সুষমা স্বৰাজে ভৰি চুই সেৱা কৰিছিল কোন অসমীয়া নাৰীক…

সুষমা স্বৰাজে ভৰি চুই সেৱা কৰিছিল  কোন অসমীয়া নাৰীক…

সুষমা স্বৰাজ এতিয়া অতীত। লোধাৰোডত সম্পূৰ্ণ হৈ গ'ল বুধবাৰে এইগৰাকী নেত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়া। ৬৭বছৰীয়া জীৱনকালত তেওঁ দি গ'ল ৰাজনীতি, সমাজ আৰু মূল্যবোধৰ সফলতাৰ প্ৰমাণ। কোনোবাই বিশ্বাস কৰিব পাৰিবনে- এইগৰাকী নেত্ৰীয়েই এদিন সেৱা কৰিছিল এগৰাকী অসমীয়া মহিলাক। ৰাজহুৱা স্থানত সুষমা স্বৰাজে এইদৰে সন্মান কৰিছিল কোন অসমীয়া মহিলাক? কিয় তেওঁ এনে কৰিছিল? অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণমৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন।

এগৰাকী মহিলা। সন্মুখত তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজ। মহিলাগৰাকীৰ কাষ চাপি আহি বিজেপিৰ জ্যেষ্ঠ নেত্ৰী সুষমা স্বৰাজে সুধিছিল- কেনে আছে আপুনি? তেওঁ উত্তৰ দিছিল- ভালে আছো বুলি। তাৰপাছত আৰু বহু কথা পাতিছিল। গুৱাহাটীৰ এক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সেইদিনা প্ৰথমে তালাম কৰি পাছত সেই অসমীয়া মহিলাগৰাকীক ভৰি চুই সেৱা কৰিছিল।

সেইদিনা ৰেডিশ্যন ব্লুৰ সেই অনুষ্ঠানত উপস্থিত থকা প্ৰতিজন লোকেই তেওঁৰ সৰলতা আৰু শ্ৰদ্ধাৰ প্ৰমাণ পাইছিল। আচৰিত হৈছিল এইদৰে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী তথা সেই সময়ৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ আটাইতকৈ প্ৰভাৱশালী নেত্ৰীগৰাকীয়ে অসমীয়া মহিলাগৰাকীক এনে শ্ৰদ্ধা নিবেদন কৰা দেখি।

২০১৫ চন। 'সাদিন-প্ৰতিদন' গোষ্ঠীয়ে আয়োজন কৰিছিল দ্য এচিভাৰ এৱাৰ্ডছ। এই বঁটা বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে আহিছিল তেতিয়াৰ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজ।

সুষমা স্বৰাজক ২০১৫চনত 'সাদিন-প্ৰতিদিন' গোষ্ঠীৰ হৈ দ্য এচিভাৰ এৱাৰ্ডছত অংশ ল'বলৈ অহা সময়ত সম্ভাষণ জনোৱা মুহূৰ্তত 'সাদিন-প্ৰতিদিন' গোষ্ঠীৰ স্বত্তাধিকাৰ জয়ন্ত বৰুৱা…

৬ আগষ্ট, ২০১৯। সুষমা স্বৰাজ নামৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ আটাইতকৈ জনপ্ৰিয় নেত্ৰী গৰাকী হেৰাই গ'ল। সেইদিনা এই খবৰ এইগৰাকী অসমীয়া মহিলাই নাপালে। ৭ আগষ্ট, ২০১৯ত বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাত এই খবৰ পাই তেওঁ উচুপি উঠিল।

ভিতৰত সযতনে সাঁচি থোৱা এখন ফটো বিচাৰি আনি সেই ফটো চাই চাই তেওঁ কান্দিলে। বহু স্মৃতিয়ে চুই গ'ল তেওঁক।জীৱনত তেওঁক ইমান ডাঙৰ মানুহে এনেদৰে সন্মান জনাব বুলি ভবা নাছিল। সেই দিনটোৰ অভিজ্ঞতা আজিও তেওঁৰ মনত সজীৱ।

সুষমা স্বৰাজৰ সৈতে থকা সেই ফটোখন লৈ উচুপিলে তেওঁৰ মৃত্যুৰ বাতৰি পায়…

গুৱাহাটীৰ পাঞ্জাবাৰীৰ নামঘৰ পথত থকা সেই বিশেষ ঘৰটোলৈ আমি যোৱা সময়ত ঘৰটোত বাহিৰ ফালৰ পৰা তলা মৰা আছিল। 'সাদিন-প্ৰতিদিন' গোষ্ঠীয়ে আয়োজন কৰা উক্ত অনুষ্ঠানটোত সেই দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰি আজিও সেই কথা সোঁৱৰণ কৰা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই এই কথা জনাইছিল।

তাৰপাছতেই আমি উপস্থিত হৈছিলোগৈ সেই ঘৰটোত। প্ৰায় ডেৰ ঘণ্টা সময় বাহিৰতে ৰৈ থকাৰ পাছত গেটখনৰ সন্মুখত ৰৈছিলহি এখন গাড়ী। বৰপুত্ৰৰ সৈতে নটসূৰ্য্যৰ ফণী শৰ্মাৰ নাটসমাৰোহৰ নাটক চাই তেওঁলোক উভতিছিল তেতিয়া।

নিশা ১০ বাজি গৈছিল। ড্ৰয়িং ৰূমত বহি তেওঁক সুধিছিলো সেই দিনটোৰ কথা। তেওঁ আকৌ আৱেগিক হৈ পৰিছিল। কৈছিল- কিদৰে সুষমা স্বৰাজে সেইদিনা তেওঁক সন্মান জনাইছিল। বঁটা গ্ৰহণ কৰিবলৈ তেওঁ মঞ্চলৈ উঠা সময়তে সুষমা স্বৰাজে তেওঁক সেৱা কৰিছিল- 'মই আচৰিত হৈছিলো। প্রথমে তেওঁ মোক তালাম কৰিলে। তাৰপাছত মোৰ ভৰি চুই সেৱা। এওঁৰ খবৰ ল'লে। ভালে আছোনে সুধিলে।'

'আকস্মিকভাৱে এই খবৰ পাই মোৰ চকু পানী ওলাই গৈছে। মানুহগৰাকীয়ে মোক কেনেকৈ সাৱত মাৰি ধৰিছিলে সেইবোৰ মনত পৰিলে মোৰ একদম চকুপানী ওলাইছে। এই চকীখনতে বহি কেনেকৈ কথা কৈছিলে এইবোৰ মনত পেলাইছিলো। তাৰপাছত সিহঁত আহিলে। বোৱাৰীজনীয়ে মোক আহি সুধিলে- পালে আপুনি খবৰটো?'

'তেওঁক আগতে দেখিছো যদিও, সেইদিনাই প্ৰথম কাষত পাইছিলো। খবৰটো শুনি মই মৰ্মাহত হৈ পৰিছিলো।' বাৰে বাৰে তেওঁ কৈছিল এই খবৰ পোৱাৰ পাছত তেওঁ কান্দিছিল। আমি কথা পাতি থাকোতেও তেওঁ হাতত এই ফটোখনেই লৈ আছিল। যিখন ফটো সেইদিনা তেওঁ বিশেষ বঁটাটো গ্ৰহণ কৰাৰ পাছত সুষমা স্বৰাজৰ সৈতে তুলিছিল।

এই খবৰ তেওঁ বিশ্বাস কৰিব পৰা নাছিল!

