মেনেজঃ ভেটি দি প্ৰদীপ আগৰৱালাই ল’লে গ্ৰীণ বেল্টৰ ৭বিঘা মাটি…

মেনেজঃ ভেটি দি প্ৰদীপ আগৰৱালাই ল’লে গ্ৰীণ বেল্টৰ ৭বিঘা মাটি…

মেনেজ হয় সকলো। কি মন্ত্ৰী, কি বিষয়া, কি মণ্ডল। সকলোকে লাগে টকা। ধন পালে সলনি হয় নিয়ম। গুৱাহাটীৰ সেউজ ভূমি তুলি দিলে অনা অসমীয়া ব্যৱসায়ীৰ হাতত। কেনেকৈ অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ এক প্ৰতিবেদন…

গুৱাহাটী মহানগৰীতে কেৱল ভূ-মাফিয়াই নহয়, এচাম চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু বিভাগৰ দায়িত্ব থকা তদানীন্তন মন্ত্ৰীৰ পৃষ্ঠপোষকতাত অবৈধভাৱে মাটি বিক্ৰী কৰা এক ঘটনা পোহৰলৈ আহিছে। অতি কৌশলগতভাৱে বিভিন্ন নথি-পত্ৰ প্ৰস্তুত কৰি এই চক্ৰটোৱে বণিয়াৰ হাতত গটাই দিছিল বিঘাই বিঘাই মাটি।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য মতে জনৈক প্ৰদীপ আগৰৱালা নামৰ এজন অনা-অসমীয়া ব্যৱসায়ীয়ে এক চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সহযোগত ক্ৰয় কৰিছিল গ্ৰীণ বেল্টৰ ৭বিঘাৰো অধিক মাটি। দিছপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডাক নং-৯১, বেতকুছি গাঁৱত এই ভূমিখিনি নিয়ম অনুসৰি ক্ৰয় কৰি নোৱাৰে যদিও ধন জোৰত সকলো মেনেজ কৰি ২০০৫-০৬চনতেই পৰ্যায়ক্ৰমে মাটিখিনি নিজৰ নামত নামজাৰি কৰা তথ্য পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে, উক্ত ৭বিঘা মাটি নৰ্থ ইষ্ট এগ্ৰিকালচাৰ চিটফাৰ্ম এণ্ড ৰিৰ্ছাজ চেন্টাৰ নামৰ এক প্ৰতিষ্ঠানক আৱন্টন দিয়াৰ বাবে সেই সময়ৰ কামৰূপ মেট্ৰৰ উপায়ুক্তৰ পৰা এক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল। উল্লেখযোগ্য যে, এই ভূমিখণ্ড ৰে'ল আৰু বিমান বন্দৰ কৰ্তৃপক্ষৰ অধীনস্থ বুলি তথ্য আছিল যদিও অতি কৌশলেৰে ইয়াক অনা-অসমীয়া ব্যৱসায়ীক গটাই দিবলৈ সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছিল।

গ্ৰীণ বেল্টৰ অধীনস্থ এনে ভূমি ব্যৱসায়িক বিক্ৰীৰ বাবে সাধাৰণ লেণ্ডছ চেটেলমেন্টৰ ক্ষেত্ৰত পোনচাটে নাকচ কৰা হয় যদিও ৰহস্যজনকভাৱে এন অ চি দিব লগা প্ৰায়বোৰ বিভাগে এইক্ষেত্ৰত মৌনতা অৱলম্বন কৰিছিল। গুৱাহাটী মেট্ৰ পলিটান ডেভেলপমেন্ট অৰ্থৰিটী চমুকৈ জি এম ডি এলৈ ৰেলৱে আৰু এয়াৰ পৰ্ট জ'নৰ অন্তৰ্গত এই ভূমি ক্ৰয়ৰ ক্ষেত্ৰত প্ৰস্তাৱিত নৰ্থ ইষ্ট কৃষি ফাৰ্ম স্থাপন কৰিবলৈ গুৱাহাটীৰ মাষ্টাৰ প্লেন অনুসৰি কিবা অসুবিধা আছে নেকি জনাবলৈ কোৱা গৈছিল যদিও বহুদিন জি এম ডি এৰ ফালৰ পৰা কোনো উত্তৰ দিয়া নাছিল।

