উন্নয়ন সমিতিৰ মাটিতো নজৰ অনা অসমীয়া বণিয়াৰঃ ৩০০ পৰিয়ালে ঘৰ পাব কেতিয়া?

উন্নয়ন সমিতিৰ মাটিতো নজৰ অনা অসমীয়া বণিয়াৰঃ ৩০০ পৰিয়ালে ঘৰ পাব কেতিয়া?

গুৱাহাটীৰ দৰে চহৰত ভাড়াঘৰত থকাতকৈ নিজৰ এটা ঘৰ হ'ব, এই সপোন সকলোৰে থাকে। তেনে এটা সপোন লৈয়ে পূৰ্ব্বাচল গৃহ নিৰ্মাণ উন্নয়ন সমিতিয়ে ক্ৰয় কৰিছিল ৩০বিঘা মাটি। কিন্তু দুটা দশকৰ পাছতো প্ৰায় ৩০০পৰিয়ালৰ এই সপোন পূৰণ হোৱা নাই। এই সপোন বাটত হেঙাৰ হৈ থিয় দিছে অনা অসমীয়া এগৰাকী বিল্ডাৰ। সবিশেষ পঢ়ক, আমাৰ এই বিশেষ প্ৰতিবেদনত

গুৱাহাটী মহানগৰীত এটা নিজা ঘৰ হ'ব। সেই সপোন লৈয়ে প্ৰায় ৩০০ৰো অধিক পৰিয়ালে লগ লাগি গঠন কৰিছিল পূৰ্ব্বাচল গৃহ নিৰ্মাণ উন্নয়ন সমিতি। ১৯৯১চনত গঠন কৰা এই উন্নয়ন সমিতিয়ে চচলৰ অৰণোদয় পথত থকা প্ৰায় ৩০বিঘা মাটি ক্ৰয় কৰিছিল। উন্নয়ন সমিতিৰ নামত ম্যাদীও হৈছিল মাটিখিনি।

দাগ নং ৩৭৮৫আৰু পট্টা নং ১৩৭০ অধীনত এই মাটিখিনি এতিয়া প্ৰায় ২০বছৰ পিছতো হোৱা নাই গৃহ নিৰ্মাণৰ কাম। পঞ্জীয়ন নং RS/2686/1991-92ৰ অধীনত পঞ্জীয়ন হোৱা পূৰ্ব্বাচল গৃহ নিৰ্মাণ সমিতিৰ একাংশ পূৰ্বৰ বিষয়-ববীয়াৰ ভূমিকাৰ বাবেই গৃহ নিৰ্মাঁণত ন ন প্ৰত্যাহ্বানে থিয় দিছে।

উক্ত মাটিখিনিৰ বাবে ১৯৯৯আৰু ২০০০চনত দুটা কিস্তিত ২৮লাখ টকা দিছিল গৃহ নিৰ্মাণ সমিতিয়ে। তাৰ পাছত উন্নয়ন সমিতিৰ নামত ম্যাদী হোৱা মাটিখিনি ভুলবশতঃ চৰকাৰে ২০০৮চনত ৱেটলেণ্ড ঘোষণা কৰে। জিনজাৰ হোটেল আৰু হোটেল মেনেজমেন্টৰ মাটিৰ সমীপতে থকা এই ম্যাদী পট্টাৰ মাটিখিনি চৰকাৰে ৱেটলেণ্ড ঘোষণা কৰাৰ ফলত পূৰ্বৰ সকলো চৰকাৰী নিৰ্দেশনা বাতিল হৈছে।

ইয়াৰ উপৰিও এজন অনা অসমীয়া ব্যৱসায়ীয়ে এই মাটিখিনি উন্নয়ন সমিতিৰ পৰা নিজৰ কজ্বালৈ আনিবলৈ বিভিন্ন ষড়যন্ত্ৰ ৰচাৰ তথ্যও পোহৰলৈ আহে। উক্ত মাটিখিনি গৃহ নিৰ্মাণৰ বাবে বিল্ডাৰ বসন্ত চুৰানাক জড়িত কৰিছিল সমিতিৰ পূৰ্বৰ বিষয়-ববীয়া কেইজনমানে। বৰুৱা নামৰ এজন ব্যক্তিৰ সৈতে এগ্ৰিমেন্টৰ জৰিয়তে মাটিখিনিত গৃহ নিৰ্মাণৰ বাবে এই বিল্ডাৰ জন উন্নয়ন কমিটিৰ সৈতে জড়িত হৈ পৰে।

উল্লেখযোগ্য যে, পূৰ্বৰ সম্পাদক সুভাষ লষ্কৰ আৰু সভাপতি পৰমানন্দ শৰ্মাৰ ভূমিকা আছিৱল সন্দেহজনক। সেই সুযোগ গ্ৰহণ কৰি বিল্ডাৰ চুৰানাই তেওঁৰে কৰ্মচাৰী বিৰেশ্বৰ দেৱক পূৰ্ব্বাচল গৃহ নিৰ্মাণ উন্নয়ন সমিতিৰ সম্পাদক পাতিছিল। ইয়াৰ বিৰুদ্ধে ২০১৮ৰ ছেপ্তেম্বৰত উন্নয়ন সমিতিৰ আন সদস্যসকলে বিৰোধিতা কৰি সমিতিলৈ ৩খনকৈ জাননী প্ৰেৰণ কৰিছিল।

