ইউটিউবে পূৰণ কৰিলে এওঁলোকৰ সপোন! হৈ পৰিল একো একোজন তাৰকা…

ইউটিউবে পূৰণ কৰিলে এওঁলোকৰ সপোন! হৈ পৰিল একো একোজন তাৰকা…

ইউটিউবৰ দ্বাৰাই ভাৰতৰ একো একোজন তাৰকা হৈ পৰিছে কেইজনমান ইউটিউবাৰ। হাস্যকৰ, তথ্য সমৃদ্ধ, প্ৰেৰণাদায়ককে ধৰি বহু বিভিন্ন বিষয়ৰ ভিডিঅ' আপলোড কৰা এই ইউটিউবাৰ সকলে উপাৰ্জন কৰিছে লক্ষাধিক টকাও। ভাৰতীয় কেইজনমান শীৰ্ষ ইউটিউবাৰৰ সন্দৰ্ভত ৰাজৰ্ষি চহৰীয়াৰ এক বিশেষ প্ৰতিবেদন।

বৰ্তমানৰ তথ্য-প্ৰযুক্তিৰ যুগত বিভিন্ন ধৰণে ধন উপাৰ্জন কৰিব পাৰি। কেৱল চৰকাৰী-বেচৰকাৰী কোম্পানী এটাত কাম কৰিয়েই যে নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰি তেনে নহয়। ইন্টাৰনেটৰ জগতখনত এনে কিছু পথ আছে যিবোৰ পথত একাগ্ৰতা আৰু আত্মবিশ্বাসেৰে আগুৱাই গ'লে কোনো লোকে ভালে পৰিমানৰ ধন উপাৰ্জন কৰাটো সম্ভৱ। তাৰেই উদাহৰণ এই প্ৰতিবেদনত উল্লেখ কৰা ইউটিউবাৰ কেইজন।

হয়, ইউটিউবো হ'ব পাৰে আপোনাৰ এক উপাৰ্জনৰ পথ। মনোৰঞ্জন আৰু শিক্ষাগ্ৰহণৰ এই মাধ্যমটোক ছ'চিয়েল নেটৱৰ্কিং বুলি জনা যায়। য'ত কিছুমান মনোগ্ৰাহী ভিডিঅ' আপলোড দি বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰো বহু কেইজন ইউটিউবাৰে উপাৰ্জন কৰিছে ধন। যাৰ দ্বাৰা তেওঁলোকে কেৱল ধন উপাৰ্জনেই কৰা নহয়, হৈ পৰিছে ইন্টাৰনেটৰ একো একোজন তাৰকাও। আৰু লগতে পূৰণ কৰিছে নিজৰ সপোন।

এই সকল ব্যক্তিক 'ইউটিউব ষ্টাৰ'অৰ্থাৎ ইউটিউবৰ তাৰকা। উল্লেখ্য যে, নেট স্পেচ ইণ্ডিয়াৰ দ্বাৰা প্ৰস্তুত কৰা এইতালিকাত থকা আটাইকেইজন ভাৰতীয় ইউটিউবাৰ লাখপতি। তলত আটাইকেইজন লোকৰ নাম উল্লেখ কৰাহ'ল-

অমিত ভাদানাঃ এই তালিকাৰ প্ৰথম স্থানত আছে অমিত। ফাৰিদাবাদৰ ২৪ বছৰীয়া এই যুৱকজনৰ ইউটিউব চেনেলত প্ৰায় ১৫ মিলিয়ন লোকে ছাবছক্ৰাইব কৰি থৈছে। তেওঁৰ হাস্যকৰ ভিডিঅ' আপলোড কৰে নিজৰ ইউটিউব চেনেলত।

বিবি কি ভাইনছঃ 'বি বি কি ভাইনছ' শীৰ্ষক এই ইউটিউব চেনেলটোৰ স্বত্তাধিকাৰ ভূৱন বাম। ভাৰতীয় শীৰ্ষ ইউটিউবাৰ তালিকাৰ দ্বিতীয় স্থানত আছে ভূৱন বামৰ ইউটিউব চেনেলটো। ভূৱন কেৱল কমেডিয়ানেই নহয়, তেওঁগৰাকী ভাল গায়কো।