টাউন প্লেনাৰে এই আবেদনৰ সন্দৰ্ভত কোনো আপত্তি নথকা কথাহে অৱগত কৰিছিল। সেই সময়ত ৰাহজ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে আৰবান ডেভেলপমেন্ট বিভাগক এই ভূমি গ্ৰীণ জ'নৰ পৰা আতৰত ৰাখিবলৈ কৰা আবেদনত এপ্ৰভ কৰাই নহয় পৰৱৰ্তী সময়ত আন এক ৰিমাইণ্ডাৰ যোগে বিষয়টোত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল।

আৰবান ডেভেলপমেন্ট বিভাগে এই সন্দৰ্ভত কোনো আপত্তি বা উত্তৰ নিদি মৌনভাৱে উক্ত ভূমিখিনি বিক্ৰী বা ক্ৰয় কৰাত সন্মতিহে প্ৰদান কৰিছিল। উক্ত ভূমিখিনি বিক্ৰীৰ বাবে প্ৰয়োজনীয় প্ৰায় সকলোবোৰ নথি-পত্ৰ ধনৰ বলত মেনেজ কৰিছিল প্ৰদীপ আগৰৱালাই। একেলগে এই ভূমিখিনি চেটেলমেন্ট কৰাৰ সলনি তেতিয়াৰ ৰাজহমন্ত্ৰীয়ে বেতকুছি ৰাজহ গাঁৱৰ অন্তৰ্গত ৯১নং দাগৰ ৪বিঘা মাটি চেটেলমেন্ট কৰিবলৈ অনুমতি প্ৰদান কৰিছিল।

এই অনুমতি প্ৰদানৰ সময়ত এই ভূমিখিনিত নৰ্থ ইষ্ট এগ্ৰিকালচাৰ চিটফাৰ্ম আৰু ৰিছাৰ্জ চেন্টাৰৰ নামত আৱন্টন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। লগতে এই কথাও কোৱা হৈছিল যে, উক্ত স্থানত এই কৃষি ফাৰ্ম আৰু গৱেষণা কেন্দ্ৰটোৰ জৰিয়তে উদ্যান শস্যৰ খেতি কৰা হব। এনে উদ্দেশ্যৰে উক্ত ভূমিখিনিৰ বাবে লেণ্ড এডভাইজেৰী কমিটীৰ সভাত অনুমতি লোৱা হৈছিল।

কিন্তু পৰৱৰ্তী সময়ত এই চক্ৰটোৱে অতি কৌশলেৰে এই ভূমি অনা অসমীয়া ব্যৱসায়ীজনক গতাই দিছিল। বিভাগীয় নিয়ম অনুসৰি লেণ্ড এডভাইজেৰী কমিটীৰ অনুমতি লাভ কৰাৰ পাছতেই ভূমিখিনিৰ সন্দৰ্ভত গ্ৰহণ কৰা প্ৰস্তাৱ সলনি কৰি ব্যৱসায়ী আগৰৱালাক মাটিখিনি গটাই দিয়াৰ বাট মুকলি কৰিছিল।

উক্ত ভূমি ক্ৰয়-বিক্ৰীৰ ক্ষেত্ৰত এনে অনিয়ম সংঘটিত কৰি মাটিখিনিৰ বাবে ৰাজহ বিভাগে নতুন দাগ আৰু পট্টা নম্বৰো সলনি কৰিছিল। সেই অনুসৰি নতুন দাগ আৰু পট্টা নাম্বাৰ দিয়া হৈছিল ক্ৰমে- ৩২৩৮ আৰু ১৯৩৮। এই মাটিৰ চেটেলমেন্টৰ বাবে দুখন চালনেৰে ট্ৰেজাৰীক ধন দিয়াৰ কথা উল্লেখ কৰা হৈছিল যদিও সেয়াও জমা হৈছিল নে নাই তাক লৈও সন্দেহৰ সৃষ্টি হয়।

এখন চালনৰ যোগে ২৯.২৫লাখ আৰু আনখন চালনৰ যোগে ৩৯লাখ টকা দিয়া বুলি এই মাটি ক্ৰয়ৰ বাবে প্ৰস্তুত কৰা ফাইলত উল্লেখ কৰা হৈছে। এই মাটি ক্ৰয়-বিক্ৰী এনে কেলেংকাৰী সমগ্ৰ তথ্য পোহৰলৈ আহিছিল ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ জমা দিয়া তথ্যত। সেই সময়ত কামৰূপ মহানগৰ উপায়ুক্তই পোহৰলৈ আনিছিল যে, ADLAC মাইনোটছৰ এটা নম্বৰৰ বিপৰীতে চেটেলমেন্টৰ নিৰ্দেশ পোৱা নাছিল।

