শেহতীয়া খবৰ
কামৰূপ (মঃ)ত লকডাউনৰ শিথিলতা সন্দৰ্ভত দেওবাৰে জনাব সবিশেষ, টুইটাৰযোগে ঘোষণা মুখ্য সচিবৰ...  •  জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী...  •  ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু...  •  মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক  •  চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO  •  আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন  •  সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO  •  শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ... VIDEO  •  দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯...  •  বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

দক্ষিণ কেলিফৰ্ণিয়াৰ বনাঞ্চলত বিধ্বংসী অগ্নিকাণ্ড…

230

ডিজিটেল ডেস্কঃ দক্ষিণ কেলিফৰ্ণিয়াৰ এক বনাঞ্চলত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। শনিবাৰে সংঘটিত এই অগ্নিকাণ্ড দেওবাৰ পৰ্যন্ত নিৰ্বাপন কৰিব পৰা নাই অগ্নিনিৰ্বাপক বাহিনীয়ে। এই অগ্নিকাণ্ডত ইতিমধ্যে বনাঞ্চলখনৰ ১৯ শতাংশ জুইত জাহ গৈছে। সমীপত থকা ৩১টা অট্টালিকাও জাহ গৈছে অগ্নিকাণ্ডত।

অগ্নিকাণ্ডৰ জুই নিৰ্বাপনৰ বাবে ল’ছ এঞ্জেলিছৰ পৰাই অগ্নিনিৰ্বাপক বাহিনীৰ অতিৰিক্ত দল বনাঞ্চলখনত উপস্থিত হৈছেগৈ। এই জুইত বনাঞ্চলখনৰ ৭৫৫২ একৰৰ ভূমি পুৰি ছাই হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ হেলিকপ্টাৰৰ লগতে এহাজাৰখনৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীয়ে এই জুই নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

এই অগ্নিকাণ্ডত এজন নাগৰিকৰো মৃত্যু পোৱাৰ খবৰ পোৱা গৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত সমীপৱৰ্তী অঞ্চলৰ পৰা ১ লক্ষাধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে প্রশাসনে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি