খাকী পোচাকত নগাঁৱত কোন এই শিক্ষয়ত্ৰী…

খাকী পোচাকত নগাঁৱত কোন এই শিক্ষয়ত্ৰী…

ডিজিটেল সংবাদ নগাঁও : খাকী পোছাকত শিক্ষয়িত্ৰী ৷ শনিবাৰে খাকী পোছাকত শ্ৰেণীকোঠাত দেখা গ'ল আৰক্ষীক ৷ গুনোৎসৱৰ অন্তিম দিনা নগাঁৱত দেখা গ'ল এগৰাকী মহিলা আৰক্ষী বিষয়াক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰোৱা ৷

জিলাখনৰ ১১৩৪ নং বাৰুৱতী প্ৰাথমিক বিদ্যালয়ত পুৱাতে উপস্হিত হ'ল মহিলা আৰক্ষী বিষয়াগৰাকী ৷ সোমাই গ'ল প্ৰথম শ্ৰেণী কোঠালৈ ৷ খাকী পোছাকত মহিলা আৰক্ষী বিষয়াগৰাকীক পাই ছাত্ৰ-ছাত্ৰী সকলে সম্ভাষন জনালে ৷ আৰম্ভ হ'ল পাঠদান ৷

ইংৰাজী বিষয়ত পাঠদান কৰিলে আৰক্ষী বিষয়াগৰাকীয়ে ৷ নুৰজান বিবি, শামিম আকতাৰ, ৰাবীয়া খাতুন,সূভাষ ডেকা, হিমাক্ষী ডেকা হ'তে ইংৰাজী বিষয়ৰ পাঠ পঢ়ি শুনালে ৷ ব্লেক বৰ্ডত নিজৰ নিজৰ নাম লিখি দেখুৱালে ৷ আন আন শ্ৰেণী কোঠাটো প্ৰবেশ কৰি মহিলা আৰক্ষী বিষয়া গৰাকীয়ে পৰিদৰ্শন কৰি শিক্ষা পৰিবেশৰ বুজ ল'লে ৷

লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ বাহিৰেও উপস্হিত অভিভাবকৰে মত বিনিময় কৰিলে ৷ খাকী পোছাকত শিক্ষয়িত্ৰী হিচাপে প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাত পুৱা ব্যস্ত হোৱা মহিলা আৰক্ষী বিষয়া গৰাকী হৈছে লীনা দলে ৷ নগাঁও আৰক্ষী অধীক্ষক লীনা দলেক শণিবাৰে এনেদৰে দেখা গ'ল বটদ্ৰবা উন্নয়ন খণ্ডৰ ১১৩৪ নং বাৰুৱতী প্ৰাথমিক বিদ্যালয়ত ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in