এই সন্দৰ্ভত দাখিল কৰা NOCক লৈও সন্দেহ ব্যক্ত কৰা হৈছিল। কিয়নো নৰ্থ ইষ্ট এগ্ৰিকালচাৰেল চিটফাৰ্ম আৰু ৰিছাৰ্জ চেন্টাৰৰ নামত আৱন্টিত ভূমি প্ৰদীপ কুমাৰ আগৰৱালা আৰু কে আৰ চি ৱেৰ হাউচৰ নামত বিক্ৰী কৰিবলৈ যিসমূহ NOC দিয়া হৈছে, সেইবোৰ সন্দেহজনক আছিল।

এই ভূমি ক্ৰয় কেলেংকাৰীৰ সৈতে সেই সময়ত কামৰূপ উপায়ুক্ত কাৰ্যালয়ত কৰ্মৰত বিষয়া-কৰ্মচাৰী জড়িত থকা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সেই সময়ত দিছপুৰ ৰাজহচক্ৰৰ চক্ৰ বিষয়া আছিল কবিতা ডেকা। দিছপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল ভোগেশ্বৰ দাস আৰু কামৰূপ মেট্ৰৰ মহকুমাধিপতি ৰাতুল বৰুৱাৰ নামো এই কেলেংকাৰীৰ সৈতে চৰ্চা হৈছিল।

এই চক্ৰটোৱে এনেদৰে অনা অসমীয়া ব্যৱসায়ীৰ হাতত গ্ৰীণ বেল্টৰ অধীনস্থ এই মাটিখিনি কেনেদৰে তুলি দিলে তাক লৈও স্থানীয় নৱজাগৰণ সংঘ নামৰ এটা ক্লাৱে অভিযোগো দাখিল কৰিছিল। মন্ত্ৰী, ডিচি কাৰ্যালয়ৰ উচ্চ পদস্থ ৰাজহ বিষয়াকে ধৰি আন NOC প্ৰদান কৰিব লগা বিভাগসমূহক মেনেজ কৰি উক্ত ভূমি হস্তগত কৰিছিল প্ৰদীপ আগৰৱালাই।

এতিয়া প্ৰশ্ন হয়, ৰেলৱে আৰু বিমান কৰ্তৃপক্ষৰ অধীনস্থৰ লগতে গ্ৰীণ বেল্টৰ এই ভূমি কেনেকৈ কোনো সংস্থা বা ব্যক্তিৰ নামত প্ৰথমে আৱন্টিত হৈ পিছত বিক্ৰীৰ অনুমতি পালে। তাতোকৈ ডাঙৰ কথা, উদ্যান শস্যৰ খেতিৰ নামত আৱন্টন হোৱা এই মাটি কেনেকৈ কোনো ব্যক্তি বা সংস্থাই ব্যক্তিগত ব্যৱসায়ীক বিক্ৰী কৰাৰ অনুমতি পাব পাৰে। এই বিক্ৰী প্ৰক্ৰিয়াৰ বাবে উপায়ুক্তৰ অনুমতিকে ধৰি বিভিন্ন সংস্থাৰ যিবোৰ NOC লাগে, সেই NOCবোৰ ভুৱা আছিল নে ধনৰ বিনিময়ত শীৰ্ষ আমোলাই প্ৰদান কৰিছিল। আনহাতে এই গুৰুতৰ অনিয়ম সন্দৰ্ভত নৱজাগৰণ সংঘই আনুষ্ঠানিক অভিযোগ দিয়াৰ পিছতো কিয় ৰাজহ বিভাগ অথবা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এই সন্দৰ্ভতো আমাৰ হাতলৈ আহি পৰিছে বহু গুৰুত্বপূৰ্ণ তথ্য। প্ৰদীপ আগৰৱালাই কি কামত উক্ত সেউজ ভূমি ব্যৱহাৰ কৰিছে সেই খবৰো ৰাইজে জনা উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in