দক্ষিণ শালমাৰাৰ টুমনি-শিমলাকান্দী ব্ৰহ্মপুত্ৰত মুণ্ডবিহীন অৰ্ধগলিত মৃতদেহ উদ্ধাৰ…

দক্ষিণ শালমাৰাৰ টুমনি-শিমলাকান্দী ব্ৰহ্মপুত্ৰত মুণ্ডবিহীন অৰ্ধগলিত মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ টুমনিৰ শিমলাকান্ধী গাঁৱত থকা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এটা অচিনাক্ত মুণ্ড বিহীন মৃতদেহ উদ্ধাৰক লৈ লোকজনক হত্যা কৰি পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে দক্ষিণ শালমাৰা আৰক্ষীয়ে ।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত গাঁৱখনৰ পশ্চিম প্ৰান্তত থকা ব্ৰহ্মপুত্ৰ নদীৰ পাৰেৰে একাংশ লোক বজাৰলৈ গৈ থকা সময়ত পানীত উপঙি থকা অৱস্থাত মৃতদেহটি প্ৰত্যক্ষ কৰে। অৰ্ধ গলিত মুণ্ড বিহীন মৃতদেহটি কাউৰীয়ে মাংস ভক্ষণ কৰি থকা প্ৰত্যক্ষ কৰাৰ পাছতেই দক্ষিণ শালমাৰা আৰক্ষীক অবগত কৰে।

ইফালে ঘটনা চৌদিশে বিয়পি পৰাত হেজাৰ হেজাৰ লোক আহি ঘটনাস্থলীত ভীৰ কৰে। ইফালে ঘটনাস্থলীৰ পৰা মাত্ৰ আঢ়ৈ কিলোমিটাৰ নিলগত থকা দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত দিনৰ প্ৰায় ১১.৪৫ বজালৈ আহি উপস্থিত নোহোৱাক লৈ ৰাইজে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত হয় যদিও আৰক্ষী অহাৰ পাছতেই আৰক্ষীক সহযোগ কৰি পানীৰ পৰা অৰ্ধ গলিত মৃতদেহটি উদ্ধাৰ কৰে। লোকজনৰ আনুমানিক বসয় ৩৫ বছৰ হব বুলি ধাৰনা কৰা হৈছে।

আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে যদিও মুণ্ড বিহীন অৰ্ধ গলিত মৃতদেহক লৈ লোক জনৰ পৰিচয় আৰক্ষীয়ে লাভ কৰাত অক্ষম হৈছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও প্ৰাথমিক তদন্তৰ পাছত লোকজনক কোনোবাই মুৰ শিৰচ্ছেদ কৰি হত্যা কৰি পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।

ইফালে জিলাখনৰ দক্ষিণ শালমাৰা তথা মানকাচৰ এলেকাৰ কোনো লোক বিগত কেইদিনত নিৰুদ্দেশ হোৱাৰ খবৰ আৰক্ষীৰ হাতত নাই বাবে লোক জন ধুবুৰী বা অন্য জিলাৰ হব পাৰে বুলিও ধাৰণা কৰা হৈছে। আৰক্ষীয়ে মুণ্ড বিহীন অৰ্ধ গলিত মৃতদেহক লৈ কেনে ধৰণৰ তদন্ত কৰি প্ৰকৃত ঘটনা উদঘাটন কৰে সেয়া হব লক্ষণীয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in