ৰাজ্যত খালী ১লাখ ৭হাজাৰো অধিক চাকৰিঃ জানি থওক, কোন বিভাগত আছে কিমান পদ…

ৰাজ্যত খালী ১লাখ ৭হাজাৰো অধিক চাকৰিঃ জানি থওক, কোন বিভাগত আছে কিমান পদ…

ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে ১লাখ যুৱক-যুৱতীক দিব চাকৰি। কোন বিভাগত কিমান চাকৰি খালী আছে? অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন...

যোৱা ৫বছৰ ধৰি ৰাজ্যৰ প্ৰতিটো বিভাগতে খালী হৈ আছে হাজাৰ হাজাৰ চাকৰি। ২০১৬চনৰ পৰাই খালী হৈ থকা এই পদবোৰ যোৱা ৫বছৰে পূৰণ কৰা নাই ৰাজ্য চৰকাৰে। শ্ৰম আৰু কল্যাণ বিভাগত গ্ৰেড-৩ৰ ৫৪টা পদ খালী আছে ২০১৬চনৰ পৰা। পশুপালন বিভাগতো গ্ৰেড-১কে ধৰি গ্ৰেড-৪সহ ২১৫২টা পদ খালী আছে আজি তাৰিখলৈকে।

মীন বিভাগত খালী থকা পদৰ সংখ্যা ২৫৮টা। এই বিভাগতো গ্ৰেড-১ৰ পৰা গ্ৰেড-৪ৰ লৈকে পদসমূহৰ পূৰণত ২০১৬চনৰ পৰা চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা। গ্ৰামোন্নয়ন বিভাগত ২১৩৭টা পদ খালী থকা তথ্য চৰকাৰী সূত্ৰতে প্ৰকাশ। সাধাৰণ প্ৰশাসন বিভাগত গ্ৰেড-৩ আৰু গ্ৰেড-৪ৰ ৮৩০টা পদ খালী আছে।

লোকনিৰ্মাণ বিভাগত গ্ৰেড-৩ আৰু গ্ৰেড-৪ৰ ১৩০৮টা পদ, ভূমি সংৰক্ষণ বিভাগত ৫২৬টা পদ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত ৭১২টা পদ খালী আছে। ৰাজ্যত সৰ্বাধিক পদ খালী থকা বিভাগটো হল শিক্ষা বিভাগ। এই বিভাগত মুঠ ৫০৪৬৫টা পদ আজিও খালী হৈ আছে। চাহ জনগোষ্ঠী কল্যাণ বিভাগত ৬টা, মুখ্যমন্ত্ৰীৰ সচিবালয়ত ২টা, বিত্ত বিভাগত ৯৫টা, সংখ্যালঘু উন্নয়ন বিভাগত ২০টা, চৰ অঞ্চল উন্নয়ন বিভাগত ২০টা পদ খালী আছে।

পাব্লিক এন্টাৰপ্ৰাইজ বিভাগত খালী আছে গ্ৰেড-১ৰ দুটা পদ। সীমান্ত নিৰাপত্ত আৰু উন্নয়ন বিভাগত গ্ৰেড-৩ আৰু গ্ৰেড-৪ৰ ৬টা পদ। তথ্য আৰু প্ৰযুক্তি বিভাগত গ্ৰেড-৩ৰ ৯টা পদ, সচিবালয় প্ৰশাসন বিভাগত গ্ৰেড-৩ আৰু গ্ৰেড-৪ৰ ৭১৯টা পদ ২০১৬চনৰ পৰাই খালী হৈ আছে। জমসংযোগ বিভাগত ১০৭টা, পাৰচৰ্নেল বিভাগত ১৪৪টা, ডব্লিউ পি টি আৰু বি চি বিভাগত ৩৪৮টা, পৰিবহন বিভাগত ১০০১টা, পৰিৱেশ আৰু বন বিভাগত ২৯১৮টা, আবকাৰী বিভাগত ৪৫৯টা পদ খালী আছে।

কৃষি বিভাগত খালী থকা পদৰ সংখ্যা ৯৬২টা। পৰ্যটন বিভাগত গ্ৰেড-১ৰ পৰা গ্ৰেড-৪ৰ লৈকে ১৪৪টা, টি এণ্ড ডি বিভাগত ৫২২টা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৯৩৫৩টা, পেন্সন বিভাগত ২টা, নগৰ উন্নয়ন বিভাগত ১৯১টা, জনস্বাস্থ্য বিভাগত ১০০৫টা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগত ১১টা, প্ৰিন্টিং এণ্ড ষ্টেচচাৰী ১১টা, সাংস্কৃতিক পৰিক্ৰমা বিভাগত ৫৬১টা, ন্যায় বিভাগত ৬৭৮টা, সীমান্ত অঞ্চল উন্নয়ন বিভাগত ৯৮টা, জলসিঞ্চন বিভাগত ২২৫৩টা, লেজিষ্টেটিভত ২৯টা, গুৱাহাটী উন্নয়ন বিভাগত ১০৯২টা পদ খালী থকাৰ পাছতো পূৰণ কৰা হোৱা নাছিল।

ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগত গ্ৰেড৩-৪ত ৫২৩টা, Arnt বিভাগত ৫০টা, সমাজ কল্যাণ বিভাগত ৬৬৬টা, কৰ্পাৰেশ্বন বিভাগত ৩৭১টা, হস্ততাঁত আৰু বস্ত্ৰতাঁত বিভাগত ৯৮৮টা, শক্তি বিভাগত ৪৮টা, স্কীল এপ্লয়মেন্ট বিভাগত গ্ৰেড ১ আৰু গ্ৰেড ৪ৰ ৮৭৪টা। খনি বিভাগত ২১টা, ৰাজহ বিভাগত ১১৩৯টা, গৃহ আৰু ৰাজনৈতিক বিভাগত ২০,২৪৮টা পদ খালী আছে।

ৰাজ্যত আজি তাৰিখৰ লৈকে ১লাখ ৭হাজাৰ ১৪৯টা পদ খালী হৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে, এই চৰকাৰে গণি গণি ১লাখৰো অধিক যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিব। এতিয়া নিবনুৱা যুৱক-যুৱতীসকলে আশাৰে বাট চাইছে কেতিয়া দিব চৰকাৰে বিজ্ঞাপন, কেতিয়া হব নিযুক্তি…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in