প্ৰসংগ কেবঃ মই লুৰিণজ্যোতি গগৈয়ে কৈছো…

প্ৰসংগ কেবঃ মই লুৰিণজ্যোতি গগৈয়ে কৈছো…

কেবক লৈ এতিয়া উত্তাল ৰাজ্য। জাতীয় দল-সংগঠনসমূহে কেবৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছে যদিও, সেই আন্দোলনৰ কোনো মূল্য দিব বিচৰা নাই চৰকাৰে। দিল্লী আকোৰগোঁজ আৰু বিদেশী বোজা জাপি দিব অসমক।

দিল্লীলৈ মাতি নি আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনাত বহিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। সেই আলোচনাও আছিল ভেকোভাওনা। দিল্লীয়ে নুবুজে অসম তথা উত্তৰ-পূবৰ ৰাইজৰ প্ৰতিবাদৰ ভাষা। কি হ'ব এতিয়া? এই সমগ্ৰ বিষয়টো সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ সৈতে হোৱা মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ সাক্ষাৎকাৰ।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কেব চৰকাৰে আনিবই । এতিয়া কি হ'ব পৰৱৰ্তী কাৰ্যসূচী?

লুৰণিজ্যোতি গগৈঃ দিল্লীতে আমি ঘোষণা কৰিছিলো ৫ ডিচেম্বৰত আছুৱে জৰুৰী কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰিব। সামগ্ৰিকভাৱে এই বিষয়সমূহ আলোচনাৰ বাবে দুপৰীয়া ২ বজাৰ পৰা এই বৈঠক হ'ব। সেই বৈঠকতে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ বিভিন্ন দল-সংগঠনে পৃথকে পৃথকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। ৫ ডিচেম্বৰত কৃষক মুক্তিয়েও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি জানিব পৰা গৈছে। এই কাৰ্যসূচীলৈ বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যবাসীক অংশ ল'বলৈ আহ্বান জনাইছে। আছুৰ কোনোবা প্ৰতিনিধিয়ে এই কাৰ্যসূচীত অংশ ল'ব নেকি?

লুৰিণজ্যোতি গগৈঃ ৫ ডিচেম্বৰত আমাৰ জৰুৰী কাৰ্যনিৰ্বাহক আছে। দিল্লীতে আমি এই কথা ঘোষণা কৰিছিলো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ সমস্যা এটাই। জাতিৰ সন্মুখত প্ৰত্যাহ্বান। কেবৰ বিৰোধিতাৰেই এই প্ৰতিবাদ। আছুৱে কৰিছে, কৃষক মুক্তিয়ে কৰিছে, আন দল-সংগঠনেও প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। শিক্ষানুষ্ঠানসমূহতো ছাত্ৰ-ছাত্ৰীসকল ওলাই আহিছে। কিন্তু উমৈহতীয়া আৰু সংগবদ্ধ প্ৰতিবাদ কিয় সাব্যস্ত কৰিব পৰা হোৱা নাই? সমস্যা কি?

লুৰিণজ্যোতি গগৈঃ আমাৰ ফালৰ পৰা আছুৱে অসমৰ জনসাধাৰণক লগত লৈ গণমুখী সংগ্ৰামৰ পোষকতা কৰি আহিছে। আৰু তেনে কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। নেছ'ৰ উদ্যোগতো সেই কাৰ্যসূচী ৰূপায়ন চলি আছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ দিল্লীলৈ হঠাৎ মাতি নিয়া হৈছিল। অমিত শ্বাহৰ সৈতে আপোনালোকৰ প্ৰতিনিধি দলৰ বৈঠক হৈছিল। সেই বৈঠকত কি কথা আলোচনা হৈছিল বা আপোনালোকে অমিত শ্বাহক কি কথা কৈছিল? অমিত শ্বাহে আপোনালোকক কি প্ৰতিশ্ৰুতি দিলে?

লুৰণিজ্যোতি গগৈঃ এয়া নিয়মমাফিক আলোচনা। যিটো দলে অসমচুক্তি আখৰে আখৰে ৰূপায়ন কৰাৰ কথা কৈছিল, সেই দলটোৱে এতিয়া অসমচুক্তি ভৰিৰে মোহাৰি কেবৰ পোষকতা কৰিছে। আমি আৱেগেৰে নহয় যুক্তিগতভাৱে ইয়াৰ বিৰোধিতা কৰিছিলো। আমি কৈছিলো- ২০১৪ৰ ভিজন ডকিউমেন্টত বা নিৰ্বাচনৰ ইস্তাহাৰত অসমৰ ৰাইজক কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক কথা কোৱা হোৱা নাছিল। বৰঞ্চ তেতিয়া অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰাৰ কথাহে কৈছিল। তেতিয়া এই বৈঠকত উপস্থিত থকা হিমন্ত বিশ্ব শৰ্মাই ক'বলৈ বাধ্য হৈছিল যে, ভিজন ডকিউমেন্টত কেবৰ কথা নাছিল।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ অমিত শ্বাহে আপোনালোকক কিধৰণে বুজাইছিল? প্ৰতিশ্ৰুতি কি দিছিল?

