শেহতীয়া খবৰ
অন্তঃত এদিনৰ বাবে সকাহ…  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন  •  মঙলবাৰে নিৰ্বাচনী আয়োগৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  হাৰিয়ানাত চিআৰপিএফৰ ৮০ সংখ্যক বাৰ্ষিক অধিবেশন...  •  আগন্তুক লোকসভা, বিধানসভা নিৰ্বাচনৰ বাবে সাজু অন্ধপ্ৰদেশৰ তেলেগু দেশম পাৰ্টি  •  নাহৰকটীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী  •  বিজেপিত খহনীয়া, ২ মন্ত্ৰী আৰু ৫ বিধায়কে আজি যোগ দিব নতুন দলত!

বনভোজস্থলীত ‘ৰহেদৈ’ৰ ভয়ত পলাইছে নীল-কুসুম, বাবু-ভৃগু, লাটুমণি-মন্টুমণি…

4,790

আজি ২০১৯ বৰ্ষৰ প্ৰথমটো দেওবাৰ। বনভোজস্থলীত ভিৰ লাগিছে বনভোজকাৰী দলৰ। অৱশ্যে পূৰ্বৰ বছৰৰ দৰে এইবাৰ বনভোজৰ প্ৰতি নাই বিশেষ আগ্ৰহ। তথাপিও বনভোজ মানেই উৎসৱ আৰু আনন্দৰ এক পৰিৱেশ। ঘৰৰ পৰা আতৰি প্ৰকৃতিৰ সৈতে মিলি লগেভাগে এসাজ খোৱাৰ আমেজেই বেলেগ। এইবাৰ বনভোজস্থলীত পিছে ৰাইজে কি গান বজাইছে? যোৱা এসপ্তাহে বনভোজস্থলীত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত ডিম্পুল বৰগোঁহাইৰ এক প্ৰতিবেদন।

 

১. ‘মাছলৈ গৈছিলো…’

পুৰণি গান হ’লেও, এই গানটোৱে এইবাৰো বনভোজকাৰীৰ মাজত ব্যাপক আদৰ লাভ কৰিছে। নীল আকাশৰ এই গানটো বাজিছে বনভোজস্থলীত। গানৰ তালে তালে বনভোজকাৰীসকলে এই গীতত নাচিছে। মহানগৰীৰ উপকন্ঠৰ লগতে সোণাপুৰ বা ৰাজ্যৰ আন প্ৰান্ততো ‘মাছলৈ গৈছিলো’ গীতটো বজাই ৰাইজে বনভোজৰ আমেজ লৈছে।

 

২. ‘মলয়া বাইদেউ…’

‘গাঁৱৰ ল’ৰা কেইটা বাচি গ’ল, মলয়া বাইদেউৰ জীয়েক হেনো পলাই গ’ল…’- বনভোজস্থলীত এই গানটি এতিয়া হিট হৈছে। আচুৰ্য বৰপাত্ৰই অলপতে ৰিলিজ দিয়া এই গীতটোক বনভোজস্থলীত আদৰি লৈছে ৰাইজে। ইউটিউবত ইতিমধ্যে ৭ লাখ লোকে চোৱা আচুৰ্যৰ এই গীতৰ তালত বনভোজস্থলীত ধূলি উৰিছে। যুৱক-যুৱতীসকলে বিশেষকৈ এই গীতটোৰ তালত নাচি বনভোজস্থলীত বনভোজৰ আনন্দ উপভোগ কৰিছে।

 

৩. ‘এ মিনি…’

‘এ মিনি’ও বাজিছে এইবাৰ বনভোজস্থলীত। পুৰণি হ’লেও এই গীতৰ তালত নাচিছে পিকনিক খাবলৈ যোৱা বহুজনে। ২০১৮ৰ পিকনিকৰ বতৰতো এইটো গীতে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। কুসুম কৈলাশৰ এইগীতৰ জনপ্ৰিয়তা এতিয়াও অন্ত পৰা নাই। কেবাটাও বনভোজকাৰী দলে ‘এ মিনি’ বজাই বনভোজস্থলীত নাচ-গানত ব্যস্ত হৈ থকা দৃশ্য এইবাৰো দেখিবলৈ পোৱা গ’ল।

 

৪. ‘এতিয়া কি কৰো…’