সেইদিনা 'সাদিন-প্ৰতিদিন' গোষ্ঠীয়ে দ্য এচিভাৰ এৱাৰ্ড প্ৰদান কৰিছিল ৰাজ্যৰ বিশিষ্ট অভিনেতা আব্দুল মজিদক। অভিনেতাগৰাকী অসুস্থ আছিল। সেয়েহে এই সন্মান গ্ৰহণ কৰিবৰ বাবে গৈছিল তেখেতৰ পত্নী মজিদা বেগম। আৰু সেই সন্মান তেখেতক দিছিল কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজে।

'এওঁ শাৰীৰিক অসুস্থতাৰ বাবে যাব পৰা নাছিল। মই গৈছিলো। লওঁতে মই খুব কান্দিছিলো। মোৰ বেয়া লাগিছিল। ভৰি চুই সেৱা কৰাই নহয়, সেইদিনা আব্দুল মজিদৰো খবৰ লৈছিল। কেনে আছে তেওঁৰ স্বাস্থ্য সুধিছিল। লগতে কৈছিল- 'তেখেতৰ সফলতাৰ আঁৰত কিন্তু আপুনি। এখন ঘৰৰ সফলতাৰ বাবে সদায় নাৰীৰ ভূমিকা থাকে।'- বহু সময় ধৰি তেখেতে কথা পাতিছিল বিশিষ্ট অভিনেতা আব্দুল মজিদৰ পত্নীৰ সৈতে।

আব্দুল মজিদক প্ৰদান কৰা সেই সন্মানৰ স্মাৰক লৈ পত্নী মজিদা বেগম…

সুষমা স্বৰাজৰ প্ৰতি এনেদৰে তেওঁৰ ভালপোৱা বাঢ়ি গৈছিল। তাৰপাছত সুষমা স্বৰাজক টিভিত দেখিলেই তেওঁ ৰৈ গৈছিল। মানুহজনীৰ প্ৰতি সেই অকৃত্ৰিম ভালপোৱা তেওঁৰ হৃদয়ত। সেয়েহে তেওঁৰ মৃত্যুৰ খবৰে ব্যৰ্থিত কৰি দিনটো মন মাৰি থকাৰ বাবে সন্ধিয়া নাটক চাবলৈ বুলি উলিয়াই লৈ গৈছিল বৰপুত্ৰ নেচিমুলে।

দিল্লীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল সুষমা স্বৰাজৰ। আৰু মহানগৰীৰ পাঞ্জাবাৰীৰ এটা ঘৰত এইদৰে উচুপিছিল মহিলাগৰাকী। তেওঁৰ বাবে সুষমা স্বৰাজে তেওঁক দিয়া এই সন্মান হাজাৰ সন্মানৰ উৰ্ধত। আজিও তেওঁৰ বিশ্বাস কৰিব টান লাগে, সুষমা স্বৰাজে এনে কৰিছিল- 'মোৰ যে ভাবিই টান লাগে তেওঁৰ দৰে এগৰাকী মানুহে মোক এনে কৰিব।'

সুষমা স্বৰাজৰ কথা কৈ আৱেগিক হৈ পৰিছিল এই পৰিয়ালটো…

সেইদিনা এই অনুষ্ঠানলৈ মাকক লৈ গৈছিল আব্দুল মজিদৰ বৰপুত্ৰই। তেওঁ বাহিৰলৈ গৈছিল সেইদিনা। ট্ৰেইনেৰে ঘৰলৈ আহি থাকোতে ফোন কৰিছিল বাণী দাসে। অনুষ্ঠানলৈ চিকিৎসকে আব্দুল মজিদক স্বাস্থ্যগত কাৰণত যাব নোৱাৰিব বুলি কোৱাত সেই সন্মান ল'বলৈ তেখেতৰ পত্নীক বৰপুত্ৰই নিছিল অনুষ্ঠানটোলৈ। সেই সময়ত তেওঁ দৰ্শকৰ আসনত বহি আছিল। সেইদিনটোৰ স্মৃতি সুঁৱৰি তেওঁ ক'লে- 'মাই প্ৰথমে যাবলৈ অলপ সংকোচ কৰিছিল। অনুষ্ঠানটোত মই দৰ্শকৰ আসনত বহু দূৰৈত বহি আছিলো। হঠাৎ দেখিলো মাই তেওঁৰ সৈতে কথা পাতি আছে। মই আহোতে মাক সুধিছিলো- তুমি কি কথা পাতিলা?'

