মিঞা কবিতাৰ প্ৰভাৱ! অসমৰ এন আৰ চিক লৈ পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰো চিন্তা…

মিঞা কবিতাৰ প্ৰভাৱ! অসমৰ এন আৰ চিক লৈ পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰো চিন্তা…

মৃদুল কুমাৰ সন্দিকৈ

৩১ আগষ্টলৈ মাজত মাত্ৰ কেইটামান দিন। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৩১ আগষ্ট, ২০১৯ ত প্ৰকাশ পাব অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। এন আৰ চিক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন পক্ষই এই প্ৰক্ৰিয়াত বাধা দিবৰ বাবে অতি পৰিকল্পিতভাৱে বিভিন্ন প্ৰচাৰ, অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।

সেয়া লাগে মিঞা কবিতাৰ জৰিয়তেই হওঁক বা আন ঘটনাৰ আলম লৈ অসমত এন আৰ চি উন্নিতকৰণৰ নামত একাংশ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি আহিছে কিছু পক্ষই। অতি শেহতীয়াকৈ অসমৰ এন আৰ চিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে খোদ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে।

জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বাতিল আৰু জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত ৰাজ্যত বিভক্ত কৰাৰ পাছত পাকিস্তানে এই বিষয়টো আন্তঃৰাষ্ট্ৰীয় মজিয়ালৈ নিয়াৰ চেষ্টা চলাইছে। চীনৰ সহায় লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানে বিষয়টো উত্থাপন কৰিছিল যদিও, অনানুষ্ঠানিক বৈঠকত নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ ৰাষ্ট্ৰ সকলে এয়া ভাৰত-পাকিস্তানৰ দ্বিপাক্ষীক বিষয় বুলি প্ৰসংগটো সামৰি থলে।

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পাকিস্তানে এইবাৰেই কাশ্মীৰক লৈ মুখ থেকেচা খোৱা নাই। পূৰ্বতেও এই বিষয় ৰাষ্ট্ৰসংঘ আৰু আন মঞ্চত উত্থাপন কৰিবলৈ চেষ্টা কৰি বিফল হোৱা পাকিস্তানে কাশ্মীৰ প্ৰসংগক পুনৰ সৰৱ হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় মজিয়াত পাকিস্তানে কাশ্মীৰ বিষয়টো উত্থাপন কৰাৰ সময়তে আহিল আন এক দেশখনৰ বাবে দুখবৰ।

সেয়া হ'ল- পাকিস্তানক বছৰী দিয়া প্ৰায় ২হাজাৰ কোটিৰ আৰ্থিক অনুদান আমেৰিকাই হঠাৎ বন্ধ কৰিব বুলি পাক চৰকাৰক জানিবলৈ দিলে। ইমৰান খানৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বেই দেশখনৰ বাবে এয়া আছিল আন এক মোক্ষম আঘাত। তথাপিও পাকিস্তানে কাশ্মীৰক লৈ চীনৰ উচটনিত ভাৰতৰ সৈতে সংঘাত অব্যাহত ৰাখিছে।

সীমান্তত ১৫ আগষ্ট অৰ্থাৎ ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা অতৰ্কিতে যুদ্ধবিৰতি উলংঘন কৰি ৫জন ভাৰতীয় সেনাক নিহত কৰা বুলি পাকিস্তানৰে উচ্চপদস্থ সামৰিক সূত্ৰই ৰাজহুৱা কৰিছিল। কিন্তু সেয়া আছিল মিছা খবৰ। যুদ্ধবিৰতি উলংঘনৰ প্ৰত্যুত্তৰ ভাৰতে দিয়াৰ সময়ত পাকিস্তানৰে তিনিজন সেনা নিহত হৈছিল।

কূটনৈতিকভাৱে ভাৰতৰ সৈতে পাকিস্তানে যিমান বাৰ যুদ্ধ আৰম্ভ কৰিছে, সেই যুদ্ধত পাকিস্তানে ভবাৰ দৰে ফলাফল লাভ কৰা নাই। সেয়েহে এইবাৰ ছ'চিয়েল মিডিয়াযোগে ভাৰতৰ বিৰুদ্ধে নামি পৰিছে পাক প্ৰধানমন্ত্ৰী ইমৰান খান।

দেওবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ স্থিতিক জাৰ্মানী নাৰ্জী বাহিনীৰ সৈতে তুলনা কৰি টুইটাৰ যোগে কেইবাটাও টুইট কৰে। অতি লক্ষণীয়ভাৱে পাক প্ৰধানমন্ত্ৰীগৰাকীৰ টুইটাৰত স্থান পালে অসমৰ এন আৰ চি প্ৰসংগয়ো।

ৰাজ্যখনত এন আৰ চি উন্নিতকৰণৰ প্ৰক্ৰিয়াক পৰোক্ষভাৱে মুছলমানৰ ওপৰত অত্যাচাৰ আৰু আক্ৰমণ আখ্যা দি পাক প্ৰধানমন্ত্ৰীজনে আন্তঃৰাষ্ট্ৰীয় সমুদায়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ লিখিলে-

'Already 4m Indian Muslims face detention camps & cancellation of citizenship. World must take note as this genie is out of the bottle & the doctrine of hate & genocide, with RSS goons on the rampage, will spread unless the international community acts now to stop it.'

ইমৰান খানৰ টুইটটো…

মোডী চৰকাৰক আক্ৰমণ কৰিবলৈ গৈ অসমৰ এন আৰ চি প্ৰসংগক এইদৰে ইমৰান খানে টানি আনি টুইটাৰত লিখিলে- এতিয়ালৈকে চাৰি মিলিয়ন ভাৰতীয় মুছলমানক ডিটেনশ্যন কেম্পলৈ পঠিওৱা হৈছে আৰু তেওঁলোকৰ নাগৰিকত্ব নাকচ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় সমুদায় এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাই ইমৰান খানে এই ঘটনাক ঘৃণনীয় আৰু 'Genocide' আখ্যা দিয়ে।

আৰ এছ এছৰ পৃষ্ঠপোষকতাত এনে হোৱা বুলি মন্তব্য কৰিছে পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে। ছ'চিয়েল মিডিয়াত আৰম্ভ কৰা ইমৰান খানৰ এই যুঁজত এন আৰ চি প্ৰসংগ অহাৰ পাছত বিষয়টো বিশেষভাৱে লক্ষণীয় হৈ পৰিছে।

দেওবাৰৰ দিনটোতেই কেইবাটাও টুইট কৰা ইমৰান খানে আন এটা টুইটত লিখিছে- 'The World must also seriously consider the safety & security of India's nuclear arsenal in the control of the fascist, racist Hindu Supremacist Modi Govt. This is an issue that impacts not just the region but the world.'

ইমৰান খানে অসমৰ এন আৰ চি উন্নিতকৰণক লৈ দিয়া সেই পোষ্টৰ প্ৰতিক্ৰিয়াও দিছে বিভিন্ন জনে। কোনোৱে কৈছে- 'অসম (ভাৰত)ৰ এন আৰ চি ৪০ বছৰীয়া সংগ্ৰামৰ ফল। এয়া আৰম্ভ হৈছিল তেতিয়াই, যেতিয়া আপুনি ডেনিছ লিলিৰ বিৰুদ্ধে পীট্ছত খেলিছিল। ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশ থাকিব পাৰে। কিন্তু কোনো ভাৰতৰ ৰাজনৈতিক দলেই এই প্ৰক্ৰিয়াৰ পিচত নাই। এন আৰ চি অসমৰ সকলো মানুহে বিচাৰে।'

আন একাংশই ইমৰান খানক সমালোচনা কৰি কৈছে- ভাৰতৰ আভ্যন্তৰীণ দিশক লৈ মূৰ ঘমাই থকা পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু আন্তঃৰাষ্ট্ৰীয় মহলে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকত থকা পাকিস্তানৰ প্ৰতিহে বিশেষ দৃষ্টি লাগে।

পাক প্ৰধানমন্ত্ৰীগৰাকীক এজনে আহ্বান জনাই কৈছে- প্ৰিয় ইমৰান। ভাৰতৰ মুছলমান সকলৰ কথা ভাবি আপুনি মিছাতে সময় ব্যয় কৰিছে। এইটো ভাল হ'ব, ইয়াতকৈ আপুনি নিজ দেশৰ নাগৰিকক ৰুটি দিয়াৰ ব্যৱস্থা কৰক।ভিক্ষাৰে সমস্যা সমাধান নহয়। ভাৰতত মুছলমান সকল সুখত আছে। ইয়াত সকলোৱে মিলাপ্ৰীতিৰে ভাই-ভাই সম্বন্ধৰে জীয়াই আছে। আমি আমাৰ পৰিচয়ক লৈ গৌৰৱ কৰো। আমি এনে এখন দেশৰ বাসিন্দা, য'ত ৰাম আৰু ৰহিমৰ জন্ম।

