কেন্দ্ৰ সাজুঃ ৩মাহৰ ভিতৰত নাকী লাগিব ছচিয়েল মিডিয়া, ডিজিটেল মাধ্যম…

কেন্দ্ৰ সাজুঃ ৩মাহৰ ভিতৰত নাকী লাগিব ছচিয়েল মিডিয়া, ডিজিটেল মাধ্যম…

কেন্দ্ৰীয় চৰকাৰ সাজু, ৩মাহৰ ভিতৰত নাকী লাগিব ছচিয়েল মিডিয়া আৰু ডিজিটেল মাধ্যম। অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন…

নাকী লাগিব ছচিয়েল মিডিয়া আৰু ডিজিটেল মাধ্যম। নানাধৰণৰ ভুৱা আৰু সমাজত বিভেদ সৃষ্টি কৰিব পৰা অজস্ৰ বিষয়ৰ পোষ্টৰ ওপৰত এতিয়াৰে পৰা অতিপাত সৰ্তক দৃষ্টি ৰাখিব চৰকাৰ তথা কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে।

এতিয়াৰে পাৰ মনে সজা বিভিন্ন ভুৱা বিষয়ক লৈ ডিজিটেল মাধ্যমত বাতৰি প্ৰকাশ অথবা ছচিয়েল মিডিয়া প্লেটফৰ্মত কৰা পোষ্টক লৈ শাস্তিৰ সন্মুখীন হব পাৰে আপুনি। কিয়নো শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই বিষয়ৰ সন্দৰ্ভত জাৰি কৰিছে কঠোৰ নীতি-নিৰ্দেশনা। আগন্তুক তিনিমাহৰ ভিতৰত এই নীতি-নিয়ম প্ৰযোজ্য হব সমগ্ৰ দেশত।

দৰাচলতে ডিজিটেল মাধ্যম আৰু ছচিয়েল মিডিয়াক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহুদিনৰে পৰা পৰ্যায়ক্ৰমে প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। প্ৰায় ৩ বছৰৰ আগতেই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে ডিজিটেল মাধ্যমসমূহে কি কি নীতি নিয়ম পালন কৰিব লাগিব তাক লৈ এক খচৰা প্ৰস্তুত কৰি উলিয়াইছিল।

পৰ্যায়ক্ৰমে ডিজিটেল মাধ্যম আৰু ছচিয়েল মিডিয়াক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰি থকা প্ৰক্ৰিয়া এতিয়া শেষ পৰ্যায়ত উপনীত হৈছে। ছচিয়েল মিডিয়াৰ বিভিন্ন অপপ্ৰচাৰ আৰু সমাজত বিৰূপ প্ৰভাৱ পেলাব পৰা পোষ্টক লৈ যোৱা ১৩ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়েও প্ৰশ্ন কৰিছিল কেন্দ্ৰীয় চৰকাৰক।

উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছিল যে, ছচিয়েল মিডিয়া আৰু ডিজিটেল মাধ্যম নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ কি পৰ্যায়ত আছে। ন্যায়ালয়ে লগতে কেন্দ্ৰীয় চৰকাৰ আৰু টুইটাৰলৈও এই বিভিন্ন বিষয়ৰ ওপৰত সৰ্তক হবলৈ এক জাননী প্ৰেৰণ কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ এই কঠোৰ স্থিতিৰ পাছতে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে বাৰে নতুন নীতি-নিৰ্দেশনাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয় যে, ছচিয়েল মিডিয়া আৰু ডিজিটেল মাধ্যমক লৈ অহা তিনিমাহৰ ভিতৰত অতিকৈ কঠোৰ নীতি-নিয়ম প্ৰযোজ্য হব।

এই নতুন নীতি-নিয়ম অনুসৰি নেটফ্লিক্স, এমেজন, ফেচবুক-টুইটাৰ, ইষ্টাগ্ৰাম আৰু বিভিন্ন অ টি টি প্লেটফৰ্মত আপত্তিজনক বা ভুৱা পোষ্ট ২৪ঘন্টাৰ ভিতৰত ডিলিট কৰিব লাগিব। লগতে এই নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা ডিজিটেল মাধ্যম সমূহো অন্য সংবাদ মাধ্যমৰ দৰেই প্ৰেছ টাষ্ট্ৰ অৱ ইণ্ডিয়াৰ পঞ্জীয়নভূক্ত হব লাগিব।

