীৰ সংখ্যা- ১০৭৩৬৫
  • লখিমপুৰত ৰেচন কাৰ্ডৰ সংখ্যা- ২০০৫৯০ আৰু হিতাধিকাৰীৰ সংখ্যা- ৮৫১৫৯০
  • মৰিগাঁৱত ৰেচন কাৰ্ডৰ সংখ্যা- ১৮৮৪৯৯ আৰু হিতাধিকাৰীৰ সংখ্যা- ৭৯৬০৩০
  • নলবাৰীত ৰেচন কাৰ্ডৰ সংখ্যা- ১৫৮১০৮ আৰু হিতাধিকাৰীৰ সংখ্যা- ৬২৫৭৭৬
  • শিৱসাগৰত ৰেচন কাৰ্ডৰ সংখ্যা- ২৪৩৯২১ আৰু হিতাধিকাৰীৰ সংখ্যা- ৯৫৭৮৫৭
  • শোণিতপুৰত ৰেচন কাৰ্ডৰ সংখ্যা- ৩৮৩৯৪৬ আৰু হিতাধিকাৰীৰ সংখ্যা- ১৫৬৩৪৮৭
  • তিনিচুকীয়াত ৰেচন কাৰ্ডৰ সংখ্যা- ২৭৮৭৮৪ আৰু হিতাধিকাৰীৰ সংখ্যা- ১১৩১৪৭২
  • ওদালগুৰিত ৰেচন কাৰ্ডৰ সংখ্যা-১৬৮০৫৬ আৰু হিতাধিকাৰীৰ সংখ্যা- ৬৮৪২১৪
  • চিৰাঙত ৰেচন কাৰ্ডৰ সংখ্যা- ১০০২৭২ আৰু হিতাধিকাৰীৰ সংখ্যা- ৩৯৬০১৫
  • দৰঙত ৰেচন কাৰ্ডৰ সংখ্যা- ১৬৬৬৯৮ আৰু হিতাধিকাৰীৰ সংখ্যা- ৭৬০১৫৫
  • ডিব্ৰুগড়ত ৰেচন কাৰ্ডৰ সংখ্যা- ২৫৮৩৯১ আৰু হিতাধিকাৰীৰ সংখ্যা- ১১০৪২৮৪
  • ডিমা হাচাওত ৰেচন কাৰ্ডৰ সংখ্যা- ৩৫৫৪২ আৰু হিতাধিকাৰীৰ সংখ্যা- ১৬৫১৫৮
  • গোলাঘাটত ৰেচন কাৰ্ডৰ সংখ্যা- ২২২৯৩৯ আৰু হিতাধিকাৰীৰ সংখ্যা- ৮৭৪৮০৩
  • যোৰহাটত ৰেচন কাৰ্ডৰ সংখ্যা- ২৩১৮৩৮আৰু হিতাধিকাৰীৰ সংখ্যা- ৮৭৭১৮৭
  • কামৰূপ গ্ৰাম্যত ৰেচন কাৰ্ডৰ সংখ্যা- ২৯৬২১৪ আৰু হিতাধিকাৰীৰ সংখ্যা- ১২২০৬২৯
  • কাৰ্বি আংলঙত ৰেচন কাৰ্ডৰ সংখ্যা- ১৪৬২৬৮ আৰু হিতাধিকাৰীৰ সংখ্যা- ৭১৪১০৯
  • কোকৰাঝাৰত ৰেচন কাৰ্ডৰ সংখ্যা- ১৯১৬০৬ আৰু হিতাধিকাৰীৰ সংখ্যা- ৭৮৬৫৪০

ৰাজ্যখনত এই ২৭খন জিলাত AAY অধীনত মুঠ ৬৯১৪৯৯খন ৰেচন কাৰ্ডে ২৮০৮৩০১জন হিতাধিকাৰীক সাঙুৰি লৈছে। APLৱে ২১৬৭৪৭১খন ৰেচন কাৰ্ডৰ অধীতন সামৰি লোৱা হিতাধিকাৰীৰ সংখ্যা ৯৩২০৬৬৯গৰাকী। BPLৰ অধীনত ৰাজ্যখনত মুঠ ৰেচন কাৰ্ড আছে ১১৬৯৮৫৪ আৰু ইয়াৰ অধীনত থকা হিতাধিকাৰীৰ সংখ্যা ৫৩৫৭৫২৯গৰাকী।

MMASYৰ অধীনত মুঠ ৰেচন কাৰ্ড আছে ১১৭৯০৪খন। এই ৰেচন কাৰ্ডৰ বিপৰীতে MMASYৱে সামৰি লোৱা মুঠ হিতাধিকাৰীৰ সংখ্যা ৫০৭৩৫১৮গৰাকী। নতুন ৰেচন কাৰ্ডৰ সংখ্যা- ৬৮৬৪০৬খন আৰু ইয়াৰ অধীনত থকা হিতাধিকাৰীৰ সংখ্যা ২৫৫৭০৫৬গৰাকী।

২১জুন ২০২১লৈকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যখনত মুঠ ৰেচন কাৰ্ড ৫৮৯৪২৭৬খন। আৰু ৰাজ্যখনত হিতাধিকাৰীৰ সংখ্যা ২৫১১৭০৭৩গৰাকী। অথাত ৰাজ্যত ৫৮লাখ ৯৪হাজাৰৰো বেছি ৰেচন কাৰ্ডৰ জৰিয়তে আঢ়ৈ কোটি লোকক বিনামূলীয়কৈ খাদ্য সুৰক্ষা আচনিৰ অধীনত কাগজে-পত্ৰেৰে চাউল প্ৰদান কৰা হয়।

ৰাজ্যত মুঠ জনসংখ্যা ৩.৯কোটি। ইয়াৰে ২.৫কোটিৰো অধিক লোকক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অধীনত চাউল প্ৰদান কৰা বুলি চৰকাৰী সূত্ৰই কয়। যদিও কাগজে-পত্ৰই এইসকল হিতাধিকাৰীৰ নামত চাউল আৱন্টন হয় বাস্তৱত সেই আৱন্টিত চাউল বিভিন্ন চক্ৰই হিতাধিকাৰীক প্ৰদান নকৰাকৈয়ে বিভিন্ন কৌশলেৰে হস্তগত কৰি চাউল ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।

ৰে'লযোগে অনা এফ চি আইৰ চাউল নষ্ট হোৱা দেখিও অতি কম মূল্যত সেই চাউল ফাঁচী বজাৰ বা আন ব্যৱসায়ীক বিক্ৰী কৰা এক চক্ৰও সক্ৰিয় হৈ আছে। যি সময়ত ৰাজ্যত ধান উতপাদনে অভিলেখ গঢ়া বুলি ৰাজ্যৰ কৃষিবিভাগে দাবী কৰি আহিছে, সেই সময়ত অসমৰ চাউলো এফ চি আয়ে নিকিনাৰ বাবে কৃষকসকলো বিপাঙত পৰিছে।

অথচ, ৰাজ্য চৰকাৰে এফ চি আইৰ পৰা হিতাধিকাৰীক দিবৰ বাবে ইমান বৃহত পৰিমাণৰ চাউল ক্ৰয় কৰে। এই চোৰাং চাউল সৰবৰাহকাৰীৰ বিৰুদ্ধে অচিৰেই অভিযান নচলালে আৰু বিভিন্ন আচনিৰ নামত চলা এনে কেলেংকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ন'ললে ৰাজ্যত চাউল চিণ্ডিকেটে আন চিণ্ডিকেটকো চেৰ পেলাব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in