অসমৰ এন আৰ চিক লৈ অতি পৰিকল্পিতভাৱে যিসকলে মাত মাতি আহিছে, সেই সকলৰ সুৰত এইবাৰ সুৰ মিলালে ইমৰান খানে। কোনে জানে এদিন তেওঁলোকৰ কথাকে ভৰসা কৰি যে মধ্য প্ৰাচ্যৰ আন কট্টৰ ইছলাম ধৰ্মাৱলম্বী দেশবোৰে অসমক লৈ আ্ন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু বেছি অপপ্ৰচাৰত লিপ্ত নহ'ব।

যিসকলে মিঞা পয়েট্ৰিক লৈ কেৱল কবিতাৰ দৃ্ষ্টিৰে বিষয়টো চাইছিল, তেওঁলোকে এতিয়া ইমৰান খানৰ মুখত এইবোৰ কি শুনিছে ভাবি চাইছেনে? কবিতাৰ অন্তৰালত আন কিছু উদ্দেশ্য সেই সকলৰ যে লুকাই আছিল আৰু ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে তেওঁলোকে আৰু কি কি কৰিছিল তাৰ সঠিক তদন্তৰ এতিয়া প্ৰয়োজন আহি পৰিছে।

অসমত ইয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ আৰু সজাগতাৰ বাবেই তেনে একাংশই সেয়া ভুল বুলি ইতিমধ্যে উপলব্ধি কৰিছে। যাৰ বাবে এই প্ৰক্ৰিয়াৰে পৰোক্ষ-প্ৰত্যক্ষভাৱে জড়িতসকলে ৰাজহুৱা জীৱন ত্যাগ কৰিলো বুলি ছ'চিয়েল মিডিয়াতে ঘোষণা কৰিব লগা হৈছে।

এই লোকসকলৰ ৰাজনৈতিক লিপ্সাৰ বাবেই তেনে এক পৰিৱেশ ৰচনা কৰা হৈছিল। সেই সুযোগ এতিয়া পাকিস্তানে লৈছে। খোদ দেশখনৰ প্ৰধানমন্ত্ৰীৰ মুখত এনে সুৰ শুনি তেওঁলোকে এতিয়াও উপলব্ধি নকৰিব নে সেয়া যে তেওঁলোকৰ ভুল আছিল?

ভৱিষ্যতৰ ৰাজনীতিৰ উৰ্বৰ ভূমি তৈয়াৰ কৰাৰ স্বাৰ্থত এই সাধাৰণ লোকসকলক লৈ খেলা কৰা সকল এতিয়া টুপাই বুৰ মাৰিছে। দুই-একে এতিয়াও মিঞা পয়েট্ৰিৰ নাম লৈ কবিতাৰ মাধ্যমেৰে তেনে প্ৰচাৰ অব্যাহত ৰাখিছে। আনকি ব্যক্তিগত পৰ্যায়ত আক্ৰমণ চলাই সেয়া এক জনগোষ্ঠীৰ বিৰুদ্ধে অৱস্থান বুলি অপপ্ৰচাৰত নামি সেই ধাৰা অব্যাহত ৰখাৰ বাবে বিভিন্ন পক্ষৰে যোগাযোগ অব্যাহত ৰাখিছে।

কেই বছৰমান আগতে ভাৰত বিৰোধী মন্তব্য ছ'চিয়েল মিডিয়াত কৰিছিল সেয়া গুৰুত্বপূৰ্ণ নে সময়ে আনি দিয়া পৰিৱেশ-পৰিস্থিতিৰ কোনো লোকে পাকিস্তানৰ আনন্দত চামিল হোৱা ইচ্ছা ব্যক্ত কৰিলে, তাক বিচাৰ কৰাটো গুৰুত্বপূৰ্ণ? এই কথা কিন্তু ৰাষ্ট্ৰীয় মাধ্যমত প্ৰচাৰ চলাওতে গো-মাংস খাম বুলি কোৱাৰ বাবে তেওঁৰ ওপৰত পুৰণি পোষ্ট এটাকলৈ গোচৰ ৰুজু হোৱা বুলি পুনৰ অপপ্ৰচাৰ চলোৱা সকলৰ মানসিকতা কি তাক বুজিবলৈ আৰু বাকী থাকিল কি?

