লোকসভা নিৰ্বাচনৰ ৰণশিঙা, এছপি-বিএছপিৰ মহাজোঁট, শনিবাৰে হ’ব ঘোষণা

লোকসভা নিৰ্বাচনৰ ৰণশিঙা, এছপি-বিএছপিৰ মহাজোঁট, শনিবাৰে হ’ব ঘোষণা

ডিজিটেল ডেস্কঃ সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱ আৰু বহুজন সমাজ পাৰ্টীৰ প্ৰধান মায়ৱতীয়ে শনিবাৰে এছপি-বিএছপিৰ মিত্ৰজোঁটৰ ঘোষণা কৰিব। শনিবাৰে দুপৰীয়া ১২ বজাত লক্ষ্নৌত এক যুটীয়া সংবাদ মেলৰ জৰিয়তে দুয়োটা দলে আগন্তুক লোকসভা নিৰ্বাচনৰ গঠিত তেওঁলোকৰ মিত্ৰতা সন্দৰ্ভত ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি উত্তৰপ্ৰদেশৰ দুই মুখ্য ৰাজনৈতিক দল এছ পি আৰু বি এছ পিৰ মিত্ৰজোঁটৰ কথা চৰ্চিত হৈ আহিছে যদিও এই পৰ্যন্ত দুয়োটা দলৰ নেতৃত্বই কোনো এই সন্দৰ্ভত কোনো সঠিক সিদ্ধান্ত হোৱাৰ বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত আছিল। শনিবাৰে দুয়োটা দলে একতাৰে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা সন্দৰ্ভত ঘোষণা কৰিব।

ইফালে দুয়োটা ৰাজনৈতিক দলৰ মাজত আসনৰ ভাগ বতোৱাৰাকলৈও শনিবাৰে ঘোষণা হ'ব বুলি এক সূত্ৰত প্ৰকাশ পাইছে। জানিব পৰা মতে, এছ পি আৰু বি এছ পিয়ে উত্তৰ প্ৰদেশত ৩৭-৩৭ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে।

আনহাতে উত্তৰ প্ৰদেশত দুয়োটা দলৰ মিত্ৰতা সন্দৰ্ভত সমাজবাদী পাৰ্টীৰ তৰফৰ পৰা দুই এটা মন্তব্য প্ৰকাশ পাইছিল যদিও বহুজন সমাজ পাৰ্টীয়ে প্ৰায় মৌনতা অৱলম্বন কৰা দেখা গৈছিল। বিগত দিনত খনন কেলেংকাৰীত অখিলেশ যাদৱৰ নাম সাঙোৰ খাই পৰাৰ পিছত প্ৰথমবাৰৰ বাবে বি এছ পিক সমাজবাদী পাৰ্টীৰ সৈতে একেলগে অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা যাব।

উল্লেখ্য যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ এই দুয়োটা ৰাজনৈতিক দলেই মোডী লহৰত বেয়াকৈ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। শাসনাধিষ্ঠিত এছ পিয়ে ৫ খন লাভ কৰাৰ বিপৰীতে ২০১৪ চনত বি এছ পিয়ে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in