শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

৫ বছৰে জনচক্ষুৰ আঁতৰত থকা বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামী কেনে আছে?

467

মৃদুল কুমাৰ সন্দিকৈ

যোৱা ৫ বছৰ ধৰি তেওঁ সোমোৱা নাই গ্ৰন্থালয়ত। আটোমটোকাৰিকৈ সজোৱা পুঁথিভঁৰালৰ কিতাপবোৰ অতি সজতনে থৈ দিছে পৰিয়ালৰ লোকে। এইবোৰৰ আলপৈচান ধৰিবলৈ তেওঁৰ গাত নাই পূৰ্বৰ বল-বিক্ৰম। ২০১৪চনত এইগৰাকী বিশিষ্ট সাহিত্যিকৰ সহধৰ্মীনিয়ে চিৰবিদায় লৈছিল। তাৰপাছতেই তেওঁৰ জীৱনলৈ নামি আহিছিল এই পৰিৱৰ্তন।

বিশিষ্ট সাহিত্যিক অতলানন্দ গোস্বামীৰ ব্যক্তিগত পুঁথিভঁৰাল…

১৯৩৫ চনত জন্ম হৈছিল এগৰাকী বিশিষ্ট কথাশিল্পীৰ। এসময়ত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যোগে প্ৰচাৰ হোৱা অতি জনপ্ৰিয় ধাৰাবাহিক ‘নামঘৰীয়া’ আছিল তেখেতৰে বহু জনপ্ৰিয় উপন্যাসৰ নাট্য ৰূপ। ১৯৮৯ চনত প্ৰকাশ পাইছিল এখন জনপ্ৰিয় গ্ৰন্থ।

অতুলানন্দ গোস্বামীৰ ‘নামঘৰীয়া’…

অতুলানন্দ গোস্বামী অসমীয়া সাহিত্য জগতৰ এগৰাকী বলিষ্ঠ গল্পকাৰ, ঔপন্যাসিক আৰু বিশিষ্ট অনুবাদক। যোৱা ৫ বছৰ ধৰি ৰাজহুৱা জীৱনৰ পৰা আতৰি আছে এই বিশিষ্ট কথাশিল্পীগৰাকী। কেনে আছে ‘হামদৈ পুলৰ জোন’, ‘চেনেহেৰ জৰীৰ গাঁথি’, ‘ৰাজপথ’ আদি গ্ৰন্থৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিকগৰাকী?

অতুলানন্দ গোস্বামীয়ে লেখা-মেলা কৰা টেবুলখন…

মহানগৰীৰ জু-ৰোডৰ হাতীগড় চাৰিআলিৰ ‘আধাৰ’লৈ এসময়ত বহু লোকৰ আহ-যাহ হৈছিল। ক’লা গেটখনেৰে সোমায়ে এটা দীঘল পদূলি। পদূলিটোৰ মূৰত থকা ঘৰটোত জিলিকি আছে সেই ফলক, য’ত লিখা আছে- অতুলানন্দ গোস্বামী।

তেওঁৰ বাসগৃহৰ নাম ‘আধাৰ’…

‘আধাৰ’লৈ গৈ কলিং বেলটো টিপোতে এগৰাকী ভদ্ৰ মহিলা ওলাই আহিল। বিশিষ্ট সাহিত্যিকগৰাকীক এবাৰ চাবৰ বাবে অহা বুলি জনোৱাত তেখেতে পৰিচয় সুধি ভিতৰলৈ সোমাই গ’ল। কিছু সময় পাছতেই ওলাই আহিল এজন যুৱক। অতুলানন্দ গোস্বামীৰ নাতি।

এখন সম্বৰ্ধনা অনুষ্ঠানত অতুলানন্দ গোস্বামী…

আমাক লৈ গ’ল তেখেতৰ কোঠালৈ। বিচনা এখনত তেওঁ দীঘল দি পৰি আছিল। সাধাৰণতে তেওঁ মানুহক সাক্ষাৎ নকৰে। পৰিয়ালৰ লোকে বৰ যত্নৰে ৰাখিছে তেওঁক। সেই কথা কোঠাটোলৈ সোমাই অনুভৱ কৰিলো। মিঠা হাঁহি এটাৰে তেওঁ স্বাগতম জনালে। ‘ছাৰ’ বুলি মাতোতে হাতখন খামুচি ধৰি ক’লে – ‘বৰ ভাল লাগিল। মোৰ যে খবৰ ল’বলৈ তুমি আহিলা।’

এইদৰে বিশ্ৰাম লৈ থকা মুহূৰ্তত অতুলানন্দ গোস্বামী…

তেওঁৰ লিখাৰ কথা উলিয়ালো। ১৯৬৪চনত প্ৰকাশ পোৱা হামদৈ পুলৰ জোনৰ পৰা আৰম্ভ কৰি ১৯৯৪চনত প্ৰকাশ পোৱা ইংৰাজী গল্প সংকলন নিগ্ৰো কাপল ইন ছাৰ্চ অৱ শিৱলৈকে। কথাবোৰ তেওঁ পাহৰিছে। কিছু কথা মনত পেলাই দিলো। মনোজ কুমাৰ ডেকাই বীনাপাণি প্ৰকাশনৰ জৰিয়তে তেওঁৰ এখন গল্পসংকলন প্ৰকাশ কৰিছিল। নাম আছিল ‘বৈভৱ বিলাপ’।

অতুলানন্দ গোস্বামীৰ ‘ৰচনা সমগ্ৰ’…

সেই কথাবোৰ তেওঁৰ মনত পৰিল। হাঁহিমুখে তেওঁ দুষাৰমান পাতিলে। কলম তেওঁ যোৱা ৫ বছৰে হাতত তুলিয়েই লোৱা নাই। এইজন বিশিষ্ট গল্পকাৰ তথা ঔপন্যাসিকে ‘নামঘৰীয়া’ উপন্যাসৰ বাবে অম্বিকাগিৰি ৰায় চৌধুৰী বঁটা, ‘বলিয়া হাতী’ নামৰ গল্পৰ বাবে ১৯৯২চনত কথা বঁটা লাভ কৰিছিল।

‘চেনেহ জৰীৰ গাঁথি’ নামৰ গ্ৰন্থখনৰ বাবে ২০০৬চনত তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। ২০১৩চনত তেখেতলৈ যচা হৈছিল অসম উপত্যকা সন্মান। ‘পলাতক’ নামৰ গ্ৰন্থখন তেওঁৰ প্ৰকাশ হৈছিল ১৯৮৩চনত। তাৰপাছত ১৯৯৩চনত প্ৰকাশ হৈছিল ‘আশ্ৰয়’।

ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ সৈতে অতুলানন্দ গোস্বামী…

‘ককাইদেউ’ নামৰ উপন্যাসখন তেওঁৰ ২০০৯চনত প্ৰকাশ পাইছিল। ২০১২চনত পি জি ইণ্ডিয়াই প্ৰকাশ কৰিছিল তেওঁৰ আন এখন উপন্যাস ‘অৰ্কিড’। অসমীয়া সাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ তথা ঔপন্যাসিক তেওঁ। কেইবাখনো গ্ৰন্থ তেওঁ অনুবাদ কৰিছে। তাৰ ভিতৰত জেমছ হিল্মৰ ‘গুডবাই মিঃ ছিপছ’, টি এছ পিল্লাইৰ ‘পিতা-পুত্ৰ’, প্ৰাণবন্ধু কৰ আৰু মনোজ কুমাৰৰ ‘শ্বেতপম্মা আৰু বনহংসী’, ‘একৈশটা বাংলা গল্প’, বংকিমচন্দ্ৰৰ নিৰ্বাচিত প্ৰবন্ধ অন্যতম।

Image result for atulananda goswami
অসম উপত্যকা সাহিত্য বঁটা গ্ৰহণ কৰা সময়ত…

‘‘ককিলা আধাৰ সত্ৰ’- মই ওপজা সত্ৰখনৰ নাম। নামৰ ককিলা আচলতে এখন নদীৰ নাম। সৰু নৈ। কিন্তু ভৰা নৈ। পঞ্চাশৰ বৰভূঁইকপৰ দিনলৈকে পানী ফটফটীয়া, নিবিকাৰভাৱে বাতিয়ে-গিলাচে লৈ খাব পৰাকৈ নিৰ্মল। মাছ পোৱা গৈছিল বহুত শৰালীত নৈৰ কাষে কাষে ভেটা দি একোটা পুখুৰী পতা হৈছিল। তাত জেং দি থোৱা হয়। মাছ জিৰায়। পুখুৰীৰ গৰাকীয়ে খিচি নধৰালৈকে।

আমাৰ ঘৰ আৰু বিশাল বাৰীখন নৈৰ কেঁকোৰী এটাত পৰে। সৰুতে শুনিছিলো, চৰকাৰে বন্ধোৱা বাটটো, আচলতে মথাউৰিহে, বোলে নৈৰ পাৰে পাৰে লৈ যোৱাৰ কথা আছিল। আমাৰ কোনোবা এজন ককাই ক’লে, কেঁকোৰীদি নিনি পোনাই লৈ গ’লে খৰচ কমিব। আমিও নৈৰ ফালে থাকি গ’লে মাছ পুঠিৰ কথা এৰিলেও, বাহিৰ কৰিবলৈ যোৱা সহজ হ’ব। কামটো সহজে হৈ গ’ল। আৰু আমাৰ ঘৰ বছৰি বাৰিষা হ’লেই ৪-৫ দিনলৈ ব্ৰহ্মপুত্ৰৰ পৰা ওভতি যোৱা পানীয়ে বুৰাই থোৱা হ’ল। মোৰ মনত পৰে, চৰাগড়ৰ ভিতৰলৈ নাও সোমাই নিচিলো ভাই এটাৰে লগ লাগি তেনেকুৱা একো দিনা।

আমাৰ সত্ৰলৈ যোৰহাটৰ পৰা ১০ কিঃমিঃ মান হ’ব দূৰ। নিমাতীলৈ যোৱা বাটেৰে গৈ গোধা দলং পালেই পূব ফালে লাখৈগুৰলৈ যোৱা বাটটো পায়। সেইফালে ১ কিঃমিঃ মান গ’লেই পাইগৈ ৰংদৈ চাৰিআলি। তাৰপৰা আকৌ উত্তৰে আধা কিঃমিঃ গ’লেই আমাৰ ঘৰ।’’

Image result for atulananda goswami
এক অনুষ্ঠাত অংশ লোৱা মুহূৰ্তত অতুলানন্দ গোস্বামী…

এয়া তেওঁৰ ভাষা। জীৱনৰ লেচেৰি বুটলিছিল এনেকৈ। যেন ছবি এখন ভাঁহি আহে। গল্প-উপন্যাসতো একেই। কলেজীয়া দিনতেই তেওঁ ৰামধেনুৰ পাতত গল্প লিখিছিল। ৫ দশকজুৰি লিখিছিল গল্প-উপন্যাস তাৰপাছত। সংযত আৰু সহজ-সৰল বৰ্ণনা। অনাড়ম্ব ভাষাৰে কোনো এক চৰিত্ৰক মনোগ্ৰাহী ৰূপত তুলি ধৰিব পাৰে।

তেখেতৰ প্ৰথমখন উপন্যাস ‘নামঘৰীয়া’ আছিল অনন্য। নামঘৰীয়াৰ চৰিত্ৰৰ মাজেৰে মিশ্ৰিত অনুভতিৰে দোলা দি যোৱা সেই পৰিচিত চৰিত্ৰক তেওঁ শক্তিশালী ৰূপত তুলি ধৰিছিল। এদিন বন্তি শেনচোৱাই তেওঁৰ এক সাক্ষাৎকাৰ লৈছিল। সেই সাক্ষাৎকাৰ আছিল তেখেতৰ এটা উল্লেখযোগ্য সাক্ষাৎকাৰ।

বন্তি শেনচোৱাই সুধিছিল- ‘কোনো ধৰণৰ মেৰপেচ নাই, আধুনিক পৰীক্ষা নিৰীক্ষাৰ সচেষ্ট প্ৰয়াসো নাই, নাছিল নিশ্চয়, অথচ ‘হামদৈ পুলৰ জোন’ৰ মনগ্ৰহণত সোমাই বিমুগ্ধ হৈ থাকিব পাৰি। ইয়াৰ অন্তৰাল কি?’ বিশিষ্ট সাহিত্যিক গৰাকীয়ে সেই প্ৰশ্নৰ উত্তৰত কৈছিল- ‘পাঠকেহে জানিব, মোৰ কাৰণে কোৱা সম্ভৱ নহ’ব।’

এয়াই তেওঁৰ সৰলতা। তেওঁৰ বিখ্যাত গল্পবোৰ যিসকলে পঢ়িছে, সেইসকলেহে তেওঁৰ ভাষাৰ লালিত্য আৰু পঢ়াৰ আমেজ অনুভৱ কৰিব পাৰিব। বেছি সময় তেওঁৰ কাষত থকা নহ’ল। তেওঁ ক’লে- মই খোজ কাঢ়িব পাৰো। আগৰ সেই প্ৰাণখোলা হাঁহিটো দেখা পাই ভাল লাগিল।

‘বৰ ভাল পালো, তুমি যে আহিলা…’

ভাল লাগিল তেখেতৰ কাষৰ পৰা বিদায় লোৱা সময়ত সেই হাঁহিটোৰে তেওঁ ক’লে- যোৱা। এইগৰাকী বিশিষ্ট সাহিত্যিকে এদিন অসমীয়া মাধ্যমৰ বিদ্যালয় শংকৰদেৱ শিশু নিকেতনৰ বাবেও যথেষ্টখিনি কৰিছিল।

এটা কথা লক্ষ্য কৰিলো- এই সানিধ্ব্যই তেওঁক বহু কথা মনত পেলাই দিলে। তেওঁ ক’লে- তোমাৰ এই কথাখিনি মোৰ বাবে টনিক হ’ল। ভাল লাগিল তেখেতৰ নাতিয়েকৰ ককাকৰ সাহিত্য সম্ভাৰৰ প্ৰতি থকা দখল দেখি। ইংৰাজী মাধ্যমত পঢ়িলেও ককাকৰ প্ৰতিটো গল্প-কাহিনীয়েই যেন তেওঁৰ নখদৰ্পনত।

নাতিয়েকে ক’লে- ‘ককাই আগতে খুব কাহিনী কৈছিল মোক। তেওঁৰ গল্পবোৰৰ কথাও কৈছিল। সভা-সমিতিয়ে লৈ গৈছিল। অতুলানন্দ গোস্বামীৰ পুত্ৰও এগৰাকী উচ্চপদস্থ বিষয়া আছিল। ২০১৬ত তেওঁ অৱসৰ লৈছে। বয়স হৈছে। স্মৃতি শক্তি লোপ পাইছে। কথাবোৰ পাহৰিছে। সোধা কথাবোৰ পুনৰ সোধে। কিন্তু পৰিয়ালে তেওঁক ৰাখিছে বৰ যতনেৰে। বহুতে হয়তো তেওঁক পাহৰিছে। কিন্তু অসমীয়া গল্প, উপন্যাস আৰু সাহিত্যই তেওঁক পাহৰিবলৈ নিদিয়ে। তেওঁৰ দৰে শক্তিশালী গল্পকাৰ আছেনো কেইজন?

বয়সৰ বাবে শাৰীৰিক অসুস্থতাৰ হেতু তেওঁ কলম তুলি ল’ব নোৱাৰে। কিন্তু যিখিনি সৃষ্টি কৰি থৈ গৈছে সেয়াই অমূল্য। তেওঁৰ গল্পৰ মনোগ্ৰাহী চৰিত্ৰবোৰে সদায় ক’ব তেওঁৰ কথা। আৰু ‘নামঘৰীয়া’ অসমীয়া সাহিত্যৰ বাবে আছিল এক কালজয়ী সৃষ্টি। সেই কথা পাহৰিব পাৰিব কেনেকৈ অসমীয়া পাঠকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি