দুদিনীয়া চমকেৰে আৰু কিমানদিনলৈ ঠগিব মহানগৰবাসীক…

দুদিনীয়া চমকেৰে আৰু কিমানদিনলৈ ঠগিব মহানগৰবাসীক…

এটেনশ্যন, গুৱাহাটীত এতিয়া অন্ধকাৰ। ৰাখিছেনে খবৰ…

ডিম্পুল বৰগাহাঁইৰ বিশেষ প্ৰতিবেদন

আঘোণ মাহ। দুপৰীয়া ৰদ'ত বহি দুজন বন্ধুয়ে কথা পাতি আছে। এজনে সুধিলে- 'কালি ৰাতি তহতৰ ঘৰত কাৰেন্টটো আছিল নে নাই অ'! আমাৰফালে যে কাৰেন্টটো ইমান সঘনাই যায় আজি কালি।' উত্তৰত বন্ধুজনে ক'লে- 'ধেই, কথা কব আহ, আমাৰ ফালে নাথাকেই, মাজে মাজে আহে হে।'

ওপৰৰ কথোপকথন মিছা নহয়, কাল্পনিক যেন লাগিলেও এয়াই বাস্তৱ। গ্ৰামাঞ্চলত বিদ্যুতৰ লুকা-ভাকু কোনো নতুন কথা নহয়। বিদ্যুতৰ যোগান প্ৰতিখন গাঁৱত সুচাৰু ৰূপে ধৰা হৈছে বুলি সভা-সমিতিয়ে কৈ ফুৰা সকলৰ হয়তো জ্ঞাত নহয় যে, জোৰকৈ এজাক বতাহ মাৰিলেও কেইবা ঘন্টা ধৰি গ্ৰামাঞ্চলত নাথাকে বিদ্যুত।

সমগ্ৰ ৰাজ্যখনৰ বিদ্যুতখণ্ডৰ দুৰৱস্থা, এতিয়া এক সুলভ বাতৰি। কিয়নো বিদ্যুত বিভাগে বিগত সময়ত অসমৰ ৰাইজক যি জ্বলা-কলা খোৱাইছে সেই কথা কৈ থাকিলেও ওৰ নপৰে। বিদ্যুতৰ লুকা-ভাকুৰ বাবেই বিগত সময়সমূহত বিভাগীয় মন্ত্ৰীকেইজনক নাম দিয়া হৈছিল 'আন্ধাৰৰ ৰজা'। কিন্তু সকলো প্ৰতিবাদ, সমস্যাক আওকাণ কৰি সভা-সমিতিয়ে ৰজাঘৰীয়াৰ প্ৰতিনিধিয়ে কয়, 'ৰাজ্যত সকলো ঠিকে আছে, অল ইজ ওৱেল।'

গ্ৰামাঞ্চলৰ বিদ্যুতখণ্ডৰ কথা কবলৈ যোৱাতো একপ্ৰকাৰে আমাৰেই মুৰ্খামি! কিয়নো দুই এটা বছৰতে স্মাৰ্ট চিটিলৈ ৰূপান্তৰ দিশে গৈ থকা গুৱাহাটী মহানগৰীতে নাই বিদ্যুত যোগানৰ উচিত আন্ত:গাথনি। কৃত্ৰিম বানপানীৰ সময়ত বিদ্যুতস্পৃষ্ট হৈ প্ৰাণ হেৰুৱবলগীয়া হোৱাটোৱেই ইয়াৰ প্ৰমাণ।

গুৱাহাটী মহানগৰখন উন্নয়ন আৰু সৰ্বাংগসুন্দৰ কৰি তোলাৰ দায়িত্ব আছে দুটা বিভাগৰ কান্ধত। জি এম চি আৰু জি এম ডি এ। নামত দুটাকৈ বিয়োগোম বিভাগ থাকিলেও কাৰ্য ক্ষেত্ৰত সকলো কাম চোৱাচিতা কৰাত ব্যৰ্থ হৈছে বিভাগ দুটা।