আগন্তুক ৩ মাহৰ ভিতৰত দেশত প্ৰযোজ্য হবলগীয়া এই নীতি-নিয়মবোৰ পালনৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ এখন কমিটিও গঠন কৰা হব। ভাৰতৰ একত্ৰা আৰু অখণ্ডতা বজাই ৰখাৰ ক্ষেত্ৰত এতিয়াৰে পৰা ডিজিটেল মাধ্যম বা বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মে গুৰুত্ব দিব লাগিব।

এই নতুন নীতি-নিৰ্দেশনাত কিদৰে এতিয়াৰে পৰা বিভিন্ন ডিজিটেল সংবাদ মাধ্যম, ছচিয়েল মিডিয়া আৰু OTT প্লেটফৰ্মসমূহ ওপৰত চকু ৰখা হব তাৰো পূৰ্ণ পৰিকল্পনা কৰা হৈছে। বিভিন্ন দিশৰ ওপৰত চকু ৰাখিবলৈ প্ৰস্তুত কৰা বিশেষ কমিটিত থাকিব প্ৰতিৰক্ষা, বিদেশ, গৃহ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ সৈতে জড়িত প্ৰতিনিধি।

এই বিশেষ কমিটিখনক দিয়া হব বিশেষ কিছুমান ক্ষমতা। নীতি-নিয়ম উলংঘাকাৰীক নিন্দা কৰা বা ক্ষমা খুজিবলৈ আদেশ দিয়াৰ ক্ষমতা থাকিব এই কমিটিখনৰ। প্ৰয়োজনত উলংঘাকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আদেশ প্ৰদানৰ ক্ষমতাও এই কমিটিক প্ৰদান কৰা হব।

নতুন নীতি-নিয়মক লৈ প্ৰকাশ কৰা খচৰাত উল্লেখ থকা মতে, এতিয়াৰে পৰা ডিজিটেল মাধ্যমৰ যিকোনো বিষয় যেনে বাতৰিৰ উপৰিও বিভিন্ন চিনেমা, বিজ্ঞাপনৰ বিষয়ৰ ক্ষেত্ৰতো কঠোৰ হব। যিকোনো আপত্তিজনক বিষয়ক লৈ পৰ্যালোচনা কৰাৰ ক্ষমতা উচ্চতম আৰু উচ্চ ন্যায়ালয় ন্যায়াধীশেৰে গঠিত এক কমিটিক প্ৰদান কৰাৰ কথাও উল্লেখ আছে খচৰাত।

ইফালে, কোনো আপত্তিজনক বিষয়ক লৈ ৭২ঘন্টাৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া চলিব লাগিব। আইনী প্ৰক্ৰিয়া সূচাৰুৰূপে সমাধানৰ বাবে বিষয়া নিয়োগ কৰা হব। সকলো বিষয় চোৱা-চিতা কৰিবৰ বাবে এগৰাকী নডেল বিষয়া নিয়োগ কৰাৰ কথা খচৰাত উল্লেখ আছে। এই বিষয়াগৰাকীয়ে প্ৰতি ছমাহৰ মূৰে মূৰে বিভিন্ন গোচৰ আৰু তাৰ ওপৰত গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবেদন দাখিল কৰিব লাগিব কেন্দ্ৰক।

মুঠৰ ওপৰত ছচিয়েল মিডিয়া আৰু ডিজিটেল মাধ্যমক নাকী লগাবলৈ পূৰ্ণ প্ৰস্তুতি সমাপ্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে। আগন্তুক ৩মাহৰ ভিতৰত প্ৰযোজ্য হব লগা এই নীতি-নিয়মে ডিজিটেল ভাৰতলৈ যে বহুখিনি পৰিৱৰ্তন আনিব সেয়া নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in