মাতৃয়ে পুত্ৰৰ আগত কৈছিল কি কথা পাতিছিল। ঘৰলৈ উভতি অহাৰ পাছত বিশিষ্ট অভিনেতা আব্দুল মজিদে সুধিছিল- 'কি কথা পাতিছিলা তুমি সুষমা স্বৰাজৰ সৈতে?' সুষমা স্বৰাজে তেওঁক ভৰি চুই সেৱা কৰাৰ কথা কওঁতে ৰগৰ কৰি আব্দুল মজিদে পত্নীক লগতে কৈছিল- 'তুমি আজিৰ পৰা ডাঙৰ মানুহ হৈ গ'লা।'

সেই দিনটোৰ স্মৃতিয়ে আজি আৱেগিক কৰি তুলিছে পৰিয়ালটোক। ২০১৭চনৰ ২৪ ছেপ্টেম্বৰত গুৱাহাটীৰ জি এম আৰ চি হাস্পতালত মৃত্যু ঘটিছিল বিশিষ্ট পৰিচালক, অভিনেতা, নাট্যকাৰ আব্দুল মজিদৰ। মৰম তৃষ্ণা, চামেলী মেমচাহাব, বনশংখ, বনজুই, পোনাকণ,উত্তৰকাল, ৭ নম্বৰৰ সন্ধানত আদি ছবিৰ পৰিচালক আছিল আব্দুল মজিদ। চামেলী মেমচাহাবৰ বাবে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ ৰাষ্ট্ৰীয় বঁটাও।

১৯৫৭চনতেই ৰঙা পুলিচ ছবিৰ জৰিয়তে অভিনেতা ৰূপে আত্মপ্ৰকাশ কৰিছিল আব্দুল মজিদে। তাৰপাছত পূজা, পুৰুষ, সেন্দুৰ, উপপথ, এই দেশ মোৰ দেশ, বোৱাৰী, মমতাজ, সংকল্প, ভাই-ভাই, প্ৰতিদান, এন্টনী মোৰ নাম, পিতা-পুত্ৰ, যুমন-সুমন আদি ছবিত অভিনয় কৰিছিল আব্দুল মজিদে।

সেই অনুষ্ঠানটোত অংশ লৈ 'সাদিন-প্ৰতিদিন' গোষ্ঠীয়ে প্ৰদান কৰা দ্য এচিভাৰ এৱাৰ্ড গ্ৰহণ কৰা এই অভিজ্ঞতাৰ লগতে তেওঁ ক'লে- 'মানুহগৰাকীয়ে এওঁৰ বিষয়ে বহু কথা আগতে জানি আহিছিল। কাৰণ মোক তেওঁ যিবোৰ কথা সুধিছিল, মইতো আচৰিত। এওঁৰ কি বেমাৰ হৈছে, ছবিৰ কথাকে ধৰি ভালেমান কথা তেওঁ সেইদিনা মোক সুধিছিল।'

বঁটা প্ৰদান কৰাৰ সেই স্মৃতি এনেদৰে সাঁচি থৈছে…

আচৰিত হৈছিল সুষমা স্বৰাজৰ এই ব্যৱহাৰ দেখি। মুগ্ধ হৈছিল তেওঁলোক। আৰু হিন্দী-ইংৰাজী নজনা এইগৰাকী মহিলাক অসমীয়াতে 'কেনে আছে' বুলি সোধাৰ লগতে তেওঁ হিন্দী-অসমীয়া মিশ্ৰিত শব্দৰে লৈছিল মনৰ খবৰ।