দশক ধৰি কৃত্ৰিম বানপানীৰ কৱলৰ পৰা গুৱাহাটীক মুক্ত কৰা হব বুলি প্ৰথমে প্ৰতিশ্ৰুতি দিছিল গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, তাৰপিছতে আহিল সিদ্ধাৰ্ধ ভট্টাচাৰ্য। বছৰ বছৰ ধৰি কেৱল মন্ত্ৰীহে সলনি হৈ আহিছে, সমাধান হোৱা নাই ভাবি স্মাৰ্ট চিটি গুৱাহাটীৰ বহু জলন্ত সমস্যা।

গা এৰা দি কাম কৰা এই বিভাগ দুটাৰ কৰ্মকাণ্ডৰ বিষয়ে 'অসমীয়া প্ৰতিদিন' ডিজিটেল সংস্কৰণত পূৰ্বে কেইবাটাও প্ৰতিবেদন প্ৰকাশ পাইছিল। ইয়াৰ পিছতো গা নলৰিল বিভাগ দুটাৰ। সেয়া যি কি নহলেও, এই প্ৰতিবেদনত গুৱাহাটীৰ আন এটা জলন্ত সমস্যাৰ বিষয়ে অৱগত কৰিব বিচাৰিছো।

ওপৰৰ ভিডিঅ'টো চালেনে? যদি চালে, আপুনি ভৱাৰ দৰে এয়া কোনো গ্ৰামাঞ্চলৰ নিশাৰ দৃশ্য নহয়। মহানগৰীৰ অতিব্যস্ত চান্দমাৰী উৰণীয়া সেতুৰ সমীপতে থকা টাৰ্নিংৰ দৃশ্য এয়া। এই ভিডিঅৰ ক্লীপটো সন্ধিয়া ৬ বজাৰ । সন্ধিয়াতে গাড়ী-মটৰ চলি থাকোতেও পথটো ভালদৰে লক্ষ্য কৰকচোন। এটা বৃহৎ টাৰ্নিংত কেনেধৰণে পোহৰৰ ব্যৱস্থা কৰিব লাগে সেয়া হয়তো আমাতকৈ জি এম চি আৰু জি এম ডি এয়ে জানিব।

২০১৯ৰ ১৮ ছেপ্তেম্বৰত চানমাৰি উৰণীয়া সেতুৰ ওপৰত হোৱা পথ দুৰ্ঘটনা

গুৱাহাটীৰ জুৰোডত চেট্ৰেল মাৰ্কেট হ'ল। সাজ-পাৰৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ৫ মহলীয়া বিল্ডিংটো পলকতে থিয় হৈ উঠিল। বিল্ডিংটো কেনেকৈ গঢ়ি উঠিল তাক লৈও বিৰ্তকৰ অন্ত নাই। ২০১৫ ৰ পৰা ৩ মহলীয়া বিল্ডিং নিৰ্মাণৰ বাবে জিএমডিএয়ে অনুমোদন নজনোৱাকৈয়ে কেনেকৈ এই বিল্ডিংটো পলকতে থিয় হৈ উঠিল সেয়াও এক ৰহস্যৰ বিষয়। কিন্তু প্ৰশাসনে খবৰ ৰাখিছেনে এই পথচোৱাতো নাই পৰ্যাপ্ত পোহৰ। যদি এই কথা মন কৰা নাই চাওক এই ভিডিঅ'টো-

পৰ্যাপ্ত পোহৰৰ অভাৱৰ বাবেই চেট্ৰেল মাৰ্কেটৰ সমীপতে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। শেহতীয়াকৈ যোৱা ৩০ নৱেম্বৰত চেট্ৰেল মাৰ্কেটৰ সমীপতে সংঘটিত হৈছিল এটা দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল দুজন লোক।

৩০ নৱেম্বৰ, ২০১৯

পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা নথকা আন এটুকুৰা স্থান হৈছে গুৱাহাটীৰ মধ্যমণি চানমাৰিৰ পৰা নুনমাটিলৈ যোৱা পথচোৱা। আপুনি যদি চানমাৰিৰ উৰণীয়া সেতুৰ পৰা নুনমাটিৰ অভিমুখে যাত্ৰা কৰে, তেন্তে এই পথচোৱাত নাপায় পৰ্যাপ্ত পোহৰ।

নামত সকলো স্থানতে বিশাল বিশাল লাইটৰ পোষ্ট আছে সময়ত নজ্বলে এই লাইট। চানমাৰী উৰণীয়া সেতুৰ সমীপতে তিনিটাকৈ বিশাল লাইটৰ পোষ্ট আছে যদিও নিশা অন্ধকাৰত ডুব যায় চানমাৰি।