লুৰিণজ্যোতি গগৈঃ তেখেতে ক'ব খুজিছিল- অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে ৰূপায়ন কৰিব। ইয়াৰ ফলত ভাষা-সংস্কৃতি সুৰক্ষিত হ'ব। কিন্তু আমি এই কথা বুজাই দিছিলো যে, অসম চুক্তিৰ ৬ নং দফাক লৈ কেবৰ দৰ-দাম হ'ব নোৱাৰে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কেন্দ্ৰই যিকোনো পৰিস্থিতিতেই নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ সাজু।

লুৰিণজ্যোতি গগৈঃ গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা তেওঁলোকে কেতিয়াও বুজা নাই। আমাক সদায় উপনিবেশবাদী ৰূপে তেওঁলোকে শাসন চলাই আহিছে। তেওঁলোকৰ সিদ্ধান্ত আমাৰ ওপৰত জাপি দিব। আমাৰ প্ৰাপ্য অধিকাৰ খৰ্ব কৰি দ্বিতীয়শ্ৰেণীৰ নাগৰিক ৰূপে আমাক তেওঁলোকে গণ্য কৰে। আমাৰ সম্পদৰ ওপৰত চকু তেওঁলোকৰ কেৱল। আমাৰ প্ৰাকৃতিক আৰু আন সম্পদসমূহ লুণ্ঠন কৰিবলৈ তেওঁলোকে উপনিবেশ শোষণ চলাই আহিছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ১০ ডিচম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱা কথা।

লুৰিণজ্যোতি গগৈঃ এইটো এটা মাৰাত্মক কথা। ১০ ডিচেম্বৰ শ্বহীদ দিৱস। খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল এই দিনটোতে। আৰু বিদেশী বিতাড়নৰ দাবীত হোৱা অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক অপমান কৰি সেই দিনটোতে অসমত বিদেশী জাপি দিবলৈ এনে এখন বিধেয়ক অনাৰ বাবে এই দিনটো নিৰ্ধাৰণ কৰা হৈছে। আচলতে শ্বহীদৰ ত্যাগক উপলুঙা কৰিব বিচাৰিছে এইদৰে তেওঁলোকে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ কেবৰ ফলত বিদেশী সমস্যা ভাৰাক্ৰান্ত অসমে আৰু কিছু বিদেশীৰ বোজা ল'ব লগা হ'ব। এইবাৰ হিন্দু বিদেশীৰ বোজা, পৰৱৰ্তী সময়ত সেয়া আন ধৰ্মাৱলম্বী বিদেশী নাগৰিকৰ বোজাও ল'ব লগা হ'ব পাৰে।

লুৰিণজ্যোতি গগৈঃ সেইটোৱে কথা। এইখন চৰকাৰ অনন্ত কাল নাথাকে। তেওঁলোকে যেনেকৈ হিন্দু বাংলাদেশীৰ বোজা দিবৰ বাবে এই বিধেয়ক গৃহীত কৰিছে। পৰৱৰ্তী সময়ত আন চৰকাৰ আহিলে মুছলমান নাগৰিকৰ বিদেশী বোজা এনে বিধেয়ক গৃহীত কৰি ল'বলৈ আমাক বাধ্য কৰাব পাৰে। ভাৰত এখন গণতান্ত্ৰিক দেশ। এই নাগৰিকত্ব সংশোধনী আইনত এবাৰ যদি আমি ইয়াক মানি লওঁ তেন্তে পৰৱৰ্তী সময়ত সেই বাট খোলা থাকিব। এই কথাবোৰ যুক্তিগত ভাৱে বুজাবলৈ চেষ্টা কৰাৰ পাছতো তেওঁলোকে হিন্দু বাংলাদেশীৰ স্বাৰ্থত এই বিধেয়ক গৃহীত কৰাৰ পক্ষত অটল হৈ আছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আমি যদি ইমান বোজা ল'ব পাৰিছোৱেই, আৰু কেইটামান বিদেশীৰ বোজা কিয় ল'ব নোৱাৰো বুলি যুক্তি দৰ্শাইছে। তেওঁৰ মতে বিদেশীক না আমি খেদাব পাৰিম, না বাংলাদেশে বিদেশী গ্ৰহণ কৰিব। অতুল বৰাৰ দৰে নেতাই এক অৰ্থত আছু আৰু অসম আন্দোলনৰ যুক্তিযুক্ততাকে নস্যাৎ কৰি দিলে ।