এগৰাকী সুবক্তা ৰূপে নাম থকা সুষমা স্বৰাজৰ সেয়াই আছিল কৰীশ্মা। সেয়াই আছিল তেওঁৰ সৰলতা আৰু জ্যেষ্ঠজনৰ প্ৰতি সন্মানৰ নমুনা। ইমান ডাঙৰ হৈওঁ তেওঁ কিমান সৰু হ'ব খুজিছিল। নাছিল কোনো স্বাভিমান। আজি ৰাজনীতিত মন্ত্ৰী-বিধায়ক হ'লেই উচ্চস্বৰত কথা কোৱা, মানুহক মানুহ বুলি জ্ঞান নকৰা, দম্ভ-অহংকাৰী ৰাজনীতিবিদ সকলৰ সৈতে সুষমা স্বৰাজৰ আছিল এয়াই পাৰ্থক্য।

সুষমা স্বৰাজে মানুহৰ মন জয় কৰিছিল সৰলতাৰে। ভাৰতীয় পৰম্পৰাৰ বাহক আছিল তেওঁ। তেওঁ আছিল দেশৰ ৰাজনীতিৰ অন্যতম প্ৰবক্তা। বাজপেয়ীৰ পৰা আদৱানীলৈকে, ছোনিয়া গান্ধীৰ পৰা মমতালৈকে সকলোৰে হৃদয়ত তেওঁৰ স্থান আছিল। কেৱল সমকক্ষীয় নেতাৰ হৃদয়তে নহয়, সৰ্বসাধাৰণৰ হৃদয়ো জিনিব পাৰিছিল তেওঁ।

আজিও তেওঁৰ সপোন সপোন লাগে সেই কথা…

তেওঁৰ মৃত্যুত নীৰৱে উচুপিছে মজিদা বেগমে। ৰাজনীতিৰ নামত ভিন্ন দৃষ্টিৰে মানুহক সাম্প্ৰদায়িকতাৰ বেহুৰ মাজত বন্দী কৰিব খোজা তথাকথিত লোকসকলৰ বাবেও আছিল এয়া শিক্ষা। সুষমা স্বৰাজে এনেদৰেই জিনি গৈছিল এগৰাকী অসমীয়া নাৰীৰ হৃদয়। ভৰি চুই সেৱা কৰাতো আমাৰ তথাকথিত নেতাসকলৰ বাবে ডাঙৰ কথা। ভালদৰে মাত এষাৰো দিব নোখোজে বহুতে। সাধাৰণ লোকক কিন্তু এনেদৰেই অসাধাৰণ আচৰণ কৰিছিল ভাৰতীয় নাৰীৰ দৰ্শন আৰু পৰম্পৰাৰ বাহক হৈ থকা এইগৰাকী নেত্ৰীয়ে।

সদায় তেওঁ পৰিধান কৰিছিল শাৰী। মুখত লাগি আছিল এটা আত্মীয়তাৰে ভৰা হাঁহি। আৰু কপালত জিলিকি আছিল ডাঙৰ ৰঙা ফোঁট। শিৰত এমুকুৰা সেন্দুৰ। তেওঁ নাৰীক বুজিছিল, সেয়েহে ক'ব পাৰিছিল আব্দুল মজিদৰ পত্নীক- তেওঁৰ সফলতাৰ আঁৰত কিন্তু আপুনি। ভৰি চুই সেৱা কৰোতে তেওঁ ভবা নাছিল এই কথা এদিন কোনোবাই চৰ্চা কৰিব। কিন্তু সেই দিনৰ স্মৃতিও উজাই আহিছে আব্দুল মজিদৰ পৰিয়ালৰ প্ৰতিজনৰ হৃদয়দি। সুষমা স্বৰাজ আৰু নাই। কিন্তু থাকি গ'ল তেওঁৰ সেই সৰলতাৰে জিনা অকৃত্ৰিম স্নেহ আৰু ভক্তিৰে ভৰা স্মৃতি। মজিদা বেগমে বাৰে বাৰে কৈছিল- 'মোৰ আজিও বিশ্বাস নহয়, এদিন তেওঁৱে মোৰ ভৰি চুই সেৱা কৰিছিল।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in