দক্ষিণ শালমাৰা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰেছ দিৱস পালন

দক্ষিণ শালমাৰা জিলা প্ৰশাসনৰ উদ্যোগত প্ৰেছ দিৱস পালন

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত শনিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে, শনিবাৰে দিনৰ ১১.৩০ বজাত জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনত থকা সাংবাদিকসকলক লৈ অনুষ্ঠিত হয় ৰাষ্ট্রীয় প্ৰেছ দিৱস।

এই উপলক্ষে জিলা উপায়ুক্তৰ দায়িত্বত থকা অতিৰিক্ত জিলা উপায়ুক্ত ইনামূল হুছেইনৰ সভাপতিত্বত সাংবাদিক সকলক লৈ এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনাত জিলাখনৰ ২০ জনতকৈ অধিক লোক উপস্থিত থকাৰ লগতে মানকাচৰ শিক্ষাখণ্ডৰ প্ৰাক্তন শিক্ষা বিষয়া বক্ত জামান শেখ, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ জাহিৰুল ইছলাম, দক্ষিণ শালমাৰা মহাবিদ্যালয়ৰ প্ৰবক্তা মজিবৰ ৰহমান বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি সাংবাদিক সকলৰ কৰ্মক্ষেত্ৰক লৈ আলোচনা কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in