লুৰিণজ্যোতি গগৈঃ এইটো যে কেৱল গাদী ৰক্ষাৰ বাবে কোৱা কথা । ই অতি লজ্জাজনক। যিজন মানুহে অসম আন্দোলন, অসম চুক্তিৰ জৰিয়তে আজি এই পৰ্যায়ত আছে, সেইজনেই অসম চুক্তি নস্যাৎ কৰি ভৰিৰে মোহাৰি বিজেপিৰ মুখপত্ৰৰ দৰে আচৰণ কৰিছে। তেওঁলোকৰ যে এইবোৰ নাটক সেয়া অসমৰ ৰাইজে বুজি উঠিছে। জাতীয় স্বাৰ্থ তেওঁলোকৰ বাবে এতিয়া গৌণ। শ্বহীদৰ ত্যাগৰ ফলত তেওঁলোক আজি নেতা-মন্ত্ৰী হৈছে। এনে প্ৰতাৰণাৰ ফল তেওঁলোকে পাব। আজি সেইসকল বদন ৰূপত থিয় দিছে কেবৰ সমৰ্থকসকলৰ সৈতে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ কথা কৈছিল। কিন্তু আজি এই সকলোবোৰ উচন হোৱাৰ দিশে। কিন্তু তেওঁ নিমাত।

লুৰিণজ্যোতি গগৈঃ এইটো কথা প্ৰমাণ হ'ল যে, তেওঁ এজন মেৰুদণ্ডহীন মানুহ। জাতিৰ স্বাৰ্থত পিঠি দি দিল্লীৰ আজ্ঞবাহীৰ দৰে তেওঁ আচৰণ কৰিছে। তেওঁতো অসম আন্দোলন বা এই পৰিক্ৰমাৰ মাজেৰেই আজি মুখ্যমন্ত্ৰী হৈছে। চূড়ান্ত প্ৰতাৰণা কৰিছে জাতিক। তেওঁৱে কয়- জাতীয় অস্তিত্বৰ কথা। কিন্তু আজি জাতিৰ সংকটৰ সময়ত তেওঁ উত্তৰ-পূবৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যি কথা বুজিছে, সেই কথা কিন্তু তেওঁ বুজিও নুবুজাৰ ভাও ধৰিছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ আওতাৰ পৰা ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহ, ষষ্ঠ অনুসূচী অন্তৰ্গত অঞ্চলসমূহ বাদ দিয়া হৈছে। এয়া এক বিভাজনমুখী নীতি নেকি চৰকাৰৰ?

লুৰিণজ্যোতি গগৈঃ বিভাজনমুখী নীতিতো হয়েই। তাতোকৈ ডাঙৰ কথা হ'ল- এই অঞ্চল বা ৰাজ্যসমূহক কেবৰ পৰা বাদ দিয়াৰ অৰ্থই হ'ল চৰকাৰে আওপকীয়াকৈ কেবৰ পৰা যে সেই অঞ্চল বা ৰাজ্যসমূহত বেয়া প্ৰভাৱ পৰিব, খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত আঘাত হানিব সেই কথা মানি লৈছে। এতিয়া প্ৰশ্ন হয়- যদি সেই ৰাজ্যসমূহত নাগৰিকত্ব সংশোধনী বিধেয়ক বা অঞ্চলসমূহত ইয়াত প্ৰভাৱ পৰে তেনেহ'লে অসমত নপৰিব কিয়? এই চৰকাৰে সকলো কথা বুজিও নুবুজা ভাও ধৰি এই বিধেয়ক গৃহীত কৰাৰ বাবে এই সকলোবোৰ কৰিছে। অসম চুক্তিক নস্যাৎ কৰি চুক্তিৰ ৬ নং দফাৰ জৰিয়তে খিলঞ্জীয়া লোকসকলৰ সৈতে দৰ-দাম কৰাৰ চেষ্টা চলাইছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব?

লুৰিণজ্যোতি গগৈঃ এই সন্দৰ্ভত জৰুৰী কাৰ্যনিৰ্বাহকত আমি আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ধন্যবাদ।

লুৰিণজ্যোতি গগৈঃ ধন্যবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in