নামনি-সোৱণশিৰি নদীবান্ধৰ প্ৰভাৱক লৈ কেন্দ্ৰীয় চৰকাৰে কৰা অধ্যয়নত নাই অসমৰেই নাম!

নামনি-সোৱণশিৰি নদীবান্ধৰ প্ৰভাৱক লৈ কেন্দ্ৰীয় চৰকাৰে কৰা অধ্যয়নত নাই অসমৰেই নাম!

ডিজিটেল ডেস্কঃ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসমত জাতীয় দল-সংগঠনে অব্যাহত ৰখা প্ৰতিবাদৰ পাছত ভাৰত চৰকাৰে উক্ত নদীবান্ধৰ প্ৰভাৱ সন্দৰ্ভত অধ্যয়নৰ সন্মতি দিছিল।সেই অনুসৰি দুটা পৰ্যায়ত ২০১৫ৰ ডিচেম্বৰত  আৰু ২০১৮ৰ এপ্ৰিল মাহত সম্পূৰ্ণ কৰিলে সোৱণশিৰি নদী উপত্যকাৰ নামনি অঞ্চল প্ৰভাৱ নিৰ্ণয়ৰ অধ্যয়ন।

আচৰিত কথা, ভাৰত চৰকাৰৰ বন,পৰিবেশ আৰু জলবায়ু পৰিবৰ্ত্তন মন্ত্ৰালয়ে সম্পন্ন কৰা উক্ত অধ্যয়নৰ প্ৰতিবেদনত কিন্তু অসমৰ বিষয়ে এটাও শব্দ উল্লেখ নাই। অসমৰ কোনো দল-সংগঠনক আনকি চৰকাৰকো ঘুনাক্ষৰেও এই অধ্যয়নৰ বিষয়ে নজনালে। অধ্যয়নৰ প্ৰতিবেদনৰ প্ৰতিলিপি এই পৰ্যন্তলৈকে দিয়া নাই অসম চৰকাৰক। ভাৰত চৰকাৰ আৰু বৃহত নদী বান্ধ লবীৰ এনে মানসিকতা অসমৰ প্ৰতি ভ্ৰূকুতিৰ আখ্যা দিছে আছুৰ প্ৰাক্তন উপ সভাপতি তুলাৰাম গগৈয়ে ।

এক বিজ্ঞপ্তিত গগৈয়ে কয় যে, যি সময়ত ৭৫ মেগাৱটৰ দৈয়াং আৰু ৪০৫ মেগাৱটৰ ৰঙা নদী প্ৰকল্পৰ পৰা এৰি দিয়া পানীয়ে গোলাঘাট আৰু লখিমপুৰ জিলাৰ ৰাইজক জ্বলাকলা খুৱাইছে আৰু শাসকীয় দলৰ বিধায়কে ইয়াৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ তৰিব লগা হৈছে, তেনে সময়ত অসম-অৰুনাচল প্ৰদেশৰ নদী বান্ধ তথা নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ অসমৰ অন্তৰ্গত নামনি অঞ্চলক স্বীকৃতি দিয়া নাই ভাৰত চৰকাৰে ।

অথচ যোৱা ২০১৪ চনৰ ১০ আৰু ১১ ডিচেম্বৰত দিল্লীত সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰীদ্বয় পীয়ুষ গোৱেল আৰু সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষতাত অসমৰ সকলো দল-সংগঠনৰ সৈত্যে হোৱা ত্ৰিপাক্ষিক বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। তাৰ ভিতৰত- অৰুণাচল আৰু আন অসমত নিৰ্মীয়মান, নিৰ্মাণ সম্পূৰ্ন হোৱা নদীবান্ধ সমূহৰ নামনি অঞ্চলৰ সামূহিকপ্ৰভাৱ নিৰ্নয়ৰ অধ্যয়ন কৰা হ'ব আৰু অধ্যয়নে সামৰিব গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ অংশলৈকে।

তাৰোপৰি, অধ্যয়ন সম্পূৰ্ন নোহোৱালৈকে নদীবান্ধৰ বাবে কোনো ধৰনৰ অনুমোদন দিয়া নহ'ব বুলিও চৰকাৰে প্ৰতিশ্ৰুতি দিছিল। অধ্যয়নৰ পাছত অসমৰ সকলো দল সংগঠনৰ লগত পুনৰ আলোচনা কৰিহে চৰকাৰে পৰবৰ্তী সিদ্ধান্ত ল'ব বুলি প্ৰতিশ্ৰুতি দিয়া কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বষয়টোৰ পৰা আতৰাই ৰাখিলে অসমৰ দল-সংগঠনসমূহক।

অতি কৌশলপূৰ্ণ ভাৱে এই অধ্যয়ন আৰু ইয়াৰ প্ৰতিবেদন প্ৰস্তুতকৰি চৰকাৰৰ পৃষ্ঠপোষকতাত নদীবান্ধ নিৰ্মাণৰ বাবে এই চক্ৰটো এতিয়া সক্ৰিয় হৈ পৰিছে। তাৰ বিপৰীতে নদাবান্ধৰ কু-প্ৰভাৱ আৰু নামনি অঞ্চলৰ হ'ব পৰা ক্ষয়ক্ষতিক লৈ সম্পূৰ্ণ উদাস মনোভাৱ গ্ৰহণ কৰিলে এই অধ্যয়ন। অসমৰ নাম এবাৰো উল্লেখ কৰাকৈ প্ৰস্তুত কৰা প্ৰতিবেদনক লৈ এতিয়া গভীৰ শোক ব্যক্ত কৰিছে ৰাজ্যৰ দল-সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in