টকা নিদিলে বাতৰি প্ৰচাৰ কৰি কাৰখানা ছীল কৰাৰ ভাবুকি তথাকথিত সাংবাদিকৰ…

টকা নিদিলে বাতৰি প্ৰচাৰ কৰি কাৰখানা ছীল কৰাৰ ভাবুকি তথাকথিত সাংবাদিকৰ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ 'আজি সন্ধিয়াৰ ভিতৰত ২০ হাজাৰ টকা দিয়ক নহলে বাতৰি প্ৰচাৰ কৰিম । টকা নিদিলে কাইলৈ পুৱাৰ ভিতৰত আপোনাৰ কাৰখানা বন্ধ কৰি ছীল কৰি দিম।'- এই বিস্ফোৰক মন্তব্যৰ এটা ভিডিঅ' ভাইৰেল হৈছে মানকাচৰত। এটা ব্যক্তিগত খণ্ডৰ সামাজিক মাধ্যমৰ সাংবাদিকৰ এনে মন্তব্যই মানকাচৰত সংবাদ মাধ্যমক কুলসিত আৰু বদনামী কৰিছে দুজনকৈ তথাকথিত সাংবাদিকে।

ভিডিঅ'টোত এখন মটৰ চাইকেলত বহি থকা যুৱক গৰাকী 'প্ৰতিবিম্ব লাইভ' নামৰ এটা নিউজ পৰ্টেলৰ মানকাচৰৰ সাংবাদিক তুষাণ আলমৰ সহযোগী ফটো সাংবাদিক ৰাশেল। পূৰ্বে দাবী কৰা ২০ হাজাৰ টকা এটা কাৰখানাৰ মালিকৰ পৰা ল'বলৈ আহে তেওঁলোক। তাৰপাছত কাৰখানাটোৰ মালিক জনে প্ৰশ্ন কৰে- কোনে পঠাইছে তোমাক? তথাকথিত ফটো সাংবাদিক জনে উত্তৰ দিয়ে- প্ৰতিবিম্ব লাইভৰ সাংবাদিক তুষাণ আলমে পঠাইছে মোক।

তদুপৰি, মালিক পক্ষৰ দাবীৰ ভিত্তিত তথাকথিত সাংবাদিক ৰাশেল মানকাচৰত সংবাদ মহলক বদনামী কৰা সাংবাদিক তুষাণ আলমক ফোন কৰি কিমান টকা লম বুলি প্ৰশ্ন কৰাত তেঁও ২০ হাজাৰ টকা দিলেহে বাতৰি নকৰো বুলি বিস্ফোৰক মন্তব্য কৰে। এই সমগ্ৰ ভিডিঅ' পিছফালৰ পৰা মালিক পক্ষই গোপনে সংগ্ৰহ কৰে।

উল্লেখযোগ্য যে, মানকাচৰৰ নিউ মাৰ্কেটত থকা এটা ব্যক্তিগত ৰাইচ মিলত হঠাৎ মানকাচৰ আৰক্ষীয়ে সুলভ মূল্যৰ চৰকাৰী চাউলৰ বিৰুদ্ধে অভিযান চলাইছিল। আৰক্ষীয়ে মিলটোত প্ৰায় ৬-৭ বস্তা সুলভ মূল্যৰ চৰকাৰী চাউল লাভ কৰে। মানকাচৰত যিসকল লোক সুলভ মূল্যৰ চাউলৰ ভাত নাখায় সেই সকল লোকৰ ঘৰে ঘৰে গৈ এগৰাকী মহিলাই সুলভ মূল্যৰ চাউল ক্ৰয় কৰি আটা গুৰীৰে পিঠা পনা বনাই বিক্ৰী কৰি উপাৰ্জনৰ ধনেৰে পৰিয়ালক পোহপাল দিয়ে।

স্বামীৰ বেমাৰ হোৱাৰ ফলত মহিলা গৰাকীয়ে এই উপাৰ্জনৰ পথ বাছি লোৱা বুলি জানিব পৰা গৈছে। বিষয়টো আৰক্ষীয়ে তদন্ত কৰাৰ পাছত অভিযান সমাপ্ত কৰিছে। কিন্তু এই সুযোগতে মানকাচৰৰ প্ৰতিবিম্ব লাইভ নামৰ নিউজ পৰ্টেলটোৰ দুই তথাকথিত সাংবাদিক তুষাণ আলম আৰু ৰাশেলে এইদৰে মালিক পক্ষৰ পৰা ধন দাবী কৰি মিল বন্ধ কৰি দিয়াৰ ভয় ভাবুকি দিয়া ঘটনাক লৈ মালিক পক্ষৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ইফালে, মালিক পক্ষই বিষয়টো লৈ গোচৰ দিয়াৰ যো-জাঁ চলাই থকা পৰিলক্ষিত হৈছে। লক্ষণীয় বিষয় এইটো যে, মানকাচৰৰ এই তথাকথিত সাংবাদিক তুষাণ আলমক আৰক্ষীয়ে বিভিন্ন গোচৰৰ লগতে বজাৰত গুণ্ডামি কৰি ব্যৱসায়ী এজনক মাৰপিট কৰা অপৰাধত জেললৈ প্ৰেৰণ কৰিছিল। দীৰ্ঘদিনৰ পৰা তেওঁ এইদৰে সহযোগীৰ সৈতে বিভিন্ন ঠাইত ধন দাবী কৰি সংবাদ মাধ্যমক কুলসিত কৰা ঘটনাক লৈ মানকাচৰৰ সংবাদ মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in