সেই জাননীসমূহৰ উত্তৰ নিদিয়াত সাধাৰণ সদস্যৰ এখন আহ্বায়ক কমিটি গঠন কৰি অনুষ্ঠিত কৰা সভাত ১৩জনীয়া আন এখন উন্নয়ন সমিতি গঠন কৰা হয়। চুৰানাই কৌশলেৰে সমিতিত সম্পাদক কৰা বিৰেশ্বৰ দেৱক অপসাৰিত কৰাৰ লগতে পূৰ্বৰ সভাপতি পৰমানন্দ শৰ্মাই পদত্যাগ কৰে।

এই সমিতিৰ নতুন সভাপতি হিচাপে দায়িত্ব লয় পুলিন চন্দ্ৰ দত্ত আৰু সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে ৰমেন গোস্বামীয়ে। তাৰ পাছতহে সমিতিয়ে বিষয়টো উচ্চ ন্যায়ালয়ৰ কাষলৈ নি বৰ্তমান এই মাটিখিনি ৱেটলেণ্ডৰ পৰা মুক্ত কৰাৰ আইনী যুঁজত অৱৰ্তীণ হৈছে। ইতিমধ্যে এই গোচৰৰ সন্দৰ্ভত ৪বাৰকৈ শুনানিও হৈ গৈছে।

উন্নয়ন সমিতিৰ নামত থকা চচলৰ এই ৩০বিঘা মাটিৰ সকলো নথি পত্ৰ উন্নয়ন সমিতিৰ বিষয়-ববীয়াৰ হাতত থকাৰ বিপৰীতে কৌশলেৰে নিজৰ কজ্বাত ৰাখিছে বিল্ডাৰ বসন্ত চুৰানাই। কিন্তু উন্নয়ন কমিটিক তেওঁ কোনো নথি-পত্ৰ জমা নিদিয়াত বিষয়টো দিছপুৰ থানাও পাইছেগৈ। দিছপুৰ আৰক্ষীয়ে সেই সন্দৰ্ভত গ্ৰহণ কৰা ভূমিকা ৰহস্যজনক।

বিল্ডাৰ চুৰানাই ৰাজনৈতিক ক্ষমতাৰ বলত আন এগৰাকী মাৰোৱাৰী ৰাজনীতিবিদৰ প্ৰভাৱ খটুৱাই উক্ত মাটিখিনি হস্তগত কৰিবলৈ ব্লুপ্ৰিন্ট ৰচাৰ অভিযোগ উত্থাপন হৈছে। সমান্তৰাল ভাৱে উন্নয়ন কমিটিৰ বৰ্তমানৰ বিষয়ববীয়া সকলে জেপৰ ধন খৰচ কৰি আদালতৰ জৰিয়তে ৩০০পৰিয়ালক ন্যায় দিবলৈ আইনী যুজঁ অব্যাহত ৰাখিছে।

উন্নয়ন সমিতিৰ দ্বাৰা নিৰ্মিত গৃহত থাকিম বুলি ধন আদায় দিয়া বহু লোকে এতিয়া মহানগৰীৰ ভাড়াঘৰত থাকিব লগা হৈছে। চুক্তি অনুসৰি প্ৰথম পৰ্যায়ত ৫৫হাজাৰ টকাৰ বিনিময়ত ১কঠা ৫লোচা মাটি সমিতিৰ প্ৰতিজন সদস্যক দিয়াৰ কথা আছিল। অৱশ্যে পৰৱৰ্তী সময়ত উন্নয়ন সমিতিৰ আগৰ বিষয়-ববীয়াই ৩-৬লাখ টকা পৰ্যন্তও সংগ্ৰহ কৰিছিল।

পৰিয়ালৰ সংখ্যা বৃদ্ধি পোৱাত মাটিৰ পৰিৱৰ্তে একোটাকৈ ফ্লেট নিৰ্মাণ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সদস্যসকলৰ সৈতে হোৱা চুক্তিত ফ্লেট দিয়াৰ কথা উল্লেখ কৰা হৈছে যদিও সেই ফ্লেটৰ আকাৰ-আকৃতি কি হব তেনে কোনো কথা উল্লেখ নাই। এই উন্নয়ন কমিটিৰ সদস্য সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে যে, অৱসৰ তথা চাকৰিৰ সাচতীয়া পইচাৰে গুৱাহাটীত এটা ঘৰ হব বুলি আশা পালি থকা এইসকল লোকক ন্যায় দিয়াৰ ব্যৱস্থা কৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in