পাকিস্তানৰ পক্ষ লৈ পাকিস্তানৰ আনন্দত চামিল হ'ব বিচৰা সকল, মিঞা পয়েট্ৰিৰে অসম আৰু অসমীয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বদনামী কৰা সকলে নিশ্চয় ইমৰান খানৰ এই মন্তব্যত উৎসাহিত হৈছে। এনে প্ৰতিক্ৰিয়া হয়তো তেওঁলোকে বিচাৰিছিল। লাহে লাহে আন দেশৰ পৰাও এইধৰণৰ প্ৰতিক্ৰিয়া আহিলে অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতিত স্বাভাৱিকতে অবিশ্বাসৰ ভাৱ জন্ম হ'ব।

ৰাজ্যৰ বিভিন্ন স্থানত পাকিস্তানী সেনাক সমৰ্থন কৰি ছ'চিয়েল মিডিয়াত পোষ্ট দিয়াৰ বাবে কেইবাটাও গোচৰ ৰুজু হৈছে। এই পৰিৱেশ ৰচনা কৰাৰ বাবে এই সকল লোক কিয় জগৰীয়া নহ'ব? কেৱল মিঞা পয়েট্ৰি বুলি তেনে পৃষ্ঠপোষকসকলক বুকুচাত তুলি লৈ ফুৰা সকলে আজিৰ প্ৰেক্ষাপটত ভাৰত বিৰোধী এই প্ৰৱণতাক অস্বীকাৰ কৰি ক'ব পাৰিবনে- সেই ভুলেই আজিৰ এই পৰিৱেশ সৃষ্টি কৰা নাই বুলি?

শত্ৰু ৰাষ্ট্ৰই এতিয়া সুযোগ গ্ৰহণ কৰিছে। কেইজনমান বিভীষণে স্বজাতিৰ প্ৰীতিত মজগুল বুলি মিছাতে দেখুৱাবলৈ দীৰ্ঘ সময় লৈ সেই পৰিৱেশৰ ৰচনা কৰি শত্ৰুক সুযোগ দিলে। পাকিস্তানৰ দৰে দেশৰ প্রধানমন্ত্ৰীয়েও আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা এনে অপপ্ৰচাৰৰ ফলতেই এই সুযোগ লাভ কৰিলে।

এই বিষয়বোৰ গভীৰ চিন্তা চৰ্চাৰ প্ৰয়োজন। পুনৰ ক'ব বিচৰা কথাটো হ'ল- ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নিতকৰণ প্ৰক্ৰিয়াত কোনো ভাৰতীয় নাগৰিকেই হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে। কিন্তু তেওঁলোকে কোৱাৰ দৰেই কোনো স্থানত পথ দুৰ্ঘটনা সংঘটিত হ'লে ইয়াৰ বাবে দায়ী এন আৰ চি কৰ্তৃপক্ষ নে সেই বাছখনৰ চালক হ'ব সেই চিন্তাৰ অৱকাশ কিয় তেওঁলোকৰ নহ'ল?

কম সময়ৰ ভিতৰত জাননী দি পুনৰীক্ষণৰ প্ৰক্ৰিয়াত অংশ ল'বলৈ যোৱা সকলে বহু সমস্যাৰ সন্মুখীন নিশ্চয় হৈছে। বিদেশীমুক্ত অসম আৰু দীৰ্ঘদিন ধৰি কাৰোবাৰবিৰুদ্ধে সন্দেহজনক বুলি উঠি অহা প্ৰশ্নৰ সমাধানৰ বাবে কিছু কষ্টৰ সন্মুখীন হৈ ইয়াৰ স্থায়িত্ব আৰু সমাধান কোনে বিচৰা নাই? সেয়াও সাধাৰণ লোকসকলে অনুধাৱন কৰিব লাগিব।

আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এই সুযোগ লৈছে। ৰাষ্ট্ৰসংঘৰ পৰা মানৱতা বিৰোধী আৰু অত্যাচাৰ চলোৱা বুলি পত্ৰ আহিছে। সমান্তৰালভাৱে ইছলামী সন্ত্ৰাসবাদী গোটসমূহেও ইয়াৰ সুযোগ গ্ৰহণেৰে পৰৱৰ্তী সময়ত অসমত নিজৰ ভেটি সুদৃঢ় কৰিলে কি পৰিস্থিতি সৃষ্টি হ'ব পাৰে সেয়া ভাবিব পৰা বা চিন্তা কৰিব পৰাকৈ বিচাৰ-বিশ্লেষণ নকৰি কেৱল সাহিত্যৰ এক ধাৰা বুলি এইবোৰ কথাক অবজ্ঞা কৰিব পাৰিনে?

এই প্ৰতিবাদ যদি নহ'ল হেঁতেন তেনেহ'লে তেওঁলোকে আৰু কিমান তললৈ গৈ এনে প্ৰচাৰ চলালে হয় তাৰ কোনো ঠিকনা নাই। কিয়নো চৰ্চিত কোনো বিষয় নিজৰ পক্ষত যুক্তি সহকাৰে অতি কৌশলেৰে অৱস্থান সলাই ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰি মানৱতা বিৰোধী বুলি প্ৰমান কৰিব যোৱা সকলে এটা কথা ভালদৰে জানে- কিদৰে তেওঁলোকে নিজক ৰক্ষা কৰিব লাগিব।

ইমৰান খানৰ বক্তব্যৰ পাছত সেই চক্ৰটোৰ প্ৰতি সন্দেহৰ ভাব আৰু তীব্ৰতৰ হোৱাটোৱেই স্বাভাৱিক।উগ্ৰ জাতীয়তাবাদৰ আলম লৈ অসমীয়া জাতীয়তাবাদক চূৰ্ণ বিচূৰ্ণ কৰি, কেইবা দশক ধৰি অসমৰ ৰাইজে দাবী জনাই অহা বিদেশী সমস্যা সমাধানৰ প্ৰক্ৰিয়াত বাধা দিয়া সকলৰ যে মনত অন্য চিন্তাই ক্ৰিয়া কৰি আছিল, সেয়া স্পষ্ট হৈছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত ছেমিনাৰ পাতি নিজকে ভাল অসমীয়া বুলি দাবী কৰি মুখা পিন্ধি অসম আৰু অসমীয়াৰে বদনাম কৰা সকলে এতিয়াও আত্মসংশোধনৰ ব্যৱস্থা কৰক। এন জি অ'ৰ নামত কেইটামান টকাৰ লোভত স্বগোষ্ঠীয় মানুহখিনিক, যি ৰাজ্যৰ মাটি পানী আৰু বায়ু সেৱন কৰি ডাঙৰ দীঘল হৈছে, সেই ৰাজ্য আৰু অসমীয়াত্বৰ দোলেৰে আকোৱালি লোৱা মানুহবোৰক জেন'ফেবিক আখ্যা দিয়া সকলৰ সুমতি হওঁক।

নহ'লে এনে হাজাৰ জন ইমৰান খানৰ জন্ম হ'ব। এনে হাজাৰটা প্ৰতিক্ৰিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোকৰ মিছা তথ্য, মন্তব্যৰ আধাৰতে বিভিন্ন জনে দিব। বিদেশীমুক্ত অসম আৰু অসমৰ খিলঞ্জীয়া লোকসকলৰ ৰাজনৈতিক, সামাজিক, আৰ্থিক সুৰক্ষাৰ প্ৰশ্নত কেতিয়াও কোনেও অৱহেলা কৰা উচিত নহয়।

শান্তি, সম্প্ৰীতিৰ পৰিৱেশ ৰক্ষা কৰি এনে অপশক্তিৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়া সময় এয়া। অসমৰ এন আৰ চিক লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ৰাজনীতি নকৰাই ভাল। নিজকে অসমীয়া বুলি যদি ভাবে তেন্তে সেই মুষ্টিমেয় তথাকথিত লোকসকলে পাৰে যদি ইমৰান খানৰ এই প্ৰতিক্ৰিয়াৰ বিৰোধিতা কৰি নিজৰ মানসিকতাৰ সংশোধনৰ প্ৰমান দিয়াৰ সময় এয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in