দক্ষিণ শালমাৰা-মানকাচৰত ড্ৰাগছ বিৰোধী অভিযানঃ দুজনক আটক..

দক্ষিণ শালমাৰা-মানকাচৰত ড্ৰাগছ বিৰোধী অভিযানঃ দুজনক আটক..

দক্ষিণ শালমাৰা-মানকাচৰত ড্ৰাগছ বিৰোধী অভিযানঃ দুজনক আটক..

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ ধেনাৰকুটি-শ্বলিয়া গাঁৱত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই প্ৰায় ২ কেজি ভাং সহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল ৰয় প্ৰধানীয়ে এক গোপন সুত্ৰৰ আধাৰত উপ পৰিদৰ্শক নয়ন কুমাৰৰ সহযোগত আৰক্ষীৰ দল এটা ধেনাৰকুটি গাঁৱৰ দাৰগ আলীৰ পুত্ৰ আব্দুল কালাম সেখ (৪২)ৰ ঘৰত অভিযান চলাবলৈ যায়। আৰক্ষীৰ অভিযানৰ উমান পাই ভাং ব্যৱসায়ী কালাম সেখ মটৰ চাইকেলেৰে পলায়ন কৰে। কিন্তু দক্ষিণ শালমাৰা আৰক্ষী ড্ৰাগছ ব্যৱসায়ীজনক খেদি খেদি পাৰ্শ্ববৰ্তী শ্বলিয়া গাঁৱৰ পৰা আটক কৰি মটৰ চাইকেল খন জব্দ কৰাৰ লগতে তেওঁৰ পৰা বৃহত পৰিমানৰ ভাং জব্দ কৰে।

দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল ৰয় প্ৰধানীয়ে জানিবলৈ দিয়া মতে গাঞ্জা ব্যৱসায়ীজনৰ পৰা প্ৰায় দুই কেজি ওজনৰ গাঞ্জা, এম এল ০৮ ই ০৭৭৬ নম্বৰৰ এখন মটৰ চাইকেল আৰু এটা মোবাইল ফোন জব্দ কৰি ড্ৰাগছ ব্যৱসায়ী জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। দক্ষিণ শালমাৰা এলেকা ড্ৰাগছ মুক্ত কৰাৰ বাবে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে এইদৰে প্ৰায়ে অভিযান চলাই ভাং, টেবলেট, বিলাতী সুৰা আদি জব্দ কৰি আহিছে।

মন কৰিবলগীয়া বিষয় এয়াই যে মানকাচৰতো আজি বিয়লি প্ৰায় ৪ বজাত মানকাচৰ আৰক্ষী আৰু চিআৰপিএফে এক গোপন সুত্ৰৰ পম খেদি জোৰডাঙা গাঁৱৰ পৰা বৃহত পৰিমানৰ নিচা জাতীয় টেবলেট সহ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰি জেৰা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in