মাজুলীত সোৱনশিৰিৰ খহনীয়া, ১নং মিছামৰাৰ ২শ টা পৰিয়াললৈ ভয়াবহ সংকট…

মাজুলীত সোৱনশিৰিৰ খহনীয়া, ১নং মিছামৰাৰ ২শ টা পৰিয়াললৈ ভয়াবহ সংকট…

ডিজিটেল সংবাদ, মাজুলী : নামনি মাজুলী কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত ১নং মিছামৰাত খহনীয়াৰ কালৰূপ। বিনিদ্ৰ ৰজনী কটাইছে গাৱখনৰ ২ টা পৰিয়ালে। কেইবাটাও পৰিয়ালে লাম লাকুট লৈ আশ্ৰয় লৈছে বেলেগৰ ঘৰত। সোৱনশিৰি ত জাহ গৈছে বিঘাই বিঘাই ভূমি। নদীক ভাল পোৱা সহজ সৰল মিছিং জনগোষ্ঠী টোৰ এইসকলক খেদিছে নদীয়ে।

বিজ্ঞান সন্মত সুৰক্ষা ৰ আচনিঁ ৰ কাম নকৰিলে জলসম্পদ বিভাগে । নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰতি প্ৰদান কৰি প্ৰতিশ্ৰুতি পাহৰা সাংসদ প্ৰদান বৰুৱাৰ ওপৰত ক্ষোভ গড়নীয়াগ্ৰস্থৰ। চৰকাৰে নিৰাপত্তা দিয়ক নতুবা পৰিয়ালৰ সৈতে নদীত জাপ দিয়াৰ বিকল্প নাই এই সকল দুৰ্ভগীয়াৰ। আনহাতে মাজুলীৰ বিধায়ক প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিও আছে অকৃত্ৰিম মৰম ।

নদীৰ পাৰত সোনোৱালৰ ফটো ৰাখি বন্তি জ্বলাই কাকুতি ঘোষা গায় গাওবাসীয়ে। সংকটৰ সময়ত ত্ৰানকৰ্তা কেৱল সোনোৱাল হে তেখেতৰ ওপৰতে শেষ ভৰাসা বুলি সকলোৱে নদীৰ পাৰত কাকুতি ঘোষা গাই প্ৰাৰ্থনা কৰে।

কালৰূপ ধৰা সোৱনশিৰি ৰ ভয়ংকৰ খহনীয়া ত নিশেষ হৈ যাৱ এখন বিশাল গাৱ। নিধিৰাম চৰ্দাৰৰ ৰূপত মাজুলীৰ দুৰ্নীতি গ্ৰস্থ জলসম্পদ বিভাগ। হাহাকাৰ নৈ পৰীয়া এইসকল গঞাৰ। কোনে বঢ়াব সহায়ৰ হাত সংকটৰ সন্ধিক্ষনত। চকুপানীৰে বাট নেদেখাহৈছে খহনীয়া গ্ৰস্থৰ। ক্ষোভ প্ৰশাসন চৰকাৰলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in