কোকৰাঝাৰত ব্যৱসায়ীক ভিত্তিত ‘তুলসী’ৰ খেতি

কোকৰাঝাৰত ব্যৱসায়ীক ভিত্তিত ‘তুলসী’ৰ খেতি

ডিজিটেল ডেস্ক: 'তুলসীৰ তলে তলে মৃগ পহু চৰে'-তুলসী বুলি ক'লেই আমাৰ মনলৈ আহে আপ্ত বাক্যশাৰী।অসম তথা ভাৰতবৰ্ষৰ লোকৰ বাবে তুলসীৰ মহত্ব অপৰিসীম।হিন্দু ধৰ্মাৱলম্বী লোকে তুলসী পূজা কৰাৰ লগতে ভিন্ন বেমাৰৰ বাবে বনৌষধী হিচাপে তুলসীৰ পাত ব্যৱহাৰ কৰে।

ইয়াৰোপৰি অসমবাসীয়ে কাতি বিহুত তুলসীৰ তলত এগছি চাকি জ্বলাই বছতোৰ মঙ্গল কামনা কৰে। কিন্তু আপুনি জানি আচৰিত হ'ব যে সৰ্বগুণ সমৃদ্ধ তুলসী কেৱল পূজা-পাতলৰ বাবে নহয় ব্যৱসায়িক ভিত্তিতো ইয়াৰ খেতি
কৰিব পাৰি।কিয়নো তুলসীৰ পাতত আছে বহুকেইটা ঔষধি গুণ।গতিকে তুলসী খেতিৰ ওপৰত বৰ্তমান বিশেষ গুৰুত্ব আৰোপ কৰিছে চৰকাৰে।ব্যৱসায়িক ভিত্তিত তুলসী খেতিৰ বাবে নিৰ্বাচন কৰা হৈছে অসমৰ তিনিখনকৈ জিলা।

কোকৰাঝাৰ জিলা কৃষি বিভাগৰ অন্তৰ্গত অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য পৰিৱৰ্তন প্ৰকল্প(APART)ৰ AWP ২০২২-২৩(সুগন্ধি আৰু ঔষধি-তুলসী)ৰ অধীনত পোন প্ৰথমবাৰৰ বাবে ব্যৱসায়িক ভিত্তিত তুলসী খেতি কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সেই মৰ্মে বৃহস্পতিবাবে জিলাখনৰ কোকৰাঝাৰ মহকুমাৰ অন্তৰ্গত দতমাস্থিত ৰমণি আশ্ৰমৰ ২ একৰ ভূমিত প্ৰদৰ্শনিমূলকভাৱে তুলসীৰ বীজ সিঁচাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াই লক্ষ্নৌস্থিত ঔষধি আৰু সুগন্ধি উদ্ভিদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানে(CIMAP)।কোকৰাঝাৰ জিলাৰ মুঠ ৭ একৰ ভূমিত ব্যৱসায়িক ভিত্তিত কৰা হ'ব তুলসীৰ খেতি।

প্ৰাৰম্ভিক পৰ্যায়ত ব্যৱসায়িক ভিত্তিত তুলসী খেতিৰ কৰিব কৃষি কাৰ্যৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হগোমাবিলৰ
কৃষক প্ৰণয় কুমাৰ নাৰ্জাৰীয়ে।বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত উপস্থিত থাকে লক্ষ্নৌস্থিত ঔষধি আৰু সুগন্ধি উদ্ভিদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ বিষয়াসকলৰ লগতে কোকৰাঝাৰ জিলা কৃষি বিভাগৰ অন্তৰ্গত APART আৰু ATMAৰ বিষয়াসকল।

আৰু পঢ়ক: ১,২,৩ নহয় 1,2,3…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in