কেবৰ বিৰুদ্ধে হাটশিঙিমাৰীত কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ…

কেবৰ বিৰুদ্ধে হাটশিঙিমাৰীত কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বৃহস্পতিবাৰে জিলাখনৰ কেবাটাও মহাবিদ্যালৰ ছাত্ৰ-ছাত্ৰীয়ে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত এক জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে জিলাৰ সদৰ হাটশিঙিমাৰীস্থ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাটশিঙিমাৰী কনিষ্ট মহাবিদ্যালয়, ভিশ্বন নেশ্বনেল একাডেমী, মেগনেট একাডেমী, ইলাইড একাডেমী, এপোলো একাডেমী, ছাইঞ্চ একাডেমীকি ধৰি কেবাটাও মহাবিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লেকাৰ্ড আদি লৈ জোৰ সমদল উলিয়ায়। দিনৰ প্ৰায় ১১ বজাত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ খেল পথাৰত উক্ত মহাবিদ্যালয়-একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে সমবেত হৈ জিলা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা প্ৰতিবাদী জোৰ সমদলৰ জৰিয়তে বিভিন্ন শ্লোগানেৰে হাটশিঙিমাৰী অঞ্চলৰ আকাশ-বতাহ কপাই তোলে। বিজেপি চৰকাৰ হায়, হায়, অসম চৰকাৰ হায়, হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক নচলিব, আমাৰ দাবী মানিবই লাগিব, জাতি ধ্বংসী বিধেয়ক আমি মানি নলও ইত্যাদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সমদলত অংশগ্ৰহন কৰা প্ৰতিবাদকাৰী দলটো হাটশিঙিমাৰীৰ প্ৰধান প্ৰধান পথ সমূহ পৰিৰ্শন কৰি দিনৰ প্ৰায় ১২.৩০ বজাত জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰা পৰিলক্ষিত হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখতো একেদৰে প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। ইফালে জিলা প্ৰশাসনৰ ফালৰ পৰা কাৰ্যবাহী দণ্ডাধীশ দিপঙ্কৰ নাথ আৰু জিলা আৰক্ষীৰ সহকাৰী উপ অধীক্ষক আৰিফ আহমেদ আহি উপস্থিত হোৱাত প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্তক দিব লগা স্মাৰক পত্ৰ খন পাঠ কৰি শুনায়। ইয়াৰ পাছত নাগৰিকত্ব সংশোধনীয় বিল প্ৰতিবাদকাৰী সকলে কেতিয়াও মানি নলয় বুলি প্ৰকাশ কৰি কয় যে এই বিল চৰকাৰে আনিলেও আমি মানি নলও। ইয়াৰ পাছত কাৰ্যবাহী দণ্ডাধীশ গৰাকীৰ হাতত জিলা উপায়ুক্তক দিবলগা স্মাৰক পত্ৰ খন দাখিল কৰি প্ৰতিবাদকাৰী দলটো পুনৰবাৰ হাটশিঙিমাৰী মহাবিদ্যালয়লৈ গৈ সমবেত হয়।

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে আজি এইদৰে জাতি ধ্বংস নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে হাটশিঙিমাৰীত ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদত নমা কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰতিবাদকাৰী সকলে এই প্ৰতিবাদৰ পাছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাতকাৰত কয় যে আমি ধৰ্মৰ ভিত্তীত কোনো নাগৰিকত্ব বিল মানি নলও। এনে অসম খন বাংলাদেশীৰে ভৰি পৰিছে আকৌ যদি নাগৰিকত্ব বিল পাছ হয় তেন্তে এটা সময়ত গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ অসম বাংলাদেশীয়ে দখন কৰিব। ফলত খিলঞ্জীয়া অসমীয়া লোকৰ অস্তীত্ব নোহোৱা হৈ পৰিব বুলিও প্ৰতিবাদকাৰী সকলে প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in