৭৫ বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি জিঞ্জিৰাম নদীৰ ওপৰত নাঁও খেলৰ আয়োজন…

৭৫ বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি জিঞ্জিৰাম নদীৰ ওপৰত নাঁও খেলৰ আয়োজন…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অসম-মেঘালয় সীমান্তৱৰ্তী হাজিৰহাটৰ টাকীমাৰীত দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হোৱা নাঁও খেলত টাকীমাৰী দলে চুড়ান্ত বিজয় লাভ কৰে। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা সমষ্টিৰ হাজিৰহাট গাওঁ পঞ্চায়ত এলেকাৰ অসম-মেঘালয় সীমান্তৱৰ্তী টাকীমাৰী জিঞ্জিৰাম নদীৰ ওপৰত বিগত প্ৰায় ৭৫ বছৰ ধৰি চলি আহিছে পৰম্পৰাগত নাওঁ খেল।

প্ৰতিবছৰে স্বাধীনতা দিৱস উপলক্ষে জিঞ্জিৰাম নদীৰ ওপৰত অনুষ্ঠিত হয় নাঁও খেল। স্বাধীনতা দিৱসৰ সময়ত কোভিড প্ৰটকল থকাৰ বাবে এইবাৰ সময়মতে নাঁও খেল অনুষ্ঠিত কৰিব পৰা নাই যদিও কোভিড পৰিস্থিতি উন্নত হোৱাৰ ফলত দুদিনীয়া কাৰ্যসূচীৰে ১৯ আৰু ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হয় নাঁও খেল। লোকে লোকাৰণ্য হৈ পৰা নাঁও খেল খনত মুঠ ৬ টা দলে অংশগ্ৰহন কৰে।

 লোকগীতৰ তালে তালে অনুষ্ঠিত হয় এই নাঁও খেল। জিঞ্জিৰাম নদীৰ দুয়োপাৰে প্ৰায় ১০ সহস্ৰাধিক লোকৰ সমাগম হৈ মেলাৰ পৰিৱেশ সৃষ্টি হয়। একাংশ ব্যৱসায়ী দূৰ-দুৰনিৰ পৰা দোকান কৰিবলৈ আহি উপস্থিত হয় নাঁও খেল চলি থকা জিঞ্জিৰাম নদীৰ পাৰত।

সোমবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত নাঁও খেলৰ চূড়ান্ত খেল অনুষ্ঠিত হয়। স্থানীয় টাকীমাৰী দলৰ লগতে পাৰ্শ্বৱৰ্তী বোৱালীয়াচৰ গাঁওৰ মাজত অনুষ্ঠিত হয় নাও খেলৰ চূড়ান্ত খেলখন। এই চূড়ান্ত খেলত টাকীমাৰী দলে বোৱালীয়া দলক পৰাস্ত কৰি চূড়ান্ত বিজয় লাভ কৰে। বিজয়ী দলক এটা পঠা ছাগলী পুৰষ্কাৰ হিচাপে প্ৰদান কৰা হয়। নাঁও খেলক লৈ টাকীমাৰী এলেকাৰ লগতে সমগ্ৰ হাজিৰহাটত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in