টেকনিকেল গুৰুজিঃ গৌৰৱ চৌধুৰী নামৰ যুৱকজনৰ এই চেনেলটো আছে তালিকাখনৰ তৃতীয় স্থানত। ডুবাইত কৰ্মসূত্ৰে থকা গৌৰৱ চৌধুৰী এজন অভিযন্তা। তেওঁৰ এই ইউটিউব চেনেলটোত মুলত হিন্দী ভাষা ব্যৱহাৰ কৰে। যাতে ভাৰতৰ সকলোৱে এই চেনেলটো চাই তাত দেখুওৱা তথ্য-প্ৰযুক্তিৰ সন্দৰ্ভত সহজে বুজিব পাৰে।

আশীষ চাঞ্চালি ভাইনছঃ ইউটিউবৰ হাস্যকৰ ভিডিঅ'ৰ ক্ষেত্ৰত এই চেনেলটোও শীৰ্ষতেই আছে। ছাবছক্ৰাইবাৰৰ পৰিমানে এই তালিকাত চতুৰ্থ স্থানত আছে যদিও এই ইউটিউব চেনেলটো চালে আপুনি হাঁহি ৰখাব নোৱাৰিব। মুম্বাইৰ এই যুৱকজনৰ সপোন এদিন বলিউডৰ তাৰকা ৰূপে পৰিচয় লাভ কৰা।

সন্দিপ মাহেশ্বৰীঃ জীৱনৰ প্ৰকৃত অৰ্থ বুজাবলৈ চেষ্টা কৰা সন্দিপ মাহেশ্বৰীৰ এই ইউটিউব চেনেলটোও স্থান লাভ কৰিছে এই তালিকা। জীৱনত হতাশা দূৰ কৰা, জীৱনত সফল হোৱাৰ বাবে সহায়ক এই চেনেলটোৰ ভিডিঅ'বোৰ।

টিএছ মাদানঃ ভাল ছেলছপাৰ্ছন অবিহনে এটা কোম্পানী আগবাঢ়িব নোৱাৰে। আৰু ইউটিউবত অতিকৈ পৰিচিত ছেলছমেন হিচাপে আছে টি এছ মাদানৰ নাম নিশ্চয় এই তালিকাত থাকিব লগা। তেওঁ এজন এল আই চি এজেণ্ট। যদি আপুনিও ছেলছৰ ক্ষেত্ৰখনত কাম কৰিবলৈ আগ্ৰহী তেন্তে এই ইউটিউব চেনেলটোৰ দ্বাৰা উপকৃত হ'ব।

ফেক্ট টেকছঃ পৃথিৱীৰ কিছুমান নজনা কথা বা বিষয় ভিডিঅ' ৰূপে লাভ কৰা হয় এই ইউটিউব চেনেলটোত। এই চেনেলটোৰ স্বত্তাধিকাৰ ৰাজেশ কুমাৰ। ৰাজেশ আই আই টিৰ পিএইচডি ডিগ্ৰীধাৰী। ৰাজেশ কুমাৰ দেশৰ নতুনকৈ ইউটিউব চেনেল আৰম্ভ কৰা সকলৰ বাবে এক প্ৰেৰণা।

ড০ বিবেক বিন্দ্ৰাঃ ড০ বিবেক বিন্দ্ৰাৰ এই ইউটিউব চেনেলটো এই তালিকাৰ অষ্টম স্থানত আছে। ম'টিভেশ্যনেল স্পীকাৰ আৰু এজন বিজনেছ কোচ্চ ৰূপে তেওঁক ভাৰতৰ সকলোৱে চিনি পায়। আৰু সেয়েহে হয়তো তেওঁৰ এই চেনেলটো এই তালিকাত স্থান লাভ কৰিছে।

হৰ্ষ বেনিৱালঃ ইউটিউবাৰ হৰ্ষ বেনিৱালৰ এই ইউটিউব চেনেলটো তালিকাখনৰ নৱম স্থানত আছে। হৰ্ষেও নিজৰ ইউটিউব চেনেলত হাস্যকৰ ভিডিঅ' আপলোড কৰে। উল্লেখ্য যে, চলিতবৰ্ষত মুক্তি লাভ কৰা হিন্দী ছবি 'ষ্টুডেন্ট অৱ দ্য ইয়েৰ-২'তো অভিনয় কৰিছিল হৰ্ষ বেনিৱালেয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in