চানমাৰিৰ দৰেই একে অৱস্থা নিউ গুৱাহাটীতো। নিশা অন্ধকাৰত ডুব যায় নিউ গুৱাহাটী। থাকোতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা আছে যদিও সেয়া যেন কেৱল দেখাবলৈহে। নতুনকৈ ডিভাইদাৰ মেৰামতিৰ গইনা লৈ ষ্ট্ৰীট লাইট সমূহ বন্ধ কৰি ৰখা হৈছে বিভাগীয় কতৃপৰ্ক্ষই দায় হাৰিব বিচাৰিলেও এয়া আচলতে হাস্যকৰ যুক্তি। কিয়নো ডিভাইদাৰ নিৰ্মাণ কৰি থকা বহু স্থানত বৰ্তমানেও জ্বলি আছে ষ্ট্ৰীট লাইট।

মহানগৰখনৰ এটা ফাল অন্ধকাৰত ডুব গৈ থকাৰ বিপৰীতে গুৱাহাটী উন্নয়ন বিভাগে মহানগৰবাসীক দিব বিচাৰিছে আন এটা চমক। ওপৰত উল্লেখ কৰা স্থানসমূহত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা নথকাৰ বিপৰীতে হঠাতে মহানগৰীৰ অতি ব্যস্ত এটা পথত জ্বলি উঠিল আটকধুনীয়াকৈ অলেখ লাইট। এই পথটোত প্ৰয়োজনীয় ষ্ট্ৰীট লাইটৰ ব্যৱস্থা থকাৰ উপৰিও ষ্ট্ৰীট লাইটবোৰত মেৰিওৱা হৈছে না না ৰঙী লাইট।

না না ৰঙী লাইটেৰে ৰঙীন হৈ পৰা এই পথটো হৈছে গুৱাহাটীৰ জি এছ ৰোড। কেইটমান দিনৰ ভিতৰতে এই পথটোৰ সকলো ষ্ট্ৰীটলাইটত আঁৰি দিয়া হৈছে না না ৰঙী লাইট। আপোনালোকক মনত পেলাই দিব বিচাৰিছো যে, এনে না না ৰঙী লাইটেৰে দুদিনৰ বাবে সমগ্ৰ গুৱাহাটী পোহৰাই তোলা হৈছিল হৈ যোৱা 'এডভান্টেছ আসাম'ৰ সময়ত।

সময়- এডভান্টেছ আসাম

সেই সময়ত ৰজাঘৰে যুক্তি দৰ্শাইছিল যে, এই এডভান্টেছ আসামে অসমত বঢ়াব বিনিয়োগকাৰীৰ সংখ্যা। কিন্তু অতি পৰিতাপৰ কথা যে, অসমত বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে এই বিয়াগোম অনুষ্ঠানটো হৈ যোৱাৰ কেইটামান দিনৰ পিছত বৃ্দ্ধি পাইছিল বিদ্যুতৰ মাছুল।

গুৱাহাটীৰ সদাব্যস্ত জি এছ ৰোডত বৰ্তমান এনে না না ৰঙী লাইট আঁৰি দিয়াৰ আঁৰতো আছে দুটা কাৰণ। কিয়নো অচিৰেই অসমত অনুষ্ঠিত হব দুটাকৈ বৃহত অনুষ্ঠান। ফিল্ম ফেয়াৰ এৱাৰ্ড আৰু খেলো ইণ্ডিয়া। দেশৰ বিদেশৰ অসংখ্যজনে ভৰি পৰিব গুৱাহাটী। সেয়েহে আকৌ চৰকাৰে আৰম্ভ কৰিছে এই দুদিনীয়া নাটকৰ। কিন্তু এই নাটকৰ চমকে লাভৱান কৰিব কাক! জনতাৰ ভোটেৰে, ৰাইজৰ ধনেৰে শাসনৰ গাদীত থকা ৰজাঘৰীয়াই এনে সস্তীয়া চমকত ব্যস্ত থাকিও কেনেকৈ দাবী কৰিব পাৰে- এই চৰকাৰ, জনতাৰ চৰকাৰ…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in