বিহুসুৰীয়া গীতৰ এইবাৰ আদৰ বাঢ়িছে। মন্টুমণি শইকীয়াৰ ‘এতিয়া কি কৰো’ শীৰ্ষক বিহুসুৰীয়া গীতটো ৰাইজে আদৰি লৈছে বনভোজস্থলীত। বিশেষকৈ এইবাৰ জনপ্ৰিয় বিহুগীত বুলিবলৈ বনভোজস্থলীত কোনো নতুন বিহুগীত বজা নাই। তাৰ ঠাইত মন্টুমণিৰ ‘ঐ চিলা, এতিয়া কি কৰো’ গীত বজাই ৰাইজে বনভোজৰ বতৰত বেছ ফূৰ্তি কৰিছে।

 

৫. ‘ব’হাগী বৰুৱা তোৰে নাম…’

‘ব’হাগী বৰুৱা’য়ো এইবাৰ নাম কমাইছে বনভোজস্থলীত। ‘তোৰে মোৰে প্ৰেমৰ কথা জান ঐ, ঘুণুক-ঘাণাককৈ ওলাইছে…. লাটুমণিয়ে কৰি দিব তোৰে কাম, ব’হাগী বৰুৱা তোৰে নাম…’- ৰাইজে এই গীত বজায়ো বনভোজস্থলীত বতাহ গৰম কৰিছে। ভৃগু কাশ্যপ আৰু লাটুমণিৰ এই গীতটোৱে ছ’চিয়েল মিডিয়াতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল।

 

৬. ‘হৰিবল…’

গীতাঞ্জলি দাসৰ ‘হৰিবল’য়েও এইবাৰ ৰাইজৰ পৰা বনভোজস্থলীত আদৰ পাইছে। উজনিত ‘হৰিবল হৰিবল’ কৰি ৰাইজে বনভোজস্থলীত অদ্ভূত নৃত্যৰে বনভোজস্থলীত ফূৰ্তি কৰিছে। মানুহৰ ৰুচি ভিন্ন হোৱাৰ সূত্ৰেই বিভিন্নজনে বিভিন্ন ধৰণৰ গীতেৰে পিকনিকৰ আমেজ লৈছে।

 

৭. ‘চেনি চেনি চেনি মাই…’

চেনি চেনি চেনি মাইক বনভোজস্থলীত দেখা পাই ৰাইজৰ গা ল’ৰিছে। নীল আকাশৰ এই গীতটোও বাজিছে বনভোজস্থলীসমূহত। বিশেষকৈ যুৱ প্ৰজন্মৰ পিকনিক খাবলৈ যোৱা দলসমূহে এই গীত বজাই বনভোজস্থলীৰ আকাশ-বতাহ একাকাৰ কৰিছে। অৱশ্যে এই গীতটিৰ লগতে পুৰণি কিছু বিহুৱেও বনভোজস্থলীত ৰাইজৰ প্ৰিয় গীত হৈছে।

 

৮. ‘নাচ বাইদেৱে ধৰিব নোৱাৰে… ’

‘ৰাকেশ ৰিয়ানৰ কিনো বেমাৰ ওলালে আলট্ৰাছাউণ্ডত ধৰা পৰা নাই, নাচ বাইদেৱে বুকুখন হেঁচি হেঁচি চাই…’- এই গীতটিও বনভোজস্থলীত বাজিছে। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আদি বনভোস্থলীত ৰাকেশ ৰিয়ানৰ এই গীতে ৰাইজৰ পৰা ভাল আদৰ পাইছে।

 

৯. ‘কিনো মৰম লগালি আইমণি…’

বনভোজস্থলীত আইমণিয়ে মৰম লগাইছে। কিনো মৰম লগাইছে আইমণিয়ে, ৰাইজে এই গীতটিও বৰকৈ বজাইছে। জুবিন গাৰ্গে কণ্ঠদান কৰা ‘আইমণি’ বিহুৱে বনভোজকাৰীৰ মন মোহিছে।

 

১০. ‘ৰহেদৈ…’

‘ৰহেদৈ’ত বেয়াকৈ দিছে এচাত তথাকথিত গায়কসকল। বিপিন চাউদাঙৰ এই গীতে বনভোজস্থলীত বেছ জমাইছে। গীতৰ কথাবোৰে তথাকথিত সমাজখনক আৰু সাংস্কৃতিক জগতত চলি থকা বহু দিশ উদঙাই দিছে। সেয়েহে ৰাইজে বনভোজস্থলীত গাইছে- ‘ৰহেদৈ ঐ ৰহেদৈ… এইবাৰ মই গায়ক হ’ম। মা কচম গায়ক হ’মেই হ’ম। ডাঙৰ গায়ক হ’ম। কাণফুলি পিন্ধি লম, টিকনীডাল ৰখাই ল’ম… ৰহেদৈ এইবাৰ মই শিকিছো সা ৰে গা মা…।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি