কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ…

কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ…

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটনিয়ানৰ ঐক্যবদ্ধ সংগ্ৰামে ৰাজ্যবাসী দৃষ্টি আকৰ্ষণ কৰিছে। কটন বিশ্ববিদ্যালয়ে ছাত্ৰ একতা সভাৰ আহ্বান ক্ৰমে কটনিয়ানসকলে জাতি ধ্বংসী এই বিধেয়কৰ বিৰুদ্ধে ইতিমধ্যে কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে।

৬ ডিচেম্বৰ, ২০১৯ত কটনিয়ানৰ আহ্বান ক্ৰমে 'ৰণহুংকাৰ' শীৰ্ষক এক কাৰ্যসূচী ঘোষণা কৰা হয়।এই কাৰ্যসূচীত অংশ ল'বলৈ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বৰণ্য ব্যক্তিসকল, বুদ্ধিজীৱী, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, শিল্পী আদিক কটনিয়ানে আহ্বান জনাইছে।

সেই কাৰ্যসূচীৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটনিয়ানৰ ঐক্যবদ্ধ সংগ্ৰামক নেতৃত্ব দিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে আৰু সভাপতি হিৰকজ্যোতি পাটোৱাৰীয়ে।

তাৰ বিপৰীতে গভীৰ নিদ্ৰাত চৰকাৰ আৰু আমাৰ তথাকথিত কিছু নেতা। ছ'চিয়েল মিডিয়াত এনে ধৰণৰ সমালোচনা আৰু কটাক্ষ চলিছে যে, যান বাহনৰ পিছফালে সাধাৰণতে লিখি থোৱা 'হৰ্ণ দিয়ক', 'সংকেত দিয়ক', 'দূৰত্ব ৰক্ষা কৰক' আদিৰ সলনি কেব বিৰোধী শ্ল'গানে স্থান পাইছে।

অসমৰ ৰাইজে পৰম আগ্ৰহেৰে কটনিয়ানৰ এই প্ৰতিবাদী কাৰ্যসূচীয়ে জাতিৰ বাবে কিবা এক শুভ বতৰা আনিব বুলি আশা কৰিছে। এই সন্দৰ্ভত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈৰ সৈতে হোৱা মৃদুল কুমাৰ সন্দিকৈৰ বিশেষ আলাপ।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আপোনালোকে ইতিমধ্যে বহু কাৰ্যসূচী গ্ৰহণ কৰিছে। ৬ ডিচেম্বৰত ৰণহুংকাৰ শীৰ্ষক এক কাৰ্যসূচী কটনিয়ানে গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বিভিন্ন কলেজ বা শিক্ষানুষ্ঠানে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা পোৱা গৈছে। জাতিৰ সন্মুখত সৃষ্টি হোৱা এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে ঐক্যবদ্ধ এক জোৰদাৰ সংগ্ৰামৰ প্ৰয়োজন এতিয়া। এই ক্ষেত্ৰত কটনৰ ছাত্ৰ সমাজৰ ভূমিকা কি হ'ব?

ৰাহুল বৰদলৈঃ শুকুৰবাৰে দুপৰীয়া ১২ বজাৰ পৰা কটন বিশ্ববিদ্যালয়ে লক্ষ্মীনাথ বেজবৰুৱা পথত ৰণহুংকাৰ শীৰ্ষক এই প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হৈছে। ইয়ালৈ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি সকলক নিমন্ত্ৰণ কৰা হৈছে। বুদ্ধিজীৱী, সাংস্কৃতিক কৰ্মী সকলোবোৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'বলৈ নিমন্ত্ৰণ কৰিছো। বিশিষ্ট ব্যক্তি তথা সমাজ কৰ্মীসকলক এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে যদিও, ইয়াত কোনো ছাত্ৰ সংগঠনৰ পৰিচয়ৰে বা ৰাজনৈতিক দলৰ প্ৰতিনিধিক আমন্ত্ৰণ কৰা নাই। ৰাজনীতিৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচীক সম্পূৰ্ণৰূপে পৃথক কৰি ৰখা হৈছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ সেয়া বুজিছো। কিন্তু এনে এক গুৰুত্বপূৰ্ণ বিষয় আৰু জাতিৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি আৰু সংশয়ৰ সময়ত কটনিয়ানৰ এই প্ৰতিবাদে আশা সঞ্চাৰ কৰিছে। তেনেস্থলত ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজন নাইনে?

ৰাহুল বৰদলৈঃ শুকুৰবাৰৰ অনুষ্ঠানটো সেয়ে আয়োজন কৰা হৈছে। ছাত্ৰ সমাজৰ এক ঐক্যবদ্ধ সংগ্ৰামৰ বাবে ই এক পদক্ষেপ। ইতিমধ্যে আমি প্ৰধানমন্ত্ৰীলৈ ব্যক্তিগতভাৱে পত্ৰ দিয়াৰ কাৰ্যসূচী হাতত লৈছো। কেবৰ বিৰুদ্ধে লিখা হৈছে এই পত্ৰত।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীলৈ ৰাজ্যজুৰি কিমান পত্ৰ প্ৰেৰণ কৰা হ'ব? এই পত্ৰবোৰত কেবৰ বিৰোধিতা কৰাৰ লগতে আন কি বিষয় থাকিব?

ৰাহুল বৰদলৈঃ বিভিন্ন শিক্ষানুষ্ঠান বা মহাবিদ্যালয়ৰ পৰা এইবোৰ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ পৰা আমি ৫ হাজাৰ পত্ৰ প্ৰেৰণ কৰিম। ইতিমধ্যে কটনৰ পত্ৰসমূহ জমা হৈছে। দুই-এদিনতে সেইবোৰ ৰেজিষ্টাৰযোগে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ'ব।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কেবৰ বিৰোধিতাৰে অসমৰ পৰা কিমান পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ'ব?

ৰাহুল বৰদলৈঃ সেয়া নিজ নিজ শিক্ষানুষ্ঠান বা কলেজ-বিশ্ববিদ্যালয়ে নিৰূপন কৰি ল'ব। আমি কটনৰ পৰা ৫ হাজাৰ পত্ৰ প্ৰেৰণ কৰিম।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ এয়া এক জাতি-মাটি, ভাষাৰ প্ৰতি সৃষ্টি হোৱা শংকা আৰু প্ৰত্যাহ্বানৰ সময়। এনে প্ৰতিবাদী কাৰ্যসূচীৰ বাবে যথেষ্ট দৃঢ়তা আৰু সঠিক দীৰ্ঘম্যাদি কৰ্মসূচীৰ প্ৰয়োজন। ৮, ৯ ডিচেম্বৰ, ২০১৯ত কেন্দ্ৰই লোকসভা আৰু ৰাজ্যসভাত কেব গৃহীত কৰাব। যদি এই বিধেয়ক গৃহীত কৰা হয় তেনেহ'লে ইয়াৰ প্ৰতিবাদ কি ধৰণে হ'ব?

ৰাহুল বৰদলৈঃ এয়া পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। গণতান্ত্ৰিক পদ্ধতিৰে আমি প্ৰতিবাদ কৰি যাম। আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ বাবে কোনো নিৰ্দিষ্ট কৰ্মসূচী প্ৰস্তুত কৰা নাই।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ইতিমধ্যে কটনিয়ানসকলে যি প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদে দৃষ্টি আকৰ্ষণ কৰিছে। ছাত্ৰ সমাজক উমৈহতীয়াভাৱে একেখন মঞ্চত থিয় কৰোৱা আৰু কেবৰ বিৰোধিতা কৰা আন সকলক লগত লৈ এক শক্তিশালী সংগ্ৰামৰ পোষকতা আপুনি কৰেনে?

ৰাহুল বৰদলৈঃ ছাত্ৰ সকলক একত্ৰিত কৰা আৰু বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ প্ৰতিনিধিসকলক ৰণহুংকাৰ কাৰ্যসূচীলৈ সেই কাৰণে মতা হৈছে। আমি এনে দৃষ্টিভংগীৰেই আগবাঢ়িছো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কৃষক মুক্তিয়ে নিজাকৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাইয়ো কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। মুল কথা হ'ল কেব আমাক নালাগে। আপোনালোকেও সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি ইয়াৰ বিৰোধিতা কৰিছে। কিন্তু সন্মিলিতভাৱে একেটা সমস্যাক লৈ ইয়াৰ বিৰোধিতা কৰা হোৱা নাই কিয়? কটনৰ নতুন প্ৰজন্মই ইয়াৰ নেতৃত্ব ল'ব নোৱাৰে নেকি?

ৰাহুল বৰদলৈঃ মই ভাবো কটনিয়ানে এই দল-সংগঠনসমূহক এক মঞ্চ দিয়াৰ প্ৰয়োজন নাই। কিন্তু এক ৰাজহুৱা স্থানত সকলো সমবেত হৈ ইয়াৰ বিৰুদ্ধে সন্মিলিত জোৰদাৰ আন্দোলনৰ পোষকতা আমি কৰো। দেখা পোৱা যায় বিভিন্ন দল-সংগঠনৰ ৰাজনৈতিক অভিসন্ধি লুকাই থাকে। সেয়া কটনৰ সৈতে একাকাৰ হৈ কৰা আমি পক্ষপাতি নহয়।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ সময় সলনি হৈছে। প্ৰতিবাদৰ ভাষাও সময়তে সলনি হৈছে। ডিজিটেল মাধ্যমৰ প্ৰভাৱ, ছ'চিয়েল মিডিয়াও নিশ্চয় এই ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰভাৱ পেলায়। আপোনালোকৰ ক্ষেত্ৰতো ছ'চিয়েল মিডিয়াত কেব বিৰোধী এই আন্দোলনে জনমত গঠনত সহায় কৰিছে। আপোনালোকে এটা কথা লক্ষ্য কৰিছে নে- আপোনালোকৰ আন্দোলনৰ কাৰ্যসূচী মাজে মাজে শাসকীয় দলৰ নেতা বা চৰকাৰী পক্ষৰ বিশেষ ব্যক্তিৰ ঘৰৰ সন্মুখত বিবেক দংশন কৰিব পৰাকৈ কোনো লোকে পোষ্টাৰিঙো কৰিছে। অতুল বৰাই আত্মহত্যা কৰা বুলিও আমবাৰীৰ সন্মুখতে পোষ্টাৰিং হৈছে। এই কথাবোৰ আপোনালোকৰ দৃষ্টিগোচৰ হৈছেনে?

ৰাহুল বৰদলৈঃ সকলোবোৰ দৃষ্টিগোচৰ হোৱা নাই। কিন্তু দেখিছো ছ'চিয়েল মিডিয়াত কাৰ্টুন বা বিভিন্ন মাধ্যমেৰে কেবৰ বিৰুদ্ধে এক প্ৰতিবাদী জোঁৱাৰ উঠিছে। প্ৰেক্ষাপট সলনি হৈছে। প্ৰতিবাদৰ মাধ্যমো সলনি হৈছে। ডিজিটেল মিডিয়া বা ছ'চিয়েল মিডিয়াত যাতে বস্তুবোৰ তৰল হৈ নাযায়, অযথা হুলস্থূল নহয় সেই সন্দৰ্ভত আমি দৃষ্টি ৰাখিছো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কটনৰ এই আন্দোলক গণমুখী কৰাৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে? এনে দাবীও উঠিছে যে কটন বা আন মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে এই নতুন আন্দোলনক নেতৃত্ব দিয়ক।

ৰাহুল বৰদলৈঃ আমি ৬ ডিচেম্বৰৰ কাৰ্যসূচী সেই কাৰণেই গ্ৰহণ কৰিছো। এই আন্দোলনক গণমুখী কৰাৰ লক্ষ্যৰে আমাৰ এই পদক্ষেপ।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কটনৰ ছাত্ৰ সমাজে যি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ প্ৰভাৱ কেনেদৰে পৰিছে?এনে হ'ব পাৰি নেকি ৰাজ্যৰ বহু মহাবিদ্যালয়ত শাসকীয় দলৰ ছাত্ৰ সংগঠনৰ নেতা সম্পাদক-সভাপতি নিৰ্বাচিত হৈছে, সেই সকলে কেবৰ বিৰু্দ্ধে নহয় কেবৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ সমাজৰ মাজতে বিভেদগামী আৰু সংঘাতময় পৰিৱেশৰ সৃষ্টি নহ'বনে?

ৰাহুল বৰদলৈঃ কথাটো আপুনি ঠিকেই কৈছে। কিন্তু মই এটা সাধাৰণ উদাহৰণ দিব বিচাৰো। এনে শাসকীয় দলৰ ছাত্ৰ সংগঠনৰ বেনাৰত ছাত্ৰ একতা সভালৈ নিৰ্বাচিত হোৱা বহু ছাত্ৰ তথা নেতাই আমাৰ এই আহ্বানৰ পাছত সেই সকলো পৰিচয় পাহৰি এই আন্দোলনত যোগ দিছেহি।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ তেনে কোনো নিৰ্দিষ্ট উদাহৰণ?

ৰাহুল বৰদলৈঃ হয় আছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কোন?

ৰাহুল বৰদলৈঃ মই তেওঁৰ নাম পাহৰিছো। পাণ্ডু কলেজৰ সভাপতি নে সাধাৰণ সম্পাদকগৰাকী আছিল।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ এয়া আপুনি নিশ্চিত নে?

ৰাহুল বৰদলৈঃ হয়, নিশ্চিত।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ যদি এনে হৈছে সেয়া এক ডাঙৰ খবৰ। জাতিৰ প্ৰতি এই দায়ৱদ্ধতাৰে তেওঁলোক ওলাই অহাটো আৰু এই শংকতৰ সময়ত এইদৰে জাতিৰ কাষত থিয় হোৱাতো ছাত্ৰ সমাজৰ বাবে প্ৰেৰণাদায়ক নহয় জানো?

ৰাহুল বৰদলৈঃ হয়।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কেবৰ বিৰোধিতা আমি কৰিছো। কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে। কিন্তু নতুন প্ৰজন্মই কেবে আমাৰ জাতীয় জীৱনত সাহিত্য সংস্কৃতিৰ দিশত কি প্ৰভাৱ পেলাব বুলি ভাবে? ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহ আৰু ষষ্ঠ অনুসূচী অন্তৰ্গত অঞ্চলসমূহত কেব প্ৰযোজ্য নহয় বুলি ঘোষণা কৰিছে।

ৰাহুল বৰদলৈঃ হয়, ই এক জাতীয় জীৱনৰ বাবে অনিশ্চয়তা কঢ়িয়াই অনা বিষয়। কেব হ'লে অসমীয়া জাতিৰ ভাষা-সংস্কৃতি , খিলঞ্জীয়া লোকৰ স্বাৰ্থ সকলোৰে প্ৰতি ভাবুকি আহিব। সাংবিধানিক দিশত এই বিধেয়কে ধৰ্মীয় নিৰপেক্ষতাৰ বিপৰীতে এক অস্থিৰতা সৃষ্টি কৰিব। বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকসকলৰ মাজত সংঘাতৰ বীজ ৰোপন কৰি এই বিধেয়কে জাতীয় জীৱনক পংগু কৰি তুলিব।

ষষ্ঠ অনুসূচী এই বিধেয়ক প্ৰযোজ্য নহয় বুলি বা আন ধৰণে চৰকাৰে বিভাজন সৃষ্টি কৰিছে । অসমীয়া জাতিক সংকোচিত কৰাৰ লগতে ভাষাৰ প্ৰতি প্ৰত্যাহ্বান আহিব। নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত এই সমস্যা আৰু ভয়াৱহ হ'ব। ৰাজনৈতিক দিশেৰে আনবোৰ সমস্যা আছেই। গতিকে এই বিধেয়কে আমাক যথেষ্ট বিপদত পেলাব।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ধন্যবাদ ৰাহুল বৰদলৈ।

ৰাহুল বৰদলৈঃ ধন্যবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in