দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া

দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া

ডিজিটেল সংবাদ, ধুবুৰীঃ দেশত মঙলবাৰে অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ইতিমধ্যে ভোটগ্ৰহণ নিয়াৰিকৈ চলাবৰ বাবে প্ৰশাসনে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমৰো ৪ টা সমষ্টিত মঙলবাৰে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ৰাজ্যৰ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত তৃতীয় পৰ্যায়ত হ'ব ভোটগ্ৰহণ।

ধুবুৰী লোকসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰ আছে ২৪৫০টা। ইয়াৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত ৫৩৩ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ দেওবাৰে আগতীয়াকৈ পোলিং বিষয়াসকল ৰাওনা হৈছে।

যিহেতু দক্ষিণ শালমাৰা চৰ আৰু দুৰ্গম এলেকা সেইবাবে এদিন আগতীয়াকৈ এইদৰে পোলিং বিষয়াসকলক জিলা প্ৰশাসনে ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in